পৃষ্ঠা:দেৱজিত.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
দেৱজিত।

এহি বুলি ক্ষুৰপতি হানিলেক ডাটি।
ইন্দ্ৰৰ হাতত খড়্গ পেলাইলেক কাটি॥১০৪২
খড়্গ কাটি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ।
ধনুত যুৰিলা আনি শতাধিক শৰ॥
আকৰ্ণ পূৰিয়া শৰ হানিয়া পঠাইলা।
বিষাদ শবদে শৰে বাসৱক ধাইলা॥১০৪৩
ইন্দ্ৰৰ হিয়াত শৰ ভেদিলেক টানে।
বিহ্বল ভৈলেক ইন্দ্ৰ শৰৰ সন্ধানে॥
বাচি বাচি আৰু অৰ্দ্ধচন্দ্ৰ শৰ আনি।
প্ৰহাৰ কৰিলা বীৰে শাৰঙ্গক টানি॥১০৪৪
ইন্দ্ৰৰ হিয়াত শৰ পৰি দৃঢ়তৰ।
ভেদিলা নিঃসন্ধি যাই ইন্দ্ৰ কলেৱৰ॥
অৰ্ব্বুদ নিৰ্ব্বুদ আৰু হানে শৰচয়।
ক্ষয় বয় নাহি শৰ হানে ধনঞ্জয়॥১০৪৫
নিঃসন্ধি কৰিয়া যায় অৰ্জ্জুনৰ শৰ।
ইন্দ্ৰৰ ভেদিলা যাই দিব্য কলেৱৰ॥
মাধৱে বোলন্ত সখি শুনা বীৰবৰ।
ধনুত যুৰিয়ো আনি অজ ব্ৰহ্ম শৰ॥১০৪৬
শীঘ্ৰ কৰি যোবা সখি বিলম্ব নকৰ।
অস্ত্ৰ দেখি হৈবে ব্ৰহ্মা শঙ্কৰৰ ডৰ।
নিমিষে কৰিবে পাৰে ত্ৰৈলোক্য সংহাৰ।
শীঘ্ৰ কৰি যোৰা সখি পাণ্ডুৰ কুমাৰ॥১০৪৭