পৃষ্ঠা:দেৱজিত.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
দেৱজিত।

হেন দেখি দিব্য শৰ মাৰি বীৰ বেগে।
মাতলিৰ হিয়াত তাৰিল বৰ চেগে॥ ৪৮০
দিব্য অৰ্দ্ধচন্দ্ৰ শৰ হানি মহাবলী।
আকাশে চলিলা শৰ অগ্নি সম জ্বলি॥
মাতলিৰ হিয়াত তাৰিলা বৰ টানে।
মাতলি পৰিল যাই শৰৰ সন্ধানে॥ ৪৮১
ৰথী সাৰথি দুয়ো ভৈলা অচেতন।
হেন দেখি হাসিলা অৰ্জ্জুন নাৰায়ণ॥
কতো বেলি শ্ৰুতি পাই ইন্দ্ৰদেৱ উঠি।
দেখন্ত অৰ্জ্জুন শৰে পৰিছে সাৰথি॥ ৪৮২
হেন দেখি ক্ৰোধত কম্পিলা তান তনু।
বাম হাতে ধৰিলা সাৰঙ্গ ঘোৰ ধনু॥
অৰ্জ্জুনক ইন্দ্ৰে হানিলন্ত ব্ৰহ্মবাণ।
অৰ্জ্জুনেও ব্ৰহ্মবাণে কৰিলা নিৰ্য্যান॥ ৪৮৩
অৰ্জ্জুনক ইন্দ্ৰে হানিলেক ব্ৰহ্ম শৰ।
অৰ্জ্জুনেযো ব্ৰহ্ম শৰে কৰিলা সংহাৰ॥
অৰ্জ্জুনক ইন্দ্ৰে হানিলন্ত ব্ৰহ্মবাণ।
অগ্নি শৰে অগ্নি শৰ কৰিলা নিৰ্য্যান॥ ৪৮৪
পাচে বায়ু বাণ হানিলন্ত হৰি হয়।
গিৰ গিৰ কৰি বেগে বায়ু বহি যায়॥
বৰ বৰ শাল তাল বৃক্ষ ভাগি গৈল।
বায়ুৰ আন্দোলে কম্পে পৃথিবী পাতাল॥ ৪৮৫