পৃষ্ঠা:দেৱজিত.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
দেৱজিত


দিবি কি নেদিবি যুদ্ধ কহা দৃঢ় কৰি॥
সত্বৰে না যাইবো যুদ্ধ নকৰিয়া ফিৰি॥
হেন শুনি মাধৱে কৰিলা পাচে হাস।
ত্ৰিপুৰত হন্তে হৰ ভৈলি বৰ ত্ৰাস॥৭৩০
পাচে হৰ তই মোত পশিলি শৰণ।
তোহোক ৰাখিলোঁ মই কৰি ঘোৰ ৰণ॥
ৰসকুণ্ড খাইলোঁ মই ধেনু ৰূপ ধৰি॥
তেবেসে অসুৰ তই পেলাইলিহি মাৰি॥৭৩১
হেন মহেশ্বৰ তোৰ দেখিছোঁ মহত্ত্ব।
ত্ৰিপুৰত হন্তে হৰ দৰ্প ভৈলা হত॥
কি মতে অৰ্জ্জুন মাৰা দেখোঁ মুনি সাই।
অৰ্জ্জুনত হাবি ৰণ যাইবিহি পলাই॥৭৩২
মাধৱৰ বচনে ৰুদ্ৰৰ ক্ৰোধ বৰ।
ভ্ৰুকুটি কুটিল মুখ দেখি লাগে ডৰ॥
ওৰ কুসুম বৰ্ণ লোচন যে তিনি।
জ্বলিবে লাগিল যেন প্ৰলয় অগনি॥৭৩৩
পিনাক ধনুক হৰে টঙ্কাৰিলা ধৰি।
ধনুৰ প্ৰচণ্ড শব্দ পাচে গৈলা চৰি॥
ধনুৰ প্ৰচণ্ড শব্দ স্বৰ্গক পুৰিলা।
তাৰ প্ৰতিধ্বনি লাগি পৃথিবী লৰিলা॥৭৩৪
অৰ্জ্জুন বদতি প্ৰভূ শুনা মহেশ্বৰ।
আগে তুমি কৰা মোক শৰৰ প্ৰহাৰ॥