সমললৈ যাওক

পৃষ্ঠা:দেৱজিত.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
দেৱজিত।

পঁচিশ অধিক ভৈলা শতেক বৎসৰ।
দেৱক দমিবে মন ভৈলা মাধৱৰ॥
হেন গুণি কৃষ্ণৰ যে ক্ৰোধ ভেলা বৰ।
ইন্দ্ৰক যুজিবে মন ভৈলা মাধৱৰ॥ ৯৬
মাধৱে বোলন্ত ইন্দ্ৰৰ নাহি কিছু লাজ।
মোক নিন্দা কৰে সিতো সমাজৰ মাজ॥
ইন্দ্ৰক যুজিয়া আজি বৰ ভয় দেওঁ।
আৰ যেন লোকক নকৰে উপদ্ৰৱ॥ ৯৭
যদি মই ইন্দ্ৰক যে নকৰোঁ সমৰ।
তেবে সব প্ৰাণীক মাৰিবে পুৰন্দৰ॥
এহিমতে কৃষ্ণে গুণি কৰিলন্ত সাৰ।
কৃষ্ণ ধনঞ্জয়ৰূপে ভৈলোঁ অৱতাৰ॥ ৯৮
নৰ নাৰায়ণ দুয়ো ভৈলোঁ অৱতাৰ।
ইন্দ্ৰৰ লগত দুয়ো কৰোহোঁ সমৰ॥
অৰ্জ্জুনে সহিতে যুদ্ধ কৰাওঁ আজি মই।
যুদ্ধ হাৰি স্বৰ্গ চাৰি যাওক হৰিহয়॥ ৯৯
গোকুল বাসীৰ যে দুখক মই সাৰোঁ।
অৰ্জ্জুনৰ হাতে সব দেৱ-সেনা মাৰোঁ॥
মোহোৰ স্ৰজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ।
মোহোৰ কটাক্ষে হৱে যত চৰাচৰ॥ ১০০
মোৰ উদৰত আছে চৈধ্যয় ভুবন।
মোহোৰ পালন আছে চৰাচৰগণ॥