পৃষ্ঠা:দেৱজিত.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱজিত।৯

কিবা যজ্ঞ হৱয় নহয় সুৰপতি।
স্বৰূপ কৰিয়া কৈলোঁ মোৰ দৃঢ়মতি॥
যদি যজ্ঞ কৰিবে তোমাৰ আছে মন।
কৃষ্ণক পূজিয়ো আগে সহস্ৰ লোচন॥ ১৯
কৃষ্ণৰ মায়ায় নহৈবেক যজ্ঞ চয়।
আকে জানি কৃষ্ণক পূজিয়ো হৰিহয়॥
তোৰ আগে কওঁ মই কৃষ্ণৰ মহিমা।
ব্ৰহ্মা হৰ অনন্তে নপাৱে যাৰ সীমা॥ ২০
কৃষ্ণক মোহিবে ব্ৰহ্মা আসিলেক লৰি।
গোৰক্ষ দামুৰি ব্ৰহ্মা থৈলা চুৰি কৰি॥
হেন দেখি কৃষ্ণে মায়া কৰিলন্ত বৰ।
গোৰক্ষ দামুৰি হুই ৰৈলা ঘৰে ঘৰ॥ ২১
নাৰদ বদতি শুনা দেৱ হৰিহয়।
কৃষ্ণৰ মায়াত মই বৰ ভৈলোঁ ভয়॥
কৃষ্ণৰ মায়াক দেখি দেৱ সৃষ্টিকৰ।
হংসৰ নামিয়া স্তুতি কৰিলা বিস্তৰ॥ ২২
পূৰ্ণ ব্ৰহ্ম কৃষ্ণত অনুজ্ঞ ব্ৰহ্ম লই।
হংস যান চৰি ব্ৰহ্মলোকে গৈলা ধাই॥
বাণক ৰাখিবে পাচে যুদ্ধ দিলা হৰ।
হৰক ভঙ্গাইলা পাচে দেৱ দামোদৰ॥ ২৩
জগত সংহাৰ হৰে ধৰি ৰূপ ৰুদ্ৰ।
কৃষ্ণৰ আগত হৰ ভৈলা যেন ক্ষুদ্ৰ॥