পৃষ্ঠা:দেৱজিত.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
দেৱজিত।

স্ফটিকৰ লগাই আছে হাজাৰেক স্তম্ভ।
মাধৱৰ দেখি বৰ ঘৰৰ আৰম্ভ॥ ৯০
সুবৰ্ণে বান্ধিলে কান্তি আতি বিতোপন।
মাধৱৰ দেখি বৰ ঘৰৰ শোভন॥
মাধৱৰ গৃহক দেখন্তে লাগে ত্ৰাস।
সাক্ষাতে দেখিয়া যেন হৰৰ কৈলাস॥ ৯১
ৰজতে ঢাকিলা সবে নগৰক চানি।
দেখি মন ৰঙ্গ ভৈলা দেৱ চক্ৰপাণি।
কৃষ্ণৰ নগৰ জ্বলে হুয়া মহা জ্যোতি।
সাক্ষাতে জ্বলয় যেন ইন্দ্ৰ অম্ৰাৱতি॥ ৯২
সাগৰ মধ্যত কৃষ্ণে পাতিলন্ত গ্ৰাম।
সেহিসে কাৰণে ভৈলা দ্বাৰকা যে নাম॥
মথুৰাৰ লোক কৃষ্ণে আনে যোগ বল।
দেখিয়ো কৃষ্ণক কেনে ভকত বৎসল॥৯৩
দ্বাৰকা নগৰ খান কৰিলা বসতি।
দেখিয়ো কৃষ্ণৰ কেনে অনন্ত শকতি॥
বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
এহিমতে ৰঙ্গে তৈতে মাধৱ আছয়॥ ৯৪
সাগৰৰ আগে আছে অঙ্গীকাৰ কৰি।
সাগৰৰ ভাৰ্য্যা আনি দেওঁ শীঘ্ৰ কাৰ॥
এহি অঙ্গীকাৰ স্মৰি মাধৱ আছন্ত।
ইন্দ্ৰৰ ধিক্কাৰ মুনি কৃষ্ণ আগে কন্ত॥ ৯৫