পৃষ্ঠা:দেৱজিত.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৭
দেৱজিত।

সেহি মতে ধনঞ্জয় জ্বলন্ত বিৰিঙ্গ।
ভয় ভীত নাই যেন প্ৰমত্ত মাতঙ্গ॥৯৩৩
সেহি মতে অৰ্জ্জুন আছন্ত লীলা কৰি।
ইন্দ্ৰ আদি দেৱতাৰ ধাতু গৈলা উৰি॥
দেৱতা হৰক কেনে উতপাত তাক দেখা।
আন সামান্যৰ আৰ তাৰ কোন লেখা॥৯৩৪
দৰ্প কৰি কৃষ্ণ আগে বুলিলন্ত হৰ।
অৰ্জ্জুনৰ হাতে হৰি কৰাইলা সমৰ॥
অৰ্জ্জুনৰ শৰে পাচে হৰ ভৈলা ত্ৰাস।
মহা ভয়ে পলাই গৈলা ব্ৰহ্মাৰ যে পাশ॥৯৩৫
অৰ্জ্জুনৰ সহায় আপুনি বনমালী।
কি কৰিতে পাৰে কোটি কোটি ৰুদ্ৰ মিলি॥
আকে জানি গৰ্ব্ব নকৰিবা একো জন।
ঝাণ্ট কৰি লৈয়ো সবে কৃষ্ণত শৰণ॥৯৩৬
ক্ষণমাত্ৰ গৰ্ব্ব নসহন্ত দেৱ হৰি।
আকে জানি গৰ্ব্ব নকৰিবা নৰ নাৰী॥
যিতো নৰে গৰ্ব্ব কৰি ফুৰয় বিস্তৰ।
অল্পতে কৰয় চূৰ দেৱ দামোদৰ॥৯৩৭
মাধৱ কন্দলি ৰচিলন্ত ইতো পদ।
আকে শুনি তৰা সবে দুৰ্ঘোৰ আপদ॥
অষ্টাদশ পুৰাণৰ ভাগৱত পদ।
হেলা এৰি শুনা সবে যত সভাসদ॥৯৩৮