পৃষ্ঠা:দেৱজিত.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
দেৱজিত।

ইন্দ্ৰ চন্দ্ৰ আদি কৰি দেৱতা প্ৰধান।
ধনুৰ শবদে সবে ভৈলা কম্পমান॥২৭১
মাৰ মাৰ কাট কাট ৰোল যে উঠিলা।
দেৱ দেৱাসুৰত তবধ মিলি গৈলা॥
সূৰ্য্যে যে বোলন্ত কিনো বীৰ ধনঞ্জয়।
ইহাৰ ধনুৰ শব্দে কম্পে দেৱচয়॥২৭২
মোহোৰ পুত্ত্ৰৰ বৈৰী বীৰ যে অৰ্জ্জুন।
ইহাক মাৰিয়া খেদাও যমৰ ভুবন
পুত্ত্ৰ বুলি অৰ্জ্জুনে নামাৰে পুৰন্দৰ।
মই মাৰি খেদাও আক যমৰ নগৰ॥২৭৩
আজি মাৰি যদি কৰ্ণ-বৈৰী কৰোঁ নষ্ট।
এহিখানি মোৰ মান কৰোঁ উৎকৃষ্ট॥
এহি বুলি সূৰ্য্যদেৱে কৰিলন্ত সাৰ।
আদেশ বুলিয়া ইন্দ্ৰে কৰে নমস্কাৰ॥২৭৪
আমি থাকন্তে তোমাৰ যুদ্ধে কিবা কাজ।
আমি যুদ্ধ কৰোঁ তুমি চাহা দেৱৰাজ॥
তোমাসাৰ যদি প্ৰভু মই আজ্ঞা পাওঁ।
তেবে কৃষ্ণ অৰ্জ্জুনক যমক পঠাওঁ॥২৭৫
সূৰ্য্যৰ বচনে ইন্দ্ৰে বুলিলা বচন।
শীঘ্ৰ কৰি কৰা ৰণ সহস্ৰ কিৰণ॥
ইন্দ্ৰৰ বচনে সূৰ্য্য মহাৰঙ্গ ভৈলা।
দুই তূণ পিঠিত কৰিয়া ধনু লৈলা॥২৭৬