পৃষ্ঠা:দেৱজিত.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৩
দেৱজিত।


ইন্দ্ৰৰ প্ৰহাৰে পাছে কোপে সব্যসাচী।
নাৰায়ণ শৰ পাছে বীৰে লৈলা বাছি॥
শাৰঙ্গত যুৰি প্ৰহাৰিলা শৰ পাট।
জাজ্বল্য সমানে চলে মাৰুতৰ বাট॥৯৯৩
ইন্দ্ৰৰ হিয়াত পৰি ভেদি সেহি তালে।
পৃথিবী ফালিয়া শৰ পশিলা পাতালে॥
সাতো সাগৰত স্নান কৰি সেহিক্ষণে।
কৃষ্ণক প্ৰণামি শৰ পশিলন্ত তূণে॥৯৯৪
নাৰায়ণ শৰ পাতে বাসৱ জ্বলিলা।
প্ৰলয় কালৰ যেন অগনি বাঢ়িলা॥
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা শৰচয়।
সন্ধানে ভেদিলা যাই অৰ্জ্জুন হৃদয়॥৯৯৫
আৰু প্ৰহাৰিলা অসংখ্যাত দিব্য শৰ।
মাধৱৰ ভেদিলন্ত ব্ৰহ্ম কলেৱৰ॥
চৰাচৰ ব্ৰহ্মাদিৰ স্ৰজন ঈশ্বৰ।
তাহাঙ্ক প্ৰহাৰে শৰ ক্ৰোধে পুৰন্দৰ॥৯৯৬
হেন দেখি অৰ্জ্জুনৰ নসহিলা তনু।
বামহাতে ধৰিলন্ত শাৰঙ্গ যে ধনু॥
বিজম্ভৰ শৰ ধৰি কৰিলা সন্ধান।
আকাশে চলিলা শৰ জাজ্বল্য সমান॥৯৯৭
ইন্দ্ৰৰ হিয়াত শৰ পৰিলেক টানে।
ঢলিয়া পৰিলা যাই শৰৰ সন্ধানে॥