পৃষ্ঠা:দেৱজিত.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱজিত।৭

স্বৰ্গত নিন্দিলা মাধৱক ইন্দ্ৰে যত।
সমস্তে কহিলা মুনি কৃষ্ণৰ আগত॥
কৃষ্ণৰ ইন্দ্ৰৰ বৰ লাগিলা বিবাদ।
মাধৱে ৰচিলা পদ শুনা সভাসদ॥ ৮
কৃষ্ণ যে সাৰথি অৰ্জ্জুনক কৰি ৰথী।
অৰ্জ্জুনে ইন্দ্ৰক ৰণে কৰিলা বিৰথী॥
গুৰুৰ চৰণ দুই হৃদয়ত ধৰি।
গুৰুৰ আজ্ঞাক মনে শিৰোগত কৰি॥ ৯
কৃষ্ণৰ চৰণে মই পশিলোঁ শৰণ।
দেৱজিত পদক ভণিলোঁ সুশোভন॥
ঈশ্বৰৰ বাক্য যে বেদত হেন সাৰ।
আক শুনি সভাসদ হুয়োক উদ্ধাৰ॥ ১০
হেনয় পদক শুনা সভাসদ লোক।
চতুৰ্ভুজ ৰূপে যাইবা বৈকুণ্ঠ পূৰক॥
বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
পাচে স্বৰ্গে যি কৰিলা দেৱ হৰিহয়॥ ১১
একদিন ইন্দ্ৰ দেৱে সভাত যে বসি।
নক্ষত্ৰ সহিতে যেন প্ৰকাশন্ত শশী॥
এহিমতে প্ৰকাশ কৰন্ত হৰিহয়।
ইন্দ্ৰক আৱৰি বোলে দিগ পালচয়॥ ১২
যজ্ঞ কৰিবাক ইন্দ্ৰে আছে মৌন ধৰি।
যেন যোগী আছে মহা কষ্ট ব্ৰত কৰি॥