পৃষ্ঠা:দেৱজিত.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
দেৱজিত।

সিকাৰণে যুদ্ধ নকৰোহোঁ ধনঞ্জয়।
বাসৱক যুঁজি যশ কৰা অভ্যুদয়॥১১২
আৰু এক কথা কহোঁ শুনা মহাবীৰ।
কৃষ্ণ ধনঞ্জয় দুয়ো একই শৰীৰ॥
এতেকে যুদ্ধক চলিয়োক ধনঞ্জয়।
ইন্দ্ৰৰ সম্মুখে দুয়ো সখি যাওঁ ধায়॥১১৩
পূৰ্ব্বে ব্ৰহ্মা স্ৰজি আছে স্বৰ্ণ মৃগগণ।
বীজেন্দ্ৰিয় বনে চৰি ফুৰে ৰাত্ৰিদিন॥
কি কহিবো সখি যে মৃগৰ যেন ভ্ৰান্তি।
ৰাত্ৰিক কৰয় দিন মৃগৰ যে কান্তি॥১১৪
বীজেন্দ্ৰিয় বনে মৃগ আছে যত যত।
বৈদূৰ্য্য সুবৰ্ণে যেন জলে মৃগ শত॥
তাৰ এক মৃগ অনি ৰাজাক দেখাওঁ।
সত্যে সত্যে সখি তেবে অষ্টনিধি পাওঁ॥১১৫
ইন্দ্ৰৰ মৃগক সখি পৃথিবীক নেওঁ।
তেবে দুয়োজনে সখি বৰ যশ পাওঁ॥
মাধৱে বোলন্ত কিছু নকৰিবা ভয়।
ইন্দ্ৰৰ মৃগক চলা আনো ধনঞ্জয়॥১১৬
অৰ্জ্জুনে বোলয় সখি নাহি কিছু ডৰ।
কি কৰিতে পাৰে মোক দেৱ পুৰন্দৰ॥
মোহোৰ বিক্ৰম দেখিছাহা নাৰায়ণ।
বিনাশিবে পাৰোঁ মই চৈধ্যয় ভুবন॥১১৭