পৃষ্ঠা:দেৱজিত.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱজিত।

অপ্‌সৰা নাচয় গন্ধৰ্ব্বে গাৱে গীত।
জয়ধ্বনি কৰন্ত স্বৰ্গত বিপৰীত॥ ১৩
চিত্ৰসেন আদি কৰি গন্ধৰ্ব্ব চাৰণ।
তাল কৰতাল ধৰি কৰন্ত কীৰ্ত্তন॥
সিদ্ধ মুনিগণে কৰে বেদমন্ত্ৰ ধ্বনি।
বাদ্যৰ প্ৰচণ্ড ৰোলে মাতক নুশুনি॥ ১৪
যজ্ঞ আৰম্ভিলা পাচে দেৱ পুৰন্দৰ।
যজ্ঞক গৈলন্ত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ॥
লগত আসিলা আৰো গুৰু বৃহস্পতি।
ইন্দ্ৰৰ সভাক লাগি গৈলন্ত সম্প্ৰতি॥ ১৫
ব্ৰহ্মা বিষ্ণু মহেশক কৰিলা সম্মান।
ইন্দ্ৰে নিয়া দিলা নিজে দিব্য সিংহাসন॥
সিংহাসনে বসিলন্ত তিনিও ঈশ্বৰ।
তিনিকো নমিলা পাচে দেৱ পুৰন্দৰ॥ ১৬
বৃহস্পতিক দিলা আনি ৰত্নৰ আসন।
আসনে বসিলা পাচে ব্ৰহ্মাৰ নন্দন॥
সেহিবেলা আসিলা নাৰদ মহাঋষি।
হাতে দিব্য বেনা ধৰি পৰম হৰিষি॥ ১৭
ইন্দ্ৰৰ আগত ঋষি প্ৰবেশ ভৈলন্ত।
পাদ্য অৰ্ঘ্য আচমনে ইন্দ্ৰে পূজিলন্ত॥
নাৰদ বদতি দেৱ শুনা পুৰন্দৰ।
তোৰ সম দেৱ নাই স্বৰ্গৰ ভিতৰ॥ ১৮