পৃষ্ঠা:দেৱজিত.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
দেৱজিত।

কৃষ্ণ ধনঞ্জয় দুয়ো সবিনয় হুই।
প্ৰণাম কৰিলা অদিতীৰ পাৱে চুই॥
অদিতীক দণ্ডৱতে নমি বনমালী।
হেন দেখি অদিতী ধৰিলা আঙ্কোৱালি॥৮৪০
মাধৱক বসাইলন্ত ৰত্নৰ আসনে।
একাসনে বসিলন্ত পাণ্ডুৰ নন্দনে॥
মাধৱক চাই সতী বুলিলা বচন।
তোমাৰ লগত বসিলন্ত কোন জন॥৮৪১
মাধৱ বদতি তুমি শুনিয়োক আই।
এহিতো পাণ্ডুৰ পুত্ৰ নাম ধনঞ্জয়॥
নিমিত্ত যে পাণ্ডু পুত্ৰ ইন্দ্ৰৰ তনয়।
তোমাসাৰ নাতি এন্তে জানিবা নিশ্চয়॥৮৪২
অদিতী বদতি পুত্ৰ শুনা নাৰায়ণ।
কিসক আসিলি দুয়ো স্বৰ্গৰ ভুবন॥
মোহোৰ পাশক দুয়ো আসিলি কিসক।
শীঘ্ৰ কৰি আজি পুত্ৰ মোত কহিয়োক॥৮৪৩
হেন শুনি মাধৱে মাতিলা মনে গুণি।
যি কাৰ্য্যে আসিছোঁ আই শুনিয়ো গোসানী॥
মোক ইন্দ্ৰে নিন্দিলা স্বৰ্গত যত যত।
কি কহিবো আই মই তোমাৰ আগত॥৮৪৪
তোমাত কহিলোঁ মই শুনিয়োক আই।
ইন্দ্ৰক কৰিবো ৰণে মৃতক পৰায়॥