এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
দেৱজিত।
সুৰ মুনি সিদ্ধ সবে ভাগিয়া পলায়।
এহি মতে ব্ৰহ্ম শৰে অৰ্জ্জুনক ধায়॥
ব্ৰহ্মবাণে খেদি আসে দেখিলা অৰ্জ্জুন।
শাৰঙ্গ ধনুক বীৰে ধৰে ক্ৰোধ মন॥৭৭৪
একশত ব্ৰহ্মবাণ আনিলা অৰ্জ্জুনে।
শাৰঙ্গৰ গুণে যুৰিলন্ত ক্রোধ মনে॥
মন্ত্র পঢ়ি ধনঞ্জয় কৰিলা প্ৰহাৰ।
আকাশে চলিলা শৰ বিদ্যুৎ সঞ্চাৰ॥৭৭৫
বজ্ৰৰ সন্ধানে অৰ্জ্জুনৰ শৰ পৰি।
ক্ষণেকে ৰুদ্ৰৰ শৰ পেলাইলা সংহৰি॥
মহেশৰ শত ব্ৰহ্ম বাণ কৰি চন্ন।
পুনু অৰ্জ্জুনৰ বাণ পশিলন্ত তূণ॥৭৭৬
হেন দেখি মহেশৰ ক্ৰোধ গৈলা জ্বলি।
দিব্য দশ শৰ প্ৰহাৰিলা হোঁহ বুলি॥
অৰ্জ্জুনৰ হিয়াত পৰিলা দশ শৰ।
নিঢালে পৰিলা বীৰ পাণ্ডুৰ কুমাৰ॥৭৭৭
মাধৱক হানিলন্ত দিব্য শৰ চয়।
শৰজালে মাধৱে দেখিলা তমােময়॥
কতো বেলি চেতন লভিলা ধনঞ্জয়।
মাধৱক দেখিলন্ত শৰে তমোময়॥৭৭৮
মহেশৰ শৰে কৃষ্ণ ভৈলা জৰ্জ্জৰিত।
হেন দেখি ক্ৰোধত জ্বলিলা পাণ্ডুসুত॥