পৃষ্ঠা:দেৱজিত.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৯
দেৱজিত।

পাছে ইন্দ্ৰক যে মাৰিবাহা শৰচয়।
বিহ্বল হৈবেক পাছে কাশ্যপ তনয়॥
মাধৱৰ বচনে অৰ্জ্জুন বীৰ বৰ।
প্ৰহাৰ কৰিলা পাঞ্চ হাজাৰেক শৰ॥১০২৬
পাঞ্চ পাঞ্চ শৰে বীৰে ঘোৰাক ভেদিলা।
নলৰে নচৰে ঘোৰা মন্দগতি ভৈলা॥
সাৰথিক মাৰিলন্ত দিব্য শৰ শত।
মাতলি পৰিলা ঢলি শ্ৰুতি ভৈলা হত॥১০২৭
পাছে ইন্দ্ৰক যে শৰ কৰিতে নেদিলা।
ক্ষুৰপতি শৰে বীৰে ধনুক কাটিলা॥
আৰু দিব্য শৰ আনি গুণত চৰাইলা।
আকৰ্ণ পূৰিয়া বীৰে হানিয়া পঠাইলা॥১০২৮
অৰ্জ্জুনৰ শৰে যাই ভেদিলেক টানে।
বিমুৰ্চ্ছিত ভৈলা ইন্দ্ৰ শৰৰ সন্ধানে॥
কতোবেলি চেতন লভিলা হৰিহয়।
বিৰথী বিধনু দেখি কম্পিলা হৃদয়॥১০২৯
সেহি বেলা মাতলিও লভিলা চেতন।
ঘোৰাত দিলেক বাৰি পলাইবাক মন॥
নলৰে নচৰে ঘোৰা চাবুকৰ বাৰি।
হেন দেখি মাতলিৰ হৃদি গৈলা লৰি॥১০৩০
মাধৱে বোলন্ত সখি শুনা ধনঞ্জয়।
বিৰথী বিধনু হৌক মাৰা শৰচয়॥