সমললৈ যাওক

পৃষ্ঠা:দেৱজিত.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
দেৱজিত।

অৰ্জ্জুনৰ সম কোনো নাই জগতত।
আজি সে দেখিলোঁ মই ইহাৰ মহত্ত্ব॥
দহিবাক পাৰে ইটো চৈধ্যয় ভুবন।
ভালেতো দেৱতাগণে হাৰিলেক ৰণ॥৮১৮
মনত বোলন্ত ইতো বীৰ অদভুত।
এহি বুলি ক্ৰোধিলন্ত অজ ব্ৰহ্ম সুত॥
ত্ৰৈলোক্য দহিবে যেন খুজিলন্ত হৰ।
যুগান্ত কালৰ যেন বহ্নি সম শৰ॥৮১৯
তিনিয়ো জগত সবে সংহৰিবে প্ৰতি।
যুগান্তৰ ৰূপ ৰুদ্ৰ ভৈলা পশুপতি॥
পঞ্চমুখ ভৈলা পাচে পোন্ধৰ লোচন।
চৰাচৰ প্ৰাণী সংহৰিবে ত্ৰিনয়ন॥৮২০
মাধৱে দেখন্ত হৰ জাজ্বল্য যে সম।
প্ৰজা সংহৰিতে যেন কালান্তক যম॥
মাধৱে বোলন্ত অবা শুনা প্ৰাণ সখি।
হৰক চাহিয়ো কালান্তক সম দেখি॥৮২১
হৰে সমে যুঁজিবাক এৰা এতিক্ষণ।
বিনাশিবে পাৰে হৰ চৈধ্যয় ভুবন॥
দণ্ড চাৰি ৰণ এৰি মোৰ কথা ধৰ।
শৰৰ যে ঘৰ বান্ধি হৰক বন্দী কৰ॥৮২২
দেৱক হৰক ঢাকি মাৰা ঘোৰ শৰ।
আকাশ পৃথিবী ঢাকি বান্ধা এক ঘৰ॥