অৰ্জ্জুনক ডৰে যায় প্ৰাণ কোনে কৰিবেক মোক ত্ৰাণ
সুখ শান্তি নাহি ইন্দ্ৰ আছে মহা দুখে।
শাৰঙ্গ ধনুয়ে ভৈলা গতি ইন্দ্ৰে কান্দিলন্ত মকমকি
শৰণ পশিলে আজি যে শঙ্কৰে ৰাখে॥৬৫১
অৰ্জ্জুনত বৰ হুয়া ত্ৰাস গৈলা ইন্দ্ৰ শঙ্কৰৰ পাশ
এহি বুলি হৰি হয় গৈলা তান ঠাই।
শঙ্কৰক মাতে ইন্দ্ৰে চাই বুলিলন্ত পুৰন্দৰ ৰায়
হা প্ৰাণ প্ৰভু অৰ্জ্জুনেসে মোক খায়॥
নমো নমো দেৱ ত্ৰিপুৰাৰি জগতৰে সংহাৰ কাৰী
দেৱতাৰ দেৱ তুমি সখা দেৱ হৰি।
মোক পুত্ৰৱতে ৰাখা বাপ ত্ৰাহি ত্ৰাহি দেৱ ত্ৰিনয়ন
প্ৰসন্ন হুয়োক ভগৱন্ত ভয়হাৰী॥৬৫২
জগত সংহাৰ দেৱ হৰ দেৱতাক তুমি ৰক্ষা কৰ
মোক পুত্ৰৱতে ৰাখা দেৱ মহেশ্বৰ।
তুমি বিনে নাহি মোৰ দেৱ তোমাত যে পৰে নাহি কেৱ
নাথ মোৰ নাহি আন জগত ঈশ্বৰ॥
অৰ্জ্জুনে সাগৰে কৰা ত্ৰাণ নাৰাখিলে প্ৰভু ত্ৰিনয়ন
হেৰা মই হওঁ চন্ন সবে মনস্কাম।
মাধৱে ৰচিলা পদ চয় পাপ সাগৰত হোৱা পাৰ
ভাস ভুস এৰি সবে বোলা ৰাম ৰাম॥৬৫৩
⸻