সমললৈ যাওক

পৃষ্ঠা:দেৱজিত.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
দেৱজিত।


মোহোৰ সেনাক ইটো কৰিলা সংহাৰ।
একেশ্বৰে জিনিব পাৰে চৰাচৰ॥৪১৪
অৰ্জ্জুনৰ শৰে শৰ বাঢ়ে অসংখ্যাত।
কি কহিবো অৰ্জ্জুনৰ শৰৰ মহত্ত্ব॥
অৰ্জ্জুনক দেখিয়া মোহোৰ লাগে ভয়।
কিমতে যুজিবোঁ‌ অৰ্জ্জুনক দেৱচয়॥৪১৫
নিপাত কালকুঞ্জ বধিলা যিটো জনে।
হেনয় বীৰক যুজিবেক কোন জনে॥
এহি বুলি ক্ৰোধে জ্বলি গৈলা পুৰন্দৰ।
ৰথত চৰিলা যেন মেৰুৰ শিখৰ॥৪১৬
অক্ষয় তূণক পাচে পিঠিত তুলি লৈলা।
দৃঢ়াঙ্গ ধনুক ধৰি টঙ্কাৰ কৰিলা॥
পৃথিবীক পূৰিলন্ত প্ৰচণ্ড যে ৰোল।
পুনু প্ৰতিধ্বনি গৈলা স্বৰ্গৰ যে কোল॥৪১৭
সাগৰ পৰ্য্যন্তে শব্দ উঠিলেক চানি।
টলবল পৃথিবী কম্পয় সবে প্ৰাণী॥
মাতলি ডাকিলা হাজাৰেক দিব্য ঘোৰা।
মনোজয় বেগে চলে বায়ু নোহে যোৰা॥৪১৮
এহিমতে অৰ্জ্জুনক ধাইলা হৰি হয়।
ইন্দ্ৰক আৱৰি চলে দিগপাল চয়॥
ইন্দ্ৰ অৰ্জ্জুনৰ যুদ্ধ চাহিবাক মনে।
আসিলেক ব্ৰহ্মা বিষ্ণু দেৱ ত্ৰিনয়নে॥৪১৯