আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ

ৱিকিউৎসৰ পৰা

[ শীৰ্ষক ]

 

আনন্দৰাম ঢেকিয়াল ফুকনৰ
জীৱন চৰিত্ৰ

 

[ প্ৰথম পৃষ্ঠা ]

আনন্দৰাম ঢেকিয়াল ফুকনৰ
জীৱন চৰিত্ৰ

 

ৰচক
গুণাভিৰাম বৰুৱা

 

অসম প্ৰকাশন পৰিষদ
গুৱাহাটী— ৩

[ প্ৰকাশন ]  ANANDARAM DHEKIAL PHUKANOR JIVAN CHARITRA :

A biography of Anandaram Dhekial Phukan in Assamese by Gunaviram Barua. Reprinted by Shri C. P. Saikia, Secretary, Publication Board, Assam, Gauhati-- 3, 15th July, 1971. Price Rs. 5.50.

 

প্ৰকাশক

চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া

সচিব

অসম প্ৰকাশন পৰিষদ

গুৱাহাটী-৩

 

পুনৰ্মুদ্ৰণ
১৫ জুলাই, ১৯৭১

 

মূল্য : ৫.৫০ টকা

 

মুদ্ৰক:
গুৱাহাটী প্ৰেছ প্ৰাঃ লিঃ
গুৱাহাটী- ৯

[ প্ৰকাশন ]  ANANDARAM DHEKIAL PHUKANOR JIVAN CHARITRA :

A biography of Anandaram Dhekial Phukan in Assamese by Gunaviram Barua. Reprinted by Shri C. P. Saikia, Secretary, Publication Board, Assam, Gauhati-- 3, 15th July, 1971. Price Rs. 5.50.

 

প্ৰকাশক

চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া

সচিব

অসম প্ৰকাশন পৰিষদ

গুৱাহাটী-৩

 

পুনৰ্মুদ্ৰণ
১৫ জুলাই, ১৯৭১

 

মূল্য : ৫.৫০ টকা

 

মুদ্ৰক:
গুৱাহাটী প্ৰেছ প্ৰাঃ লিঃ
গুৱাহাটী- ৯

[  ]


আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ

আৰম্ভণ


 অসম দেশৰ অধিপতি লক্ষ্মীসিংহ স্বৰ্গদেৱ ১৭০২ শকৰ ৩০ অগ্ৰহায়ণত পৰলোক হয়। তেওঁৰ পুত্ৰ লোকনাথ গোঁহাই দেৱতাই পাচদিনা সিংহাসনত আৰোহণ কৰি গৌৰীনাথ সিংহ নাম গ্ৰহণ কৰে। এওঁৰ ঔদ্ধত্য গুণ বৰ প্ৰবল আছিল। এওঁৰ ইচ্ছাক কোনোৱে নিবাৰিব নোৱাৰিছিল। কাৰো পৰামৰ্শ, মন্ত্ৰণা বা ঊপদেশ এইজনা ৰজাই মনত ঠাই নিদিছিল। লক্ষ্মীসিংহ স্বৰ্গদেৱৰ দিনত মোৱামৰীয়াবিলাকে ৰাজ্যত হুলস্থূল লগাই ৰাজসিংহাসন গ্ৰহণ কৰিছিল। পাছে মন্ত্ৰীসকলৰ মন্ত্ৰণাৰে সেই বিদ্ৰোহ নিবাৰণ হল। লক্ষ্মীনাথ সিংহ স্বৰ্গদেৱে আকৌ ৰাজত্ব পালে। গৌৰীনাথ সিংহ স্বৰ্গদেৱে পিতৃ-বৈৰী মোৱামৰীয়াবিলাকৰ প্ৰতি অত্যাচাৰ আৰম্ভ কৰিলে। তেওঁৰ শাসন কঠিন আছিল। অতি লঘু অপৰাধতে লোকক গুৰুদণ্ড কৰা তেওঁৰ বৰ অভ্যাস আছিল। তেওঁৰ বিবেচনা শক্তি একেবাৰে অস্থিৰ আছিল। তেওঁ কেতিয়া ৰুষ্ট হয় আৰু কেতিয়া তুষ্ট হয় তাক কোনেও নাজানিছিল। তেওঁৰ সাধাৰণ পদাৰ্থ-জ্ঞানে৷ নাছিল। অধিক কি তেওঁক মতিচ্ছন্ন বোলাতো দোষ নাই।

 গৌৰীনাথ সিংহ স্বৰ্গদেৱে সৈতে সৰুকালত একেলগে পঢ়া মজুমদাৰ এজনা ডেকা আছিল। এদিন অতি লঘু অপৰাধতে ৰজাই তেওঁৰ চক্ষুৰুৎপাটন কৰালে। কিছুকালৰ পাচত বিদেশী [  ] কোনো ৰজাৰপৰা এখন পত্ৰ অহাত তাক পঢ়িবলৈ কোনো সমৰ্থ নোহোৱাত কণা মজুমদাৰক অনোৱা হল। তেওঁ চক্ষুহীন প্ৰযুক্ত, তাক পাঠ কৰিব নোৱাৰাত আন এজনে তেওঁৰ আঙ্গুলি অক্ষৰবিলাকৰ ওপৰেদি বুলাই নিলে। এই উপায়ৰ দ্বাৰাই সেই পত্ৰৰ মৰ্ম্ম ৰজাৰ অবগত হল আৰু অন্ধজনৰ চক্ষুদান কৰিবলৈ বেজবৰুৱাবিলাকক অনুমতি কৰিলে। এবাৰ চক্ষুৰুৎপাটিত হলে পুনৰায় যে চক্ষু নহয়, এই কথা স্বৰ্গদেৱৰ আগত জনাবলৈ বেজবৰুৱাসকলৰ সাহস নহল। পাচে তেওঁবিলাকে মন্ত্ৰণা কৰি ৰজাক জনালে--বোলে ভাটীৰপৰা বেজ ননালে চক্ষু চিকিৎসা হব নোৱাৰে আৰু এই বুলি বেজ বিচাৰিবলৈ ভাটীলৈ মানুহ পঠালে। ভাৰতবৰ্ষৰ পশ্চিম-দক্ষিণ প্ৰদেশত দ্ৰাবিড় নামে এক সুবিস্তীৰ্ণ ৰাজ্য আছে। ই বহু প্ৰাচীন। সেই দেশত বীৰৰাঘব নামে এক ব্ৰাহ্মণৰ চন্দ্ৰশেখৰ নামে এক পুত্ৰ আছিল। তেওঁৰ চাৰি পুত্ৰ। চন্দ্ৰশেখৰৰ সাংসাৰিক অৱস্থা ভাল আছিল। তেওঁৰ মৃত্যু হলত তেওঁৰ পুত্ৰসকলৰ অৱস্থা তেনে নাথাকিল। চাৰি পুত্ৰৰ ভিতৰত তিনিজনে বিবাহ কৰালে। সৰ্বকনিষ্ঠ লক্ষ্মীনাৰায়ণে বিবাহ কৰাই তেওঁৰ পত্নীক গৃহলৈ আনিলে। তেওঁৰ অগ্ৰজ কেইজনৰ পত্নীসকলক যি পৰিমাণে অলঙ্কাৰ দিয়া হৈছিল লক্ষ্মীনাৰায়ণৰ পত্নী ব্ৰাহ্মণীৰ তিমান নাছিল; বিশেষকৈ নাকৰ নথ নাছিল। ইয়াতে লক্ষ্মীনাৰায়ণে বিৰক্ত হৈ অনুমান কৰিলে--তেওঁৰ অগ্ৰজসকলৰ তেওঁৰ প্ৰতি সমুচিত স্নেহ নাই অথবা তেওঁবিলাকৰ এনে অৱস্থা হৈছে যে স্বচ্ছলমতে থাকিব নোৱাৰিব। বিশেষ আগলৈ তেওঁবিলাকৰ যি সন্তান-সন্ততি হব সেইসকলৰ অৱস্থা আৰু বেয়া হব। ইত্যাদি নানা কথা ভাবি তেওঁৰ বৈৰাগ্য জন্মিল আৰু ব্ৰহ্মচাৰী বেশে অষ্টাবিংশ শতাব্দীৰ কিঞ্চিৎ পূৰ্বে গৃহ ত্যাগ কৰিলে। তেওঁ সন্ন্যাসীৰ লগে লগে নানা তীৰ্থ, দেশ পৰ্য্যটন কৰি মুৰচিদাবাদ চহৰলৈ আহিল।

[  ]  আমাৰ দেশৰপৰা যি লোক বেজ বিচাৰি গৈছিল সেই সকলেও গৈ মুৰচিদাবাদ পালে। আৰু যি আখড়াত লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰী আছিল, সেই আখড়াৰ ঘাটতে নাও চপাইছিল। আমাৰ লোকসকলৰ মুগা আৰু পাটৰ দীঘল আৰু সুন্দৰ চুৰিয়া, কাঁহ-পিতলৰ সুন্দৰ বাচন আৰু আঁৰকাপোৰ ইত্যাদি আৰু সেইসকলৰ আচাৰ-ব্যৱহাৰ দেখি সেই ঠাইৰ লোকসকল চমৎকৃত হল। ব্ৰহ্মচাৰী বাবাই তেওঁবিলাকক লগ পাই পৰিচয় ললে আৰু যি উদ্দেশ্যে গৈছিল তাকো সুধিলে। আৰু সেই দেশ ইংৰাজৰ অধীন হয়নে নহয় তাকো জিজ্ঞাসা কৰিলে। আমাৰ লোকসকলে কলে যে তেওঁবিলাক অসম কামৰূপৰ; সেই দেশ ইংৰাজৰ অধিকৃত নহয় আৰু চক্ষু ৰুৎপাটিত লোকক চক্ষুদান কৰিব পৰা বৈদ্য অনুসন্ধান কৰি তালৈ গৈছে। এই কথা শুনি ব্ৰহ্মচাৰী বাবাই ঈষদ্ধাস্য কৰি কলে, “এই নিমিত্তিহে এনে হৈছে।” বাবাই তেওঁবিলাকৰ লগত অসম দেশলৈ আহিবলৈ প্ৰতিজ্ঞা কৰিলে। তেওঁ কামৰূপৰ কামাখ্যাৰ নাম শুনিছিল। এই সুযোগতে কামাখ্যা দৰ্শন কৰিব পাৰিব ইয়াকো ভাবিলে আৰু ইয়াকো স্থিৰ কৰিলে যে ৰজা বৰ নিৰ্বোধ, তেওঁক চকুকঢ়া লোকক পুনৰায় চকু দিব নোৱাৰি, এইটে৷ বুজাই ক'লে তেওঁ বুজিব। ব্ৰহ্মচাৰী বাবাই আমাৰ দেশৰ লোকসকলেৰে সৈতে কেইজনমান সন্ন্যাসী লগত লৈ এই দেশলৈ যাত্ৰা কৰিলে।

 ১৭০৯ শকত গৌৰীনাথসিংহ ৰজাৰ ৰাজত্ব মোৱামৰীয়াৰ দ্বাৰাই ইফালে লণ্ড-ভণ্ড হল। ৰজা ভটীয়াই গুৱাহাটীলৈ আহিল। পূৰ্ণানন্দ বুঢ়াগোঁহাই ডাঙ্গৰীয়া নগৰতে গড় মাৰি থাকিল। দেশৰ চাৰিওফালে মোৱামৰীয়াই প্ৰজাক উপদ্ৰৱ কৰিবলৈ ধৰাত প্ৰজা ভাগি নানা স্থানলৈ গল। ৰজাই মোৱামৰীয়াৰ উপপ্লৱ নিবাৰিবৰ অৰ্থে ব্ৰিটিচ গবৰ্ণমেণ্টলৈ সাহায্য প্ৰাৰ্থনা কৰি পঠালে। ব্ৰিটিচ গবৰ্ণমেণ্টে কাপ্তান ওৱেলচ্‌ চাহাবক কিছুমান [  ] সৈন্যেৰে গৌৰীনাথসিংহ স্বৰ্গদেৱৰ সাহায্যলৈ পঠালে।

 উজনী খণ্ডত তিয়ক নামে এখনি বৰ্দ্ধিষ্ণু গ্ৰাম আছিল। তাতে গৌতম গোত্ৰৰ কেইঘৰমান ব্ৰাহ্মণ আছিল। তেওঁবিলাক তিয়কীয়া অধ্যাপকৰ ঘৰৰ বুলি প্ৰসিদ্ধ। মোৱামৰীয়া বা মৰাণৰ উপদ্ৰৱত সেই ঘৰৰ এজন ব্ৰাহ্মণে তেওঁৰ স্ত্ৰী আৰু যোগাই নামে এটি আঠ বছৰীয়া ল'ৰা লৈ নাৱেৰে ভটীয়াই আহে। সেই সময়ত দেশত উপদ্ৰৱ হোৱাত কৃষি-বাণিজ্য নাছিল। বিশেষ পলাই আহিব লগীয়া মানুহবিলাকে লগত সকলো সামগ্ৰী নিব নোৱাৰিছিল। অধ্যাপক কেইবাদিনো উপবাসে আছিল। এতিয়া যেনেকুৱা আমাৰ অসমীয়া মানুহৰ তামোলৰ প্ৰতি বৰ শ্ৰদ্ধা, ভাত নাখাই বৰঞ্চ থাকিব পাৰে, তামোল নাখাই থাকিব নোৱাৰে, অতি কষ্ট বোধ কৰে, তেতিয়াও তেনেকুৱা আছিল। তেওঁবিলাকৰ লগত তামোল-পাণ নাছিল; আৰু তাক খোৱাও নাছিল। এদিনা এঠাইত ব্ৰহ্মপুত্ৰত তেওঁবিলাকে নাও চপাইছিল। লুইতত দৈবাৎ পাণ-তামোল উটি আহিছিল। যোগাইৰ মাকে স্নান কৰি সেই তামোল- পাণ খালে। অধ্যাপকে ম্লান কৰি তেওঁৰ পত্নীক তামোল খোৱা দেখি তামোল-পাণ ক’ত পালে সুধিলে ৷ তেওঁ কলে যে “লুইতত উটি অহা পাই খালো”। অধ্যাপকৰ ইয়াতে বৰ ক্ৰোধ জন্মিল আৰু কলে বোলে, “তই যেতিয়৷ কি জানি কোনে কেনেকৈ উটাই দিছে তাক বিচাৰ নকৰি উটি অহা তামোল আকাল বুলি খালি তোত বিশ্বাস নাই”। এই বুলি অনেক তিৰস্কাৰ কৰি অধ্যাপকে তেওঁক সেই ঠাইতে পৰিত্যাগ কৰি নাও মেলি ভটীয়াই গ'ল। আইজনাৰ শেষ অৱস্থা কি হল কোনেও কব নোৱাৰে। অধ্যাপক যোগাইক, লৈ গৈ লগৰ মানুহে সৈতে গুৱাহাটীৰ সিপাৰে অশ্বক্লান্তত থাকিলগৈ।

 কাপ্তান ওৱেলচ্‌ চাহাব ১৭৯২ ইংৰাজী শকৰ ২৯ নবেম্বৰত [  ] গুৱাহাটী পালেহি। দৰঙ্গৰ কৃষ্ণনাৰায়ণ প্ৰভৃতি কেতবিলাক মানুহে ৰজাৰ দুৰ্বলতা দেখি উপদ্ৰৱ কৰিছিল। কাপ্তান চাহাব আহি পালত সেইসকল নিবাৰণ হ'ল। এই সময়তে গুৱাহাটীত জহনী ৰোগ উৎপত্তি হলত অনেক লোক মৰে। তাৰ পাছেও গ্ৰহণী ৰোগত অনেক লোক মৰে। লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰী এই সময়তে পালেহি কিন্তু ইয়াৰ কিঞ্চিৎ পূৰ্ব্বে সেই কণা মজুমদাৰৰ মৃত্যু হোৱাত চক্ষুদানৰ বিষয় কোনো প্ৰশ্ন উত্থাপিত নহ'ল। ব্ৰহ্মচাৰী চিকিৎসা শাস্ত্ৰত পাৰ্গত আছিল। সেই গ্ৰহণী ৰোগত ঔষধেৰে অনেক লোকক তেওঁ উপকাৰ কৰিলে। সেই সময়তেই প্ৰথমে আমাৰ দেশত কানি বা আফিঙৰ খেতি আৰু ব্যৱহাৰ হবলৈ ধৰিলে। ভাটীৰপৰা অহা চিপাহী আৰু আন মানুহৰপৰা পোৱা গুটিৰে খেতি কৰা হয়। জহনী আৰু গ্ৰহণী ৰোগৰ আফিঙ বা কানি এটি প্ৰধান ঔষধ। সেইকাৰণে এই দেশী লোকসকলে অনুমান হয় তাক বৰ আগ্ৰহেৰে ৰাখিলে।

 কাপ্তান ওৱেলচ চাহাবে সসৈন্যে ৰজাক লৈ উজাই ৰঙ্গপুৰলৈ গ'ল। কামাখ্যা আৰু আন আন তীৰ্থ দৰ্শন কৰি ব্ৰহ্মচাৰীও সেই লগতে উজাই গল। কাপ্তান চাহাবে মোৱামৰীয়াক খেদি ১৭১৫ শঁকৰ চ'তত ৰজাক ৰাজসিংহাসন দি ভটীয়াই গল। ব্ৰহ্মচাৰী বৰ বুদ্ধিমান আৰু বহুদৰ্শী লোক আছিল। তেওঁ শীঘ্ৰে ৰজা বুঢ়াগোহাঁই আৰু আন বিষয়াসকলৰ প্ৰিয় হৈ উঠিল। দেশত ভাল চিপাহী নথকাত ব্ৰহ্মচাৰীয়ে শিখ আৰু হিন্দুস্থানী মানুহ ৰজাৰ চিপাহী দলত নিযুক্ত হবলৈ পুৰুষাৰ্থ কৰি অনাই দিবলৈ স্বীকাৰ কৰিলে। ক্ৰমে অনাইও দিলে। তাৰ কিছুমান অসম আৰু বঙ্গদেশৰ সীমা হাদীৰা চকি বা বঙ্গালহাটত থাকিল।

 সেই সময়ত হাদীৰা চকিত পকা বেজী নামে এজন লোক দুৱৰীয়া বৰুৱা আছিল। তেওঁ বিষয় এৰি ৰাজ আজ্ঞাৰে মহন্ত শ্ৰেণীলৈ গল। তেওঁৰ বংশাৱলী ক্ৰমে এতিয়াও বামুন্দীয়া [  ] গোঁসাই নামে প্ৰসিদ্ধ। বুঢ়াগোহাঁই আৰু ৰজাত খাটি ব্ৰহ্মচাৰী দুৱৰীয়া বৰুৱা হল। তেওঁ কেতিয়াবা বঙ্গালহাট হাদীৰাত, কেতিয়াবা গুৱাহাটীৰ নীলাচল পৰ্ব্বতৰ ওচৰত আৰু কেতিয়াবা ৰজাৰ নগৰত থাকিছিল। গুৱাহাটীত থকাৰ যি ঠাই আছিল তাক পুৰণি ছাউনী বুলিছিল।

 হাদীৰাৰ ওচৰত ফুলৰা নামে গ্ৰামত এটি পৰ্ব্বত আছে, তাতে ব্ৰহ্মচাৰীয়ে এক শিৱ স্থাপন কৰে। আৰু তাৰ পূজাসেৱাৰ বিধান কৰি দিয়ে। নিজ ঘৰত গোপাল- গণেশ প্ৰভৃতি দেৱতাৰ মূৰ্ত্তি স্থাপন কৰে আৰু অনেক শালগ্ৰাম সংগ্ৰহ কৰি দেৱালয়ৰ দৰে কৰে।

 তিয়কীয়া অধ্যাপকৰ ঘৰৰ যোগাইৰ বাপেক অশ্বক্ৰান্ততে মৃত্যু হল। যোগাই পিতৃ-মাতৃহীন অনাথ হোৱাত তেওঁৰ লগৰ লোকসকলে তেওঁক লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰীৰ “চেলা” কৰি দিলে। যোগাইৰ মাতৃ-পিতৃৰ অৱস্থা তেওঁবিলাকৰ আন বংশৰ লোকসকলে শুনি তেওঁৰ অনুসন্ধান কৰিবলৈ গল। সেই লগতে যোগাইৰ পিতৃ দদাইয়েকৰ পুতেক যোগাইতকৈ অলপ ডাঙৰ ল’ৰা এটিও আহে। তেৱো পিতৃ-মাতৃবিহীন আছিল। ব্ৰহ্মচাৰীয়ে তেওঁকো চপাই ললে। কামৰূপৰ কোনো ব্ৰাহ্মণৰ দুটি অনাথ লৰাকো ব্ৰহ্মচাৰীয়ে প্ৰতিপালন কৰিবলৈ ললে। কামৰূপী এটি বিধৱা ব্ৰাহ্মণীৰ দুটি সৰু লৰা আছিল। সেই দুটি আৰু এটি অনাথা ব্ৰাহ্মণ কন্যাক ব্ৰহ্মাচাৰীয়ে নিজৰ অধীনলৈ আনিলে। বালক দুটিক পুত্ৰ ৰূপে আৰু কন্যাটিক কন্যাৰূপে গ্ৰহণ কৰিলে। এইসকলক পালন কৰিবৰ নিমিত্তে সেই বিধৱা ব্ৰাহ্মণীক ব্ৰহ্মচাৰীয়ে প্ৰতিপালন কৰিলে। এওঁবিলাকক স্বতন্ত্ৰ টোল কৰি দিলে। সেই বিধৱা ব্ৰাহ্মণীক ব্ৰহ্মচাৰীয়ে “দুঃখুৰ মা” বুলি মাতিছিল।

 সেই ল'ৰাকেইটিক ব্ৰহ্মচাৰীয়ে নতুনকৈ নাম দিলে যথা জ্যেষ্ঠজনাৰ সীতাৰাম, তেওঁৰ তলতীয়া তিয়কীয়া অধ্যাপকৰ [  ] ঘৰৰ ডেকাজনৰ নাম পৰশুৰাম, তৃতীয়জনৰ নাম শম্ভুৰাম আৰু যোগাইৰ নাম ৰণৰাম। দুঃখুৰ মাৰ পুতেক দুটিৰ বৰটিৰ নাম অভিৰাম আৰু কনিষ্ঠটিৰ নাম পটাভিৰাম, কন্যাটিৰ নাম পাতলী। ব্ৰহ্মচাৰীয়ে নিজে সীতাৰাম, পৰশুৰাম আৰু শম্ভুৰামক নিজ গোত্ৰত তুলি উপনয়ন দিলে। ই তিনিজনৰ সীতাৰামে অভিৰামক, পৰশুৰামে ৰণৰামক আৰু শম্ভুৰামে পাটাভিৰামক উপনয়ন দিলে। তেতিয়াৰপৰা এওঁবিলাকৰ মাজত ভ্ৰাতৃ সম্বন্ধ হল। ব্ৰহ্মচাৰীৰ শ্ৰীবাৎস্য গোত্ৰ আৰু ভাৰ্গৱ, ঢ্যকা, আৰবায়ন, ঔৰ্ব্ব আৰু জামদগ্ন্য প্ৰবৰ হল। অসম দেশৰ প্ৰচলিত সন্ধ্যা-আহ্নিকৰ প্ৰণালী তেওঁবিলাকৰ গুচিল। দ্ৰাবিড় দেশৰ চলিত সন্ধ্যাৰ প্ৰণালী এওঁবিলাকৰ হল। এই দেশৰ প্ৰচলিত যজুৰ্ব্বেদ আৰু কান্বশাখাই এওঁবিলাকৰ থাকিল। কোনো কোনো ক্ৰিয়াৰ দ্বাৰাই ব্ৰহ্মচাৰীক সামবেদী বুলি জানি কিন্তু কাৰ্য্যতঃ তেওঁৰ সন্তানসকলে যজুৰ্ব্বেদকে স্বীকাৰ কৰিলে। ব্ৰহ্মচাৰীয়ে ভাৰতবৰ্ষৰ পশ্চিম-দক্ষিণ অঞ্চলত নিজৰ পত্নী আৰু গৃহ পৰিত্যাগ কৰি আহিও এইৰূপে ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্ব্ব অঞ্চলত এটি পৰিবাৰ সৃষ্টি কৰিলে। ব্ৰহ্মচাৰী এই পুত্ৰসকলৰ টোলত নাথাকিছিল। তেওঁ অন্ন ভোজন নকৰিছিল--ফলাহাৰ কৰিছিল। সন্ন্যাসীয়ে গেৰুৱা বস্ত্ৰ পৰিধান কৰিছিল। তেও বৰ বলিষ্ঠ আৰু স্থূলন্তৰ আছিল। তেওঁৰ শৰীৰৰ লোম আৰু দাড়ি দীঘল থকাত তেওঁক “দাড়ীয়া ব্ৰহ্মচাৰী” বুলিও লোকে কৈছিল।

 প্ৰথম পুত্ৰ তিনিজনক ব্ৰহ্মচাৰীয়ে ভাল ঘৰৰ ছোৱালী অনাই বিয়া কৰাই দিলে। শীতাংশু সভাপণ্ডিতৰ ঘৰৰ লক্ষ্মীনাথৰ কন্যা কামেশ্বৰীক পৰশুৰামে বিবাহ কৰালে।

 গৌৰীনাথ সিংহ স্বৰ্গদেৱ ১৭১৬ শকত ৰঙ্গপুৰ নগৰ পৰিত্যাগ কৰি যোৰহাট বাহৰলে আহিল। ১৭১৭ শকৰ আঘোণত সেইজনা স্বৰ্গদেৱ স্বৰ্গী হলত কমলেশ্বৰ সিংহ স্বৰ্গদেৱ সিংহাসন [  ] প্ৰাপ্ত হয়। কছাৰী দেশৰ ৰজাই অসম ৰজাৰে যুদ্ধৰ কাৰবাৰ কৰাত হৰিপদ ডেকাফুকন আৰু আন আন লোক কছাৰীৰে ৰণ কৰিবলৈ যায়। লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰীও সেই লগতে যায়। তেওঁ আনি দিয়া হিন্দুস্থানী চিপাহীও গৈছিল। অতি কষ্টে আমাৰ ফালে অনেক ক্ষতিৰ পাচত সেই ৰণ আমাৰ পক্ষে জয় হয়। ব্ৰহ্মচাৰীৰ গুণত ৰজা বুঢ়াগোঁহাই প্ৰভৃতি সকলো সন্তুষ্ট আছিল। বঙ্গদেশে সৈতে যাতায়াতৰ সুবিধা কৰা তেওঁৰ যত্ন আছিল। বুঢ়াগোঁহাই ডাঙৰীয়াইও জানিবলৈ পালে যে বঙ্গ আৰু হিন্দুস্থানেৰে যাতায়াত নাথাকিলে দেশৰ মঙ্গল নহয় আৰু সেই কাৰ্য্য ব্ৰহ্মচাৰীৰ পৰা ভালকৈ হব পাৰিব এনে আশা কৰিলে।

 ব্ৰহ্মচাৰীৰ পুত্ৰসকল গুৱাহাটীতে থাকে। পৰশুৰাম হাদীৰাত থাকে আৰু গুৱাহাটীতো থাকে। এবাৰ কেইওজনাক লৈ ব্ৰহ্মচ৷ৰী যোৰহাটলৈ গৈছিল বুলি অনেকে কয়। কিন্তু ৰণৰাম হলে তেওঁৰ লগত সদাই থাকিছিল। পৰশুৰামৰ নামেই ৰজাঘৰত হাদীৰা চকি ব্ৰহ্মচাৰীয়ে লগাই দিয়ালে। কিয়নো তেওঁ আটাই কেইজনতকৈ বুদ্ধিমান বহুদৰ্শী আৰু পাৰ্গত আছিল।বুঢ়াগোঁহাই ডাঙ্গৰীয়াৰ অনুগ্ৰহত কমলেশ্বৰ সিংহ স্বৰ্গদেৱে লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰীক ১৭২২ শকত তাম্ৰফলি কৰি বেলতলা আৰু কৰুণাবাৰীত কিছু মাটি ব্ৰহ্মোওৰ দিলে।

 বঙ্গদেশ আৰু অসমদেশৰ সীমাতে হাদীৰা চকি। বিদেশৰ কোনো আক্ৰমণ কি আন কথাবাৰ্ত্তা ৰজাঘৰলৈ দুৱৰীয়াই জনাব লাগে। বঙ্গদেশৰ পৰা যি নাও অসম দেশলৈ যায় তাত হাতীদাঁত, মজাঠী, লোণ প্ৰভৃতি মাচুল লব লগীয়া বস্তু হলে তাৰ মাচুল লব লাগে। আৰু বছৰি কোনো নিৰ্দিষ্ট টকা ৰজাৰ ভঁড়ালত শোধাব লাগে; এই দুটিয়েই দুৱৰীয়াৰ প্ৰধান কাৰ্য্য আছিল। নাওবিলাক চাবৰ নিমিত্তে লাক্‌লঙ্গীয়া তালাচী [  ] আছিল। ব্ৰহ্মচাৰীয়ে ৰজাঘৰত বাৰ্ষিক ১০,০০০ হাজাৰ নাৰায়ণী টকা আৰু ৭০,০০০ টকাৰ নানাদেশীয় দ্ৰব্য দিবলৈ স্বীকাৰ কৰি, সেই চকি লৈছিল। হাদীৰা চকিত হিচাপৰ কাকত-পত্ৰ লেখাৰ বাবে কঢ়ালৰ ঘৰৰ একোজনা ডেকা থাকিছিল। আন আন কাকতীও আছিল। ব্ৰহ্মচাৰী বাবাই দেখিলে যে যি নিয়মে কাৰ্য্য কৰা হয় আৰু হিচাপ ৰখা হয় সেইটো বৰ ভাল প্ৰণালীবদ্ধ নাছিল। সেইদেখি বাঙ্গালী আৰু কামৰূপী মানুহক কাকতী ললে। কামৰূপৰ হৰিপ্ৰসাদ আৰু সতানন্দ আৰু বঙ্গালদেশী কোনো কোনো মানুহক হিচাপৰ কাকত দেখিবলৈ আৰু আন আন কাৰ্য্য কৰিবলৈ নিযুক্ত কৰিলে। উজনীৰপৰা ভাটীলৈ আৰু ভাটীৰপৰা উজনীলৈ বেপাৰৰ যি বস্তু আহে তাক দুৱৰীয়াৰ ঘৰেই নিজেই লৈ নিজে কাৰবাৰ কৰিবলৈ ধৰিলে। অধিক কি প্ৰায় সমুদায় দেশখানৰে বেপাৰ গ্ৰহতীয়া হল। বঙ্গাল্হাট, গুৱালপাৰা, নগৰবেৰা, গুৱাহাটী, দৰঙ্গ আৰু যোৰহাট নগৰত দুৱৰীয়াৰ ঘৰৰ পৰা গোলা দিয়া হল। এইসকলৰ দ্বাৰাই বিস্তৰ লাভ হবলৈ ধৰিলে। চিপাহী-চন্তৰী মানুহ-বনুৱা অনেক হল। বেপাৰৰ বাবে ২৪০ খান নাও আছিল। ব্ৰহ্মচাৰী বাবা বৰ নিৰ্ভয়চিত্ত আছিল। কলীয়াভোমোৰা বৰফুকনক বুঢ়াগোহাই আৰু তেওঁৰ নিজৰ কথা কৈ কিছু অপমানজনক কথা কোৱাত বৰফুকনে তেওঁৰ জগৰ ধৰিছিল। বাবাজীৰ এধাৰ ১০৮ শালগ্ৰাম চক্ৰৰ মালা আছিল আৰু লক্ষ্মীনাৰায়ণ শালগ্ৰাম এখান তেওঁ সদাই পূজা কৰিছিল।

 ১৭২৪ শকত পৰশুৰাম বৰুৱাৰ বৰজনা পত্নীৰ হলিৰাম আৰু ১৭২৭ শকত যজ্ঞৰাম নামে পুত্ৰ জন্মে। সীতাৰাম আৰু শম্ভুৰাম বৰুৱাৰো সন্তান জন্মে। ব্ৰহ্মচাৰী বাবাই এইসকল পৌত্ৰ দেখি অতিশয় সন্তোষ পাইছিল। তেওঁৰ জন্মভূমি আৰু ঘৰ-পৰিবাৰ সকলো পৰিত্যাগ কৰি আহি ঘটনাক্ৰমে ভাৰতবৰ্ষৰ এটা চুকত এইৰূপে ঘৰবাৰী, পুত্ৰ, বিষয়, সম্পত্তি কৰিলে [ ১০ ] আৰু ইয়াত এটি নতুন বংশ সংস্থাপন কৰিলে। কালক্ৰমে ব্ৰহ্মচাৰী অতুল ঐশ্বৰ্য্যশালী হৈ কাৰ্ত্তিকৰ শুক্লাচতুৰ্থীত পৰলোকলৈ গল। পূৰ্ব্বৰেপৰা পৰশুৰাম বৰুৱাই সকলো কাৰ্য্যকে কৰিছিল; ব্ৰহ্মচাৰী নামমাত্ৰ অধিকাৰ আছিল। এতিয়া তেওঁৰ সম্পূৰ্ণ আধিপত্য হল। ব্ৰহ্মচাৰীৰ ইচ্ছা আছিল যে পৰশুৰামক দুৱাৰৰ কাৰ্য্যৰ গৰাকী পাতি তেওঁ ৰণৰামক লগত লৈ তীৰ্থ পৰ্য্যটন কৰে। ৰণৰামৰ প্ৰকৃতি সৰুৰেপৰা শান্ত আছিল আৰু বাবাৰ লগত সদাই থকাত তেওঁৰ শুশ্ৰূষা কৰিবলৈ ভালকৈ জানিছিল | ব্ৰহ্মচাৰী পৰলোক গত হোৱাত ৰণৰামে তেওঁৰ অস্থি লৈ তীৰ্থ পৰ্য৷টিবলৈ গল। গঙ্গা, গয়া, কাশী, প্ৰয়াগ, মথুৰা, বৃন্দাবন, হৰিদ্বাৰ, সেতুবন্ধ ৰামেশ্বৰ, জগন্নাথ ক্ষেত্ৰ প্ৰভৃতি ভ্ৰমণ কৰি সকলোতে পিতৃৰ অস্থি লগালে আৰু শ্ৰাদ্ধাদি কৰিলে। ব্ৰহ্মচাৰীৰ নিজ দেশলৈ গৈ তেওঁৰ পত্নী আৰু আন আন গৃহবৰ্ত্তীসকলৰ আগত শোকসূচক বাৰ্ত্তা কলে। ব্ৰহ্মচাৰীৰ পত্নীয়ে তেতিয়াহে হাতৰ খাৰু পৰিত্যাগ কৰিলে আৰু বৈধব্য অৱলম্বন কৰিলে। এনে কথা প্ৰকাশ আছে যে ব্ৰহ্মচাৰীৰ বংশ বৃদ্ধি নহয় বুলি তেওঁ শাপ দিলে। বহুদিনৰ মূৰত ৰণৰাম স্বদেশলৈ ঘূৰি আহিল। আৰু আঠগঁয়া বিষ্ণুৰাম হাজৰীকাৰ কন্যা ইন্দ্ৰানীক বিবাহ কৰালে।

 ব্ৰহ্মচাৰীৰ দিনতকৈ দুৱৰীয়াৰ ঘৰৰ অৱস্থা আৰু উন্নত হল। পৰশুৰাম বৰুৱাই এই নিয়ম কৰিলে যে তেওঁৰ সকলো ভ্ৰাতৃসকলে নিৰ্দিষ্ট কাৰ্য্য কৰে। পটাভিৰামৰ ইয়াৰ পূৰ্ব্বে মৃত্যু হয়। পশুৰাম মূল বৰুৱা। তেওঁ বঙ্গালহাট, গুৱাহাটী, যোৰহাট-- য’তে সুবিধা ত’তে থাকে। শম্ভুৰামে বঙ্গালহাটত থাকি তাৰ কাৰ্য্য চলায়। সেই কাৰণে তেওঁক বঙ্গালহটীয়া বৰুৱা বুলিছিল। অভিৰাম গুৱাহাটীত থাকিছিল। সেইদেখি তেওঁক গুৱাহটীয়া বৰুৱা বুলিছিল৷ ৰণৰামে যোৰহাট নগৰত থাকি তাৰ যি কাৰ্য্য তাক কৰিছিল। এই কাৰণে তেওঁক যোৰহটীয়া বৰুৱা [ ১১ ] বুলিছিল। সীতাৰামে গুৱাহাটীৰ বৰফুকনৰ তলে বৰুৱা বিষয় লৈ থাকিল। ৰণৰামে যোৰহাটত ৰজা বুঢ়াগোঁহাই সকলোৰে সৈতে ভালে থাকিছিল। বিষ্ণুদলৰ লক্ষ্মীনাথ কথাকোৱা বৰুৱা নামে এজনা লোক পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ বৰ খাটনীয়াৰ আছিল। ৰণৰামে বুঢ়াগোঁহাইৰ অনুৰোধত সেই কথাকোৱা বৰুৱাৰ দুহিতা শচীক বিবাহ কৰালে। গোপী নামে এজন মহন্তকলৈ ইয়াৰ পূৰ্ব্বে পাতলীক বিয়া দিয়া হল। কমলেশ্বৰ সিংহ স্বৰ্গদেৱ ১৭৩২ শকত স্বৰ্গী হল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ সিংহাসনত উঠিল। কুকুৰাচোৱা ভূতৰ পুতেক সতৰাম স্বৰ্গদেৱৰ প্ৰধান বল্লভ হৈ চাৰিঙ্গীয়া ফুকন হল। ভূতৰ পুতেকেৰে বুঢ়াগোঁহাইৰে পেটে পেটে এটিভাব হল। মানুহ দুফলীয়া হল। সতৰামে বুঢ়াগোঁহাইক মৰাবলৈ যত্ন কৰিলে। স্বৰ্গদেৱে আৰু ৰাজমাতৃ দেৱতাই কি কৰিব উপায় নাপাইছিল। এই সময়তে পৰশুৰাম বৰুৱা যোৰহাটলৈ গল। দুৱৰীয়াবিলাকক হাতখোৱাও বুলিছিল। দুৱৰীয়া ৰজাৰ বৰচ'ৰাত উঠিব নোৱাৰে। স্থান নিৰ্দ্দিষ্ট নাই। সেই নিমিত্তে পৰশুৰাম বৰুৱাই খাওন্দৰ আৰু ৰণৰামে বেজৰ খেলত নাম লগালে। তেতিয়াৰপৰা তেওঁবিলাক ৰজাৰ চ'ৰাত উঠিব পৰা হল। ভূতৰ পুতেকে বুঢ়াগোঁহাইক নিৰ্যাতন কৰিবলৈ পৰশুৰাম বৰুৱাক বঙ্গালহাটৰ কিছুমান শিখ চিপাহী খুজিলে। লক্ষ্মীনাথ কথাকোৱা বৰুৱাই তেওঁক পৰামৰ্শ দিলে যে “আহোমৰ কথাৰ তলে পুতল, বুঢ়াগোঁহাই পৰাক্ৰমী, তেওঁৰ অহিত চিন্তা কৰা উচিত নহয়।” বুঢ়াগোঁহাই আৰু তেওঁৰ পিতৃৰ পৰাই দুৱৰীয়া ঘৰৰ উন্নতি, এইবিলাক ভাবি চিপাহী অনাই পলমেহে দিব পাৰিম বুলি কোৱাত, সেই কাৰণে আৰু দৰ্শকৰূপে বঙ্গালহাটৰ বাবৰ টকা বাকী থকা ছুতা কৰি ৰজাই পৰশুৰাম বৰুৱাক এদিন হাঁতীশালত বন্দী হৈ থাকিবলৈ আজ্ঞা কৰিলে, কিন্তু বুঢ়াগোঁহাইৰ অনুগ্ৰহত সেই দণ্ডৰপৰা মুক্তি পালে।

 ইয়াৰ পাছতে পৰশুৰাম বৰুৱা গুৱাহাটীলৈ আহিল। ১৭৩৪।[ ১২ ] ৩৫ শকত বুঢ়াগোঁহাই ডাঙৰীয়াৰ আজ্ঞাৰে ৰণৰাম আৰু আনন্দৰাম গোঁহাই কাশীলৈ গৈ ৰজাৰ অৰ্থে এক শিৱ স্থাপন আৰু মঠ কৰে। সেই মঠ এতিয়াও “কামৰূপী মঠ” বুলি প্ৰসিদ্ধ। ব্ৰহ্মচাৰীয়ে কৰা নিয়মে দুৱাৰৰ কাৰ্য্য আৰু বেপাৰ কৰি পৰশুৰাম বৰুৱাৰ অভ্যুদয় সম্পত্তি হল। ভূতৰ পুতেকৰ দ্ৰোহ নিবাৰণৰ পাচে যেতিয়া গুৱাহাটীৰ বদনচন্দ্ৰ বৰফুকনক বুঢ়াগোঁহাইয়ে ধৰিবলৈ মানুহ পঠায় আৰু যেতিয়া সেই ফুকন পলাই যায় তেতিয়া সেই ফুকনক ধৰিবৰ নিমিত্ত ৰাজ আজ্ঞাৰে পৰশুৰাম বৰুৱাই লোক পঠায়। ইয়াৰ কিছুদিনৰ পাচতে পৰশুৰাম বৰুৱা ১৭৩৮ শকৰ বৈশাখৰ শুক্লা চতুৰ্থীত লোকান্তৰলৈ গমন কৰিলে। তেওঁৰ শ্ৰাদ্ধ বৰ সমাৰোহেৰে কৰা হল। অতি সামান্য দক্ষিণাও ১০ টকাৰ কম নাছিল। সেইৰূপ শ্ৰাদ্ধ কৰাৰ বাবে ৰজাঘৰৰপৰা জগৰ লাগিছিল।

 পৰশুৰাম বৰুৱাৰ দিনত অভ্যুদয় সম্পত্তি আছিল। গোলাগঞ্জ বেপাৰ সৰহ আছিল। খাত-পাম সৰহ আছিল। ব্ৰাহ্মণে অনা পানীৰেহে ভোজনৰ কাৰ্য্য হৈছিল। ব্ৰহ্মচাৰীয়ে মৎস্য-মাংস নাখাইছিল, সেইদেখি তেওঁবিলাকেও মৎস্য-মাংস নাখাইছিল। বেটী-বান্দী বিস্তৰ আছিল। প্ৰতিদিন তৈজস পাত্ৰত ৰন্ধন হৈছিল। শূদ্ৰই ভোজনৰ ঘৰলৈ যাব নোৱাৰিছিল। সামান্য কথাতে পৰশুৰাম বৰুৱাই ঘৈণীবিলাকক আৰু পৰিবাৰবৰ্গক বহুমূল্য পুৰস্কাৰ দিছিল। তেওঁৰ শৰীৰ ৰুগ্ন আছিল দেখি ইমান ঐশ্বৰ্য্যতো তেওঁ সামান্য আহাৰহে কৰিছিল। পৰশুৰাম বৰুৱাই জখলাবন্ধা সত্ৰৰ বিষ্ণুদেৱ গোসাঁইৰ কন্যা সুধমৰ্ণা আৰু আঠগঁয়া বিষ্ণুৰাম হাজৰীকাৰ দ্বিতীয় কন্যা ৰণৰামৰ প্ৰথম স্ত্ৰী ইন্দ্ৰানীৰ কনিষ্ঠা ভূবনেশ্বৰীক বিবাহ কৰায়। এই দুজনাৰ কোনো সন্তান নহল। পৰশুৰাম বৰুৱা বৰ প্ৰতাপী লোক আছিল। সেই সময়ত কোনো এজন বিদেশী পৰিব্ৰাজক আহি দেশ চাই ইয়াকে কৈছিল বোলে, “উজনীত বুঢ়াগোঁহাই আৰু ভাটীত পৰশুৰাম” [ ১৩ ] এই দুজন বিনে এই দেশত মানুহ নাই। মেং ডেবিড ইস্কাট চাহাব জিলা ৰঙ্গপুৰৰ জজ আৰু কমিচনৰ আছিল। মাচুল বিষয়ে কিবা গোলযোগ হোৱাত মেং ইস্কাট চাহাব এবাৰ হাদীৰালৈ আহে। তিনিদিন থাকিলে তথাপি পৰশুৰাম বৰুৱাৰে সাক্ষাৎ নহল। কিন্তু হলিৰাম আৰু যজ্ঞৰাম আৰু আন আন তলতীয়া বিষয়াৰে সাক্ষাৎ হৈছিল।

 পৰশুৰাম বৰুৱাই অতি যত্নেৰে হলিৰাম আৰু যজ্ঞৰামক শিক্ষা দিয়ালে। তেতিয়াৰ লোকসকলৰ এনে বিশ্বাস আছিল যে কোনো যাবনিক ভাষা শিক্ষা কৰিলে পিতৃসকলক পিণ্ড-তৰ্পণ দিব নোৱাৰে। জ্যেষ্ঠ পুত্ৰই বিশেষ পিণ্ডাধিকাৰী। সেই নিমিত্তে হলিৰামক কেবল সংস্কৃত ভাষা আৰু যজ্ঞৰামক সংস্কৃত আৰু যাবনিক পাৰসী ভাষা শিক্ষা দিউৱা হৈছিল। উভয়েই শিক্ষিত বিষয়সকলত বিশেষৰূপে ব্যুৎপত্তি লাভ কৰিলে।

 পৰশুৰাম বৰুৱা মৃত্যু হলত হলিৰাম দুৱৰীয়া পদ হল। তেওঁৰ বয়স তেতিয়া ১৪ বৎসৰ। বণৰাম তেওঁবিলাকৰ অধ্যক্ষ হল আৰু আগৰ যিসকল লোক আছিল সেইসকলে সৈতে কাৰ্য্য কৰিবলৈ ধৰিলে। ইয়াৰ পূৰ্বেই শম্ভুৰাম, অভিৰাম আৰু সীতাৰাম পৃথক হয়। কেৱল ৰণৰাম মাত্ৰ একেলগে থাকে। ১৭৩৯ শকত (১৮১৬ ইংৰাজী) বদনচন্দ্ৰ বৰফুকনে মান অৰ্থাৎ ব্ৰহ্ম দেশলৈ গৈ ব্ৰহ্ম ৰজাৰ সৈন্য লৈ উজনীৰে যোৰহাট নগৰ পালে। দেশৰ অনেক লোক পলাই নানা স্থানলৈ গল। পূৰ্ণানন্দ বুঢ়াগোঁহাই ডাঙ্গৰীয়াৰ মৃত্যু হয়। বদনচন্দ্ৰ মন্ত্ৰী ফুকন হল। কিছুকালৰ পাচত মানে দেশ এৰি চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱকে ৰাজ্য দি দেশলৈ যায়। বদনচন্দ্ৰ বৰফুকনৰ শিৰশ্ছেদ হয়। পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ পুতেক ৰুচিনাথ ডাঙ্গৰীয়াই আন লোকৰে সমবেত হৈ চন্দ্ৰকান্ত সিংহক ৰাজ্যচ্যুত কৰি পুৰন্দৰ সিংহক ৰাজত্ব দিয়ে। ব্ৰহ্ম ৰজাই এই বাৰ্ত্তা পাই ১৭৪০ শকত সৈন্য পঠালে। পুৰন্দৰ সিংহ ভটীয়াই আহিল [ ১৪ ] আৰু চন্দ্ৰকান্ত সিংহই পুনৰায় ৰাজত্ব পায়। তাৰ পাচে মানৰ ৰজাই দেশৰ অৱস্থ৷ বুজিবলৈ আকৌ কিছুমান সৈন্য পঠালে। চন্দ্ৰকান্ত স্বৰ্গদেৱে মান অমিলৰূপে আহিছে বুলি ভাবি মানৰ আক্ৰমণ নিবাৰিবলৈ লোক পঠালে। মানৰ সৈন্যই আমাৰ সৈন্যক পৰাভৱ কৰি নগৰ প্ৰবেশ কৰিলে। ৰজা পলাই আহিল। মানৰ আক্ৰমণ দমাব নোৱাৰিলে। উজনীখণ্ড লৈ মান ক্ৰমে ভটীয়াই আহিল। দেশত মহা হুলস্থুল লাগিল। নানা ঠাইলৈ মানুহ ভাগি গল।

 দেশৰ এনে অৱস্থা দেখি হলিৰাম বৰুৱ৷ গুৱাহাটীৰ ছাউনী এৰি হাদীৰালৈ গল। তেওঁ গুৱাহাটীৰ পৰা যাওঁতে অনেক বস্তু তাতে এৰি গল। অনেক নাও আৰু বস্তু ক্ষতি হল। চন্দ্ৰকান্ত ৰজা ভটীয়াই গল। মানে ক্ৰমে হাদীৰা পালেগৈ। দুৱৰীয়াৰ অধীনৰ শিখ আৰু আন সৈন্যই মানে সৈতে যুদ্ধ কৰিলে। চৈতন্য সিংহ চুবাদাৰ প্ৰভৃতি চিপাহী ৰণত পৰিল। হলিৰাম বৰুৱাই এই যুদ্ধত বৰ সাহস দেখুৱাইছিল। চিপাহী ৰণত পৰি পৰাস্ত হলত হলিৰাম বৰুৱা নাও লৈ লৰি আহিল ৷ নাওত বন্দুকৰ সঙ্গিন আছিল। সেই সঙ্গিন তেওঁৰ ডিঙ্গিত সোমাল। বলেৰে সঙ্গিন উলিয়াই মূৰৰ পাগুৰীৰে ডিঙ্গি বান্ধি নাওত উঠিল আৰু নাও ভটীয়াই যোগীঘোপালৈ গল।

 ঘৈণীবিলাকে মান অহা দেখি পাৰিলে মানে বস্তু লৈ নাওত উঠিল। বেটী-বান্দী আৰু আন মানুহবিলাকো নাওত উঠিল। আমাৰ সৈন্য পৰিলত মানবিলাকে সেই নাও আৰু আন মানুহৰ নাও খেদি আহিল। ঘৈণীবিলাকৰ নাওত হলিৰাম বৰুৱাৰ মাতৃ আৰু বিমাতা দুজনা যজ্ঞৰাম, ৰণৰাম আৰু তেওঁৰ দুজনা ঘৈণী আৰু বিজয়ৰাম নামে এটি পুত্ৰ আৰু যজ্ঞেশ্বৰী নামে এট কন্যা আৰু ৰণৰামৰ জ্যেষ্ঠা পত্নী আৰু পৰশুৰাম বৰুৱাৰ কনিষ্ঠা পত্নীৰ ভগিনী সৰ্ব্বেশ্বৰী আছিল। নাওৰ মাজীয়ে নাও মেলিবলৈ নাও ঠেলিলত নাও নচলে। নাও বাম পানীত [ ১৫ ] লাগিল। মাজীহঁতে বৰ শ্ৰম কৰিবলৈ ধৰিলে। এনেতে হলিৰাম বৰুৱাৰ মাতৃয়ে তেওঁৰ হাতত পিন্ধ৷ সোণৰ আঙ্গঠি এটা তামোল-পাণে সৈতে ব্ৰহ্মপুত্ৰত দি অনেক স্তুতি প্ৰাৰ্থনা কৰিলে। তাৰ পাচতে নাও দ পানীলৈ যোৱাত ভটীয়াই যোগীঘোপালৈ গল। হাদীৰাত বহু বস্তু ৰল আৰু অনেক বস্তু হানি হল। গোৱালপাৰাত গোলাৰ এটি পকা কুঠী আছিল। সেইটি পৰশুৰাম বৰুৱাৰ দিনতে নিৰ্ম্মিত হৈছিল। এতিয়া য’ত কছাৰী আছে সেই কছাৰীৰ ঘাটক এতিয়াও সেইবাবে কুঠীৰ ঘাট বোলে। সেই গোলাৰ আৰু আন আন বিষয়ৰ যি কৰ্ত্তব্য কাৰ্য্য সেই বিষয়ে উপদেশ দি অল্প দিনৰ পাচতে হলিৰাম বৰুৱা উৰু ভাটী ৰঙ্গপুৰ জিলাৰ অন্তৰ্গত চীলমাৰীলৈ গল। চীলমাৰীত আমাৰ ৰজা আৰু বুঢ়াগোঁহাই আৰু আন আন ডাঙ্গৰীয়া আৰু অনেক লোক ভাগি আছিল। এওঁবিলাক গৈ তাতে থাকিল। তাতে কালীকান্ত চাহা আৰু ৰামকান্ত চাহা নামে এঘৰ শাউ বা শুৰী জাতিৰ মানুহ আছিল। সিহঁতৰ যোগীঘোপাত গোলা আছিল আৰু দুৱৰীয়াৰ ঘৰে সৈতে কাৰবাৰ আছিল। সেই আপাহতে কালীকান্ত আৰু ৰামকান্ত চাহাহঁতে এওঁবিলাকক বৰ যত্ন কৰিছিল। আমাৰ ভগনীয়া মানুহে চীলমাৰীৰ লোকবিলাকৰ বাৰীত যি তেতেলী গছ আছিল তাৰে তেতেলী পাৰি অনাত সিহঁতে কোৱাকুই কৰিছিল। “দিদি গো! আসামে তেঁতুইল পাড়ে গো”—এই বুলি খেদি আহি আমাৰ ভগনীয়াসকলক লক্ষ্য কৰি কদৰ্থনা কৰিছিল! চন্দ্ৰকান্ত ৰজাই কিছুমান সৈন্য সংগ্ৰহ কৰি উজাই আহিল। গোৱালপাৰাত লেপ্তেনেণ্ট ডেবিডচন চাহাবক ইয়াৰ পূৰ্ব্বেই ব্ৰিটীচ গবৰ্ণমেণ্টে সৈন্য সৈতে সীমা ৰক্ষাৰ নিমিত্তে থৈছিল।

 ইফালে মেং ইস্কাট চাহাবে অসম দেশৰ বিষয় গবৰ্ণমেণ্টলৈ জনোৱাত ব্ৰিটিচ সৈন্য এই দেশলৈ আহিব এনে উদ্যোগ হল। হলিৰাম বৰুৱা উৰুৱে ভাবিলে যে চীলমাৰীত থকাৰ কোনো ফল [ ১৬ ] নাই। কোন ফালৰ পানী কোন ফালে যায় এই চাই এবাৰ গঙ্গাস্নান কৰিবলৈ যোৱ৷ উচিত। এই বুলি তেওঁবিলাক সকলো গঙ্গাস্নান কৰিবলৈ মুৰচিদাবাদলৈ গল। গোৱালপাৰা আৰু গুৱাহাটীত কেঞা বা মাৰোৱাৰীবিলাকৰ গোলা আছিল। সেই সকলে সৈতে দুৱৰীয়াঘৰৰ কাৰবাৰ আছিল। সেই কেঞাবিলাকৰ কাৰে৷ কাৰো মুৰচিদাবাদত গোলা আছিল আৰু চিনা-পৰিচয় থকা মানুহ আছিল। সেইসকলৰ সূত্ৰে মুৰচিদাবাদৰ জগদ্বিখ্যাত ধনী জগৎ চেঠৰ ঘৰে সৈতে তেওঁবিলাকৰ পৰিচয় আৰু কাৰবাৰ আছিল, সেই কাৰণে তাতো তেওঁবিলাকৰ কোনো কষ্ট নহল। গঙ্গা তীৰতে গ্ৰহণৰ সময়ত এজনা দণ্ডী স্বামীত হলিৰাম যজ্ঞৰাম আৰু তেওঁবিলাকৰ মাতৃ আৰু বিমাতা দুজনাই দীক্ষা গ্ৰহণ কৰিলে। দণ্ডী স্বামীৰ চৰণত কণকাঞ্জলী প্ৰদত্ত হৈছিল। গঙ্গাতীৰত কিছুদিন বাস কৰি তেওঁবিলাক গোৱালপাৰালৈ আহি চন্দৰীয়াত থাকে আৰু গোলাৰ কাৰবাৰ কৰে। শম্ভুৰাম আৰু অভিৰাম বেলেগে ঘৰ কৰি তাতে থাকে। মাজুলীৰ আহঁতগুৰীয়৷ কুশদেৱ অধিকাৰী গোঁসাই ভাগি গৈ গোৱালপাৰাতে থাকে। তেওঁৰ জ্যেষ্ঠা কন্যা প্ৰসূতীক হলিৰাম বৰুৱাই বিবাহ কৰালে। বিবাহৰ দিনা ৰাত্ৰি হোমৰ পূৰ্ণাহুতি দিয়াৰ সময়ত তেওঁবিলাকৰ ভিতৰৰ ঘৰত অকস্মাৎ জুই লাগি ঘৰ আৰু অনেক বস্তু দগ্ধ হল। চতুৰ্দোলা বা চৌদোল আৰু বঙ্গালী তৱফাওৱালী বাই এই বিবাহলৈ অনা নহল। এই নিমিত্তে হলিৰাম বৰুৱাই ৰণৰামৰ প্ৰতি কিঞ্চিৎ অসন্তোষ প্ৰকাশ কৰিলে কিয়নো এই পৰ্য্যন্ত তেওঁৱেই অধ্যক্ষ আছিল। তাৰ কিছুমান দিনৰ পাচত বেজবৰুৱাৰ ঘৰৰ লক্ষ্মীনাথৰ ভগিনীক যজ্ঞৰাম বৰুৱাই বিবাহ কৰে। হলিৰাম বৰুৱাৰ বিবাহত যি ত্ৰুটী হৈছিল সেইটি এই বিবাহত পূৰণ হল। বৰ সমাৰোহেৰে বিবাহ-কাৰ্য্য সমাধা হল। তেনে বিবাহ সেই সময় পৰ্য্যন্ত গোৱালপাৰাত হোৱা নাছিল। এই পৰ্য্যন্ত গোৱালপাৰা আৰু চন্দৰীয়াৰ প্ৰাচীন লোক সকলে যজ্ঞৰাম [ ১৭ ] বৰুৱাৰ বিবাহৰ কথা কেতিয়াবা কয়। চন্দ্ৰধৰ ৰায়, গিৰিধৰ ৰায়, জয়ধৰ ৰায়, চণ্ডীপ্ৰসাদ ৰায়, ৰামপ্ৰসাদ ঘোষ প্ৰভৃতি এওঁবিলাকৰ গোলাৰ আৰু ঘৰৰ গোমস্তা আছিল আৰু আন আন লেখা-পঢ়া কৰিবলগীয়া কাৰ্য্য কৰিছিল।

 ইফালে মেং ইস্কাট চাহাবে ব্ৰিটিচ সৈন্য লৈ অসম দেশ সোমাই মানক খেদিলে। দুৱৰীয়াৰ ঘৰৰপৰা চাহাবে অসমদেশৰ বিষয়ে অনেক কথা জানিলে আৰু অনেক সাহায্য পালে। দেশ জয় হলত অসমীয়া লোক যিসকল গৈ গোৱালপাৰাত যোগীঘোপা পগলাটেক প্ৰভৃতি ঠাইত আছিল সেইসকলক মেং ইস্কাট চাহাবে স্বদেশলৈ আহিবলৈ কলে।

 অতি পূৰ্ব্বৰেপৰা হলিৰাম আৰু যজ্ঞৰামক ইস্কাট চাহাবে জানিছিল। এওঁবিলাকেও গুৱাহাটীলৈ আহিবলৈ ইচ্ছা কৰিলে, চাহাবেও পৰামৰ্শ দিলে। যজ্ঞৰামৰ প্ৰথমজনা ভাৰ্য্যাৰ মৰণ হোৱাত দীফলু সত্ৰৰ কুশচন্দ্ৰ গোঁসাইৰ প্ৰথমা কন্যা বৰদাক তেওঁ বিবাহ কৰিলে। পাচে গুৱাহাটীৰ ভৰলুৰ মুখতে টোল কৰি ঘৰ সজাই তালৈকে ১৭৪৮ শঁকত তেওঁবিলাক আহিল। ইয়াৰ কিছুকাল পূৰ্ব্বে হলিৰাম আৰু যজ্ঞৰাম বিভক্ত হল। তেওঁ বিলাক দুইও এই নিয়ম কৰিলে যে ৰণৰাম আৰু গোপালমূৰ্ত্তি আৰু তেওঁবিলাকৰ মাতৃ উমৈহতীয়া থাকিল। মাজিউজনা মাতৃ যজ্ঞৰামৰ ফালে আৰু সৰুজনা মাতৃ হলিৰামৰ ফালে থাকিল। ৰণৰামে উভয়ৰপৰা ভৰণ-পোষণ পাব। খাত-পাম দুইও ভ্ৰাতৃৰ উমৈহতীয়৷ থাকিল ৷ ৰণৰামক ভৰণ-পোষণৰ ব্যয় দিব। ৰণৰাম ঋজু স্বভাৱৰ লোক আছিল। তেওঁ বৈষয়িক জঞ্জাল বৰকৈ ভাল নাপাইছিল, এই নিমিত্তে তেওঁ এই অধ্যক্ষ ভাৰৰ পৰা অৰসৃত হোৱাত নিচেই দুখিত নহল, আৰু ভৰণ-পোষণ পোৱাৰ নিয়মতে সন্তুষ্ট হল। গুৱাহাটীৰ পূবফালে ৰণৰাম, মাজত হলিৰাম আৰু ভাটীত যজ্ঞৰামৰ ঘৰ হল। সেই টোলৰ চাৰিওফালে কালক্ৰমে [ ১৮ ] চাৰিটা চৰকাৰী আলি হল। শম্ভুৰাম আৰু অভিৰাম গোৱালপাৰাতে থাকিল। সীতাৰামৰ ঘৰ সেই টোলৰ উত্তৰ আলিৰ উত্তৰত হল। মেং ইস্কাট চাহাব উজনীলৈ যাওঁতে হলিৰামক লগত লৈ গল। তেওঁ চাহাবৰ প্ৰধান কৰ্ম্মচাৰী আছিল। ষজ্ঞৰামে কিছুদিন গুৱাহাটীত থাকি কলিকতালৈ গল। তাত গৈ সেই ঠাইৰ সুবিখ্যাত ৰামমোহন ৰায়ৰ উপদেশ আৰু শিক্ষা শুনিবলৈ ধৰিলে। ৰামমোহন ৰায় এজন ভাৰতবৰ্ষৰ প্ৰধান লোক। সুপবিত্ৰ ব্ৰহ্মধৰ্ম্মৰ এজন প্ৰধান আচাৰ্য্য। তেওঁ প্ৰথমে যি কেইজন লোকে সৈতে ব্ৰহ্মোপাসনা কৰিছিল তাৰ মাজত যজ্ঞৰাম এজন আছিল। হলিৰাম ইস্কাট চ'হাবে সৈতে তেওঁৰ প্ৰধান কাৰ্য্যকাৰক হৈ অসম দেশত ফুৰে। নগাঁও আৰু দৰঙ্গৰ প্ৰথম বন্দোবস্ত এওঁৰ দ্বাৰা সম্পাদিত হয়। নগাঁৱত এতিয়ালৈকে এই বন্দোবস্ত লোকে কয়। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ যেতিয়া গুৱাহাটীত থাকে তেতিয়া হলিৰাম আৰু যজ্ঞৰামক ঢেকিয়াল ফুকন আৰু খাৰঘৰীয়৷ ফুকন বিষয় দিয়ে। সেই সেই পদত তেওঁবিলাকক তেতিয়াৰ গবৰ্ণমেণ্টৰ প্ৰধান কাৰ্য্যকাৰক মেং ইস্কাট চাহাবে স্বীকাৰ কৰে।

 উজনী আৰু নামনী খণ্ড যেতিয়া চিনিয়ৰ আৰু জুনিয়ৰ খণ্ডত বিভাগ হল তেতিয়া হলিৰাম ফুকন চিনিয়ৰ অৰ্থাৎ নামনী খণ্ডত থাকিল। তেওঁ কালেক্টৰীৰ চিৰস্তাদাৰ আছিল আৰু কামৰূপৰ বন্দোবস্তৰ বিষয়ে বিশেষ কাৰ্য্য কৰিছিল। তেতিয়া কামৰূপত মেং হোৱাইট নামে এজনা চাহাব আছিল। কোনো সামান্য কথাতে হোৱাইট চাহাবে সৈতে ঢেকিয়াল ফুকনৰ বিবাদ লগাত তেওঁ তাৰ পাচতে বিদায় ললে। এই বিবাদৰ কথা মেং ইস্কাট চাহাবে শুনি মেং হোৱাইট চাহাবক দোষ দিলে। হলিৰাম ফুকনে কাছাৰীলৈ যাওঁতে প্ৰায় সদাই পৰ্হি দোলাত গৈছিল। আনলোকে ইস্কাট চাহাক দেখিলে দোলা ইত্যাদিত উঠি ধাকিলে নামে আৰু বিজাপী ললেও তাকো একাষৰ কৰে। [ ১৯ ] ঢেকিয়াল ফুকনে ইস্কাট চাহাবক সেই বিষয় বা আন বিষয়ত তেনে নীচ সম্ভ্ৰম নকৰিছিল। এই কাৰণে তেওঁক চাহাবে বৰ মান্য কৰিছিল। কিয়নো যি নিজৰ সম্ভ্ৰম ৰাখিব জানে তাক সভ্য লোকে মান্য কৰে। সেইজনা চাহাবে হলিৰাম ফুকনৰ ওপৰত ইমান বিশ্বাস কৰিছিল যে প্ৰায় কাৰ্য্যত তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। নগাঁও বন্দোবস্ত কৰোতে ঢেকিয়াল ফুকনে দীফলু সত্ৰৰ অধিকাৰী লৱচন্দ্ৰ গোঁসাইৰ তিলোত্তমা বা কল্যাণী নামে কন্যা এটি বিবাহ কৰে।

 এওঁবিলাক গুৱাহাটীলৈ অহাৰ কিছুকাল পাচতে প্ৰসূতী দেবীৰ গৰ্ভত হলিৰাম ফুকনৰ এটি কন্যা জন্মে, সেই কন্যা নাথাকিল। ১৭৫০ শঁকত যজ্ঞৰাম ফুকনৰ দুৰ্গাৰাম নামে এটি পুত্ৰ জন্মে। ১৭৫১ শঁকৰ ৭ আশ্বিন মঙ্গলবাৰে পুষ্যা কৰ্কট নক্ষত্ৰত প্ৰসূতী দেবীৰ গৰ্ভত হলিৰাম ফুকনৰ এট পুত্ৰ জন্মে। সেই পুত্ৰৰ গুপ্ত নাম হেমকণ্ঠ আৰু প্ৰকাশ্য নাম আনন্দৰাম। সেই শঁকৰ কাৰ্ত্তিকত কল্যাণী দেবীৰ গৰ্ভত ফুকনৰ এটি কন্যা জন্মে। সেই কন্যাৰ গুপ্ত নাম তাৰিণী আৰু প্ৰকাশ্য নাম তুলসী। এই সময়ত মেং ইস্কাট চাহাব চিৰাপুঞ্জীত আছিল আৰু তাৰ খাচীয়াবিলাকক দমন কৰিছিল। আনন্দৰাম আৰু তলসী বৰ আদৰৰ সন্তান হল। এই ল’ৰা সৰ্ব্বদাই লবৰ নিমিত্তে কামৰূপৰ বৰনগৰ পৰগণাৰ বৰুৱাই যুতী নামে এটি ছোৱালী দিয়ে।

 ইয়াৰ পূৰ্ব্বে গোৱালপাৰাত থাকোতেই হলিৰামে এবাৰ গঙ্গা, গয়া, কাশী, প্ৰয়াগ প্ৰভৃতি তীৰ্থলৈ গৈছিল। তেওঁ বৰ দানী আৰু মানী আছিল। বিশেষকৈ তীৰ্থ পৰ্য্যটন কৰিবলৈ যোৱাত বিস্তৰ দান-পুণ্য কৰিলে। যি যি তীৰ্থলৈ তেওঁ গৈছিল সেই সেই তীৰ্থত তেওঁ বিশেষকৈ সুখ্যাতিৰে কাৰ্য্য কৰিলে। তেওঁ সংস্কৃত ভাষাত আৰু তন্ত্ৰ শাস্ত্ৰত বৰ পণ্ডিত আছিল। কোনো [ ২০ ] ঠাইত তেওঁ পণ্ডিত সমাজত অপূজনীয় নহল। এইৰূপে দান বিতৰণ কৰি তেওঁ বহু ধন ব্যয় কৰিলে। এইপৰ্য্যন্ত সেই সেই তীৰ্থৰ পাণ্ডাবিলাকে অসম দেশ বুলিলে হলিৰাম ঢেকিয়াল ফুকনৰ নাম প্ৰধান যাত্ৰী বুলি কয়।

 যজ্ঞৰাম কলিকতালৈ গৈ ইংৰাজী আৰু অন্যান্য শাস্ত্ৰাদি আলোচনা কৰিলে। ৰামমোহন ৰায় ব্ৰাহ্ম, যজ্ঞৰাম তেওঁৰ ছাত্ৰ হোৱাত তেওঁ যে ব্ৰাহ্ম হল এই জনৰৱ হল। তেতিয়া ব্ৰাহ্ম বুলি তিমান পৰিচয় নাছিল—খীষ্টিয়ানহে বুলিছিল। হলিৰাম ঢেকিয়াল ফুকনে নিজ ভ্ৰাতৃৰ ধৰ্ম্মত্যাগৰ কথা শুনি তেওঁক আনিবলৈ কলিকতালৈ যাবলৈ ইচ্ছা কৰিলে। ইফালে হোৱাইট চাহাবে সৈতে বিবাদ লাগিল। এনে কথা লোকে কয়, বোলে হলিৰাম ফুকনে কৈছিল বোলে তেওঁ যেতিয়ালৈকে হোৱাইট চাহাবে সৈতে সমানে বহি কাৰ্য্য কৰিব নোৱাৰে তেতিয়ালৈকে এই দেশলৈ নাহে। হোৱাইট চাহাব উগ্ৰ স্বভাৱৰ আছিল। তেওঁ আন লোকৰ কথা শুনি হলিৰাম ফুকন যে দাম্ভিক এইটো জানিছিল। সম্ভ্ৰম ৰক্ষা আৰু দাম্ভিকতা এই দুটি বিষয় চাহাবে পৃথক কৰিবলৈ যত্ন নকৰি হলিৰামৰ ওপৰত ক্ৰুদ্ধ হয়। চাহাবে এদিন কাছাৰীতে তেওঁক অপমানজনক কথা কয়। ঢেকিয়াল ফুকনেও তেওঁক সমুচিত উত্তৰ দিয়ে। ইয়াৰ পাচতে তেওঁ বিদায় লৈ কলিকতালৈ গল। এওঁ ঢাকা আৰু সুন্দৰবনৰ বাটেৰে গল। কিন্তু যজ্ঞৰাম ফুকন মুৰচিদাবাদেৰে এই দেশলৈ আহিল। তেওঁৰ লগত এজন ইংৰাজ শিক্ষক লৈ তেওঁ আহিছিল। আহোঁতে তেওঁ জগত চেঠৰ ঘৰৰ হিচাপ পৰিষ্কাৰ কৰে আৰু তাৰপৰা ‘শিৰপেশ’ কল্কি প্ৰভৃতি বহুমূল্যৰ আভৰণ আনে। স্বদেশলৈ পুনৰাগমন কৰি এওঁ কিছুদিন গুৱাহাটীতে থাকে।

 হলিৰাম ফুকন কলিকতালৈ গল, তাৰপৰা শ্ৰীক্ষেত্ৰলৈ যায়; তাতো বিস্তৰ ব্যয় আৰু দান-পুণ্য আৰু কাৰ্য্য কৰে। চন্দ্ৰকান্ত [ ২১ ] সিংহ স্বৰ্গদেৱে চীলমাৰীত চিপাহীক দৰমহা দিব নোৱাৰি সোণৰ ভৃঙ্গাৰ এটা দি এওঁবিলাকৰপৰা ধন নিছিল। সেই ভৃঙ্গাৰ ঢেকিয়াল ফুকনে কাৰো হাক নুশুনি জগন্নাথ মহাপ্ৰভুক দিয়ে। তাতো তেওঁৰ বিশেষ সুখ্যাতি হয়। এইপৰ্য্য়ন্ত তাৰ গদাধৰ পাণ্ডাই হলিৰাম ঢেকিয়াল ফুকনৰ নামে অসম দেশৰ যাত্ৰীবিলাকক দাবী কৰে। তেওঁ শ্ৰীক্ষেত্ৰৰপৰা ঘূৰি কলিকতালৈ আহিল। তেতিয়া অসম দেশ আৰু কামৰূপ কামাখ্যাৰ নাম সেইফালে অপ্ৰচলিত আছিল। লোকে ডাকিনী যোগিনীৰ দেশ বুলিছিল। হলিৰাম ঢেকিয়াল ফুকনে যোগিনীতন্ত্ৰ, কালিকাপুৰাণ প্ৰভৃতি গ্ৰন্থৰপৰা সঙ্কলিত কৰি “কামাখ্যা যাত্ৰা পদ্ধতি” নামে এখানি সংস্কৃত গ্ৰন্থ কৰে। এই গ্ৰন্থত কামৰূপৰ কামাখ্যা প্ৰভৃতি সকলো তীৰ্থৰ নিৰ্ণয় যাত্ৰা আৰু পূজাৰ বিবৰণ আছে। ফুকনে আসামবুৰঞ্জী নামে বঙ্গলা ভাষাত এখান অসম দেশৰ নানা বিবৰণ আৰু ৰজাবিলাকৰ ইতিহাসঘটিত পুথি ৰচনা কৰে। ১৭৫৩ শঁকত এই দুই পুস্তক কলিকতাৰ সমাচাৰ চন্দ্ৰিকা যন্ত্ৰত ছপা হয়। এই পুস্তকসকল বিনামূল্যে বিতৰিত হৈছিল। তেওঁ তাত সেইকালৰ প্ৰসিদ্ধ ৰজা আৰু আন আন লোকে সৈতে পৰিচয় কৰিছিল। ধৰ্ম্মসভা নামে তাত এটি সভা আছিল। সেই সভাৰো এওঁ এজন সভ্য হৈছিল। এওঁৰ নাম কলিকতাত বৰকৈ প্ৰকাশ হল। কোনো এজনে তাৰ কোনো সংবাদপত্ৰত তেওঁৰ ওপৰত নামৰ কৌতুক কৰি “মুষলীৰাম ঢেঁকী কলিকাতায় আসিয়াছে” এইৰূপ লেখিছিল। আৰু কোনো এজনে এইৰূপ কৌতুক কৰিছিল “কামৰূপ কামাখ্যা হইতে এক ঢেঁকী গাছ চালাইয়া এখানে আসিয়া কচ কচ কৰিতেছে।” ফুকনে এইবিলাক কৌতুকত বৰ কৌতুকী হৈছিল। কলিকতাত এওঁক আসামৰ ৰজা বুলি লোকে অনুমান কৰিছিল। কিছুদিন কলিকতাত থাকি ফুকন গুৱাহাটীলৈ আহিল।

 মেং ইস্কাট চাহাব চিৰাপুঞ্জীত মৃত্যু হলত মেং ক্ৰেক্ৰক্ট [ ২২ ] চাহাব কমিচনৰ নিযুক্ত হয়। এওঁক আমাৰ মানুহে কেৰিকেৰাপট বুলিছিল। হলিৰাম ফুকনৰ কাৰ্য্যদক্ষতা গুণ সেইজনা চাহাবে জানিছিল। গুৱাহাটীত এজন এচিষ্টাণ্ট মেজিষ্ট্ৰেট গবৰ্নমেণ্টে গ্ৰাহ্য কৰাত হলিৰাম ফুকন সেই পদত নিযুক্ত হল। তেওঁৰ মাসিক বেতন ২৩০ টকা আছিল।

 ৰণৰামৰ কন্যা যজ্ঞেশ্বৰীৰ দীফলু সত্ৰৰ ধীৰচন্দ্ৰ গোস্বামীৰ সহিত বিবাহ হয়। ৰণৰামৰ প্ৰথম পত্নীৰ কেইবাটিও সন্তান হৈ মৃত্যু হয়। তেতিয়া কেৱল বিজয়ৰাম নামে পুত্ৰ আৰু লীলেসী নামে এটি কন্যা আৰু গঙ্গাৰাম নামে এটি পুত্ৰ থাকে। দ্বিতীয় পত্নীৰ যজ্ঞেশ্বৰী বিনে আৰু কোনো সন্তান নাছিল। হলিৰামে কাশীৰপৰা মঙ্গলচণ্ডীৰ পূজ৷ আৰু ব্ৰতৰ বিধান আনে। এই ব্ৰত কৰিলে সন্তান জন্মে। যজ্ঞেশ্বৰীৰ মাতৃয়ে সেই ব্ৰত এক বৎসৰ কৰে। তাৰ পাচে এটি পুত্ৰ হয়। তেওঁ প্ৰসৱ কষ্ট ভোগ কৰে। গুৱাহাটীৰ ডাক্তৰ চাহাবৰ অস্ত্ৰ চিকিৎসাৰ গুণে তেওঁ ৰক্ষা পৰে। সীতাৰাম বৰুৱাই ভাগ অংশ পাবৰ নিমিত্তে ন লক্ষ বাসত্তৰ হাজাৰ টকাৰ দাবী কৰি আদালতত গোচৰ কৰে। সেই গোচৰ ঘৰুৱাৰূপে মীমাংসা হয়। যজ্ঞৰাম ফুকনে পুলিচ চুপাৰিণ্টেণ্ডেণ্টৰ বিষয় পাই উজনীলৈ গৈ যোৰহাটত থাকিল। তেওঁৰ লগত বিজয়ৰাম যায়।

 হলিৰাম ফুকনৰ শৰীৰ ৰুগ্ন আছিল। তেওঁৰ ৰসবাতৰ নৰিয়া আছিল। এই নিমিত্তে তেওঁ সময়ে সময়ে কষ্ট পাইছিল। ১৭৫৪ শঁকৰ বাৰিষা তেওঁ বৰজনা ঘৈণী আৰু আনন্দৰামক লৈ উমানন্দ পৰ্ব্বতলৈ গল, তাতে বাস কৰিবলৈ ধৰিলে। তেওঁ তাৰেপৰা আহি কাছাৰীৰ কৰ্ম্ম কৰিছিল। সেই দেৱালয়ত তেওঁ মহামৃত্যুঞ্জয় শিৱৰ পূজা কৰাইছিল। শ্ৰাৱণ মাহৰ কৃষ্ণা ত্ৰয়োদশীৰ দিনা প্ৰভাততে তেওঁ উঠি মুখ-হাত ধুই শৰীৰ অসুস্থ পাই আকৌ শয়ন কৰিবলৈ গল। তেওঁ শৰীৰৰ উপকাৰৰ অৰ্থে কানি খাইছিস আৰু প্ৰতিদিন পুৱা নিদানিক ঔষধ খাইছিল। [ ২৩ ] ৰামদত্ত নামে পৰিচাৰক ব্ৰাহ্মণক ফুকনে বিছনালৈ যাবৰ পূৰ্ব্বে ঔষধ প্ৰস্তুত কৰি জগাবলৈ কলে। ৰামদত্তই ঔষধ প্ৰস্তুত কৰি ফুকনক মাতিলে, উত্তৰ নাপালে। তাৰ কিছুমান পৰত আকৌ জগালে, উত্তৰ নাপালে। পাচে গাত হাত দিয়াত তেওঁ জানিলে যে হিমাঙ্গ হৈছে আৰু নিশ্বাস-প্ৰশ্বাস নাই। বিষম ভাবি সকলোকে সম্বাদ দিয়াত হলিৰাম প্ৰাণত্যাগ কৰা নিশ্চয় জনা গল। এই সম্বাদ পাই আৰু আন অনেক লোক তালৈ গল। তেওঁৰ শৱ উমানন্দৰ মন্দিৰৰ পূবফালে অল্প নামনিত সংস্কাৰ কৰা হল। মৃত্যুঞ্জয় পূজা শেষ নহল। উমানন্দৰপৰা তেওঁৰ পৰিবাৰ সকল গুৱাহাটীৰ ঘৰলৈ আহিল। ঢেকিয়াল ফুকনৰ আদ্য শ্ৰাদ্ধ যথানিয়মে মহা সমাৰোহেৰে কৰা হল। শুক্ৰেশ্বৰ দেৱালয়ত ব্ৰাহ্মণসকলক দক্ষিণা দিয়া হৈছিল। হলিৰাম ফুকন এজনা এই দেশৰ বৰ প্ৰধান মানুহ আছিল। তেওঁ সংস্কৃত আৰু বঙ্গলা ভাষাত বৰ পণ্ডিত আছিল। মাতৃভাষাৰ দৰে অনৰ্গল তেওঁ সংস্কৃত ভাষা কব পাৰিছিল। দান শক্তি এওঁৰ বৰ আছিল আৰু অনেক কাৰ্য্যও কৰিছিল। কামাখ্যাৰ মন্দিৰৰ ওপৰত যি কলসী এতিয়াও আছে সেই কলসী তেওঁ দিয়া। উমানন্দ, হয়গ্ৰীৱ-মাধৱ, উগ্ৰতাৰা প্ৰভৃতি দেৱালয় আৰু আন আন ঠাইত অনেক বস্তু দিছিল। এওঁ তান্ত্ৰিক আৰু তন্ত্ৰশাস্ত্ৰত বৰ পাৰ্গত আছিল। এওঁৰ দেৱতা-ব্ৰাহ্মণলৈ বৰ ভক্তি আছিল। এওঁ সদাই পূজা, হোম, শান্তি, স্বস্ত্যয়ন কৰিছিল। বাসন্তী পূজা, সিদ্ধ গণেশ পূজা, অন্নপূৰ্ণা পূজা প্ৰভৃতি পূজা বৰ সমাৰোহেৰে তেওঁ কৰাইছিল। পাৰ্য্যমানে তেওঁ লোকৰ উপকাৰ কৰিছিল। কোনে৷ লোকক সীমাৰ অতীত কাৰ্য্য কৰা দেখিলে তেওঁৰ অসহ্য হৈছিল। অতি হীন হৈ কাকো তেওঁ নিজেও সম্ভ্ৰম নকৰিছিল। আৰু আনেও যদি সম্ভ্ৰম কৰে তাকো তেওঁ ভাল নাপাইছিল; কোনো এজনা আহোম ডাঙ্গৰীয়া এদিন তেওঁক সাক্ষাৎ কৰিবলৈ [ ২৪ ] আহিলত তেওঁ তেওঁক সমুচিত সম্ভ্ৰম কৰি আসন দি কথাবাৰ্ত্তা কলে। যাবৰ সময়ত ডাঙ্গৰীয়াই ফুকনৰ ওচৰলৈ আহি আঠুকঢ়াৰ ভাব কৰি কিবা কথা কলে। তাতে তেওঁক ফুকনে বৰ বেয়া বুলিলে। যেতিয়া যি ৰাজকীয় ক্ষমতা পাইছিল তাক তেওঁ ন্যায়ৰূপে আচৰণ কৰিছিল। তেওঁৰ শৰীৰ ৰুগ্ন আছিল। তথাপি তেওঁ নিত্যপূজা নেৰিছিল। পৰিচাৰকে তেওঁৰ হাতত জল বা পুষ্প দিয়ে, তেওঁ মন্ত্ৰ বোলে আৰু সেই পৰিচাৰকে আকৌ সেই জল বা পুষ্প হাতৰপৰা নি সমীপৰ মূৰ্ত্তি, যন্ত্ৰ বা শালগ্ৰামত দিয়ে। বেজবৰুৱাৰ ঘৰৰ নোমল আৰু হেমকণ্ঠ তেওঁৰ লগত প্ৰায় থাকিছিল আৰু তেওঁক ঔষধ ইত্যাদি দিছিল। তেওঁৰ মাতৃ আৰু মাতামহ জীৱিত আছিল। হলিৰাম ফুকন বৰ উদ্যোগী আৰু শ্ৰমী আছিল। দিনত অনেক কাৰ্য্য কৰিব লগা হোৱাত সংক্ষেপ পূজা কৰিছিল। ৰাত্ৰি ৰাহুল্যকৈ নিত্যপূজা কৰিছিল। তেওঁ বৰ প্ৰতাপী লোক আছিল আৰু শাসন কাৰ্য্যত পটু আছিল। বঙ্গালী আৰু হিন্দুস্থানী লোকসকলক বিজাতীয় বুলি ঘৃণা নকৰি বৰঞ্চ সেইসকলক দেশত কাম-কাজ দি ৰাখিবলৈ বৰ পুৰুষাৰ্থ কৰিছিল। গীত-বাদ্য ইত্যাদিতো এওঁৰ বৰ উৎসাহ আছিল। কোনো পৰ্ব্ব উপলক্ষে কি এনেই ঘৰত প্ৰায় গান- বাজনা হৈছিল। এটা বৰ সুন্দৰ চৌৱাৰী ঘৰ বৈঠকখানা আছিল, তাত অনেক বহুমূল্য বস্তু আছিল। সেই চৌৱাৰী ঘৰটো জুই লাগি পোৰে। আৰু তাৰ পৰা অনেক হানি হয়। তাৰ ভেটী এতিয়া অলপ দিনলৈকে আছিল। এওঁবিলাকে উমৈহতীয়াকৈ প্ৰতি বৎসৰ ফল্গুৎসৱ, জন্মাষ্টমী, গণেশ পূজা আদি কৰিছিল। তাত বাজেও কাৰ্ত্তিকমহীয়া এজন ব্ৰাহ্মণ হবিষ্যে আকাশ-প্ৰদীপ দিছিল আৰু প্ৰতিদিন তুলসী দিছিল! মাঘমহীয়া সমুদায় মাহত এজন ব্ৰাহ্মণে প্ৰতিদিন গীতা পাঠ কৰিছিল। দুৰ্গোৎসৱত ঘটস্থাপন কৰি চণ্ডী পাঠ কৰিছিল। পৌষমাহত ঘৰৰ দেৱতাক আৰু ব্ৰাহ্মণক খিচিৰি ভোগ দিয়া হৈছিল। মাঘত আকৌ [ ২৫ ] ব্ৰহ্মভোজন কৰোৱা হৈছিল। প্ৰতিমাহে সত্যনাৰায়ণ পূজা, তুলসী দান আৰু কোজাগৰ আৰু দীপান্বিতা সুখৰাত্ৰিত লক্ষ্মীপূজা হৈছিল। এই সকলক এৰিও আন আন স্বস্ত্যয়ন মহোৎসৱ সদাই হৈছিল। এইবিলাকৰ কেতবিলাক উভয় ঘৰৰ উমৈহতীয়া আৰু কেতবিলাক পৃথক। বেলতলা, কৰুণাবাৰী, ফুলৰা, খাৰাধৰা, ঠোলাবাৰী, হৰিপুৰ, বৰহাট৷ উমৈহতীয়া খাত আছিল। ইয়াত বাজেও গোগত বেলেগ খাত আছিল। এইসকলৰ কাৰ্য্য কৰিবলৈ গোমস্তা আৰু মোখতাৰ আছিল। সকলো কৰ্ম্মৰ ভাৰ চন্দ্ৰধৰ ৰায়ৰ ওপৰত আছিল। তাৰ পাচে ৰামচন্দ্ৰ বিশ্বাস নামে বিক্ৰমপুৰৰ এজন লোক বৰফাণৰ মোখতাৰ হল। উভয় ঘৰৰ বেলেগ বেলেগ গোলা গুৱাহাটীত আছিল আৰু দৰঙ্গত উমৈহতীয়া গোলা এখান আছিল। এওঁবিলাকৰ টোলত

অনেক বেটী-বন্দী আছিল। ই বিনে খাতত বেটী-বন্দী বন্ধা ভেৰণীয়া আছিল। সেই সকলে কাৰ্য্য কৰিছিল। খাতৰপৰা ধান চাউল, মাহ আৰু আন বস্তু সদাই আহিছিল। মহ, গৰু, ঘোঁৰা, গাড়ীও আছিল। খাতৰপৰা যি যি বস্তু আহে সেইবিলাক নিজা খাতৰ হলে নিজ ভঁৰালত, উমৈহতীয়া খাতৰ হলে ভাগ হৈ নিজ নিজ ভঁৰাললৈ যায়। খাতৰ প্ৰজাবিলাকৰ সোধ-পোচ মাটিৰ বন্দোৱস্ত ইত্যাদি কৰা হৈছিল। হলিৰাম ঢেকিয়াল ফুকনৰ মৃত্যুৰ সময়ত এই দুঘৰৰ এনে অৱস্থা আছিল। যোৰহাটত যজ্ঞৰাম ফুকনৰ ১৭৫৩ চনত এটি পুত্ৰ জন্মে; এই পুত্ৰৰ নাম বলৰাম। ইয়াৰ কিছু পাচতে উজনীখণ্ড পুৰন্দৰ সিংহ স্বৰ্গদেৱক লালবন্দি বন্দোবস্ত কৰি দিয়া হোৱাত যজ্ঞৰাম ফুকন যোৰহাটৰপৰা গুৱাহাটীলৈ আহে আৰু তাত সদৰ আমীন নিযুক্ত হয় ৷ ৰণৰাম দৰঙ্গৰ পঞ্চায়ত আছিল, তাৰপৰা ঢেকিয়াল ফুকনৰ মৃত্যুৰ পূৰ্ব্বে ইয়ালৈ আহে। পুৰন্দৰ সিংহ স্বৰ্গদেৱে উজনীলৈ যাব লগীয়া হোৱাত তাত তেওঁ পূৰ্ব্বৰ নিয়মে ৰাজ্য শাসন কৰিবলৈ স্থিৰ হল। ঢেকিয়াল ফুকনৰ পুতেক আনন্দৰামক স্বৰ্গদেৱে [ ২৬ ] ঢেকিয়াল ফুকনৰ বিষয় দিলে আৰু যজ্ঞৰাম ফুকনৰ গাত খাৰঘৰীয়া ফুকনৰ বাব আছিল। আনন্দৰাম শিশু খাৰঘৰীয়া ফুকনৰ গুৱাহাটীত আন বিষয় থকাত ৰণৰাম ৰজাৰ আজ্ঞাৰে সেই দুই পদৰ কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ যোৰহাটলৈ গল। এই বৎসৰতে দৰঙ্গ আৰু নগাঁও স্বতন্ত্ৰ জিলা হল আৰু চিনিয়ৰ খণ্ডৰ বিভাগ গুচিল। যজ্ঞৰাম ফুকনে ঘৰ পাই উভয় পক্ষৰ খাত-পাম ইত্যাদিৰ কাৰবাৰ কৰিবলৈ ধৰিলে আৰু যাৰপৰা যি ধাৰ-ঋণ আদায় কৰিব লাগে তাকো কৰিবলৈ ধৰিলে। তেওঁ দুঘৰৰ গৰাকী আছিল। তেওঁৰ দ্বাৰাই সুশৃঙ্খলৰূপে কাৰ্য্য নিৰ্ব্বাহ হৈছিল। ৰণৰামৰ পুতেক বিজয়ৰামৰ ইয়াৰ অল্প পাচতে মৃত্যু হয়। পৰগণাৰ অনেক চৌধুৰী পাটোৱাৰী আৰু আন মানুহ টোলত বহা কৰি অনেক বিষয়ে উপাসা ভৰসা কৰি আছিল। আৰু অনেক মানুহ ফুকনউৰুৰ আশ্ৰয় লৈ টোলৰ ভিতৰত আছিল।
[ ২৭ ]
 

প্ৰথম ভাগ

প্ৰথম অধ্যায়

 ১৭৫১ শঁকৰ ৭ আশ্বিন মঙ্গলবাৰে পুষ্যা কৰ্কট নক্ষত্ৰত আনন্দৰাম ফুকনৰ জন্ম হয়। এওঁৰ জন্মত সকলোৰে বৰ আনন্দ হৈছিল। আৰু সেই উপলক্ষে হলিৰাম ঢেকিয়াল ফুকনে অনেক দান-দক্ষিণা কৰে; তেওঁ সৰুতে বৰ আদৰত উঠিছিল। নিচেই শিশু অৱস্থাত তেওঁৰ কেনে স্বভাৱ বা কাৰ্য্য আছিল সেইটে৷ প্ৰকাশিত নাই। শিশুবিলাকক সাধাৰণতঃ এনে দেখি যে পিতৃ-মাতৃয়ে আনক কোলা ললে বা মৰম কৰিলে সিবিলাকৰ ঈৰ্ষা আৰু ক্ৰোধ জন্মে কিন্তু এওঁৰ সেই স্বভাৱ নাছিল। ৰণৰাম বৰুৱাৰ শিশুপুত্ৰ গঙ্গাৰামৰ মাতৃৰ স্তনত বেদনা হোৱাত সেই শিশুটি বৰুৱাই আনি ফুকনৰ মাতৃক স্তন পান কৰাবলৈ দিছিল। ফুকনে তেওঁৰ মাতৃৰ স্তন পান আনক কৰা দেখিও তাত কোনো ক্ৰোধ বা ঈৰ্ষাভাৱ প্ৰকাশ কৰা নাছিল।

 তেওঁ সৰুকালত হৃষ্ট-পুষ্ট আছিল, অথচ বৰ নৰিয়াও নাছিল। তেওঁ সময়ে সময়ে ঠেহ পাতিছিল আৰু আপোনাৰ ভগিনী আৰু আন আন ল'ৰাৰ লগত পৰম হৰ্ষেৰে উমলিছিল। যেতিয়া ঢেকিয়াল ফুকন ঘৰত থাকে তেতিয়া তেওঁ তেওঁৰ ওচৰলৈ বৰকৈ নগৈছিল, আনকি আগত হলে নিৰ্ভয় আছিল। ৰণৰাম বৰুৱাই তেওঁক বৰ মৰম কৰিছিল আৰু তেওঁৰ কোলাত উঠি তপামূৰত হাত ফুৰাবলৈ বৰ আগ্ৰহ কৰিছিল। ঢেকিয়াল [ ২৮ ] ফুকনৰ যেতিয়া মৃত্যু হয় তেতিয়া তেওঁৰ বয়স তিনিবছৰ। সিমান বয়সত যদিও শোকানুভৱ বৰ নহয় তথাপি সময়ে সময়ে তেওঁ আনক দেখি শোক কৰিছিল। পিতৃজনা ঢেকিয়াল ফুকনৰ কোনো কোনো কথা তেওঁৰ ডাঙ্গৰলৈকো স্বপ্নৰ দৰে মনত আছিল। পিতৃ থাকোতেই তেওঁৰ চূড়াকৰণ পৰ্য্যন্ত কাৰ্য্য সমাধা হয়।

 পঞ্চম বৎসৰ বয়সত তেওঁৰ বিদ্যাৰম্ভ হয়। খাৰঘৰীয়া ফুকনৰ পুতেক দুৰ্গাৰাম আৰু তেওঁক উমানন্দ যশোধৰ অধ্যাপকে সংস্কৃত ভাষাৰ শিক্ষা দিয়ে আৰু আন আন পণ্ডিতেও শিক্ষা দিছিল। কিছু ডাঙ্গৰ হলত তেওঁ কাৰিকা ৰত্নমালা ব্যাকৰণ আৰু মুগ্ধবোধ ব্যাকৰণ পঢ়িছিল আৰু শব্দৰ বিভক্তি সাধিছিল। ৰণৰাম বৰুৱাৰ পুতেক গঙ্গাৰাম আৰু খাৰঘৰীয়া ফুকনৰ কনিষ্ঠ পুত্ৰ বলৰামেও পঢ়িবলৈ ধৰিলে। এওঁবিলাকে সময়ে সময়ে বঙ্গলা ভাষাও লেখিবলৈ ও পঢ়িবলৈ ধৰিলে। ফুকনৰ এই শিক্ষাত তাদৃশ ব্যুৎপত্তি লাভ হোৱা নাছিল। যজ্ঞৰাম ফুকনে এওঁবিলাকৰ শিক্ষাৰ প্ৰতি বিশেষ যত্ন লৈছিল। ১৮৩৫ ইংৰাজী চনত গুৱাহাটীত এটি ইংৰাজী আৰু এটি বঙ্গলা বিদ্যালয় সাধাৰণ আৰু গবৰ্ণমেণ্টৰ সাহায্যত স্থাপিত হয়। যজ্ঞৰাম ফুকনে এই স্কুল সংস্থাপিত হোৱাৰ নিমিত্তে অৰ্থ আৰু উৎসাহেৰে অনেক সাহায্য কৰে। কাৰণ সেই সময়ত তেৱেঁই দেশীয় সমাজৰ প্ৰধান লোক আছিল আৰু তেওঁ বিনে আন কোনো অসমীয়া লোকৰ ইৰাজী ভাষাত ব্যুৎপত্তি নাছিল। ১৭৫৯ শঁক আৰু ১৮৩৭ ইংৰাজী চনত আনন্দৰাম ফুকন আৰু দুৰ্গাৰাম ফুকন দুয়ো ইংৰাজী স্কুলত প্ৰবেশ কৰে।

 এই বছৰতে ৰণৰাম বৰুৱা যোৰহাটৰপৰা গুৱাহাটীলৈ আহে। যোৰহাটতে তেওঁৰ সৰুজনা পত্নীৰ এটি বালক জন্মে। সেই বালকৰ নাম গুণাভিৰাম। আনন্দৰাম ফুকনে বৰপিতাকক [ ২৯ ] বহুদিনৰ মূৰত দেখি বৰ সন্তোষ পাইছিল। কোনো এক সময়ত ফুকনৰ মাতৃয়ে খাৰঘৰীয়া ফুকনৰ ওপৰত কোনো কথাত বিৰক্তি পাই কোনো খাতত গৈ বাস কৰিবলৈ ইচ্ছা কৰিলে। কিন্তু ৰণৰাম বৰুৱাই নিষেধ কৰি কলে যে খাতত থাকিলে লৰাৰ শিক্ষা নহব, এতেকে তালৈ যোৱা অনুচিত।

 ১৭৬০ শঁকৰ জৈষ্ঠৰ শুক্লা চতুৰ্থীত ৰণৰাম বৰুৱাৰ মৃত্যু হয়। ইয়াৰ পাচত শ্ৰাৱণ মাহত যজ্ঞৰাম খাৰঘৰীয়া ফুকনৰ জ্বৰ হয়। তেওঁ চিকিৎসা আৰু বায়ু পৰিবৰ্ত্তনৰ নিমিত্তে মেথী চাহাবৰ বঙ্গলালৈ গল। তাতে ক্ৰমে টান হোৱাত তেওঁক ঘৰলৈ অনা হল। আৰু শ্ৰাৱণৰ শুক্লা দ্বিতীয়াতে তেওঁ পৰলোকলৈ গমন কৰে। খাৰঘৰীয়া ফুকন বৰ গম্ভীৰ স্বভাৱৰ লোক আছিল। তেওঁ সংস্কৃত, বঙ্গলা, ইংৰাজী, পাৰচী আৰবী, ভূটীয়া, উৰ্দ্দু, প্ৰভৃতি ভাষা উত্তমৰূপে জানিছিল। তেওঁ ৰাজা ৰামমোহন ৰায়ৰ অধীনে কিছুদিন শিক্ষা পোৱাত তেওঁৰ ধৰ্ম্ম আৰু সামাজিক ভাব অতি উন্নত আৰু মাৰ্জ্জিত আছিল। ইংৰাজবিলাকে সৈতে সমভাৱে ব্যৱহাৰ কৰিছিল। কাপ্তান জেনকিনচ্ কমিচনৰ আৰু কাপ্তান জেমচ মেথী ডেপুটী কমিচনৰ চাহাব তেওঁৰ পৰম বন্ধু আছিল। মৃত্যুৰ পূৰ্ব্বে তেওঁ কাপ্তান জেমচ মেথী চাহাবক ঘৰ আৰু সন্তানসকলক গতাই দিছিল৷ এওঁ এবাৰ হাতীৰ কাৰবাৰ কৰিছিল আৰু ময়মনসিংহলৈ গৈছিল। নববাবু নামে এজন জমিদাৰে সৈতে তেওঁৰ অনেক বিষয়ে কেইবাদিনো তৰ্ক হৈছিল। এবাৰ ঢাকা নগৰলৈকো তেওঁ নিজ শৰীৰৰ চিকিৎসাৰ কাৰণে গৈছিল।

 খাৰঘৰীয়া ফুকনৰ মৃত্যুৰ পাচত এওঁবিলাক অধ্যক্ষশূন্য হল। মেথী চাহাবে বৰ স্নেহ কৰি শিক্ষা আৰু উন্নতিৰ পক্ষে বৰ সাহায্য কৰিছিল। তেওঁবিলাকৰ মোখতাৰ আৰু আন কৰ্ম্মচাৰী- সকলে খাত-পাম ইত্যাদিৰ কাৰবাৰ কৰিছিল। বাৰ্ষিক যি [ ৩০ ] কৰ্ম্ম আছিল তাকো চলাইছিল। আনন্দৰাম ফুকনে বৰ মনোযোগ দি স্কুলত পঢ়িছিল। কেতিয়াও স্কুলৰ শিক্ষা ক্ষতি নকৰিছিল। সদাই উপস্থিত থাকিছিল। তেওঁ সময়ে সময়ে মেথী চাহাব, জেনকিনচ্ চাহাব, উইমচ্ চাহাব প্ৰভৃতিৰ ঘৰলৈ গৈছিল।

 মেথী চাহাব আৰু জেনকিনচ্ চাহাব এই দেশীয় লোক সকলৰ বৰ বন্ধু আছিল। কেনেকৈ এই দেশৰ লোকসকলৰ উন্নতি হব তাৰ প্ৰতি তেওঁবিলাকৰ বৰ আগ্ৰহ আৰু শ্ৰদ্ধা আছিল। তেওঁবিলাকৰ ঘৰৰ দ্বাৰ অবাৰিত। স্কুলৰ ছাত্ৰসকলক তেওঁবিলাকে পুস্তক, কাকত, ধন-বস্তু ইত্যাদিৰে সাহায্য কৰিছিল। তেওঁবিলাকৰ হাতী, ঘোঁৰা, গাড়ী, নাও বাগিছা সকলো এই ছাত্ৰসকলৰ সম্পত্তি আছিল। কোনোদিনা সন্ধ্যাৰ পূৰ্ব্বে তেওঁবিলাকে ছাত্ৰবিলাকক লৈ বাগিছালৈ যায়। কোনো- দিনা কাকো হাতীত, কাকো গাড়ীত লৈ ফুৰিবলৈ যায়। কোনোদিনা বা সেইৰূপে নাৱত উঠি ফুৰিবলৈ যায়।কোনো পূজা আন পৰ্ব্বত তেওঁবিলাকে সেইৰূপে ছাত্ৰসকলক ৰঙ- ধেমালি দেখুৱাইছিল। তেওঁবিলাকে লৰাবিলাকে সৈতে নিজেও ধেমালি কৰিছিল আৰু লৰাবিলাককো লৰ মৰা, জপিওৱা, কুস্তি কৰা, গছত উঠা প্ৰভৃতি নানাপ্ৰকাৰ ধেমালি কৰিবলৈ লগাই দিছিল আৰু যেয়ে ভালকৈ কৰিব পাৰিছিল তাক পুৰস্কাৰ দিছিল। অধিক কি তেওঁবিলাকে লৰাবিলাকৰ শাৰীৰিক, মানসিক আৰু নৈতিক উন্নতিৰ অৰ্থে সদাই উৎসাহ দিছিল৷ এনে দুজনা চাহাবৰ সুদৃষ্টিৰ নিমিত্তে আৰু স্নেহত আনন্দৰাম ফুকনে ক্ৰমে সৰ্ব্বপ্ৰকাৰে উন্নতি লাভ কৰিবলৈ ধৰিলে।

 এওঁ প্ৰত্যুষে উঠি পঢ়া-শুনা কৰি কোনোদিনা ঘৰত আৰু কোনোদিনা ব্ৰহ্মপুত্ৰ বা নদীত স্নান কৰি স্কুললৈ গৈছিল। তেওঁ সৰুৰেপৰা গাড়ী আৰু ঘোঁৰাত উঠিছিল। দুৰ্গাৰাম ফুকনক কৃষ্ণদেৱ কটকী নামে তিয়কীয়া অধ্যাপকৰ ঘৰৰ ডেকাই লগুণ [ ৩১ ] দিয়ে। একাদশ বৎসৰ বয়সত আনন্দৰাম ফুকনক দুৰ্গাৰাম ফুকনে লগুণ দিয়ে। তেওঁৰ বৈমাত্ৰেয় ভগিনী তুলসীদেৱীক নগাঁওৰ জখলাবন্ধা সত্ৰৰ চন্দ্ৰকান্ত অধিকাৰী গোস্বামীৰ জ্যেষ্ঠপুত্ৰ ৰঘুদেৱ গোস্বামীলৈ বিবাহ দিয়ে। বৰযাত্ৰীসকল নগাঁৱৰপৰা গৈ গুৱাহাটীৰ বালিত আছিল, তাৰেপৰা বৰ আহি বিবাহ কৰাইছিল। গোঁসাইসকলে দেহুড়ীৰ ভিতৰলৈকে বৰজাপি আৰু দোলা নিলত আমাৰ ফলীয়া লোকসকলে অসহ্য বোধ কৰি কন্দল কৰিবলৈ ইচ্ছা কৰিছিল। কিন্তু নিমন্ত্ৰিত লোকৰ ত্ৰুটি ধৰিব নাপায়, এইদেখিহে টানকৈ কোনো বিৰোধ নহল। সেই বিবাহত উত্তৰ গুৱাহাটীৰ যোগেশ্বৰ গোস্বামীৰ প্ৰেৰিত এদল লোকে ধেনু- কাঁড় লৈ এক কৌতুকাবহ অভিনয় কৰিছিল। উপনয়ন সংস্কাৰৰ পাচত আনন্দৰাম ফুকনে সন্ধ্যা শিক্ষা কৰি প্ৰতিদিন ত্ৰিসন্ধ্যা কৰিবলৈ ধৰিলে। দ্বাদশী, সংক্ৰান্তি, শ্ৰাদ্ধ দিবস প্ৰভৃতিত বিনে কেতিয়াও সন্ধ্যাপাত নকৰিছিল। তেওঁ অতি পৰিষ্কাৰ আৰু শুচি ভাৱত থাকিছিল। আনন্দৰাম ফুকনে সময়ে সময়ে চৌপট আৰু তাচ খেলিছিল। ভটাগুটি, হাউ গুডু গুডু, ফটিকলাই ঘিলা, লাটিম প্ৰভৃতিও প্ৰথমতে খেলিছিল কিন্তু কোনো ধেমালিত মন বহুৱাই দিয়া নাছিল। ফাকুৱাৰ সময়ত তেতিয়া বাটৰ মানুহক ল’ৰাবিলাকে চেৰেকা মৰা নিয়ম আছিল। সৰুকালত তাকো তেওঁ কৰিছিল। এদিনা আনন্দৰাম ফুকন, দুৰ্গাৰাম ফুকন, পকোৱাৰ হৰনাথ আৰু আন আন কেইজনমানে সৈতে চৌপট খেলি থাকোতে হৰনাথৰ গুটি এটি আড়িত পৰিল। সেই গুটিটো পৰাত সি খেল ঘাটিব লগীয়া হোৱাত হৰনাথে থিয় দি ‘ধেটলিং টিলিং কলস্ ফলস্ আমাৰ ভৰিৰ পদ্ম ফুলটা নিয়ে গেলা” বুলি পলাই গল। এই ঘটনা এনে কৌতুকাবহ আছিল যে তেওঁ তাক কেতিয়াও নাপাহৰিছিল। সেই সময়ত মানৰ দিনৰ কষ্ট সহ্য কৰা লোক বিস্তৰ আছিল। আনন্দৰাম ফুকন, দুৰ্গাৰাম ফুকন, বলৰাম ফুকন, গঙ্গাৰাম বৰুৱা প্ৰভৃতি [ ৩২ ] ল’ৰাবিলাকে সময়ে সময়ে মান আৰু বঙ্গাল (ইংৰাজ) দুই দল হৈ কাৰো হাতত ধেনু-কাঁড়, কাৰো হাতত বটা-খাগৰী, কামি ইত্যাদিৰে ধেমালি যুদ্ধ কৰা হৈছিল। এওঁবিলাকে সময়ে সময়ে পানীত সাঁতুৰি ধেমালি কৰিছিল। তেওঁবিলাকে কেতিয়াবা খৰালি বালিলৈ গৈ বালিভাত খাইছিল। দোলযাত্ৰাত পাঁচ- দিনীয়াকৈ পূজা হৈছিল। সেই পূজাতে মাৰোৱাৰী কেঞা আৰু আন ভদ্ৰলোকসকল দিনত বা ৰাতি আহিছিল। এই পূজাত গান-বাজনা-মজলিচ-ক্ষাৰবাজি উমৈহতীয়াকৈ বৰ সমাৰোহেৰে হৈছিল। আনন্দৰাম ফুকনে এইবিলাকত যোগ দিছিল আৰু লোকসকলে সৈতে সমাদৰ আৰু সম্ভ্ৰমেৰে আমোদ-আহ্লাদ কৰিছিল। এনেয়ে যেতিয়া তেওঁৰ তালৈ কোনো লোক সাক্ষাৎ কৰিবলৈ আহিছিল, তেওঁৰ সৈতে অতি সদ্ব্যৱহাৰ কৰিছিল। সৰুৰেপৰা তেওঁ আগৰদিনীয়া পুৰণি কথা আৰু সাধুকথা শুনিবলৈ বৰ ভাল পাইছিল।

 গুৱাহাটীত মহোদৰ খঙ্গীয়া বৰুৱা নামে এজন লোক আছিল। স্কট চাহাবে যেতিয়া অসম দেশ অধিকাৰ কৰে সেই সময়ত তেওঁ সেই চাহাবৰ লগত থাকি বিশেষ কাৰ্য্য কৰিছিল। এবাৰ মহোদৰ বৰুৱা চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ কটকী বা উকীল হৈ গবৰ্ণমেণ্টত কোনো কথা জনাবৰ বাবে কলিকতালৈ গৈছিল। এওঁৰ এজন ভতিজাক মাধৱৰাম বৰুৱাত ৰণৰাম বৰুৱাৰ কন্যা লীলেসীক বিবাহ দিয়া হৈছিল। এওঁৰ আৰু এজনা ভতিজাক গোবিন্দ- ৰামে সীতাৰাম বৰুৱাৰ কন্যা নৰেশ্বৰীক বিবাহ কৰাইছিল। এওঁ সেই সময়ত কালেক্টৰীৰ নাজীৰ আছিল। মহোদৰ বৰুৱাৰ দ্বিতীয় পুত্ৰ পৰশুৰাম। আনন্দৰাম ফুকনে সৈতে একে মাহতে এওঁৰ জন্ম হয়। এওঁবিলাকৰ ঘৰ গুৱাহাটীৰ পানবজাৰত। পৰশুৰাম শিশুকালতে পিতৃহীন হয়। পৰশুৰামেও মিথী চাহাবৰ অনুগ্ৰহ আৰু উৎসাহত স্কুলত পঢ়িছিল। আনন্দৰাম ফুকনৰ সৈতে প্ৰায় [ ৩৩ ] এক শ্ৰেণীতে আছিল। পৰশুৰামে সৈতে আনন্দৰামৰ বিশেষ প্ৰীতি আৰু বন্ধুভাৱ আছিল। সময়ে সময়ে উভয়ে উভয়ৰ ঘৰলৈ অহা-যোৱা কৰিছিল। উভয়ে উভয়ৰ বিশ্বাসী বন্ধু আছিল।

 আনন্দৰাম ফুকনে দুৰ্গোৎসৱত নীলাচলৰ কামাখ্যাৰ পূজা চাবলৈ আৰু দৰ্শন কৰিবলৈ গৈছিল। কেতিয়াবা উমানন্দ, অশ্বক্ৰান্ত, বশিষ্ঠ প্ৰভৃতি দেৱালয় চাবলৈ গৈছিল। সেইবিলাক যে পুণ্য তীৰ্থ ইয়াত বিনে তেওঁৰ আন একো ভাৱ হোৱা নাছিল৷ তেওঁৰ বয়সৰ বালকতকৈ তেওঁৰ মন ব্যাপ্ত হলেও তেনে মাৰ্জ্জিত আৰু উন্নত নাছিল।

 গুৱাহাটীৰ ওচৰৰ ৰামশাহা পৰগণাত ড্ৰাইবৰ চাহাবৰ কিছুমান মাটি আছিল, তাতে কিছু খেতিও আছিল। আনন্দৰাম ফুকনে সেই মাটি আৰু খাত কিছু সন্তা দৰত কিনি ললে। আগৰ দোপদৰৰ ওচৰৰ ঠাই আৰু কেতবিলাক পুৰণি পুখুৰী ইত্যাদি তাত আছিল। কিছুদিনৰ পাচত তাত অনেক ৰায়ত বহিল।

 নদীয়া শান্তিপুৰৰ পৰা ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনতে কৃষ্ণৰাম ন্যায়বাগীশ ভট্টাচাৰ্য্য নামে এজনা পণ্ডিত ৰজাৰ নিমন্ত্ৰণ অনুসাৰে এই দেশলৈ আহে। শিৱসিংহ ৰজা সেই ন্যায়বাগীশৰ শিষ্য হয়। তাৰ পাচত আন অনেক লোক তেওঁৰ শিষ্য হয়। তেওঁ এই দেশত অনেক মাটি (স্থাবৰ ) বৃত্তি পাইছিল। সেই ভট্টাচাৰ্য্য গুৱাহাটীৰ নীলাচল পৰ্ব্বতত বাস কৰিছিল। পৰ্ব্বতত থকাৰ বাবে এওঁক পৰ্ব্বতীয়৷ গোঁসাই বোল৷ হৈছিল। তেওঁৰ সন্তুতি ক্ৰমে সৰহ হোৱাত, তেওঁবিলাকৰ তিনিঘৰ হল। সেই কেইঘৰক বৰজনা, মাজুজনা, আৰু সৰুজনা গোঁসাইৰ ঘৰ বোলে। বৰজনাৰ ফালে আকৌ কেইবাজনা সন্ততি হল। সেই ভাগৰে কালিদাস ভট্টাচাৰ্য্য নামে এজনা গোঁসাই আছে। তেওঁ বৰ বুদ্ধিমান আৰু মানুহৰ মন আকৰ্ষণ কৰিবৰ নিমিত্তে যি যি গুণ লাগে তাৰ অনেক তেওঁৰ গাত আছিল। হলিৰাম [ ৩৪ ] ঢেকিয়াল ফুকন আৰু তেওঁৰ জ্যেষ্ঠা পত্নী দণ্ডী-স্বামীৰ শিষ্য। খাৰঘৰীয়া ফুকনো সেই দণ্ডীৰ শিষ্য। আনবিলাক ঘৈণীৰ কোনোবা দণ্ডী-স্বামীৰ কোনোবা ঘৰৰ কোনো পূজনীয় পৰিবাৰৰ শিষ্য। এওঁবিলাকৰ কুলগুৰু নাই৷ সেইকালত পৰ্ব্বতীয়া গোঁসাইৰ ঘৰেই অতি পুজনীয়। আনন্দৰাম ফুকনে সৈতে কালিদাস ভট্টাচাৰ্য্যৰ অনেকদিন কথা-বাৰ্ত্তা চলিছিল। পৰিশেষত ১৭৬৩ শকত আশ্বিনৰ মহাষ্টমীৰ দিনা আনন্দৰাম ফুকনে সেই ভট্টাচায্য গোসাইৰ ত'ত দীক্ষা গ্ৰহণ কৰিলে। দীক্ষা গ্ৰহণৰ পাচত তেওঁ বৰ ভক্তিৰে পূজা কৰিছিল৷ দুৰ্গাৰাম ফুকনে আকৌ পৰ্ব্বতীয়া গোসাই উৰুৰ সৰুজনা উমাকান্ত ভট্টাচাৰ্যত মন্ত্ৰ গ্ৰহণ কৰিলে।

 মেথী চাহাব আৰু জেনকিনচ্ চাহাবে ইয়াৰ আগ বছৰতে গুৱাহাটীৰ কীৰ্ত্তিকান্ত, মাধৱচন্দ্ৰ, হলিৰাম আৰু চন্দ্ৰমল নামে কেইটিমান লৰাক সাহায্য দি কলিকতালৈ পঢ়িবলৈ পঠায়। আনন্দৰাম ফুকনে স্কুলত বৰ শ্ৰম আৰু উৎসাহেৰে পঢ়িছিল। মেং চিঙ্গৰ আৰু মেং ৰবিন্চন্, যেতিয়া যিজন শিক্ষকৰ মুখে পঢ়িছিল সেইজনকে তেওঁ সন্তোষ দিছিল। প্ৰতি বৎসৰতে তেওঁ “প্ৰাইজ” পাইছিল। আনন্দৰাম আৰু দুৰ্গাৰামৰ সুন্দৰ বুদ্ধি, উন্নত স্বভাব দেখি মেথী চাহাব আৰু জেনকিনচ্ চাহাব আৰু আন আন চাহাবে তেওঁবিলাকক এই পৰামৰ্শ দিলে যে তেওঁবিলাক কলিকতালৈ গৈ তাত থাকি শিক্ষা কৰে। তেওঁবিলাকৰ যাবলৈ মন হল কিন্তু তেওঁবিলাকৰ মাতৃ, পিতামহী আৰু আন আন লোকসকলৰ সেই বিষয়ে একেবাৰে অমত। এতিয়াৰ দৰে কলিকতালৈ যাবলৈ তেতিয়া সুবিধা নাছিল। নৌকাপথে যাব লাগিছিল। বাটত ডকাইত আৰু চোৰ। তেতিয়া কলিকতাৰ স্বাস্থ্যও তেনে ভাল নাছিল। লোণা জল, মানুহ নৰিয়া পৰে। এতিয়াৰ দৰে বঙ্গালী মানুহৰ তিমান গমনাগমন ইয়ালৈ নাছিল। উভয় দেশৰ মানুহে উভয় দেশৰ [ ৩৫ ] অৱস্থা ভালকৈ একো নাজানিছিল। তেওঁবিলাকৰ বয়সো অতি কোমল, বিদেশৰ কষ্টনো কোনৰূপে সহ্য কৰিব! এই- সকল ভাবি তেওঁবিলাকৰ মাতৃসকলৰ অনিচ্ছা। আনন্দৰাম ফুকনে এই অনিচ্ছাত বৰ অসুখী আৰু বিৰক্ত হৈছিল। অনেক সময় আহাৰ পৰ্য্যন্ত পৰিত্যাগ কৰিছিল। ইফালে সেই চাহাব দুজনাই তেওঁবিলাকৰ মোক্তাৰৰ আগত নিশ্চয় যাব লাগে ও একপ্ৰকাৰে দণ্ডি কৰাৰ দৰে মাতৃসকললৈ কৈ পঠালে। তেওঁবিলাকে কি কৰে, অগত্যা পুত্ৰক কলিকতালৈ প্ৰেৰণ কৰিবৰ নিমিত্ত সন্মত হল। সেইসময়ত মেথী চাহাব আৰু জেন্কিনচ্ চাহাবে নিজা নৌকাৰে কলিকতাৰপৰা বস্তু অনাইছিল। এতিয়াৰ দৰে সুবিধা নাছিল। মেথী (Mathei) চাহাবৰ বস্তু অনা ছশ মোনী নাও এখান চাহাবে দুৰ্গাৰাম আৰু আনন্দৰাম ফুকনক নিবলৈ দিলে। আনন্দৰাম আৰু দুৰ্গাৰাম ফুকন কলিকতালৈ যাবলৈ প্ৰস্তুত হল। দুৰ্গাৰামৰ লগত ৰামদেৱ নামে এজন শিলাৰ ব্ৰাহ্মণ ৰান্ধনি আৰু ফলাৰাম, বিনন্দ আৰু অনাদৰ এই তিনিজন ঘৰ ওপজা লগুৱাও ললে। আনন্দৰাম ফুকনৰ লগত শ্ৰীধৰ নামে বৰভগীয়া ব্ৰাহ্মণ ৰান্ধনি আৰু মিছিৰ ভঁৰালী আৰু এটা লগুৱ৷ আৰু তেওঁৰ মোক্তাৰ ৰামচন্দ্ৰ বিশ্বাসকো ললে। ১৮৪১ চনৰ বাৰিষা শুভদিন চাই দুয়ো নৌকাযাত্ৰা কৰিলে। নিৰ্ব্বিঘ্নে অভিলাষ সিদ্ধি কৰি পুনৰায় স্বস্থান প্ৰাপ্তিৰ কামনা কৰি কামাখ্যালৈ শুক্লবৰ্ণৰ মহিষ, ঘৰৰ বিগ্ৰহলৈ আৰু আন আন দেৱতালৈ আন আন বস্তু আৰু শান্তি-স্বস্ত্যয়ন আগ কৰা আৰু মনা হল। মেথী চাহাবে তেওঁ বিলাকৰ লগত তেওঁৰ ছাপ্ৰাচী পঠালে। দুয়োজন৷ চাহাবে ‘কালবিন কোম্পানী’, ‘কেণ্টৰ কোম্পানী’, ‘কেৰগচন কোম্পানী’ ডাক্তৰ মৌৱাট, মেং হেলিডে, মেং বেকেট ইত্যাদি কলিকতাৰ বৰ বৰ লোকলৈ পৰিচয়-পত্ৰ দিলে। তেওঁ বিলাকে তাত সেই সেই কোম্পানীৰপৰা আৱশ্যকীয় টকা পাবলৈ সুবিধা কৰি দিলে।

[ ৩৬ ]  নৌকা মেলি দিয়া হল। ক্ৰমে যিমান নৌকা ভটীয়াই গল তিমান তেওঁবিলাকৰ মন প্ৰশস্ত হৈ যাবলৈ ধৰিলে। ৰামচন্দ্ৰ বিশ্বাসৰ ঘৰ ঢাকা জিলাৰ বিক্ৰমপুৰত। তেওঁবিলাকক বিশ্বাসে দুফালৰ গ্ৰাম নগৰ ইত্যাদিৰ বিবৰণ যিমান জানিছিল তিমান কৈছিল। গুৱাহাটীত বুধসিংহ, শোভাচান্দ, হিম্মত সিং, ৰতনচান্দ, মায়াসিংহ প্ৰভৃতি মাৰোৱাৰী কেঞাৰ দোকান আছিল। এই বিলাকে সৈতে ফুকনউৰুৰ কাৰবাৰ আছিল। এইসকলেও তেওঁবিলাকৰ কলিকতাৰ গোলালৈ ফুকনউৰুৰ নিমিত্তে চিঠি দিলে। গোৱালপাৰাত পৰশুৰাম বৰুৱাৰ দিনৰ এটা পকা কোঠা আছিল৷ সেই কোঠা চাই এওঁ বিলাকে বৰ সন্তোষ পালে। গোৱালপাৰা এৰি চিৰাজগঞ্জ পালে। তাৰপৰা ঢাকা আৰু সুন্দৰবন হৈ ২৫ দিনত তেওঁবিলাক কলিকতা পালেগৈ। কলিকতা পাই এওঁ বিলাকৰ আনন্দৰ সীমা নোহোৱা হল। তাৰ জাহাজ আৰু সুন্দৰ সুন্দৰ অট্টালিকা, পথ, ঘাট, অসংখ্য প্ৰজা দেখি এওঁবিলাকে বৰ সন্তোষ পালে৷ যি যি লোকলৈ পৰিচয়-পত্ৰ নিছিল সেই সেই লোকে সৈতে সাক্ষাৎ কৰিলত তেওঁবিলাক বৰ উৎসাহিত হল। কলিকতাৰ কলুটোলাত ঘৰ কেৰেয়া কৰি প্ৰথমে তেওঁবিলাক থাকিল।

 কলিকতাৰ ধনৱন্ত লোকসকলে আৰু গবৰ্ণমেন্টে অৰ্থ সংগ্ৰহ কৰি হিন্দু কলেজ নামে এক বিদ্যালয় স্থাপন কৰে। সেই বিদ্যালয়ত হিন্দুজাতিৰ বালকসকলে মাহিলি ৫ টকা বেতন দি ইংৰাজী আৰু বঙ্গলা শিক্ষা কৰে। সেই স্কুলৰ কাৰ্য্য চলাবৰ নিমিত্তে এক কমিটী বা সভা আছিল। কলিকতাৰ ধনৱন্ত আৰু জ্ঞানী, দেশীয় আৰু বিদেশীয় লোকসকল তাৰ সভ্য। ৰসময় দত্ত নামে এজন কলিকতাৰ দেশীয় লোক তাৰ চেক্ৰে- টৰী আৰু হেয়াৰ চাহাব নামে এজন ইংৰাজ তত্ত্বাবধায়ক আছিল। বঙ্গ প্ৰদেশৰ শিক্ষাৰ ভাৰ তেতিয়া “কাউন্সিল অব এডুকেচন্” [ ৩৭ ] অৰ্থাৎ শিক্ষা সমাজৰ ওপৰত আছিল। তাতো অনেক ইংৰাজ আৰু দেশীয় লোক সভ্য আছিল। জেন্কিনচ্ আৰু মেথী চাহাবে এই দুয়ো সমাজলৈ এওঁ বিলাকৰ নিমিত্তে পত্ৰ লিখে। দুয়োজন৷ ফুকনক সেই সেই সমাজৰ লোকসকলে বৰ উৎসাহ দিলে। তেওঁবিলাক হিন্দু কলেজৰ ‘জুনিয়ৰ ডিপাৰ্টমেণ্টৰ’ তৃতীয় শ্ৰেণীত প্ৰবেশ কৰিলে। তেওঁবিলাকে গুৱাহাটী স্কুলৰ প্ৰথম শ্ৰেণীত পঢ়িছিল। যেতিয়া কলিকতালৈ যায় তেতিয়া তেওঁবিলাকে চাহাবলোকেৰে সৈতে ইংৰাজী কথা কিছু পৰিমাণে কব পাৰিছিল। আৰু কিছু পৰিমাণে ইংৰাজী চিঠিও লিখিব পাৰিছিল। কলেজত প্ৰবেশ কৰি তেওঁবিলাকে বৰ যত্ন আৰু উৎসাহেৰে পঢ়িবলৈ ধৰিলে আৰু সদাই আপোনাৰ শ্ৰেণীত আন ছাত্ৰতকৈ ওপৰত থাকিছিল।

 কলিকতাত গঙ্গানদী আছে, তাতো তেওঁ বিলাকে স্নান কৰিলে আৰু কালীঘাট-তীৰ্থ দৰ্শন কৰিলে। সেই সময়ত কলিকতাত দ্বাৰকানাথ ঠাকুৰ, ৰাজা ৰাধাকান্ত দেৱ, ৰাজা কালী- কৃষ্ণ দেৱ, প্ৰসন্নকুমাৰ ঠাকুৰ, মতিলাল শীল, অক্ৰুৰ দত্ত, ৰাম- কমল সেন, সত্যচৰণ ঘোষাল, ৰসময় দত্ত, মাধৱ চন্দ্ৰ বন্দ্যো- পাধ্যায়, মাধৱ দত্ত, ডেবিড হেয়াৰ চাহাব প্ৰভৃতি সম্ভ্ৰান্ত আৰু ধনৱন্ত লোক আছিল। এইসকলে সৈতে দুয়োজনা ফুকনে সাক্ষাৎ কৰিলে। সকলোতকৈ মতিলাল শীলে তেওঁবিলাকক বৰ স্নেহ কৰিছিল। তেওঁবিলাক অনেক দূৰ দেশৰ পৰা পঢ়ি- বলৈ গৈছে আৰু তেওঁবিলাক অসম দেশৰ সম্ভ্ৰান্ত ঘৰৰ লোক। বিশেষ ইয়াৰ কমিচনৰ আৰু ডেপুটী চাহাবসকলে তেওঁ বিলাকৰ সপক্ষে বৰ ভালকৈ লেখি পঠাইছিল। অধিকন্তু তেওঁ বিলাকৰ পিতৃসকলও কলিকতাত আছিল। আৰু পিতৃসকলৰ পৰিচিত কোনো কোনো লোক তেতিয়া জীৱিত আছিল। তেওঁবিলাকৰো স্বভাৱ ভাল আছিল আৰু লগতো সন্ত্ৰম ৰাখিবৰ যোগ্য লোক আৰু [ ৩৮ ] আয়োজন ও সম্ভ্ৰম ৰাখি ফুৰিবলৈ সমৰ্থ আছিল। এইসকল কাৰণত থাকি তেওঁ বিলাকক সকলোৱে বৰ স্নেহ আৰু মৰ্য্যাদা কৰিছিল।

 টাকশাল, মেডিকেল কলেজ, কিল্লা প্ৰভৃতি যিবিলাক চাবলগীয়া ঠাই তাকো তেওঁবিলাকে চাই চক্ষু আৰু মনৰ চৰিতাৰ্থ কৰিলে। মেথী চাহাবৰ ছাপ্‌ৰাচি উভতি গুৱাহাটীলৈ আহিল। কলিকতা আৰু হুগলীলৈ প্ৰথমে যি যি অসম দেশৰ লৰা পঢ়িবলৈ গৈছিল সেইবিলাক সকলোৱে এওঁ বিলাক যোৱাত বৰ সন্তোষ পালে। সেইসকলৰ কেইজনমানে মেডিকেল কলেজত ডাক্তৰী বা ইউৰোপীয় চিকিৎসা শাস্ত্ৰ পঢ়িবলৈ গৈছিল। কিন্তু তেওঁবিলাকে মৰা মানুহ কাটিব লাগে এই ভয়ত দেশলৈ উভতি আহিল।


 ফুকন দুজনা কিছুদিন কলিকতাত থকাৰ পাচত ৰামচন্দ্ৰ বিশ্বাস বিক্ৰমপুৰলৈ গল। এওঁবিলাক কলিকতাত নিৰ্ব্বিঘ্নে পোৱা আৰু কলেজত প্ৰবেশ কৰা বাৰ্ত্তা পাই ঘৰৰ লোকসকলে আৰু চাহাবসকলে বৰ সন্তোষ পালে৷ এওঁ বিলাকে প্ৰায় সপ্তাহে সপ্তাহে ঘৰলৈ চিঠি লিখিছিল। তেতিয়া ১২ দিনত কলিকতাৰ চিঠি গুৱাহাটী পাইছিল। কলিকতালৈ আমাৰ দেশৰ লোকসকলৰ বৰ ভয় আছিল। প্ৰকৃততে সেই ভয়ৰ কিছুমান কাৰণ আছে। কিয়নো আমাৰ মানুহে তালৈ গৈ বিশেষ স্বাস্থ্যৰক্ষা কৰিব নোৱাৰে। আনন্দৰাম ফুকনৰ লগৰ মিছিৰ ভঁৰালী আৰু সিটো লগুৱা কেইমাহমানৰ পাচতে জ্বৰ আৰু উদৰাময় ৰোগত মৃত্যু হল। এই সংবাদ গুৱাহাটী পোৱা মাত্ৰে ঘৰৰ লোকসকলৰ অধিক চিন্তা হল। কামৰূপৰ বৰপেটাৰ শিলা নামে এখনি গ্ৰাম আছে। তাত অনেক ব্ৰাহ্মণ আছে। তাৰে ৰাধাকান্ত নামে এজন ব্ৰাহ্মণ এই দেশ ব্ৰিটিচ গবৰ্ণমেণ্টৰ অধিকাৰ হবৰ অলপ পাচতে ভটীয়াই যায়। তেওঁ নানা ঠাইত সংস্কৃত ভাষা তন্ত্ৰাদি শাস্ত্ৰ পঢ়ি ন্যায়পঞ্চানন উপাধি প্ৰাপ্ত হয়। [ ৩৯ ] তেওৰ এটি জঁটা আছে। সেই কাৰণে তেওঁক কোনোৱে জটীল বা জতীয়া ভট্টাচাৰ্য্যও বোলে। তেওঁ সেই সময়ত কলিকতাত বাস কৰিছিল। আমাৰ অসমীয়া যিসকল বালক গৈছিল তেওঁলোকৰ কেইবাজনো তেওঁৰ তাত দীক্ষিত হল। ফুকন দুজনাৰ তালৈ তেওঁ সময়ে সময়ে আহিছিল। দুৰ্গাৰাম ফুকনৰ লগৰ ৰামদেৱ বা পুত্ৰ সৈতে ৰাধাকান্ত ভট্টাচাৰ্য্য়ৰ সম্পৰ্ক আছিল। দুৰ্গাৰাম ফুকন এইজনা ভট্টাচাৰ্য্যত পুনৰায় গঙ্গাতীৰত দীক্ষিত হল।

 মহোদৰ বৰুৱাৰ পুতেক পৰশুৰাম আৰু পোৱাল চন্দ্ৰ নামে আৰু এজন লৰা জেনকিনচ্ আৰু মেথী চাহাবৰ অনুগ্ৰহত আৰু সাহায্যত পঢ়িবৰ নিমিত্তে কলিকতালৈ গল। আনন্দৰাম ফুকনে পৰশুৰামক লগ পাই বৰ সন্তোষ পালে। ১৮৪২ চনত দুৰ্গা- ৰাম ফুকনৰ জ্বৰ হয়, অনেক চিকিৎসা কৰা হল, তথাপি ভাল নহল। পাচে শ্ৰাৱণ মাহৰ শুক্লা ষষ্ঠীৰ দিনা তেওঁৰ মৃত্যু হল। গঙ্গাতীৰত তেওঁৰ সংস্কাৰ কৰা হল। দুৰ্গাৰাম ফুকনৰ শৰীৰ স্থূল আছিল। তেওঁ দেখিবলৈকো বৰ শুৱনী আছিল। তেওঁৰ বুদ্ধি অতি তীব্ৰ আছিল। তেওঁৰ পৰা দেশে বৰ আশা কৰি- ছিল। কিন্তু কালৰ বিচিত্ৰ গতি। মনুষ্যৰ আশা নিষ্ফল। জগৎ পিতাৰ ইচ্ছাই প্ৰবল।

 দুৰ্গাৰাম ফুকনৰ মৃত্যু হলত আনন্দৰাম ফুকন বৰ দুখিত আৰু গোটেই আশ্ৰয়হীন হল। তেওঁৰ লগৰ লোকসকল দেশলৈ ঘূৰি আহিল। শ্ৰীধৰ বাপুও দেশলৈ আহিল। ফুকন অকল- শৰীয়৷ হল। কলুটোলাৰপৰ৷ আনন্দৰাম ফুকন পটলডাঙ্গা নামে ঠাইলৈ আহিল। তাতে হিন্দু কলেজৰ ওচৰতে এটি ঘৰ কেৰেয়া কৰি থাকিল। এই পৰ্যন্ত তেওঁ অসমীয়া মানুহৰ সিজোৱা অন্ন খাইছিল কিন্তু এতিয়া বঙ্গালী ব্ৰাহ্মণ এজন ৰান্ধনি ৰাখিলে। কলিকতাৰ পটুৱাটোলা গলিত ৰামচন্দ্ৰ দাস [ ৪০ ] কৰ্ম্মকাৰৰ পুত্ৰ শ্যামচৰণ দাস নামে এজন ডেকা আছিল। তেওঁৰ ফুকনে সৈতে পৰিচয় হল। ক্ৰমে উভয়ৰ বৰ প্ৰীতি সঞ্চাৰিত হল। সদাই তেওঁ আহি ফুকনক পঢ়ায় আৰু সৰ্ব্ব- প্ৰকাৰ যত্ন কৰে। তেওৰ পিতৃ-মাতৃ আৰু পৰিবাৰ সকলেও ফুকনক আপোন পৰিয়ালৰ এজন যেন দেখিছিল। খোৱা শোৱা ইত্যাদি সকলোতে শ্যামবাবুৱে তত্ত্বাবধাণ কৰিছিল। ইয়াত ভাল-বেয়া সকলোৰে প্ৰলোভন অনেক। ফুকন ক্ৰমে যৌবন কাললৈ অগ্ৰসৰ হব ধৰিলে। এই সময়ত লোকৰ মন চঞ্চল হয়। কোনো কথালৈ ভয় নাথাকে৷ ভাল অধ্য়ক্ষ নাথাকিলে আৰু তত্ত্বাবধান নহলে লোক কুপথলৈ যাবৰ শঙ্কা। শ্যামবাবুৱে আনন্দৰাম ফুকনৰ প্ৰতি বিশেষ বন্ধু আৰু অধ্যক্ষৰ ব্যৱহাৰ কৰিছিল। মতিলাল শীল, বাবু নবীন চন্দ্ৰ কৰ্ম্মকাৰ প্ৰভৃতিয়ে এওঁক বৰ যত্ন কৰিছিল। তেওঁ নিজেও বৰ সাৱ- ধানে থাকিছিল। সীতানাথ ঘোষ, শিবদাস দত্ত প্ৰভৃতি তেওঁৰ সহধ্যায়ীসকলেও বিশেষ প্ৰীতি কৰিছিল। আনন্দৰাম ফুকনে সুন্দৰকৈ বঙ্গলা কথা কব পাৰিছিল আৰু বুজিব পাৰিছিল। ইয়াৰ কাৰণ তেওঁৰ বঙ্গালী লোকে সৈতে কথা-বাৰ্ত্তা কোৱাত একণে৷ অসুবিধা নহৈছিল। অধিকন্তু তেওঁৰ নিজৰ সৎস্বভাৱৰ নিমিত্তেও তেওঁক অনেকে মৰম কৰিছিল।

 দুৰ্গাৰাম ফুকনৰ মৃত্যু সংবাদ গুৱাহাটী পালত কোলাহল লাগিল। সকলো শোকাৰ্ত্ত হল। মেথী চাহাব আৰু জেন- কিনচ্ চাহাবও বৰ দুখিত হল। ফুকনউৰু যেতিয়া যায় তেতিয়া যিবিলাক আশঙ্কা কৰা হৈছিল সেইবিলাক লগৰ মানুহৰ আৰু দুৰ্গাৰাম ফুকনৰ মৃত্যুৰ দ্বাৰাই ফলিওৱাত আৰু চিন্তা হল। যিজনা গল গল, যিজনা আছে তেওঁৰ প্ৰতি অধিক ভয় হল। চাহাব দুজনাইও ডাঠ বান্ধি একো কব নোৱাৰিছিল। একেই ফুকনৰ মাতৃৰ ফুকনক কলিকতালৈ পঠোৱাত অসন্তোষ, তাতে আৰু চিন্তা অসন্তোষৰ কাৰণ হৈ উঠিল।

[ ৪১ ]  কালক্ৰমে তুলসী আইটীৰ শান্তিয়নী হোৱাত তেওঁৰ স্বামীয়ে গুৱাহাটীলৈ আহি শান্তি কৰাই তেওঁক নগাঁওলৈ লৈ গল। মাতৃ দুজনাৰ শোক আৰু চিন্তা অধিক হল। দুয়োজনা ফুকনৰ ঘৰত বঙ্গালী মোখতাৰ আছিল সেইসকলে খাত খমাৰ ইত্যাদিৰ কাৰ্য্য কৰিছিল। কালক্ৰমে বলৰাম ফুকন আৰু ৰণৰাম বৰুৱাৰ পুত্ৰ গঙ্গাৰাম আৰু গুণাভিৰাম ডাঙ্গৰ হলত স্কুলত পঢ়িবলৈ ধৰিলে। দুয়োজনা ফুকনৰ ঘৰত পৰস্পৰ বিৰোধ উপস্থিত হল। আনন্দপুৰ প্ৰভৃতি চাৰিখান খাতৰ বাবে দুয়োঘৰৰ মাজত গোচৰ লাগিল। পৰিশেষত আনন্দৰাম ফুকন পৰাস্ত হল। ৰণৰাম বৰুৱাৰ স্ত্ৰী-পুত্ৰক যি ভোৰণ-পোষণ দিছিল সেইটি বন্ধ কৰা হলত তেওঁবিলাকেও দুয়োঘৰৰ বিপক্ষে ভাগ অংশৰ বাবে ৭৯০০০ টকাৰ বাবে আদালতত গোচৰ কৰিলে। সেই গোচৰ এবাৰ ননশূট হলত পাছে আকৌ উপস্থিত কৰা হল। বলৰাম ফুকনক তেওঁৰ মাতামহ কুশচন্দ্ৰ গোস্বামীয়ে আৰু গঙ্গাৰাম বৰুৱাক তেওঁৰ ভগিনীপতি মাধৱৰাম বৰুৱাই উপনয়ন দিলে। ফুকনৰ মাতৃজনাই মেথী চাহাব আৰু জেনকিনচ্ চাহাবলৈ ফুক- নক আনিবৰ বাবে জনাই পঠালে আৰু তেওঁলৈকো টানি চিঠি লেখিলে। হিন্দু কলেজৰ তিনি ভাগ। জুনিয়ৰ, চিনিয়ৰ আৰু কলেজ | প্ৰথমে জুনিয়ৰ বিভাগত ছাত্ৰ প্ৰবেশ কৰে। কিছু ভাল হলে চিনিয়ৰ বিভাগলৈ যায়। তাত “জুনিয়ৰ স্কলাৰচিপ” বৃত্তিৰ পৰীক্ষা দিয়াৰ পাচত কলেজ বিভাগলৈ যায় আৰু তাত চিনিয়ৰ বৃত্তিৰ পৰীক্ষা দিয়ে। ফুকনে ১৮৪৪ চনৰ আদিতে চিনিয়ৰ বিভাগৰ তৃতীয় শ্ৰেণীলৈ গল। তাত ৰামচন্দ্ৰ মিত্ৰ নামে এজনা শিক্ষক আছিল, তেও ফুকনক বৰ স্নেহ কৰি পঢ়াইছিল। ঈশ্বৰচন্দ্ৰ শাহা, গোপীকৃষ্ণ মিত্ৰ, জয়গোপাল সেঠ, মেং ইষ্টজন, মেং জোনচ, কাপ্তান ৰিচাৰ্ডচন প্ৰভৃতি হিন্দু কলেজৰ শিক্ষকসকলেও ফুকনক স্নেহ কৰিছিল। আৰু তেওঁৰ সচ্চৰিত্ৰ আৰু উন্নতিত সন্তোষ পাইছিল। [ ৪২ ] যেতিয়া ফুকন কলিকতালৈ যায় তেতিয়া তেওঁৰ চুলি সৰু সৰুকৈ কটা আছিল৷ মাজতে সৰু এটি টিকী বা টিকনী আছিল। যিসকলে চুলি ধুন কৰিবলৈ অথচ হিন্দুধৰ্ম্ম মতে শিক্ষা বান্ধিবলৈ ইচ্ছা কৰে সেই সকলে এইৰূপ টিকনী ৰাখে। কলিকতালৈ গলত ফুকনে সেই শিক্ষা ছেদন কৰিলে। তেওঁৰ লগত শালগ্ৰম এখান আছিল, সদাই সেই শালগ্ৰামক তেওঁ পূজা কৰিছিল। কলিকতাত ফুকনৰ বৰ টান নৰিয়া হোৱা নাছিল। এবাৰ সামান্য জ্বৰ হৈছিল আৰু এবাৰ লূতী ওলাইছিল। মাজে মাজে পানী লাগিছিল। তেওঁ সময়ে সময়ে জুলাপ লৈ খোৱা শোৱাত বৰ সাৱধানে থাকিছিল। শ্ৰীধৰ বাপু আৰু ৰাতিয়া নামে লগুৱা এটা ফুকনৰ তালৈ গল। কামৰূপৰ হৰনাথ চৌধুৰী আৰু শম্ভু নামে মানুহ এটা ঘূৰি-পকি গৈ কলিকতা পাই ফুকনৰ লগ লাগিল। ফুকন কলিকতাৰপৰা অহা স্থিৰ হল। পৰশুৰামৰ মাতৃয়েও পৰশুৰামক ঘৰলৈ আহিবলৈ অনু- মতিৰ বাবে মেথী চাহাবক জনালে। চাহাবেও অনুমতি দিলে।

 ৰামচন্দ্ৰ বিশ্বাস কলিকতালৈ গল। ৰামচন্দ্ৰ বিশ্বাসৰ ভতি- জাক কাশীচন্দ্ৰ বিশ্বাস কলিকতাৰ ডফ্ চাহাবৰ স্কুলত পঢ়ি ছিল। তেওঁ আৰু অসমীয়া পোৱালচন্দ্ৰ আৰু পৰশুৰাম ফুকনৰ লগতে আহিবলৈ স্থিৰ কৰিলে। দেশলৈ আহিব লগীয়া হোৱাত কিতাপ, মেজ, মাচীয়া আলমাৰী, কৌচ, গলিচা, সত্ৰঞ্জি, কাপোৰ, পাল্কী আৰু আন আন অনেক বস্তু ফুকনে কিনিলে। এদিন ৰামচন্দ্ৰ বিশ্বাসে বৰ বজাৰত কিছুমান বস্তু কিনি মুটী- য়াৰ মূৰত দিলে। মুটীয়া পাচ হল, বিশ্বাস আগ হল। কলিকতাৰ বৰ বজাৰৰ আলিবিলাক বৰ বহল নহয়। খোজকঢ়া মানুহ, গাড়ী, পাল্কী আৰু গৰুৰ গাড়ী সৰহ৷ পাচে এটা তিনিমুনি বাটত মুটীয়া এফালে গল, বিশ্বাস এফালে গল। পাচে মুটীয়াক বিচাৰি নেপালে। কলিকতাৰ লালবজাৰ নামে এঠাইত অনেক জাহাজৰ খালাচি আৰু আন গোৰা ইংৰাজ [ ৪৩ ] থাকে। তাত সেইবিলাক থাকিবৰ অনেক “হোটেল” আছে। সেই গোৰাবিলাক অতি অসভ্য। অনেকে ফটিকা খাই মতলীয়া হৈ ফুৰে। সময়ে সময়ে বাটৰ মানুহক বৰ বিৰক্ত কৰে! নিজেও মৰামৰি হাইউৰ্ম্মি কৰি থাকে। এদিন ফুকনৰ সৈতে বিশ্বাস গাড়ীত উঠি সন্ধ্যা সময়ত লালবজাৰেদি যাওঁতে এটা মতলীয়া গোৰা সেই গাড়ীত উঠিল। ৰামচন্দ্ৰ বিশ্বাসে নুঠিবি বুলি “হেই হেই” কৰাত গোৰাটোৱে বিশ্বাসক গোৰ এটা মাৰি গুচি গল।

 সকলে৷ বস্তু কিনা হলত ফুকনে তাৰ পৰিচিত সকলো বৰ মানুহ আৰু আন আন মানুহেৰে সাক্ষাৎ কৰি ১৮৪৪ চনৰ নবেম্বৰ মাহৰ শেষত এখন ৬০০ মোনী নাও কেৰেয়া কৰিলে। তাত সকলোবিলাক বস্তু বোজাই দি কলিকতাৰ পৰা যাত্ৰা কৰিলে। আহিবৰ সময়ত তেওঁক শিক্ষকসকলে সুখ্যাতি-পত্ৰ দিলে। তেওঁ তেওঁৰ পৰিচিত বন্ধু আৰু সহাধ্যায়ীসকলৰ নাম লেখি আনিলে। আৰু দুবছৰ থকা হলে ফুকনে জুনিয়ৰ স্কলাৰ্চিপ পৰীক্ষা দিব পাৰিলেহেঁতেন। তথাপি আহিবৰ সময়ত তেওঁ পাটীগণিত, প্ৰায় সম্পূৰ্ণ বীজ গণিতৰ সামান্য নিয়ম, জ্যামি- তিৰ প্ৰথম অধ্যায়, ইংলণ্ড, ৰোম, গ্ৰিচ আৰু ভাৰতবৰ্ষৰ ইতি- হাস, ইংৰাজী কাব্য-সংগ্ৰহ প্ৰভৃতি গ্ৰন্থ পাঠ কৰিছিল। ইংৰাজী- ভাষা কবলৈ আৰু ইংৰাজবিলাকৰ সৈতে ব্যৱহাৰ কৰিবলৈ যি কেতবিলাক নিয়ম তাকো শিক্ষা কৰিছিল। বঙ্গলা ভাষাও ভালকৈ শিক্ষা কৰিছিল।

 সুন্দৰবনেৰে ফুকন উজাই আহিল। বাকৰগঞ্জ যশোহৰ জিলাৰ দক্ষিণে সমুদ্ৰৰ তল যোৱা অৰণ্যকে সুন্দৰবন বোলে। ই পূৰ্ব্বে মহ৷ অৰণ্য আছিল। ইয়াৰে আহোঁতে যাওঁতে সমুদ্ৰৰ জোৱাৰ ভাটাৰে আহিব যাব লাগে। এইটো বৰ সঙ্কটজনক পথ। পানীত কুম্ভীৰ বা ঘাঁৰিয়াল, বামত ব্যাঘ্ৰ, মহিষ প্ৰভৃতি [ ৪৪ ] হিংস্ৰক জন্তু আৰু ডকাইত। এইবাবে তেওঁ কলিকতাৰপৰা এজন হিন্দুস্থানী দৰৱান লৈ আহিছিল। সুন্দৰবনত খাবলৈ কলিকতাৰপৰা কেইমুটকিমান ভাল পানীও ফুকনে লগত লৈ আহি- ছিল। তেওঁ এই নিয়ম কৰিলে যে বাটত সকলোৱে সলনি বদলি কৰি ৰাত্ৰি সাৰে থাকিব। সেই নিয়মে আহি সুন্দৰবন এৰা হল। ৰামচন্দ্ৰ বিশ্বাস আৰু কাশীচন্দ্ৰ বিশ্বাসে বৰকৈ ধৰিলে যে ফুকন তেওঁবিলাকৰ ঘৰলৈ যায়। ফুকন কলিকতা মহানগৰত আছিল। বঙ্গদেশৰ গ্ৰাম্য শোভা দেখা নাছিল। গুৱাহাটীত থাকোতেও তেওঁ গুৱাহাটীৰ ওচৰৰ গোগ বেলতলা বিনে আন গ্ৰাম দেখা নাছিল। এই ভাবি বিক্ৰমপুৰ পৰগণা সোমাই মিৰকাছিমৰ খালত নাও ৰাখি বিশ্বাসৰ ঘৰ বৈতকালৈ গল। তাত তিনিদিন থাকি আকৌ নাওলৈ আহিল। সেই ঠাইৰ মানুহবিলাকে এওঁক আসামৰ এজন ৰজা-জমিদাৰ বুলি ভাবিছিল। তাৰপৰা ঢাকালৈ আহি নগৰ উঠি দেখিব লগীয়া সকলোকে চাই নাও মেলি দিলে। ৰামচন্দ্ৰৰ ভাগিনীয়েক কালীকৃষ্ণ আৰু ভতিজাক কাশীচন্দ্ৰ তেওঁৰ লগত অসম দেশত কাম বিচাৰি আহিল। ৰামচন্দ্ৰ বিশ্বাসে সৰু এখন নাও লৈ আগেয়ে ঘৰত সংবাদ দিবলৈ আৰু আন আন আৱশ্যকীয় কাৰ্য্য কৰিবলৈ আহিল। ফুকনৰ নাওত এইবিলাক মানুহ আহে—পৰশুৰাম বৰুৱা, পোৱালচন্দ্ৰ, কাশীচন্দ্ৰ বিশ্বাস, কালী- কৃষ্ণ ৰায়, শ্ৰীধৰ বাপু, হৰনাথ, শম্ভু, ৰাতিয়া আৰু এজন দৰৱান। ইয়াত বাজেও মাজী মাল্লা ৮ জন। এওঁ বিলাকে দুয়োবেলা বামত ৰান্ধি খাইছিল। তেতিয়া শীত কালৰ দিন চুটি। এইদৰে খাওঁতে অনেক সময় যায়। বিশেষ ডকাইতৰো বাটত ভয়। নাওত বহৰ নহলে ৰাত্ৰি মহা ভয়। সেই দেখি চিৰাজগঞ্জত এখন পালোৱাৰ নাও গোৱালপাৰা পৰ্য্যন্ত কেৰেয়া কৰা হল। চিৰাজগঞ্জ বঙ্গদেশৰ এক প্ৰধান বাণিজ্যৰ ঠাই। ই যমুনা নদীৰ তীৰতে। এই যমুনা প্ৰকৃততে ব্ৰহ্মপুত্ৰৰ এক [ ৪৫ ] সোতা মাত্ৰ। চিৰাজগঞ্জত সদায় ৩৫০০ খানমান নানাদেশীয় নাও থাকে। ৰাতিপুৱা সেই পালোৱাৰ নাওত নাও চলি থাকো- তেই শ্ৰীধৰ বাপুৱে ৰান্ধে। পাচে এপৰমান দিন হলে নাও লগাই সকলোৱে ভোজন কৰি আকৌ নাও মেলি দিয়া হয়। আনন্দ- ৰাম ফুকনে অতি প্ৰত্যুষে উঠি সকলোকে জগাই দিয়ে আৰু নাও লগোৱা হলে মেলিবৰ কাৰণে পলম নকৰিবলৈ বৰ খৰখেদা কৰিছিল। পালোৱাৰৰ নাও লবৰ পাচত কলিকতাৰপৰা চিৰাজ- গঞ্জলৈ অহাত দিনৌ যিমান পথ অহা হৈছিল, তাতকৈ সৰহ হবলৈ ধৰিলে।

 ফুকনে বাটত আহোতে সদায় কিতাপ চাই লেখা-পঢ়া কৰি আহিছিল। তেওঁ পৰশুৰাম বৰুৱা আৰু কাশীচন্দ্ৰৰে সৈতে প্ৰায় সদায় ইংৰাজী ভাষাৰে কথোপকথন কৰিছিল। পৰশু- ৰাম বৰুৱাই পেণ্টলুন চাপকন পিন্ধি এদিন চাহাবলোকে দুয়ো হাত জেপত সুমাই ফুৰাৰ দৰে নাওত টহলিছিল আৰু ইংৰাজৰ সুৰেৰে কথা কৈছিল। এইৰূপ কৰি থাকোতেই নাওৰ পাট পিচলি তেওঁ নাওত পৰিল। এই কথাত সকলোৰে হাঁহিবৰ এটা কুটি হল। সেইদিনৰপৰা তেওঁ তেনেৰূপ কৰি- বলৈ এৰিলে। ব্ৰহ্মপুত্ৰেদি উজাই আহি ধুবুৰী এৰি ৰঙ্গামাটী পোৱা হল।

 ৰঙ্গামাটী এক পুৰণি ঠাই। যেতিয়া সেই অঞ্চল, মুছলমান নবাবৰ অধীন আছিল তেতিয়া এজন প্ৰধান কাৰ্য্যকাৰক তাত আছিল। ৰঙ্গামাটী পৰ্ব্বতৰ দাঁতিত। তাত ৰঙ্গামটীয়া বৰুৱা নামে এঘৰ জমিদাৰ থাকে। এই জমিদাৰৰ সৈতে অতি পূৰ্ব্বৰেপৰ৷ অৰ্থাৎ ব্ৰহ্মচাৰী বাবাৰ দিনৰে ফুকনৰ ঘৰৰ পৰি- চয় আৰু কাৰবাৰ আছিল। তেতিয়াৰ ৰঙ্গামটীয়া বৰুৱাৰ নাম প্ৰতাপচন্দ্ৰ। তেওঁ ইয়াৰ অল্প দিনৰ পূৰ্ব্বে জমিদাৰী পাই- ছিল। বৰুৱাই এওঁবিলাকলৈ অনেক বস্তুৰে সিধা দিলে। ফুকনৰ বৰুৱাৰ সৈতে সাক্ষাৎ কৰিবলৈ ইচ্ছা হল। পাল্কীৰে [ ৪৬ ] যাবলৈ দুলীয়া নাই। জমিদাৰৰ ঘৰতো দুলীয়া নাছিল সেই পৰ্ব্বতত মেছ মানুহ আছিল। তাৰে কেইজনমান কালী- কৃষ্ণ ৰায়ে বিচাৰি আনিলে। ফুকনৰ লগত অহা পাল্কীখন কিছু ডাঙ্গৰ। অশিক্ষিত মানুহে তাক নিব নোৱাৰিব এই আশঙ্কা কৰি থাকোতেই বৰুৱাৰ ভগিনীপতি গোপীনাথ আৰু তেওঁৰ পিতৃ সদানন্দ আহি ফুকনৰ সৈতে সাক্ষাৎ কৰিলে। ব্ৰহ্মচাৰী আৰু পৰশুৰাম বৰুৱাৰ দিনত সদানন্দ হাদীৰা চকীত কাকতী আছিল। তেওৰ মুখে ফুকনে অনেক পুৰণি কথা শুনিলে। ভাটী বেলিকা জমিদাৰ আশাশশোঁটা আৰু অনেক মানুহ লৈ ভিতৰৰপৰা আহিল। উভয়ে উভয়ক সম্ভ্ৰম কৰি বহিল। পাচে কিছুমান পৰ আলাপ কৰি ফুকন নাওলৈ গুচি আহিল। ৰঙ্গামাটীৰপৰা উজাই গৈ তিনিদিনৰ মূৰত গোৱাল- পাৰা পোৱা হল। তাতে ফুকনক সাক্ষাৎ কৰিবলৈ মাধবচন্দ্ৰ ঘোষ, মাধবচন্দ্ৰ পেচ্ কাৰ প্ৰভৃতি লোক আহিল; তাতে এক ৰাত্ৰি থাকি পাচদিনা উজাই নাও মেলি দিলে। য’তে য’তে ডাক ঘৰ পাইছিল, তাৰেপৰা ফুকনে ঘৰলৈ আৰু কলিকতাৰ কোনো বন্ধুলৈ চিঠি লিখিছিল।

 ফুকন উজাই অহা বাৰ্ত্তা পাই তেওঁৰ মাতৃৰ বৰ আনন্দ হ'ল। ঘৰত নামবৰভাগ পৰগণাৰ তনুৰাম কাকতী কাৰ্য্য চলোৱা মানুহ আছিল। গৌৰকিশোৰ পোদ্দাৰ নামে গোলাৰ গোমাস্তা আৰু মোখ্তাৰ আছিল। এওবিলাকে খাতৰপৰা মানুহ আনি ঘৰ-বাৰী সকলো পৰিষ্কাৰ কৰালে। ঘাইজনা ঢেকিয়াল ফুকনে পূজা কৰাৰ যি এটি চণ্ডীমণ্ডপ আছিল তাত আৰু তাৰ ওচৰৰ ঘৰত সৰ্থেবাৰীৰ কলামণি, শ্ৰীহৰি, প্ৰভৃতি কহাঁৰ আছিল। চণ্ডীমণ্ডপৰপৰা কহাঁৰবিলাকক আন ঘৰলৈ পঠাই সেইটোকে ফুকনৰ বহা বৈঠকখানা কৰিবলৈ নিশ্চয় কৰি তাকে পৰিষ্কাৰ কৰা হল। ভিতৰত এটা চৌৱাৰী ঘৰ আছিল তাকো পৰিষ্কাৰ কৰা হল। ৰামচন্দ্ৰ বিশ্বাস আগেয়ে [ ৪৭ ] পালেহি। তেওঁৰ মুখে সকলো সম্বাদ পাই সকলোৰে সন্তোষ হল।

 মাঘৰ কিছু বাটতে গল। ১৮৪৫ চনৰ জানুৱাৰীত আৰু মাঘৰ কিছুমান দিন যোৱাত নাও আহি আহি দুই বজামান বেলিত ঘাট চাপিল। ঘৰৰ আৰু ওচৰচুবুৰীয়া অনেক লোক নাওলৈ গল। ওচৰৰ ডোম গাওঁৰ ডোমবিলাকে তাল- খোল বাদ্য লৈ আগবাঢ়ি গল। গুণাভিৰাম আৰু অনেক লোক ৰঙ্গ মনেৰে নাওলৈ অহাত ফুকন বৰ সন্তোষিত হল। গুণাভিৰামৰ সকলোবিলাক দাঁত তেতিয়া গজা নাছিল। ফুকনে গুণাভিৰামৰ পঢ়াৰ মহলা লৈ বৰ সন্তোষ পালে। গায়ন-বায়ন সকলে বৰ ৰঙ্গ মনে তাল-খোল বজাবলৈ ধৰিলে। ফুকনে সেইবিলাক বজাবলৈ নিষেধ কৰিবৰ নিমিত্তে কাশীচন্দ্ৰৰ আগত কলে। কাশীচন্দ্ৰই নিষেধ কৰিলে হয়, সেই কথা কোনেও নামানিলে। সিহঁতে কলে—“দেউতাই যি কৰে কৰোক, বন্দীহতে আজি বজাম, আজি আমাৰ বৰ ৰঙ্গৰ দিন।” ইহঁতক কোনেও ধন দি মাতি অনা নাছিল। এই ডোমবিলাক ফুকনৰ ঘৰত কাজ-সকাম হলে প্ৰায় এনেই আহি পূৰ্ব্বৰ স্নেহতে সাহায্য কৰে। খাতৰ মানুহে আহি লগত অহা পাল্কী ললে, তাতে উঠি ফুকন ঘৰলৈ গল। অতি কম হলেও ২৫০,৩০০ লোকে ফুকনক নাওৰপৰা আগবঢ়াই আনিলে। ভিতৰৰ দেহুৰীতে পাল্কীৰপৰ৷ নামি ফুকনে গোসাঁই ঘৰত গোপাল আৰু গণেশ মূৰ্ত্তিক সেৱা কৰি ভিতৰলৈ গল। দৰৱান লগত গৈছিল। সকলোবিলাক লোক ভিতৰলৈ যাবলৈ উপক্ৰম কৰাহেন দেখি ফুকনে আন মানুহক যাবলৈ নিষেধ কৰিলে। তেওঁৰ স্নেহময়ী মাতৃয়ে তেওঁক আদখিনি বাটতে আহি সজল নয়নে সাৱটি লৈ চুমা খালে। তেওঁ মাতৃক সেৱা কৰিলে। তাৰ পাচে পিতামহী, বিমাতা আৰু আন আন পূজনীয়সকলক সেৱা কৰি বলৰাম ফুকনৰ ফালে গল। এইজনা ফুকনৰ মাতৃ তাৰ কিছুদিন পূৰ্ব্বে খাতলৈ গল। [ ৪৮ ] তাৰ কাৰণ এই যে তেওঁৰ পুত্ৰও কলিকতালৈ গৈছিল আৰু তেওঁ তাৰপৰ৷ নাহিল। পাচে পুত্ৰ-শোক দ্বিগুণ হয় এই ভাবি তেওঁ খাতলৈ গল। ফুকনে তেওঁৰ মধ্যম পিতামহী আৰু বলবাম ফুকনে সৈতে সাক্ষাৎ কৰি তেওঁক লৈ ঘৰলৈ আহিল। ঘৰলৈ উঠোতে ফুকনে শান্তিপুৰীয়া কলকিনাৰী ধুতি, মিৰ্জাই চোলা, গাত এখান চাল আৰু ভৰিত মোজা আৰু জোত৷ পিন্ধিছিল। ঘৰত অলপমান জল খাই বাহিৰৰ মণ্ডপলৈ গল।

 ইফালে মানুহবিলাকে নাওৰ বস্তু কঢ়িয়াই আনিবলৈ ধৰিলে। অনেক লোক তেওঁক সাক্ষাৎ কৰিবলৈ আহিল। কোনো পূৰ্ব্ব বা উৎসবৰ দৰে হল। গুৱাহাটী নগৰ, বিশেষকৈ ভৰলুমুখত হুলস্থূল লাগিল। দুৰ্গাৰাম ফুকনৰ মৃত্যুৰ বাবে যদিও অনেক লোক দুখিত আছিল তথাপি আনন্দৰাম ফুকন যে ঘুৰি আহিল এই নিমিত্তে সকলোৰে আনন্দ হল। যিবিলাক বস্তু ভিতৰলৈ নিব লাগে তাক ভিতৰলৈ নিয়া হল আৰু যাক বাহিৰৰ মণ্ডপত থব লাগে তাক তাত থোৱা হল। ফুকনে তেওঁক চাবলৈ অহা লোকসকলে সৈতে কথা-বাৰ্ত্ত৷ হৈছিল আৰু সেই বস্তুবিলাক কত কেনেকৈ থব লাগে তাৰো দিহা দিছিল। মেথী চাহাব তেতিয়া গুৱাহাটীত নাছিল, উজনীলৈ গৈছিল। তাৰ পাচদিনা তেওঁ বলৰাম ফুকনক লগত লৈ জেনকিনচ্ চাহাবক সাক্ষাৎ কৰিবলৈ গল। তেওঁ পেণ্টলুন চাপকন্ আৰু টুপী পিন্ধি চাহাবক সাক্ষাৎ কৰিলে। আন লোকে যেনেকৈ জোতা বাহিৰত থৈ চাহাবৰ ঘৰৰ ভিতৰ সোমায় তেওঁ তেনে কৰা নাছিল। চাহাবে তেওঁক বহুৱাই বৰ অভ্যৰ্থনা কৰিলে আৰু বহুদিনৰ মূৰত দেখি বৰ সন্তোষ পালে। ফুকন ঘৰলৈ আহিল।

 ফুকনে সেই মণ্ডপৰ তিনিটা খোটালি কৰিলে। সমুখৰ খোটালিত ঢলা বিছনা আৰু তাৰ ওপৰত এখন তুলি আৰু বৰ গাৰু থলে। দেশীয় লোকে সৈতে ইয়াত সাক্ষাৎ কৰিছিল। আৰু এখোটালিত তেওঁৰ লগত অহা কিতাপ [ ৪৯ ] চাৰিটা আলমাৰীত সজাই থলে। মেজ, মাৰ্চীয়া, কৌচ ইত্যাদি পাতিলে। কোনো চাহাবলোকক সাক্ষাৎ কৰিবৰ নিমিত্তে সেইটো খোটালিৰ উদ্দেশ্য আছিল। পূবৰ ফালে এখোটালিতো মেজ, মাচীয়া, কৌচ, আৰু কিতাপ আছিল, তাত তেওঁ লেখা-পঢ়া কৰিছিল। অহা চিঠি থবৰ নিমিত্তে খাৰুৱা কাপোৰৰ দীঘল মোনা কৰাই বেৰত আৰি দিয়ালে। তাত প্ৰণালী মতে চিঠিবিলাক থৈছিল। প্ৰথমে তেওঁ ভিতৰৰ চৌৱাৰী ঘৰতে শয়ন কৰিছিল, পাচে বৰ ঘৰলৈ বিছনা নিলে। বহিবলৈ আৰু থাকিবলৈ ঘৰবাৰী সজাওঁতে কিছুদিনমান লাগিল। তেওঁ যেনে প্ৰণালীৰে ঘৰৰ বস্তু সজাই থলে সেইটো গুৱাহাটীত দেশীয় লোকৰ পক্ষে প্ৰথম। তেওঁ লোকসকলক অভ্যৰ্থনাৰ যি নিয়ম কৰিলে তাত কোনো লোকৰ অসন্তোষৰ কাৰণ নাছিল। কিতাপবিলাকো উৎকৃষ্ট লাইব্ৰেৰীৰ নিয়মে সজালে, যি বিভাগৰ যি কিতাপ তাক সেই মতে থলে। লেখা পঢ়া কৰা মেজত দোৱাত, কলম, কাকত, ছুৰী প্ৰভৃতি নিৰ্দ্দিষ্ট নিয়মে থলে। পাল্কী নিবলৈ খাতৰ দুলীয়া আছিল। এখান “বগী” গাৰীও তেওঁ পাছে ললে।

 আনন্দৰাম ফুকনক সৰুৰেপৰা তেওঁৰ স্বভাৱৰ গুণে সকলোৱে ভাল পাইছিল। বিশেষতঃ তেওঁ হলিৰাম ঢেকিয়াল ফুকনৰ পুতেক কলিকতাত পঢ়ি শুনি কৃতবিদ্য হৈ আহিছে। তেতিয়াৰ দিনৰ লোকসকলৰ মতে কলিকতাই এতিয়াৰ দিনৰ মানুহৰ পক্ষে বিলাত যেনে তেনে আছিল। ফুকনে সৈতে সাক্ষাৎ কৰিবলৈ বিস্তৰ দেশী বিদেশী লোক আহিবলৈ ধৰিলে। কলিকাতাৰ বিবৰণ কোৱাত তেওঁ সদাই এইটো কথা কৈছিল বোলে “দেখা হলে তোমালোকৰ এহাতলৈ চকু ওলালহেতেন।” তেওঁৰ বংশ পৰিচয়, সৎস্বভাৱ আৰু কলিকতা নগৰৰ পৰা নমৰি জীয়াই অহাৰ বাবে অনেক লোক তেওঁৰ কথা শুনিবলৈ [ ৫০ ] গৈছিল। পুৱা গধূলি সদায় লোক গৈছিল। আমাৰ মানুহৰ সময়ৰ জ্ঞান নাই। আৰু মানুহৰ ঘৰলৈ গলে সেই মানুহৰ আৱশ্যক অনাৱশ্যকলৈ নাচাই যেতিয়ালৈকে বিদায় নাপায় তেতিয়ালৈকে তাতে থাকে। প্ৰথমে অহাত কিছুমান দিন এই ৰূপ দৰ্শক লোকক ঘৰত সাক্ষাৎ কৰোঁতে তেওঁৰ অনেক সময় গৈছিল৷ ফল্গুৎসৱ উপস্থিত। ঘৰৰ দেৱতা গোপালৰ কিৰীটি ইতিপূৰ্ব্বে আন বস্তুৰে সৈতে চোৰে নিলে। শ্ৰীশ্ৰীমতী মহাৰাণীৰ মুকুটৰ আৰ্হিৰে গোপালৰ এটী সোণৰ মুকুট উমৈহতীয়া খৰচেৰে ফুকনে শুৱালকুচীৰ তুতী সোণাৰীৰ দ্বাৰাই কৰাই দিলে।

 তেওঁ অহা শুনি তেওঁৰ ভগিনী স্বামীয়ে সৈতে গুৱাহাটীলৈ গল। তেওঁবিলাকক দেখি ফুকনে অতি সন্তোষ পালে। আন আন বাৰ যেনেকৈ ফল্গুৎসৱ কৰা হৈছিল তাতকৈ কিছু সমাৰোহেৰে এইবাৰ ফল্গুৎসৱ সমাধা হল। কিছু কালৰ মূৰত মেথী চাহাব গুৱাহাটীলৈ আহিল। বহুকালৰ মূৰত চাহাবে ফুকনে সৈতে সাক্ষাৎ কৰি যাতকৈ নাই সন্তোষ পালে।

 সেই সময়ত গুৱাহাটীত মেং ব্লাণ্ড নামে এজনা পাদুৰী চাহাব আছিল৷ তেওঁ বৰ বিদ্বান্ আৰু ইংলণ্ডৰ অক্সফৰ্ড বিদ্যালয়ৰ এজন বি,এ, উপাধিধাৰী আছিল। আনন্দৰাম ফুকনে সৈতে মেথী চাহাবে এওঁক পৰিচয় কৰাই দিলে। ফুকনে সদাই ব্লাণ্ড চাহাবৰ তালৈ পঢ়িবৰ নিমিত্তে যাবলৈ ধৰিলে। কলিকতাত ফুকনে পঢ়ি যি জানিছিল এইজনা চাহাবৰ মুখে পঢ়ি আৰু অধিক জানিবলৈ সুবিধা পালে। গধূলি বা পুৱা কেতিয়াবা ফুকনে বলৰাম, গঙ্গাৰাম, গুণাভিৰাম আৰু পৃথুৰাম বৰুৱাৰ পুত্ৰ ৰুদ্ৰৰামক ইংৰাজী পঢ়াইছিল।

 ফুকন প্ৰত্যুষে উঠি মুখ ধুই পেণ্টলুন, চাপকন, টুপী, মোজা, জোতা পিন্ধি লাঠি লৈ ফুৰিবলৈ যায়। এওঁৰ লগত প্ৰায়েই গুণাভিৰাম গৈছিল। কেতিয়াবা গঙ্গাৰাম কেতি[ ৫১ ] য়াবা বলৰাম ফুকন আৰু কেতিয়াবা আন মানুহ লগত যায়। বহু দূৰণিলৈকে ফুৰিবলৈ গৈছিল। লোকৰ সমাৰোহ থকা বাটতকৈ মানুহ নোহোৱা বাটেৰেহে তেওঁ ফুৰিবলৈ ভাল পাইছিল। ফুৰি আহি লেখা-পঢ়া কৰি বা কোনো লোক আহিলে তেওঁৰে সৈতে কথা বাৰ্ত্তা হৈ ৯ বজ৷ মানত স্নান কৰে। তাৰ পাচে সন্ধ্যা, পূজা, ভোজন কৰি আহি আকৌ পাইজামা, চাপকন পিন্ধি বৈঠকখানালৈ আহে। তাৰ নিৰ্দ্দিষ্ট খোটালিত লেখা-পঢ়া কৰি ভাটী বেলীয়া জল খাই আকৌ বিয়লী গাৰীত ফুৰিবলৈ যায়। নতুবা এনেই ইফাল সিফাল কৰি বাহিৰত ফুৰিছিল। গধূলি তেওঁ চাহ খায়। তাৰ পাছে লেখা-পঢ়া কৰে, অথবা আগন্তুক লোকে সৈতে কথাবাৰ্ত্তা কৈ ভিতৰলৈ যায়। ৰাতি ৮ বা ৯ মানত সায়ং সন্ধ্যা আৰু ভোজন কৰি ৯॥ বা ১০ মানত শয়ন কৰে। সময়ে সময়ে ফুকনে চাহাব সকলৰ ঘৰলৈ বা আন দেশীয় মানুহৰ ঘৰলৈ গৈছিল। কেতিয়াবা পৰশুৰাম বৰুৱাৰ ঘৰলৈ গৈছিল। জন্চন্ ডিকচনৰী নামে ইংৰাজী অভিধানখান তেওঁ প্ৰতিদিনে অল্প অল্প মুখস্থ কৰিবলৈ ধৰিলে। তেওঁ প্ৰায় সদাই দুপৰীয়া ব্লাণ্ড পাদুৰী চাহাবৰ তালৈ পঢ়িবলৈ গৈছিল। এওঁৰ সকলোতকৈ পৰশুৰাম বৰুৱাৰে বৰ বন্ধুভাব আছিল।

 ঘৰৰ ঘৈণী আৰু পৰিবাৰসকলে সৈতে কি আন লোকে সৈতে এওঁ সদাই হৰ্ষমনে আলাপ কৰিছিল। পিতৃ ফুকনৰ দিনৰ অনেক অনুগত লোক আহি এওঁৰ লগ লাগিল। ফুলৰাৰপৰা পৰশুৰাম বৰুৱাৰ দিনৰ নানুসিংহ নামে এটা শিখ আৰু খাৰঘৰীয়া ফুকনৰ দিনৰ ছাপ্ৰাচী মধু সেই টোলতে সপৰিবাৰে আছিল; সিও ফুকনৰ কাৰ্য্যত প্ৰবিষ্ট হল। তনুৰাম কাকতীৰ ওপৰত কোনো কথাত ফুকনৰ বেজাৰ হৈ তেওঁক কাৰ্য্যচ্যুত কৰিলে। ৰামচন্দ্ৰ বিশ্বাসে খাত পামৰ কাৰ্য্য ফুকনৰ আজ্ঞাৰ অধীনে কৰিবলৈ ধৰিলে। এই পৰ্য্যন্ত ফুকনৰ মাতৃৰ হাতত সকলো [ ৫২ ] চিন্দুক ইত্যাদিৰ সঁচাৰ আৰু ভাৰ আছিল। কলিকতাৰপৰা আহি ফুকনে সেই ভাৰ বহু কমাই দিলে। পূৰ্ব্বৰ দৰে পূজা সেৱা হবলৈ ধৰিলে আৰু ঘৰো এক প্ৰকাৰ সম্পূৰ্ণ হল৷ ফুকনে অতি অল্প সময়ও এনেই নেখেদাইছিল৷ সদাই নিয়মিত- ৰূপে লেখা-পঢ়া কৰিছিল। ভাত খাই শুবলৈ গলেও অল্প কিতাপ পঢ়ি শয়ন কৰিছিল। আহাৰৰ বিষয়ে তেওঁ বৰ পৰিমিত আছিল। পাছে সৰহ খাব লাগিব এই বুলি তেওঁ সদাই এটা সৰু বাটীত অন্ন লৈ খাইছিল। তেওঁ কোনো প্ৰকাৰ মাদক দ্ৰব্য সেবন নকৰিছিল। অধিক কি আহাৰ কৰিও তামোল নাখাইছিল; তামোল খোৱা বৰ বেয়া পাইছিল। যদি কোনো লোক তেওঁৰ তালৈ সাক্ষাৎ কৰিবলৈ আহিছিল তেওঁ লোক বুজি তামোল আৰু ধপাত দিয়াইছিল। নীলাচল বশিষ্ঠ প্ৰভৃতি দেৱালয়লৈকো তেওঁ গৈ যথাবিধি সেৱা-পূজা কৰিছিল৷ ফুকনৰ চৰিত্ৰ আৰু ব্যৱহাৰত সকলো লোকে সন্তোষ পাইছিল। কোনোৱে তেওঁক বিধৰ্ম্মী বোলা নাছিল। ফাকুৱাত তেওঁ যিৰূপে মজলিচ্ সজালে আৰু কৰিলে অনেকেই সেইৰূপে কৰিবলৈ ধৰিলে আৰু অনেক অসমীয়া লোকে যেয়ে যি পৰি- মাণে পাৰিলে সেয়ে সেই পৰিমাণে তেওঁক অনুকৰণ কৰিবলৈ ধৰিলে৷ ফুকনে ইমান নিয়মিতৰূপে কাৰ্য্য কৰিছিল যে তেওঁৰ এটা “ডায়েৰী” আছিল তাতে প্ৰতি দিনৰ তেওঁৰ কাৰ্য্যৰ বিবৰণ সংক্ষেপৰূপে লেখিছিল। এওঁ কোনো প্ৰকাৰ খেল নেখেলিছিল আৰু সৰুতে যি জানিছিল তাকো পাহৰিলে। কি প্ৰাচীন, কি যুবা, কি বালক, যেয়ে যেই ব্যৱসায় বা কৰ্ম্মৰ মানুহ হওক তাৰে সৈতে তেওঁ সমুচিত আলাপ কৰিছিল। তেওঁ তেওঁৰ ব্যৱহাৰৰ সকলো বস্তু প্ৰণালীমতে উপযুক্ত ঠাইত সজাই থৈছিল। তেওঁৰ উদ্যোগ লোকৰ অনুকৰণীয় হল।

[ ৫৩ ]
 

দ্বিতীয় অধ্যায়

 আনন্দৰাম ফুকন কলিকতাৰপৰা ঘৰলৈ অহাত তেওঁৰ বয়স ষোল বছৰ। কলিকতাতেই তেওঁৰ দাঢ়ি গজাত খুৰাবলৈ আৰম্ভ কৰে। গোঁফ কিছুমান গজিছিল। তেওঁৰ মুখশ্ৰীত যৌৱন কালৰ শ্ৰী প্ৰস্ফুটিত হবলৈ ধৰিলে। তেওঁ তেতিয়া পাঁচ ফুট ৩ ইঞ্চিমান ওখ আছিল। তেওঁ বৰ হৃষ্ট পুষ্ট আৰু স্থুল ন্তৰ নহলেও কৃশ নাছিল। তেওঁ এঘৰৰ একমাত্ৰ পুত্ৰ, সেই দেখি তেওঁৰ মাতৃ, পিতামহী আৰু আনসকল তেওঁৰ বিবাহৰ নিমিত্তে চিন্তিত হল। অধিক কি, তেওঁ যেতিয়া কলিকতাত আছিল তেতিয়াৰেপৰা এক প্ৰকাৰ পাত্ৰীৰ বিষয় অনুসন্ধান কৰা হৈছিল৷ তেওঁৰ উপযুক্ত পাত্ৰীৰ নিমিত্তে সকলোৱে অনু- সন্ধান কৰিবলৈ ধৰিলে। গুৱাহাটীত আৰু আন আন ঠাইত অনুসন্ধান কৰা হল। কোনো ঠাইত মনোমত কন্যা পোৱা নহল। বাল্যবিবাহ ফুকনে ভাল নাপালেও তেওঁৰ এনেভাব যেন অনুমান হয় যে বিবাহ নকৰাই কুপথগামী হোৱা অপেক্ষা তেওঁৰ সমান বয়সত বিবাহ কৰাই শ্ৰেয়ঃ। বিবেচনাৰ দ্বাৰাই স্বাস্থ্যৰ প্ৰতি দৃষ্টি কৰিব পাৰিলে এই বিবাহ এক প্ৰকাৰ ভেঁটাৰ দৰে হয়। তেওঁ যে সেইৰূপ আচৰণ কৰিব পাৰিব এনে আশা কৰিছিল। বস্তুতঃ তেওঁৰ চৰিত্ৰৰ দ্বাৰাই এনে আশা হৈছিল যে তেওঁ বিবাহৰ কুব্যৱহাৰ নকৰিব, এই কাৰ- ণেই তেওঁৰ ইংৰাজ বন্ধুসকলে তেওঁক বিবাহ কৰিবলৈ পৰামৰ্শ দিলে আৰু তেওঁ সেই বিষয়ে সম্মত হল। [ ৫৪ ]  ইন্দ্ৰবংশীয় বা আহোম ৰজাসকল অনাৰ্য্য জাতি। তেওঁবিলাক অতি পূৰ্ব্বে অভকতীয়া আছিল। শিৱসিংহ স্বৰ্গদেৱৰ দিনৰপৰা সেইসকলে একেবাৰে ম্লেচ্ছাচাৰ পৰিত্যাগ কৰি বৈদিক ধৰ্ম্মত আশ্ৰয় কৰিলে। হিন্দুবিলাকৰ দৰে তেওঁবিলাকৰ গুৰু পুৰো- হিত ইত্যাদি আৱশ্যক হল। ৰজাই পৰ্ব্বতীয়া গোঁসাইত দীক্ষা গ্ৰহণ কৰিলে। গৌতম গোত্ৰৰ এঘৰ ব্ৰাহ্মণ উজনীত আছিল সেই ঘৰকে ৰজাই পুৰোহিত কৰি ললে। ৰজাৰ পুৰোহিত হোৱাৰ বাবে তেওঁবিলাক ৰাজগুৰু হল। আৰু ক্ৰমে ৰাজগুৰু ফুকন নামে স্বীকৃত আৰু পৰিচিত হল। ৰাজগুৰু ফুকনৰ ঘৰৰ পশুপতি ফুকন যোৰহাটৰপৰা ব্ৰিটিচ ৰাজ্য প্ৰাপ্তিৰ কিছুমান দিনৰ পাচত গুৱাহাটীলৈ আহি কমিচনৰ চাহাবৰ “ৰেভিনিউ” বিভাগত লাখেৰাজ পঞ্চায়ত হৈছিল। কিছু দিনৰ মূৰত তেওঁৰ পত্নী কমলেশ্বৰী ফুকননী চন্দ্ৰী আৰু মাহিন্দ্ৰী নামে দুটী কন্যা লৈ গুৱাহাটীলৈ আহিল। ইয়াত তেওঁবিলাকৰ দুৰ্গাচন্দ্ৰ নামে এটী পুত্ৰ আৰু ব্ৰজসুন্দৰী নামে এটী কন্যা হয়। পশুপতি ফুকনৰ ঘৰ পাণবজাৰত। মাধৱৰাম বৰা আৰু গোবিন্দৰাম নাজীৰৰ ঘৰ এওঁৰ ঘৰৰ ওচৰত। পাণবজাৰতে অনেক দোকান আৰু বিদেশী আমোলা থকা ঠাই। পশুপতি ফুকন বৰ সজ, দৃঢ় আৰু শান্ত স্বভাৱৰ লোক আছিল৷ সদাই পূজা, ব্ৰত ইত্যাদি কৰিছিল। কোনে৷ পৰ্ব্বত এনেই সদাই লোকসকলক নিমন্ত্ৰণ কৰি আহাৰ কৰাইছিল। লোকক অভ্যৰ্থনা কৰা, আহাৰৰ সামগ্ৰী যথানিয়মে সুন্দৰকৈ দিয়া, ঘৰৰ বস্তু-বেহানি ভালকৈ ৰক্ষা কৰা যিবিলাক গুণ ঘৈণীবিলাকৰ আৱশ্যক সেই সকলো গুণ এইজনা ফুকননীৰ আছিল। চন্দ্ৰীক লক্ষ্মীদত্ত বৰকটকী মুনচেফৰ কনিষ্ঠ পুত্ৰ হোমেশ্বৰ কটকীয়ে বিবাহ কৰালে। মাহিন্দ্ৰীয়ে সৰুৰেপৰা ঘৰত থাকি পিতৃ-মাতৃক বয়সোচিত সাহায্য কৰিছিল। আৰু কপাহ, [ ৫৫ ] সূতা, তাঁত ইত্যাদিৰ কাৰ্য্য শিক্ষা কৰিছিল। তেতিয়াৰ দিনত ছোৱালীয়ে লেখা-পঢ়া আৰু বেজীৰ কাম শিক্ষা কৰিব লাগে যে এনেভাব লোকসকলৰ নাছিল। পূজা সেৱা ইত্যাদিৰ কাৰবাৰ কৰা আৰু ৰন্ধনশালাৰ কাৰ্য্য কৰা আৰু মিষ্টান্নাদি প্ৰস্তুত কৰা কাৰ্য্য মাহিন্দ্ৰীক তেওঁৰ মাতৃয়ে পাৰিছিল মানে শিক্ষা দিছিল। তেওঁবিলাকৰ ঘৰলৈ অনেক দেশীয় কি বিদেশীয় ভদ্ৰলোক পৰ্ব্ব উপলক্ষে বা এনেই সদায় আহিছিল। সেইসকলক যথাযোগ্যৰূপে পিতৃ-মাতৃৰ আদেশেৰে শুশ্ৰুষা কৰি- ছিল। তেওঁৰ স্বভাৱ বৰ ভাল আৰু বুদ্ধি অতি তীক্ষ্ণ আছিল। আৰু যিহকে শিক্ষা দিয়া হয় তাকে শিক্ষা কৰিছিল। তেওঁৰ সজ স্বভাৱৰ নিমিত্তে সকলোৱে তেওঁক ভাল পাইছিল। মাহিন্দ্ৰী ক্ৰমে ডাঙ্গৰ হলত পিতৃ-মাতৃয়ে তেওঁৰ বিবাহৰ নিমিত্তে চিন্তিত হল। অনেকে তেওঁক বিবাহ কৰাবলৈ প্ৰস্তাৱ কৰি- ছিল৷ কাকো ৰাজগুৰু ফুকনে দিম বোলা নাছিল। আনন্দ- ৰাম ফুকন কলিকতাত থাকোতেই কোনো কোনোৱে তেওঁৰ সহিত বিবাহ স্থিৰ কৰিবলৈ দিছিল, কিন্তু একো স্থিৰ নহল। পৰশুৰাম বৰুৱাৰ নিমিত্তেও তেওঁৰ প্ৰস্তাৱ কৰা হৈছিল। কিন্তু কোনো পাত্ৰ তেওঁ স্থিৰ কৰা নাছিল। মাহিন্দ্ৰী ৰূপৱতী আৰু গুৱতীও আছিল। এতেকে সেইৰূপ এটি বৰ পাবলৈ তেওঁৰ বৰ ইচ্ছা আছিল আৰু সেই নিমিত্তে অনুসন্ধানো কৰিছিল।

 ফুকনৰ ঘৰৰ প্ৰতি কোনো কোনো লোকৰ এনে ভাৱ আছিল যে তেওঁবিলাকে ইংৰাজৰ দৰে ব্যৱহাৰ কৰে, এই কাৰণে তেওঁবিলাক জাতি সম্পৰ্কে হীনতা পাইছে৷ সাধাৰণতকৈ উচ্চ ভাবে ইংৰাজ কি মুচলমানে সৈতে ব্যৱহাৰ কৰিলে জাতি বিষয়ে হীনতা আনুমান হয়। এওঁবিলাকে ইংৰাজ লোকে সৈতে সমকক্ষৰূপে ব্যৱহাৰ কৰিছিল আৰু কেতবিলাক দোষশূন্য বিদেশীয় আচাৰ আৰু বিদেশীয় বস্তু ব্যৱহাৰ প্ৰথমেই কৰে। যদিচ দেশৰ [ ৫৬ ] উচ্চবংশেৰে সৈতে এওঁবিলাকৰ কুটুম্বিতা তথাপি লোকে ভিতৰুৱাকৈ দুৰ্ণাম কৰিছিল। অথচ প্ৰকাশ্যে কোনেও কোনো কথা নকয়। আসামৰ অভ্যন্তৰ গ্লানিকৰ সমাজত ফুকনউৰুৰ এইৰূপ দুৰ্ণাম ৰাষ্ট্ৰ আছিল। কিন্তু প্ৰকৃততে আৰু প্ৰকাশ্যে হলে সেইৰূপ কোন কথাই প্ৰকাশিত নাছিল। জাতি কি বংশ মৰ্য্যাদাৰ কোনোৰূপ স্খলন হোৱা নাছিল।

 পশুপতি ফুকনৰ কন্যা মাহিন্দ্ৰীক আনন্দৰাম ফুকনলৈ প্ৰস্তাৱ কৰা হল। এইৰূপ প্ৰস্তাৱ হোৱা মাত্ৰে ৰাজগুৰু ফুকন অন্তৰে বৰ সন্তুষ্ট হল। প্ৰথমে একো সিদ্ধান্ত কৰা নাছিল। কোনো কোনো গ্লানিকৰসকলে নিজৰ স্বাৰ্থৰ কাৰণেই হওক বা এনেই ৰাজগুৰু ফুকনক ভিতৰুৱাকৈ নিষেধ কৰিলে৷ ইফালে জেনকিনচ্ চাহাব আৰু মেথী চাহাব আৰু আন আন বিজ্ঞ আৰু বহুদৰ্শীসকলে আনন্দৰামক জামাতা স্বীকাৰ কৰিবলৈ ৰাজগুৰু ফুকনক পৰামৰ্শ দিলে। আনন্দৰাম ফুকনে সৰুৰেপৰা পৰশুৰাম বৰুৱাউৰুৰ ঘৰলৈ যাওঁতে মাহিন্দ্ৰীক দেখিছিল। তেওঁৰ বিশ্বাসী বন্ধু পৰশুৰাম বৰুৱাইও তেওঁৰ ৰূপগুণৰ কথা কৈছিল। ফুকন আদ্যোপান্ত শুনি বিবাহত অমত নহল। আনন্দৰাম যেতিয়া জন্মিছিল তেতিয়াৰেপৰা ৰাজগুৰু ফুকনে তেওঁক দেখিছিল। গুৱাহাটীত থকাত আৰু কলিকতাত থকাত তেওঁৰ উন্নতি আৰু সচ্চৰিত্ৰৰ কথা তেওঁ জানিছিল আৰু শুনিছিল। কলিকতাৰ- পৰা তেওঁ অহাত তেওঁৰ সাধু চৰিত্ৰৰ কথাও তেওঁ জানিছিল। বলৰাম ফুকনৰ মাতৃয়ে সৈতে তেওঁৰ পত্নীৰ সখীত্ব আছিল৷ তেওঁ ফুকনৰ কথা ভালকৈ জানিছিল। সেই কাৰণে তেওঁ সেই প্ৰস্তাৱত সন্তোষ মনে সন্মত হল। যোৰা কোষ্ঠী চোৱা হল তাতো মধ্যম যোৰাই আহিল। এদিনা ৰাজগুৰু ফুকন আনন্দৰাম ফুকনৰ ঘৰলৈ আহিল। [ ৫৭ ] আৰু ফুকন আৰু ফুকনৰ পিতামহীউৰুয়ে সৈতে কথাবাৰ্ত্ত৷ কৈ কলে “মই কাৰো কথা নুশুনো, মাহিন্দ্ৰী আইটী আনন্দি বাপালৈ দিম” এই বুলি বাগ্দান কৰিলে। উভয় পক্ষ আৰু উভয় পক্ষৰ বন্ধু বান্ধৱসকলৰ বৰ সন্তোষ হল।

 ১৭৬৭ শঁকৰ বৈশাখত বিবাহৰ দিন স্থিৰ হল। যথোচিত ৰূপে আয়োজন হল। পাঁচ দিনীয়াকৈ বিবাহৰ উৎসৱ সমাধা হল। বিবাহৰ পূৰ্ব্বে গান মজলিচ হৈছিল আৰু এদিন চাহাব লোকক মজলিচলৈ নিমন্ত্ৰণ কৰা হৈছিল। সেই দিনা খাৰ বাজি হাৱইৰ দ্বাৰাই ঘৰ পুৰিবৰ উপক্ৰম হৈছিল। বিবাহৰ ৰাত্ৰি বৃষ্টিৰ নিমিত্তে অসুবিধা হলেও কাৰ্য্য পৰিপাটীৰূপে সমাধা হল। ফুকনে জৰীৰ বন কৰা পাজামা, আঙ্গা টুপী পৰিধান কৰি তামজাঙ্গ দোলাত আৰোহণ কৰি শ্বশুৰালয়লৈ গৈছিল। আৰু কন্যাঘৰত বৰৰ কৰ্ত্তব্য পূজাৰ পূৰ্ব্বে সেই পোষাক পৰিত্যাগ কৰি পট্টবস্ত্ৰ পৰিধান কৰিছিল। দৰাবিলাকে সাধাৰণতঃ নাকত কাপোৰ লয়। শহুৰেকৰে কথা হোৱা দূৰৈত থাওক বিবাহৰ পাচতো শহুৰৰ ঘৰৰ লোকে সৈতেও কথা কোৱা প্ৰায় দেখা নাযায় আৰু বিবাহৰ মন্ত্ৰ বিলাকো প্ৰায়েই মুখৰ ভিতৰতে বোলা শুনা আৰু দেখা যায়। কিন্তু আনন্দৰাম ফুকনে এইৰূপ বৃথা লজ্জ৷ কৰা নাছিল। ৰাজগুৰু ফুকনে সৈতে সসম্ভ্ৰমে আৰু আকুতো- ভয়ে হোমৰ গুৰিত কথাবাৰ্ত্তা কৈছিল। এই নিমিত্তে কোনো কোনো লোকে এই অৱসৰতে ফুকনক লাজ নোহোৱা বুলি কোৱা-কুই কৰি আপোনাৰ নীচ স্বভাৱৰ পৰিচয় দিছিল। বিবাহৰ পাচত কন্যাৰ দ্বিৰাগমন হৈ আকৌ পিত্ৰালয়লৈ নিয়া হল। তাৰ পাছৰ জ্যৈষ্ঠত মাহিন্দ্ৰী ফুকননীৰ প্ৰথম ৰজোদৰ্শন হয়। কিন্তু যোগ অশুভ হোৱাত শান্তিয়নী স্থগিত থাকিল। সেই বছৰৰ কাৰ্ত্তিকত শান্তি কৰি ফুকনে তেওঁক ঘৰলৈ আনিলে।

[ ৫৮ ]  অশুভ যোগৰ নিমিত্তে শান্তি লোৱাত বিলম্ব হোৱাত বৰঞ্চ শুভহে হল। কাৰণ ফুকনে বিবাহ কৰালে হয় কিন্তু তেওঁ সভাৰ্য্যে থাকিবলৈ ঘৰ প্ৰস্তুত কৰা নাছিল। এই সুযোগতে তেওঁ উপৰ্যুক্তৰূপে ঘৰ প্ৰস্তুত কৰিলে। অনেক সময়ত আৰু ঠাইত এনে দেখি যেনকৈ বোৱাৰী ঘৰ সোমালে কাৰকৰ ওলোৱা যেন হয়। সকলো কিছুদিনমান বোৱাৰীৰ বাখ্যাতে মগ্ন থাকে। বোৱাৰীৰ সকলো কাৰ্য্যতে দোষ-গুণৰ ব্যাখ্যা হয়। ইয়াৰে পৰা অনেকৰ গৃহসখ ভঙ্গৰ মূল ৰোপিত হয়। ফুকননী ঘৰলৈ অহাত সেইৰূপ কোনো কথা নহল। তেওঁৰ শাহু দুজনাই আৰু খুৰীশাহু আৰু বুৰশাহুসকলৰ এই বোৱাৰী বৰ স্নেহৰ হল। অকাৰণ তেওঁক দোষ ধৰা অপেক্ষা তেওঁ বিলাকে স্নেহ কৰি শিক্ষাহে দিবলৈ ধৰিলে। ঘৰৰ লোক সকলেও সেই কথাকে অনুকৰণ কৰাত ফুকননীৰ কোনো অসুবিধা সহ্য কৰিবলৈ নহল। ফুকনেও তেওঁক বৰ স্নেহ কৰিবলৈ ধৰিলে। অচিৰে তেওঁ সকলোৰে আদৰণীয়া হল।

 আনন্দৰাম কুকনে জানিছিল যে এই দেশত স্ত্ৰীজাতিৰ পিতৃ মাতৃৰ গৃহত লেখা-পঢ়া শিক্ষা নহয়, অথচ লেখা-পঢ়া শিক্ষা নিতান্ত আৱশ্যক, এতেকে নিজে শিক্ষকতা নকৰিলে নহয়। এই ভাবি তেওঁক নিজে লেখা-পঢ়া শিক্ষা দিবলৈ ধৰিলে। ঘৈণী সকলৰ অনেকেই লেখিব আৰু পঢ়িব জানিছিল। তেওঁ বিলাকেও উৎসাহ দিবলৈ আৰম্ভ কৰিলে৷ আনন্দৰাম ফুকনৰ সৰুজনা মাতৃয়ে ৰন্ধন-শালাৰ কাৰ্য্য কৰিছিল। কিছুদিনৰ পাচত বোৱাৰী- জনাক তেওঁৰ সাহায্য-কাৰিণী নিৰ্দ্দিষ্ট কৰি দিয়া হল।.

 এই বৎসৰৰ অগ্ৰহায়ণ মাহত তুলসীদেবীৰ এটী পুত্ৰ জন্মে, এই পুত্ৰৰ নাম চন্দ্ৰহাস। প্ৰসৱ বেদনাত তেওঁ কেইদিনমান বৰ কষ্ট পাইছিল। আনন্দৰাম ফুকনৰ বিবাহ হবৰ পাচৰে পৰা বলৰাম ফুকনৰ বিবাহৰ প্ৰতি সকলোৰে মন হল। [ ৫৯ ] নগাঁৱৰ মুনচেফ মধুৰাম খাওঁন্দৰ গোপালী নামে এটী কন্যা পাত্ৰী স্থিৰ হল। সেই বিবাহৰ সম্পৰ্ণ অধ্যক্ষতা আনন্দৰাম ফুকনৰ ওপৰত আছিল। ৰঙ্গপুৰ প্ৰভৃতি ভাটীৰ ঠাইৰপৰা অনেক উত্তম উত্তম বস্তু অনোৱা হল। অতি উত্তম পোছাক প্ৰস্তুত কৰা হল। ৰঙ্গপুৰৰপৰা বাইওৱালী জগঝম্প আৰু গোৱালপাৰাৰ পৰা নহবতখানা আৰু বঙ্গালী ঢোল আৰু ঢাক অনোৱা হল। আমাৰ দেশৰো ঢুলীয়া, গায়ন, বায়ন, ওজা-পালী হাজোৱলীয়া প্ৰভৃতি বাজনা অনা হল। দেশৰ সকলো লোকক নিমন্ত্ৰণ কৰা হল। আৰু নিমন্ত্ৰিতসকলক অভ্যৰ্থনাৰ সকলো আয়োজন হল। ষোল দিন পৰ্য্যন্ত বিবাহৰ মজলিচ্ ধুমধাম থাকে। অনেক খাৰ বাজি হৈছিল। প্ৰায় গুৱাহাটীৰ ভৰলুমুখৰেপৰা ফাচী বজাৰলৈ “বান্ধ৷ ৰোসনাই” হৈছিল। দেশীয় বিদেশীয় সকলোকে যথেচিতৰূপে ভোজন কৰোৱা হৈছিল। অধিক কি দুদিন গৱৰ্ণমেণ্টৰ কাছাৰী বন্ধ হৈছিল৷ মিত্ৰ কুটুম্বাদি অনেক গৈছিল৷ ফাল্গুণৰ প্ৰথম তাৰিখ বুধবাৰে বিবাহ হয়। চৌদোলত উঠি দৰা ফুৰিবলৈ গৈছিল। ফুৰি আহি দৰাও ঘৰ পালে ধূমূহা বতাহ আৰু বৰষুণ হল। এই বৃহৎ আয়োজন আৰু আমোদ একেবাৰে হ্ৰাস হল। এক প্ৰকাৰে বিবাহ কাৰ্য্য সমাধা হল। এইৰূপ সমাৰোহ আৰু আড়ম্বৰৰ বিবাহ আমাৰ দেশত আগেয়ে হোৱা নাই বুলি সকলোৱে কয়। আনন্দৰাম ফুকনৰ অধ্যক্ষতাত আৰু ঘৰৰ কাৰ্য্যকাৰক আৰু গোমস্তাসকলৰ যত্নত এই কাৰ্য্য সুচাৰুৰূপে নিৰ্ব্বাহ আৰু সম্পাদিত হল। কিন্তু শোকৰ বিষয় এই যে সেই কন্যা ইয়াৰ কিছুদিন মানৰ পাচতে মৃত্যু হল।

 আনন্দৰাম ফুকন প্ৰকৃততে গৃহী হল। তেওঁৰ পূৰ্ব্বৰ সম্পত্তিৰ অনেক হ্ৰাস পালে। এতিয়া কিৰূপে সম্ভ্ৰমেৰে থাকে তাৰ উপায় তেওঁৰ কৰিব লগীয়া হল। তেওঁ স্থিৰ কৰিলে যে আইনৰ [ ৬০ ] ব্যৱসায় অবলম্বন কৰাই শ্ৰেয়ঃ, এই ভাবি বিচাৰক হবৰ প্ৰত্যাশাৰে আইন পঢ়িবলৈ ধৰিলে। সেই সময়ত চন্দ্ৰসেন ভঁৰালী কাকতী নামে এজনা দেশীয় লোক গুৱাহাটীত প্ৰধান সদৰ আমীন আছিল। তেওঁ প্ৰাচীন আছিল। বিচাৰ বিষয়ত নিপুণ আৰু আইন আৰু নিয়ম ভালকৈ জানিছিল। সোমদত্ত কটকী এজনা ভৰলুমুখতে থকা দেশীয় লোক আৰু মাধৱৰাম ৰাজখোৱা মুনচেফ আছিল। দেববৰ বড়দলৈ সদৰ আমীন আৰু লক্ষ্মীদত্ত কটকী সৰাসৰি মুনচেফ আছিল। এইসকল বিচাৰপতিয়ে কছাৰীত তক্তাপোচত বহি গাৰুত আউজি আৰু কোনো সময়ে সময়ে কাছাৰীত কাম কৰি থাকোতেই তামোল খাই বৰ সন্তোষ মনেৰে মোকৰ্দ্দমা বিচাৰ কৰিছিল। তেতিয়া আমলাবিলাকে সাক্ষীৰ জৱানবন্দী কৰে আৰু সেইবিলাক নথীৰ লগত বিচাৰপতিসকলক শুনায়। উকীলবিলাকৰ তেতিয়া তিমান গৌৰৱ নাছিল। তেওঁ, শিৱচৰণ দেৱ, বিশ্বনাথ গুহ, কমলাকান্ত সৰখেল, বগাৰাম বড়া, ধীৰনাথ শৰ্ম্মা, হৰমোহন পণ্ডিত, ৰামানন্দ ভট্টাচাৰ্য্য প্ৰভৃতি উকীলসকলে মাজে মাজে এজলাচলৈ গৈ সেই তক্তাপোচতে বহি তৰ্ক-বিতৰ্ক কৰে। সাক্ষীৰ জৱানবন্দী লওঁতে সাক্ষীবিলাকক প্ৰশ্ন কৰে। আমলাসকলৰো কোনোৱে গুচৰীয়াৰ আৰু কোনোৱে পদকীয়াৰ পক্ষে দুটা এটা কথা হাকীমৰ আগত কব পাৰে। আন কোনো প্ৰধান দৰ্শকেও কোনো বিচাৰপতি বা আমলাৰ সমীপলৈ গৈ দুই-এক কথা কব পাৰে। অল্পমান হেতু প্ৰকাশ কৰি হাকীমসকলে গোচৰ ডিক্ৰী, ডিচমিচ বা ননচূট কৰে অথবা কোনো পদকীয়াক দণ্ডবিধান কৰে। চিৰস্তাদাৰ বা পেচ্কাৰে নালিচ আৰজী উপস্থিত হবৰেপৰা যি যি কাৰ্য্য হয় সেই সকলো লেখি আৰু বিচাৰৰ হেতুবাদ অল্প দি ফয়চলা কৰে। কোনো কোনো মোকৰ্দ্দমা বহুদিনৰ মূৰতহে নিষ্পত্তি পায়। তেতিয়া এইৰূপ [ ৬১ ] বিচাৰৰ অৱস্থা আছিল। মেথী চাহাব আৰু জেনকিনচ্ চাহাবে আনন্দৰাম ফুকনক প্ৰধান সদৰআমীনৰ ওচৰত বহি আইন আৰু আদালতৰ দাঁড়া দত্তৰ শিক্ষা কৰিবলৈ পৰামৰ্শ দিলে। ফুকনে প্ৰতিদিন যথানিয়মে কাছাৰীলৈ গৈ আইনৰ ফেৰস্ত কৰিছিল আৰু বিচাৰ আৰু নথী চাইছিল। ঘৰতো তেওঁ আইন আৰু আসাম কায়াদাবন্দী সদায় পঢ়িবলৈ ধৰিলে। দিনে দিনে তেওঁৰ উন্নতি হবলৈ ধৰিলে। তেতিয়া ইংৰাজী জনা মানুহ গুৱাহাটীত অতি তাকৰ আছিল। কোনো কোনো লোকক ফুকনে দৰখাস্ত ইংৰাজীত অনুবাদ কৰি দিছিল আৰু কাকো দৰখাস্ত জওৱাব আৰু আন আন কাকত তেওঁ মুচাবিদা কৰি দিছিল। হয়গ্ৰীৱ মাধৱৰ দেৱলীয়া আৰু লক্ষ্মীবল্লভ গোস্বামীৰ সেই দেৱালয়ৰ সেৱা চলোৱা সম্পৰ্কে এটা বৰ মোকৰ্দ্দমা আছিল। সেই মোকৰ্দ্দমাত ফুকনে দেৱলীয়াবিলাকৰ কাকতপত্ৰ চাইচিন্তি আৰু তৰ্জমা কৰি দিছিল। এইৰূপ সাহায্য কৰোতে তেওঁ কোনো পুৰস্কাৰ বা বেতন নলৈছিল। কেৱল ক্ষতিগ্ৰস্ত পক্ষৰ পক্ষেহে তেওঁ সদায় সাহায্য কৰিবলৈ হাত আৰু মন মেলিছিল।

 যজ্ঞৰাম খাৰঘৰীয়া ফুকনে আনন্দৰাম ফুকন সৰু থাকোতে ঢেকিয়াল ফুকনৰ মৃত্যুৰ পাচত দুয়ো ঘৰৰ কাৰবাৰ কৰিছিল। সেই বিষয়ে আনন্দৰাম ফুকনৰ সৈতে কিছু বিৰোধ আছিল। উভয় ঘৰৰ বন্ধু মেথী চাহাবক এই বিষয় জনোৱাত তেওঁ চন্দ্ৰ- সেন প্ৰধান সদৰ আমীন আৰু তেতিয়াৰ গুৱাহাটীৰ কালেক্টৰীৰ চিৰস্তাদাৰ শম্ভুনাথ বাগছীক চালিচ নিযুক্ত কৰিলে। তেওঁ- বিলাকে উভয় পক্ষৰ বিৰোধ এক প্ৰকাৰ মীমাংসা কৰি দিলে।

 ইংৰাজী ১৮৪৬ চনত শিবসাগৰৰপৰা “আৰুণোদয়” নামে এখান মাসিক সংবাদপত্ৰ প্ৰচাৰিত হয়। ফুকনে এই সংবাদ- পত্ৰত সময়ে সময়ে ৰচনা দিবলৈ ধৰিলে। যি দেশৰ যি ভাষা [ ৬২ ] ব্যৱহাৰ নহলে দেশৰ মঙ্গল নহয়। প্ৰথমে এই দেশত অসমীয়া ভাষাৰে সকলো কাৰ্য্য কৰ্ম্ম হৈছিল। পাচে বঙ্গলা ভাষাই যে এই দেশৰ প্ৰকৃত ভাষা কৰ্ত্তৃপক্ষৰ পৰা এইটো সিদ্ধান্ত হোৱাত বঙ্গলা ভাষা সকলো বিষয়ত চলিবলৈ ধৰিলে। আদালত আৰু লোকৰ অৱস্থা দেখি অসমীয়া ভাষা চলাবৰ নিমিত্তে ফুকনৰ যত্ন হল। নানা উপদেশ-গৰ্ভ ইংৰাজী প্ৰস্তাবৰপৰা সংগ্ৰহ কৰি “অসমীয়া ল’ৰাৰ মিত্ৰ” নামে দুই কাণ্ড পুস্তক ফুকনে অসমীয়াত প্ৰচাৰ কৰিলে। সেই পুস্তক কলিকতাৰ সমাচাৰ চন্দ্ৰিকা যন্ত্ৰলৈ পঠোৱা হয় কিন্তু অসমীয়া ভাষা ছাপাওৱালাই বুজিব নোৱাৰাত কীৰ্ত্তিকান্ত বৰুৱা নামে এজন অসমীয়া লোকক ফুকনে কলিকতালৈ পঠায়। ১৮৪৯ চনত সেই পুস্তক মুদ্ৰিত হয়। ইংৰাজ আৰু দেশীয় ভদ্ৰমহোদয়সকলে এই পুস্তক ছপাবৰ বিষয়ে অৰ্থেৰে সাহায্য কৰিলে। মেথী চাহাব আৰু জেনকিনচ্ চাহাবে এই বিষয় বিশেষ উৎসাহ দিছিল। অসমীয়া ভাষাৰ প্ৰতি তেওঁৰ যিমান যত্ন আৰু আগ্ৰহ আছিল তাক লেখা বাহুল্য। তেওঁৰ দিনত অসমীয়া ভাষাৰ একো উন্নতি নহল। কিন্তু নানা বিঘ্ন আৰু বাধা অতিক্ৰম কৰি ১৮৭২ চনত চাৰ জৰ্জ কেম্বল লেপ্টেনেণ্টে গবৰ্ণৰ চাহাবৰ আজ্ঞাৰে সেই অসমীয়া ভাষা দেশত প্ৰচলিত হল। সেই “অসমীয়া ল’ৰাৰ মিত্ৰ” সংক্ষিপ্তৰূপে এই দেশৰ স্কুল সমূহত এতিয়া প্ৰচাৰিত হৈছে। অসমীয়া ভাষাৰ উন্নতিৰ মূল সেই ফুকন। ভাষা বিষয়ে সপক্ষবাদী বিপক্ষবাদী সকলোৰে সৈতে তেওঁ তৰ্ক কৰিছিল। অসমীয়া ভাষাৰ বিষয়ে মিচনেৰীবিলাকেও যত্ন কৰিছিল। এই কাৰণে ফুকনে সেইসকল লোকে সৈতে সদাই চিঠি আৰু কথাৰে আলাপ আলোচনা কৰিছিল। আনন্দৰাম ফুকনৰ নাম এইবাবে অসমীয়া ভাষাই সৈতে তাৰ উন্নতি বা অবনতি হলেও চিৰকাল লগ লাগি থাকিব।

[ ৬৩ ]  শম্ভুৰাম বৰুৱাৰ পুত্ৰ পৃথুৰাম আৰু গোবিন্দৰাম বৰুৱা আৰু গঙ্গাৰাম বৰুৱাউৰুৱে ফুকনউৰুৰ নামে ভাগ অংশৰ বাবে গোচৰ কৰিছিল। সেই গোচৰ ডিচ্মিচ্ হল। এই ঘটনাৰ পাচত আৰু তেওঁবিলাকৰ বিপক্ষে কোনো ডাঙ্গৰ মোকৰ্দ্দমা নহল। প্ৰথম পত্নীৰ বিয়োগৰ কিছুদিনৰ পাচত বলৰাম ফুকনে কামৰূপৰ নদলাৰ ৰাজমেধীৰ কন্যা বিষ্ণু প্ৰিয়াক বিবাহ কৰালে।

 ৰাজগুৰু ফুকনৰ পাতিদৰঙ্গ পৰগনাত বঙ্গালগাওঁ নামে খাত এখান আছে। তেওঁ তালৈ যোৱাত নৰিয়া পৰি তাতে মৃত্যু হল। তেওঁৰ পত্নীও তাৰ কিছুদিনমানৰ পাচত পৰলোকলৈ গমন কৰিলে। তেওঁবিলাকৰ দুৰ্গাচন্দ্ৰ নামে পুত্ৰ আৰু ব্ৰজ সুন্দৰী নামে কন্যা এটী থাকিল। এওঁবিলাক দুয়ো শিশু। দুৰ্গা- চন্দ্ৰৰ বয়স তেতিয়া ৯ বৎসৰ আৰু ব্ৰজসুন্দৰীৰ বয়স ৪ বছৰ। এই দুটী পিতৃ-মাতৃহীন শিশুক ফুকন আৰু ফুকননীয়ে তেওঁ- বিলাকৰ সমুদায় বস্তুৱে সৈতে ঘৰলৈ আনিলে আৰু জয়মতী নামে এটী বিধৱা ব্ৰাহ্মণী আৰু কণিকী নামে এজনী দাসী সেই দুই শিশুৰ লগত আহিল। এওঁবিলাকৰ লৰা-ছোৱালী নাছিল। দুৰ্গাচন্দ্ৰ আৰু ব্ৰজসুন্দৰী আহিলত একপ্ৰকাৰ সেই অভাৱ গুচিল। ফুকনৰ ঘৰত অতি স্নেহেৰে এই লৰা-ছোৱালী হালি পালিত হবলৈ ধৰিলে। তেওঁবিলাকে পিতৃ-মাতৃৰ বিয়োগ শোক একেবাৰে পাহৰা যেন হল। ৰণৰাম বৰুৱাৰ দুই পত্নীৰ দুটী লৰা। বৰ- জনাৰ লৰাটীৰ নাম গঙ্গাৰাম। সৰুজনাৰ লৰাটীৰ নাম গুণাভিৰাম। গঙ্গাৰামৰ নামে বনগাওঁ নামে কামৰূপৰ এখান দ্বাৰ বা মৌজা আছিল। তেওঁ স্কুল পৰিত্যাগ কৰি সেই মৌজাৰ কৰ্ম্ম কৰিছিল। পাচে তাক এৰি ফৌজদাৰীৰ নাজীৰৰ বক্সী কৰ্ম্মত নিযুক্ত হল। গুণাভিৰামে স্কুলতে ইংৰাজী পঢ়িছিল। বলৰাম ফুকনৰ প্ৰথম বিবাহৰ সময়ত তেওঁক গঙ্গাৰামে লগুন দিয়ে। এই দুয়ো জনা [ ৬৪ ] ঘৈণীৰ পৰস্পৰ অবৰ্গ আছিল। পাচে সৰুজনাই গুণাভিৰামক লৈ সেই টোলতে বেলেগে থাকিল। কিন্তু ভৰণ পোষণৰ অতিশয় কষ্ট হল। তেওঁৰ মাকৰ ঘৰৰ নাদুকী নামে এজনী বেটী ভুটকুৰী আৰু তাইৰ জীয়েক কণিকীয়ে নিজে শ্ৰম আৰু অন্য কাৰ্য্য কৰি যি পাইছিল তাৰ দ্বাৰাই তেওঁক সাহায্য কৰিছিল। আনান্দৰাম ফুকনে গুণাভিৰামক আৰু তেওঁৰ মাকক বৰ মৰম কৰিছিল আৰু প্ৰায় তেওঁৰ লগতে খুৱাইছিল আৰু কাপৰ ইত্যাদিৰ ব্যয় দিছিল। গুণাভিৰামক লৈ তেওঁৰ মাতৃ ফুকনৰ ভনীয়েক তুলসীয়ে সৈতে নগাঁৱলৈ জীয়েকক চাবলৈ ১৭৬৮ শকৰ আদিতে আহে। কিছু- দিনমান নগাঁৱত থাকি গুৱাহাটীলৈ উভতি গল। আৰু চৈত্ৰৰ অশোকাষ্টমীৰ দিনা তেওঁ মৃত্যু হল। গুণাভিৰাম আকৌ গঙ্গাৰাম বৰুৱাৰ লগলৈ গল। ১৭৬৯ শকত গঙ্গাৰাম বৰুৱাই সোমদত্ত কটকীৰ বিদ্যা নামে জীয়েকক বিবাহ কৰায়। গঙ্গাৰামৰ লগত গুণাভিৰাম থাকিলেও ফুকনে সদায় তেওঁক সৰ্ব্বপ্ৰকাৰে সাহায্য কৰিছিল। জেনকিনচ্ চাহাবে গুণাভিৰামক ৩্ টকা খোৰাকী মাহিলি দিবলৈ ধৰিলে। গুণাভিৰামে লগত সদায় থাকি তেওঁ যেতিয়া যি কয় তাকে শুনিছিল।

 ফুকনৰ সৰুৰে পৰা প্ৰাচীন ইতিহাস আৰু প্ৰাচীন কথা শুনিবলৈ বৰ ইচ্ছা। কোনো প্ৰাচীন লোকক লগ পালে তেওঁ পুৰণি কথা বৰ আগ্ৰহেৰে শুনিছিল। কামৰূপৰ সুন্দৰীদিয়াৰ অভিৰাম বৰুৱা নামে এজন লোক আছিল। বৃটিচ্ গবৰ্ণমেণ্টে অসম দেশ জয় কৰাৰ পাচত এওঁ বৰ প্ৰতাপী আছিল৷ পাচে দুৰ্দ্দশাগ্ৰস্ত আৰু ব্যাধিগ্ৰস্ত হৈ গুৱাহাটীত আছিল। তেওঁ বৰ উচিতবক্তা আৰু নিৰ্ভয়চিত্ত আছিল। সদাই ফুকনৰ তালৈ গৈছিল। পৰশুৰাম বৰুৱাৰ দিনৰ তামুলী নদুৱাৰৰ যোগাই ঠাকুৰে তেওঁৰ পুত্ৰ তুলসীক লৈ ফুকনকে চাবলৈ গুৱাহাটীলৈ গৈছিল। এওঁ- বিলাকৰ মুখে ফুকনে প্ৰাচীন কথাশুনি বৰ তৃপ্তি পাইছিল। [ ৬৫ ] ভিতৰত ঘৈণীসকলৰ মুখেও তেওঁ আগৰ দিনৰ কথা শুনিছিল। ফুকনে যেতিয়া এইৰূপে কথা শুনে তেতিয়া আন কথাকো চিন্তা কৰে, সেইকাৰণে সময়ে সময়ে কোৱা কথাকো আকৌ কব লাগে। কেতিয়াবা তেওঁ এনেৰূপে কথা ভাবি থাকে যে মানুহে কোনো কথা কলেও কোনোৱে তাৰ উত্তৰকে নেপায় আৰু কোনোৱে “হোঁ” মাত্ৰ উত্তৰ পায়। কেতিয়াবা কোৱা কথাকো দুনাই তেওঁৰ আগত কলেহে হয়। এদিন অতিৰাম বৰুৱাই ফুকনৰ আগত কোনো প্ৰাচীন কথা কৈছিল। সেই কথা শেষ হল। ফুকনে আন কথা ভাবি থাকোঁতেই শেষ ভাগলৈ কাণ নকৰিলে। কিছুমান বেলিৰ পাচত ফুকনে শুধিলে “পাচে”। অতিৰাম বৰুৱাই কলে “তাৰ পাচে আৰু পিঠি”। এই কথাত ফুকনে বৰকৈ হাঁহি থাকিল। তেওঁৰ এনে অন্যমনস্ক স্বভাৱৰ দ্বাৰাই এনেটো ঠাৱৰ হয় যে তেওঁ তেওঁৰ ভবিষ্যৎ জীৱনৰ বিষয়ে কেতবিলাক কথা লক্ষ্য কৰি সদায় তাকে মনত আলোচন৷ আৰু চিন্তা কৰিছিল। সেই কাৰণেহে এনে ঘটনা ঘটিছিল।

 ফুকনে তেওঁৰ পিতৃ পিতামহৰ আৰু প্ৰপিতামহৰ শ্ৰাদ্ধ কৰিছিল। কন্যাগত অপৰ পক্ষত প্ৰতিদিনে তৰ্পণ আৰু ভূজ্যোৎসৰ্গ কৰি মহালয়াৰ দিনা পাৰ্ব্বন-শ্ৰাদ্ধ কৰিছিল। নবান্নৰ শ্ৰাদ্ধ বা ভূজ্যোৎসৰ্গ কৰিছিল৷ আগৰ কালৰ যি- বিলাক বাৰ্ষিক কৃত্য সকলোবিলাক যথানিয়মে হৈছিল। ঘৰৰ বিগ্ৰহ গোপালৰ পূজা এমাহ বৰ ফালৰ আৰু এমাহ সৰু ফালৰপৰা হৈছিল।

 ফুকনক সকলো বিচাৰকসকলে সভ্ৰম কৰিছিল। আমাৰ দেশৰ লোকসকলৰ এনে বিশ্বাস আছিল যে ফুকনৰ দ্বাৰাই বিচাৰকসললক খাটনি কৰিব পাৰিলে কাৰ্য্য সিদ্ধি কৰিব পাৰিব। এই বুলি অনেকেই তেওঁক সেই কাৰণে [ ৬৬ ] খাটিছিল। খাটনি তেওঁ নীচেই ভাল নাপাইছিল। সেই কাৰণে তেওঁ সকলোকে সেইৰূপ কৰিবলৈ অসমৰ্থ বুলি কৈছিল। কিন্তু স্বাৰ্থ সাধন কি ভয়ানক! তথাপি তেওঁলোকে বিৰক্ত কৰিবলৈ নেৰিছিল। তেওঁ কেতিয়াও লোকৰ সেই প্ৰাৰ্থনা সিদ্ধ কৰা নাছিল। সকলোকে বাৰম্বাৰ তেওঁৰ অসমৰ্থতা বুজাইছিল। আৰু কাকো বা ভালকৈ তাৰ অনাৱশ্যকতাকো বুজাই দিছিল। কিয়নো কোনোৱে এনে কথাৰো খাটনিৰ প্ৰত্যাশা কৰে যাতে কোনো খাটনি নালাগে কাৰ্য্যানুৰোধে এনেই হয়।

 স্কুলৰ ছাত্ৰসকল সদাই ফুকনৰ তালৈ গৈছিল। সেই সকলক তেওঁ বৰ উৎসাহ দি পঢ়িবলৈ কৈছিল। তেতিয়াও ইংৰাজী বিজাতীয় অপৰ ভাষা বুলি লোকৰ বিশ্বাস আছিল। সেইকাৰণে বঙ্গলা স্কুলত ইংৰাজী স্কুলতকৈ ছাত্ৰ সংখ্যা অধিক আছিল। তেতিয়াৰ লোকৰ এনে ভাব আছিল যে অল্পমান বঙ্গলা লেখা-পঢ়া জানি কাণত কলম লৈ কাছাৰীত দৰখাস্ত ইত্যাদি লেখিব পাৰিলেই হয়। ভাল ভাল লোকৰ লৰাবিলাকে কাছাৰীত “উমেনদওয়াৰী” কৰিছিল। প্ৰায় সকলো চিৰস্তাতে আমলাতকৈ উমেনদওয়াৰবিলাকৰ সংখ্যা অধিক আছিল। এইসকল উমেনদওয়াৰে প্ৰতি দিনে কাছাৰীৰপৰা ঘৰলৈ আহোঁতে কিছু কিছু অৰ্থও উপাৰ্জন কৰি আনিছিল। এইৰূপ উমেনদওয়াৰ শ্ৰেণীৰ প্ৰতি ফুকনৰ বৰ অভক্তি আছিল। সকলোকে তেওঁ এই বৃত্তি অতি হীন বুলি কৈছিল।

 পাৰ্চী ভাষা নাজানিলে লোক সম্পূৰ্ণ শিক্ষিত নহয়। ভদ্ৰ সমাজত আলাপ কৰোতে পাৰচী ভাষাৰ দুটী এটী ‘বয়েদ’ পদ্য পাঠ কৰা তেতিয়াও বৰ আদৰণীয় আছিল। পাৰচীৰ কাব্য বৰ মধুৰ আৰু ৰসযুক্ত। মানুহক বৰ আমোদী আৰু সভাসুন্দৰ কৰে। ফুকনেও কিছুদিন পাৰচী আৰু উৰ্দ্দু এজন [ ৬৭ ] মূনচীৰ মুখে পঢ়িছিল। পাৰচীৰ গুলিস্তান আৰু ৰোৱৈস্তান পৰ্যন্ত পঢ়িছিল। আৰু পন্দেনামাৰ পদ্যবিলাক প্ৰায় সম্পূৰ্ণ কণ্ঠস্থ আছিল। পূৰ্ব্ব বজালী পৰগণাৰ গোপীনাথ চৌধুৰী নামে এজন লোক আছিল। তেওঁ বৰ তান্ত্ৰিক আছিল। ফুকনে এওঁৰ মুখে কিছুদিন তন্ত্ৰসাৰ পঢ়িছিল। তেতিয়া খৰালি গুৱাহাটীলৈ উথলীৰ চন্দ্ৰকুমাৰ গোস্বামী আহি প্ৰায় ৰবিবাৰে ঘৰে ঘৰে গোঁসাই কীৰ্ত্তন কৰি অনেক টকা বছৰি লৈ গৈছিল। আৰু সময়ে সময়ে ভাটীৰপৰা যাত্ৰাওৱালা আহি কোনো কোনো লোকৰ ঘৰত গান কৰি ধন উপাৰ্জ্জন কৰিছিল। ফুকনে এই কীৰ্ত্তনীয়া আৰু যাত্ৰাৱালাৰো গীত ঘৰত কৰাইছিল। সকলোৱে আহি তেওঁৰ ঘৰত হোৱা গানত টকা দিয়ে আৰু তেঁৱো প্ৰায় সকলোৰে ঘৰৰ নিমন্ত্ৰণ ৰক্ষা কৰিছিল এই প্ৰণালীত গানত অৰ্থ ব্যয় তেওঁ ভাল নেপালেও আৰু নিজৰো গীত বাদ্যত শ্ৰদ্ধা নাথাকিলেও সমাজ ৰক্ষাৰ কাৰণে তেওঁ এইসকল কাৰ্য্যত উৎসাহ দিব লাগিছিল।

 সেই সময়ত আমাৰ মানুহে ডাক্তৰৰ ঔষধ নাখাইছিল। তেতিয়া শীতল সিংহ নামে এজন নেটিব ডাক্তৰ গুৱাহাটীত আছিল। তেওঁ হিন্দুস্থানী মানুহ৷ পল্টনৰ ডাক্তৰ আছিল। ফুকনে এওঁক চিকিৎসাত ভাল পাই পৰিবাৰৰ ডাক্তৰ কৰিলে। তেওঁৰ নৰিয়৷ নাছিল। তথাপি অল্প নৰিয়াতে মতাই আনি শীতল সিংহৰ ঔষধ খাইছিল আৰু ঘৰৰ আনৰ নৰিয়াতো তেওঁৰ দৰৱ ব্যৱহাৰ কৰিছিল। এবাৰ তেওঁৰ এটা টান বিস্ফোটক হয়; শীতল সিংহে ঔষধ আৰু অস্ত্ৰ ক্ৰিয়াৰ দ্বাৰাই ভাল কৰে। বলৰাম ফুকনেও পৰাশুৰাম বৰুৱাইও এই ডাক্তৰকে স্বীকাৰ কৰিলে। ক্ৰমে লোকৰ ডাক্তৰী ঔষধৰ প্ৰতি শ্ৰদ্ধা জন্মিল আৰু অনেক নৰিয়াত শীতল সিংহৰ পৰামৰ্শ আৰু ঔষধ লবলৈ ধৰিলে।

[ ৬৮ ]  ফুকনে ব্লাণ্ড পাদ্ৰী চাহাবৰ মুখে পঢ়িছিল৷ চাহাবে প্ৰতি ৰবিবাৰে গুৱাহাটীৰ গিৰজাত উপাসনা কৰিছিল৷ ফুকনে কোনো কোনো ৰবিবাৰে গিৰজাৰ উপাসনা চাবলৈকো গৈছিল। কিন্তু লোকে তেওঁক বিধৰ্ম্মী বোল৷ নাছিল। তেওঁৰ মত এই আছিল যে উপাসনা দৰ্শন কৰাত একো হানি নাই। ফুকনে কাচাৰীলৈ কাৰ্য্য শিক্ষাৰ নিমিত্তে যাবলৈ ধৰিব লগীয়া হোৱাত তেওঁৰ কাছাৰীৰ পোচাক পৰিবৰ্ত্তন হল। টুপীৰ পৰিবৰ্ত্তে আমোলা পগুৰী হল। গাত ভাঁজ দিয়া চেলেঙ্গ, আৰু কেতিয়াবা আঙ্গা আৰু কেতিয়াবা চাপকন আৰু পাজামা ব্যৱহাৰ কৰিবলৈ ধৰিলে৷ এই পৰিবৰ্ত্তনৰ আন কাৰণতকৈ এইটোহে প্ৰধান কাৰণ বোধ হয় যে কাছাৰীত তক্তাপোচত বহিব লাগে আৰু জোতা মাটীত থব লাগে। পেণ্টলুনৰ দ্বাৰাই সেই কাৰ্য্য সুবিধাৰ নহয়, এই কাৰণে তেওঁ সেই পোচাক পৰিবৰ্ত্তন কৰি উপযোগী পৰিচ্ছদ ব্যৱহাৰ কৰিলে।

[ ৬৯ ]
 

তৃতীয় অধ্যায়

 এই পৰ্য্যন্ত আনন্দৰাম ফুকনে পৈত্ৰিক সম্পত্তিৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল। উৎপন্ন নহলে ব্যয় দণ্ডস্বৰূপ। বিশেষ তেওঁ যেনে বংশৰ লোক আৰু যেনেৰূপে সমাজত চলিব লাগে সেই- ৰূপ ব্যয় নিৰ্ব্বাহ হোৱা ক্ৰমে কঠিন হল অথচ তেওঁৰ ব্যয় ক্ৰমশঃ অধিক হবলৈ ধৰিলে। তেওঁ সদাই পৰিমিতাচাৰী আৰু পৰিমিতব্যয়ী। কোনে৷ প্ৰকাৰ অপব্যয় তেওঁৰ নাছিল আৰু নকৰিছিল। নিজে মুঠ হিচাব ৰাখিছিল। খাত খমাৰৰপৰা ধান আৰু আন আন অনেক বিষয়ে সাহায্য হৈছিল। কিন্তু তেনে সুবিধাৰে নহৈছিল। তেওঁৰ পিতৃজনাও বৰ দানশীল আছিল; সেইদেখি নগদ সম্পত্তি বিস্তৰ থৈ যাব নোৱাৰিলে। যি এখানি গোলা আছিল তাৰো কাৰবাৰ গুচিল। এই কাৰণে তেওঁ কিঞ্চিৎ অসুবিধা সহ্য কৰিবলৈ ধৰিলে।

 সেই সময়ত কোনো কোনো পৰগণাৰ মৌজাদাৰ বা চৌধুৰী- সকলে প্ৰজাৰ ওপৰত বৰঙ্গনি কৰি ধন লৈছিল। ইয়াৰ মাটি তাক দি, ইয়াক বিষয়া ভাঙ্গি তাক পাতি আৰু অকাৰণে মানু- হৰ দোষ উলিয়াই তাক দণ্ড কৰি কোনো কোনো চৌধুৰীয়ে প্ৰজাক পীড়া কৰিছিল। এই নিমিত্তে সময়ে সময়ে পৰগণাৰ প্ৰজাসকলে কোনো একোজন বা দুজন মুখ্য লোক লৈ চৌধুৰীৰ ওপৰত ৰাইজ উঠি গুৱাহাটীলৈ আহি গোচৰ কৰে। কেতিয়াবা [ ৭০ ] আকৌ কোনো কোনো চৌধুৰীয়ে পিয়লত প্ৰজাই ভঙ্গা মাটি চাপাচী বা গোপন কৰি গবৰ্ণমেণ্টক বঞ্চনা কৰে। কৰ্ত্তৃপক্ষ- সকলে অনেক সময়ত বৰ অসুবিধা পাইছিল। এজন নব্য সম্প্ৰ- দায়ৰ উন্নত স্বভাৱৰ লোকক জিম্মাদাৰ কৰিলে নো কেনে কাৰ্য্য হয় তাক তেওঁবিলাকে চাবলৈ ইচ্ছা কৰিলে। মেথী আৰু জেন- কিনচ চাহাবে ফুকনক পৰগণাৰ জিম্মাদাৰ হৈ বিষয়ত প্ৰবৃত্ত হবলৈ পৰামৰ্শ দিলে। তেওঁৰ যি লক্ষ্য ব্যৱসায় আছিল তাৰো জিম্মাদাৰ হোৱাৰপৰা বহু শিক্ষাৰ সম্ভৱ আছিল। প্ৰজাবিলাকৰ অৱস্থা জনা মাটিৰ স্বত্ব জনা, বিয়ল আৰু বন্দোবস্তৰ প্ৰণালী আৰু প্ৰজাৰ কৃষি আৰু উৎপন্নৰ অৱস্থা সকলো জ্ঞাত হোৱা আৱশ্যক৷ সেই ভাবি ফুকন পৰগণাৰ জিম্মাদাৰীপদ গ্ৰহণ কৰি- বলৈ অনিচ্ছুক নহল।

 ১৮৪৭ চনৰ আদিতে ৰঙ্গীয়াৰ মুনচেফ দিগম্বৰ বৰুৱা মৃত্যু হল। তেতিয়া বিচাৰক নিযুক্ত কৰোঁতে চৰিত্ৰ, বংশ আৰু সাধা- ৰণ কৰ্ম্মৰ যোগ্যতা মাত্ৰ দ্ৰষ্টব্য আছিল৷ কমিচনৰ চাহাবে তিনিজন মুনচেফি পদাকাংক্ষীৰ নাম লেখি থয়। পাচে পদ শূন্য হলে সেই তিনিজনৰ প্ৰথমজনক কৰ্ম্ম দিয়ে। এইৰূপে সদাই তিনিজন লোকৰ নাম ফৰ্দ্দত থাকে। এই নিয়মে খাতা পৰগণাৰ জিম্মাদাৰ ৰাধাকান্ত বৰুৱা, দিগম্বৰ বৰুৱাৰ কৰ্ম্মত মুনচেফ নিযুক্ত হল। খাতা পৰগণাৰ কৰ্ম্মত আনন্দৰাম ফুকন কামৰূপ জিলাৰ কালেক্টৰ মেং এগ্নিউ চাহাবৰ ১৮৪৭ চনৰ ২৯ এপ্ৰেলৰ ১১২৩ নং হুকুম মতে জিম্মাদাৰ নিযুক্ত হল। তেওঁৰ প্ৰতি এই আজ্ঞা হল যে পৰগণাত নিযুক্ত থকা বিষয়াসকলৰ দ্বাৰাই ৰায়তলোকৰ- পৰা খাজনা “ওয়াচিল তহচিল” কৰি নিৰুপিত কীস্তিমতে চৰকাৰত আদায় কৰিব। ৰায়তবিলাকক কোনো বিষয়ে “জুলুম বদিয়ত” অত্যাচাৰ নকৰিব আৰু হুজুৰৰপৰা যেতিয়া যি আজ্ঞা হয় তাক প্ৰতিপালন কৰিব। এই নিয়োগত সকলোৱে সন্তোষ পালে।

[ ৭১ ]  ফুকনে খাতা পৰগণা পাই নিয়মমতে কাৰ্য্য কৰিবলৈ ধৰিলে। তেতিয়াৰ পৰগণাৰ চৌধুৰীবিলাকৰ অনেকেই বহুদিনীয়া পুৰাতনীয়া কামৰূপী চৌধুৰী বংশৰ। সেইসকল বৰ মান্যৱন্ত আছিল, আৰু প্ৰজাসকলৰপৰা বৰ সম্ভ্ৰম পাইছিল। তেওঁবিলাকে বৰজাপি ধৰি কাছাৰিলৈ গৈছিল আৰু লগত ধোঁৱাখোৱা বা হোকা নিয়া, জুই নিয়া, লোটা নিয়া, থঙ্গা নিয়৷ নিৰ্দ্দিষ্ট লোক আছিল। চৌধুৰীবিলাক পৰগণাৰপৰা ঘৰলৈ আহিলে দোলাৰে আহিছিল আৰু লগত অনেক লোক লৈ আহিছিল। এইসকল লোকে কোনেও নগদ বেতন নাপাইহিল। এপুৰা দুপুৰা মাটিৰ খাজনা ক্ষমা পাইছিল, সেই হেপাহতে এইবিলাক কাৰ্য্য কৰিছিল। ফুকন চৌধুৰী হবৰপৰা খাতা পৰগণাৰ প্ৰজাৰ সেই ভাৰ গুচিল। তেওঁ অকাৰণে কোনো বিষয়াৰ বিষয় নুগুচালে। শীঘ্ৰে শীঘ্ৰে খাজনা আদায় হল। প্ৰজাবিলাকৰ যি আপত্তি তাক নিজে সুধি মীমাংসা কৰিছিল। পূৰ্ব্বে কাগজপত্ৰ ৰখাৰ বিশেষ প্ৰণালী নাছিল৷ তেওঁ তাৰ প্ৰণালী লগাই দিলে। প্ৰজাসকলে যেতিয়া চৌধুৰীৰ আগলৈ যায় তেতিয়া কোনো বস্তু বা ভাৰ লৈ যায় আৰু বিহুৱে সংক্ৰান্তিয়েও সেইৰূপ “নজৰ” দিয়ে। অনেকে আকৌ কুলি বেগাৰৰপৰা ক্ষমা পাবলৈ ভাল মানুহ হবৰ নিমিত্তে উপঢৌকন দিয়ে। ফুকনে এইবিলাকত উৎসাহ নিদিছিল। সকলোৱে তেওঁৰ ওপৰত সন্তোষ হল। ফুকনে কোনো বেয়া কাৰ্য্য কৰেনে তাক চাবলৈ অনেকে পুৰুষাৰ্থ কৰিছিল। কিন্তু কোনেও দোষ ধৰিবলৈ বিশেষ সুযোগ নাপালে এই কাৰ্য্য কৰোঁতে তেওঁ আইন শিক্ষাৰ প্ৰতি অথবা নিৰ্দ্দিষ্ট নিয়মিতকাৰ্য্যৰ প্ৰতি একে অবহেলা কৰা নাছিল। ‘অসমীয়া লৰাৰ মিত্ৰ' ৰচনা কৰোঁতে তেওঁ এই সময়তে বিশেষ সুযোগ পাইছিল।

 পৰগণাৰ জিম্মাদাৰী কৰ্ম্ম এক প্ৰকাৰ গ্ৰাম্য কাৰ্য্য; ফুকনৰ উন্নত মনত সেই কাৰ্য্য বৰ ভাল নাপালে। জেনকিনচ্ চাহাবৰ [ ৭২ ] এজেন্টী অফিচত এজন তজমানবীচ বা অনুবাদক থাকে। বিচৰ নামে এজন চাহাব তেতিয়া তজমানবীচ আছিল। বেপাৰৰ নিমিত্তে তেওঁ কৰ্ম্ম এৰিব খোজাত ৰবৰ্ট বিচৰ চাহাব সেই কৰ্ম্মত নিযুক্ত হৈছিল। তেওঁ কৰ্ম্ম নকৰিলে দেখি আনন্দৰাম ফুকনে সেই কৰ্ম্ম পাবলৈ অভিলাষ কৰি জেনকিনচ্ চাহাবত প্ৰাৰ্থনা কৰিছিল। জেনকিনচ্ চাহাবে তেওঁক এইবুলি আশ্বাস দিলে যে, যদি পদ শূন্য হয় তেওঁ সেই পদ পাব। পাচে পদ শূন্য নহল। এই পদৰ কাৰ্য্যৰ দ্বাৰাই দেশীয় বিদেশীয় অনেক কথা শিক্ষা কৰিব পাৰি। এই কাৰণেই ফুকনৰ সেই কাৰ্য্যৰ প্ৰতি ইচ্ছা হৈছিল। ব্যাপক বিষয় জ্ঞান আৰু শিক্ষা তেওঁৰ বৰ প্ৰিয় ইচ্ছা আছিল। কিয়নো এনে ব্যাপকতা নহলে জন- সমাজত লোক আকৰ্ষক হব নোৱাৰে।

 মেথী চাহাব এই দেশৰ প্ৰধান বন্ধু। দেশীয় লোকৰ উন্নতিৰ প্ৰতি তেওঁৰ সদাই দৃষ্টি৷ ইয়াৰ পূৰ্ব্ব বৎসৰত গবৰ্ণমেণ্টৰ এখন ষ্টীমাৰ (ধোঁৱাৰ জাহাজ ) গুৱাহাটীলৈ আহে। অসমীয়া লোক- সকলক তেওঁ জাহাজৰ সকলো কল দেখুৱাই জাহাজত তুলি এদিন ইফাল সিফাল কৰি ফুৰাইছিল। আনন্দৰাম ফুকনো সেই লগতে ফুৰিছিল৷ এই বৎসৰৰ শীতকালত মেথী চাহাব কলিকতালৈ যাবলৈ ওলাল। তেওঁৰ লগত নলবাৰীৰ মুনচেফ জগন্নাথ বৰদলৈ আৰু সেই চাহাবৰ চিৰস্তাৰ আমোলা ব্ৰজনাথ ফুকন আৰু গোবিন্দৰাম শৰ্ম্মা যাবলৈ উদ্যত হল। মেথী চাহাবে এই কেইজনক নিজ খৰচেৰে কলিকতা মহানগৰ দেখুৱাবলৈ নিবলৈ সন্মত হল। জগন্নাথ মুনচেফে তিনিমাহৰ বিদায় পাবলৈ প্ৰাৰ্থনা কৰিলে। মেথী চাহাবে নবেম্বৰ মাহৰ আদিতে ফুকনলৈ এই বুলি চিঠি লেখিলে যে তেওঁক সেই মুনচেফেৰ একটীনী কৰিবলৈ তেওঁ মনোনীত কৰিছে। মুনচেফী পদাকাঙক্ষীসকলৰ মাজত ফুকনৰ নাম প্ৰথম আছিল। চাহাবে ইয়াকো লেখিলে [ ৭৩ ] যে বেতন যদিচ সামান্য তথাপি তাৰ প্ৰতি চাব নেলাগে কিয়নো অতি অল্প দিনৰ নিমিত্তে হলেও মুনচেফীৰ একটীন কৰিলে আগলৈ চিৰস্থায়ী আৰু ভাল কৰ্ম্ম পোৱাৰ সময়ত বৰ উপকাৰক হব। শেষত চাহাবে ইয়াকো লেখিলে যে সেই পত্ৰৰ উত্তৰ পাবলৈ আশা কৰিলে, কিয়নো যদি ফুকন সেই প্ৰস্তাৱত সন্মত হয় তেন্তে আৱশ্যকীয় আজ্ঞা প্ৰচাৰ কৰিব লাগিব।

 তেতিয়া খাজনা আদায় কৰিব সময়। ফুকন খাতা পৰগণাত আছিল। চাহাবৰ সেই চিঠি পাই তেওঁ চাহাবৰ প্ৰস্তাৱত সন্মত হৈ সকৃতজ্ঞ চিত্তে উত্তৰ লিখিলে। যি কথা চাহাবে লিখিছিল তাত অমান্তি হবৰ একো কাৰণ নাছিল। ফুকন গুৱাহাটীলৈ আহিল। গুৱাহাটীৰ তেতিয়াৰ প্ৰধান এচিষ্টেণ্ট কমিচনৰ ডাল্টন চাহাবে ১৮৪৭ চনৰ ১৬ নবেম্বৰ তাৰিখে তিনি মাহৰ কাৰণে ফুকনক একটীন মুনচেফৰ চনদ দিয়ে। তেওঁ সুকৃতি কৰি নলবাৰীলৈ গৈ সেই নবেম্বৰ মাহতে চাৰ্জ গ্ৰহণ কৰিলে। তেতিয়াৰ মুনচেফসকলে ৮০্ টকা বেতন আৰু চৰঞ্জামি খৰচৰ বাবে ৪০্ টকা মাসিক পাইছিল। সেই ৪০্ টকাৰে মুনচেফসকলে চিৰস্তাদাৰ, পেচকাৰ, ৰুবকাৰ-নবীচ, ডিক্ৰীজাৰী-নবীচ, ফয়চলা- নবীচ আৰু নকল নবীচ আমোলা ৰাখিছিল। আৰু তাৰ ভিতৰৰেপৰা কাগজ কলম ইত্যাদিৰো খৰচ চলাইছিল। ফুকনৰ একটীন কালৰ বেতন মাসিক ৪০্ টকা মাত্ৰ হল।

 ফুকনে চাৰ্জ গ্ৰহণ কৰি নীতিমতে মোকৰ্দ্দমা বিচাৰ কৰিবলৈ ধৰিলে। তেওঁ বৰকৈ আমোলাৰ কাকত পঢ়ালৈ নাচাইছিল। নিজেই নথী চাই বিচাৰ কৰি আজ্ঞা দিছিল। আৰু অনেক হুকুম নিজেই লিখিছিল। তেওঁ বিচাৰ কৰি প্ৰথমে যি মোকৰ্দ্দমা নিষ্পত্তি কৰিলে সেইটোত ননচুটৰ হুকুম হৈছিল। তেওঁ নতুন প্ৰণালীৰে সৰল ভাষাৰে নিষ্পতি পত্ৰ লিখিছিল। সেই সময়ত আমাৰ চিৰস্তাবিলাকত এনে নিয়ম আছিল যে ব্যাকৰণৰ প্ৰতি [ ৭৪ ] বৰ দৃষ্টি নাছিল, কৰ্ত্তা আৰু ক্ৰিয়া অনেক দূৰৈত থাকিছিল। এইসকলৰ কাৰণে বৰ মনোযোগ নিদিলে তাৰ ভাব উদ্ধাৰ কৰা টান আছিল। ফুকনে এই নিয়ম লৰাই সৰল ভাষাৰে নিষ্পত্তি পত্ৰ লিখিবলৈ আৰম্ভ কৰিলে। তেওঁৰ নিষ্পত্তি পত্ৰ বুজিবলৈ বৰ যত্ন নালাগিছিল। তেওঁৰ বিচাৰত অনেকে সন্তোষ পাইছিল। তেওঁ মুনচেফ হৈ থাকোঁতে পৰগণাৰ কাৰ্য্যকো কৰা হৈছিল। এইৰূপে নিৰ্দিষ্ট সময় কাৰ্য্য কৰি জগন্নাথ বৰদলৈ ঘূৰি আহিলত তেওঁক বিষয় গতাই ফুকন গুৱাহাটীলৈ আহিল। ফুকনৰ নিষ্পত্তি পত্ৰৰ ভাষা আৰু হেতুবাদ দেখি উকীল, আমোলা আৰু হাকীমসকল চমৎকৃত হল। যিবিলাক মোকৰ্দ্দমাৰ আপীল হৈছিল তাৰো ফল ভাল হল।

 গুৱাহাটীলৈ আহি ফুকনে পূৰ্ব্বমতে তেওঁৰ শিক্ষা আৰু কাৰ্য্য কৰিবলৈ ধৰিলে। আসামত তেতিয়া প্ৰধান এচিষ্টেন্ট, আৰু চবএচিষ্টেণ্ট এই তিনি শ্ৰেণীৰ কমিচনৰ চাহাবৰ এচিষ্টেণ্ট আছিল। জুনিয়ৰ এচিষ্টেণ্টসকল চিহ্নিত মিলিটাৰী বা সৈন্যদলৰ পৰা নিয়োজিত হৈছিল। সেইসকলেই উন্নতি লাভ কৰি প্ৰধান এচিষ্টেণ্ট হয়। চব-এচিষ্টেণ্টসকল অচিহ্নিত কৰ্ম্মচাৰী। তেতিয়া দেশীয় কোনো লোক এই পদত নাছিল। চব এচিষ্টেণ্ট পদৰ প্ৰাৰ্থকসকলক কমিচনৰ চাহাবে কমিটী নিযুক্ত কৰি পৰীক্ষা লোৱাই আৰু সেই কমিটীৰ পৰীক্ষাত উত্তীৰ্ণ হলে কমিচনৰ চাহাবৰ মনোনীত মতে গবৰ্নমেণ্টে নিয়োগ কৰে। এই চবএচিষ্টেণ্ট কৰ্ম্মৰ পৰীক্ষা দিবৰ অভিপ্ৰায়েৰে তেওঁ আইন বৰ যত্নেৰে শিক্ষা কৰিছিল। তেওঁ ভাবিছিল যে, যদি আসামত সুবিধা নহয় বঙ্গদেশত পৰীক্ষা দি সেই শ্ৰেণীৰ পদ গ্ৰহণ কৰিব।

 ১৮৪৮ চনৰ চেপ্তেম্বৰ মাহত বৰপেটাৰ মুনচেফ কীৰ্ত্তিনাথ খঙ্গীয়া ফুকনে দশহৰাৰ বন্ধ এৰি ছ-মাহৰ বিদায় গ্ৰহণ কৰাত নলবাৰীৰ মুনচেফ জগন্নাথ বৰদলৈ বৰপেটালৈ বদলি হল। [ ৭৫ ] নলবাৰীত আনন্দৰাম ফুকন পূৰ্ব্বৰ দৰে একটীন মুনচেফ নিযুক্ত হল। এই বৎসৰৰ শীতকালত পুনৰায় ফুকন নলবাৰীলৈ গৈ পূৰ্ব্বৱতে কাৰ্য্য কৰিবলৈ ধৰিলে। বিচাৰ বিষয়ে তেওঁ এইবাৰ একটীনী কৰি আৰু নিপুণ হল। নিৰ্দ্দিষ্ট কাল কৰ্ম্ম কৰি ফুকন আকৌ গুৱাহাটীলৈ আহিল।

 ইয়াৰ পাচতে ফুকনে চব এচিষ্টেণ্ট পদৰ বিষয়ে পৰীক্ষা দিবৰ নিমিত্তে প্ৰস্তুত হৈ কমিচনৰ আৰু এজেণ্ট গবৰ্ণৰজেনেৰেল জেনকনিচ চাহাবক প্ৰাৰ্থনা কৰিলে। কমিচনৰ চাহাবে ডেপুটী কমিচনৰ মেথী চাহাব আৰু প্ৰধান এচিণ্টেণ্ট কমিচনৰ ডাল্টন চাহাবক ফুকনক পৰীক্ষাৰ নিমিত্তে কমিটী মনোনীত কৰে৷ সেই মনোনীত মতে কমিটী বহি ফুকনক পৰীক্ষা কৰে৷

 প্ৰথম। বঙ্গলা দৰখাস্ত ইংৰেজীত তৰজমা।

 দ্বিতীয়। কমিচনৰ চাহাবৰ প্ৰেৰিত এখান ইংৰেজী চিঠিৰ বঙ্গলা তৰজমা।

 তৃতীয়। মাজিষ্ট্ৰেট চাহাবৰ অফিচৰপৰা কোনো এটা নথী পাঠ আৰু তাৰ মৰ্ম্ম প্ৰকাশ কৰা।

 চতুৰ্থ। বঙ্গদেশৰ প্ৰচলিত ফৌজদাৰী দেওয়ানী আৰু ৰাজস্বৰ আইন ও আসাম কায়দাবন্দীৰপৰা দিয়া প্ৰশ্নৰ উত্তৰ লিখা।

 পঞ্চম। শিকলি আৰু কম্পাচেৰে মাটী পিয়ল কৰা আৰু টাঁৰেৰে মাটি পিয়ল কৰা আৰু নক্চা কৰা।

 এইবিলাকৰ পৰীক্ষাত আনন্দৰাম ফুকন সুন্দৰে উত্তীৰ্ণ হল। অধিকন্তু সেই কমিটীয়ে ফুকনে নলবাৰীৰ একটীন মুনচেফ থাকি নিষ্পত্তি কৰা মোকৰ্দ্দমাৰ নথীকো চাইছিল। তাতো তেওঁৰ কাৰ্য্যত সন্তোষ পালে। কমিটীয়ে এই পৰীক্ষাৰ বিবৰণ আৰু ফল কমিচনৰ চাহাবলৈ ৰিপৰ্ট কৰি জনালে। আৰু ফুকনে পৰীক্ষাত তৰজমা কৰা কাগজ আৰু প্ৰশ্নোত্তৰ আৰু নক্চা কমিচনৰ চাহাবলৈ সেই ৰিপৰ্টৰ লগত পঠোৱা হল। মেথী [ ৭৬ ] চাহাবে ফুকনক সৰুৰেপৰা জানে। ফুকনৰ বংশৰ পৰিচয় আৰু পিতৃ আৰু খুৰাৰ কাৰ্য্য, ফুকনৰ শিক্ষা সময়ৰ চৰিত্ৰ আৰু উন্নতি আৰু স্বভাৱৰ কথা আৰু খাতা পৰগনাৰ জিম্মাদাৰ আৰু নলবাৰীৰ একটীন মুনচেফ থকাত তেওঁ যেনেৰূপে কাৰ্য্য কৰিলে তাৰ কথাও সেই ৰিপৰ্টত কমিটীয়ে বাহুল্যৰূপে লিখি ফুকন যে সেই পদ পাবৰ সৰ্ব্ব প্ৰকাৰ যোগ্য ইয়াক লিখা হল। কমিচনৰ চাহাবে এই ৰিপৰ্ট পাই বৰ সন্তোষিত হল।

 বৈদিক নিয়ম মতে অনেক সংস্কাৰ কাৰ্য্য মানুহৰ কৰা উচিত। ফুকনৰ পত্নী অন্তৰাপত্য হোৱাত তেওঁ আষাঢ়ত পুংসবন আৰু সীমন্তোন্নয়ন সংস্কাৰ কৰিলে।

 ব্ৰিটিচ গবৰ্নমেণ্টে এই দেশ গ্ৰহণৰ পাচত সকলো পৰগণা আৰু মৌজা প্ৰথমে এজন ডেপুটী কালেক্টৰে পিয়ল কৰিছিল৷ তাৰ পাচে চৰ্ব্বে অফিচৰ দ্বাৰাই পুনৰায় বৈজ্ঞানিক মতে পিয়ল হৈ সীমা নিৰ্দ্দিষ্ট হৈছিল। সেই সময়ত গোৱালপাৰা জিলাত বেডফোৰ্ড চবএচিষ্টেন্ট চাহাবে পিয়ল কৰিছিল আৰু তেওঁক ডাইবৰ চবএচিষ্টেণ্ট চাহাবে সাহায্য কৰিছিল। বেডফোৰ্ড চাহাব এখান মহকুমাৰ কাৰ্য্যকাৰক আছিল। এই সময়তে লক্ষ্মীপুৰ আৰু শিৱসাগৰ জিলাৰ বেচ চাহাব আৰু ব্ৰাড চাহাব সীমান্তপাতি খামতী আৰু নগাৰ ফালে যাবলগীয়া হল। বেডফোৰ্ড চাহাব পিয়লৰ কাৰ্য্যত আবদ্ধ থকাত এজন চব এচিষ্টেণ্টৰ প্ৰয়োজন হল। সেই কাৰণে বেডফোৰ্ড চাহাব পিয়লৰ কাৰ্য্যত আৱদ্ধ থকা কালত কাম কৰিবলৈ এজন বিচাৰক আৱশ্যক হোৱাত জেনকিনচ্ কমিচনৰ চাহাবে ১৮৭৯ চনৰ ১৬ জুলাইত ১৫৫ নং চিঠিৰ দ্বাৰাই আনন্দৰাম ফুকনক চব এচিষ্টেণ্ট মনোনীত কৰি গবৰ্ণমেণ্টলৈ চিঠি লিখে। সেই চিঠিৰ লগতে পৰীক্ষক কমিটীৰ ৰিপৰ্টৰো এখান নকল পঠোৱা হয়। কমিচনৰ চাহাবে ফুকনৰ [ ৭৭ ] বংশৰ পৰিচয়, শিক্ষা উন্নতি স্বভাব চৰিত্ৰৰ বিষয়েও সন্তোষজনকৰূপে সেই চিঠিত লিখিলে। এই চিঠিৰ অভিপ্ৰায় শীঘ্ৰ সফল নহল। ১৭৭১ শকৰ ভাদ্ৰৰ ৯ তাৰিখে আনন্দৰাম ফুকনৰ পত্নীৰ এটী কন্যা জন্ম হয়। সংসাৰত এনে দেখা যায় যে পুত্ৰ হলে লোকৰ সন্তোষ হয়, কিন্তু কাৰো কাৰো মতে প্ৰথম সন্তান কন্যা হোৱাই মঙ্গলৰ চিহ্ণ। সেইটো যেই বা নহওক ফুকন কন্যা হোৱাত একনো অসুখী নহল। ঈশ্বৰে অনুগ্ৰহকৈ তেওঁক যি দিলে তাতেই তেওঁৰ সন্তোষ। এই সময়ত ফুকনৰ বয়স ১৯ বছৰ ১১ মাহ ২ দিন আৰু ফুকননীৰ বয়স ১৬ ষোল বছৰ। এই কন্যাটিৰ নাম ৰাসেশ্বৰী। পশুপতি ফুকন আৰু তেওঁৰ পত্নীৰ মৰণৰ সংবাদ যোৰহাটত তেওঁবিলাকৰ ঘৰত পাই বলৰাম ডেকা ফুকন আহি দুৰ্গাচন্দ্ৰ আৰু ব্ৰজসুন্দৰীক উজনীলৈ লৈ গল। বস্তু আৰু লাখৰাজ খাতৰ ভাৰ ফুকনৰ গাতে থাকিল। ফুকননীৰ ইচ্ছ৷ আছিল ব্ৰজসুন্দৰীৰ গুণাভিৰামে সৈতে বিবাহ হয় কিন্তু ছোৱালী সৰু লৰা পাঠাৱস্থাত থকাত তেতিয়া সেই সম্বন্ধ নঘটিল।

 আজি প্ৰায় চাৰিশ বছৰ হৈছে কোঁচবিহাৰত বিশ্বসিংহ নামে এজনা ৰজা হয়। এওঁ শিৱৰ সন্তান বুলি প্ৰাসিদ্ধ৷ এওঁৰ নৰনাৰায়ণ নামে এক পুত্ৰ কোঁচবিহাৰ আৰু কামৰূপৰ ৰজা আছিল। এই নৰনাৰায়ণ ৰজাই নীলাচল মন্দিৰ নিৰ্ম্মাণ কৰে। এই ৰজাৰ বংশৰ এজনাই গোৱালপাৰাৰ উত্তৰে বিজনীত ৰাজত্ব কৰে৷ বিজনী ৰজা নিজ বিজনীত এক প্ৰকাৰ স্বাধীন আছিল। হাবৰাঘাট ও খুটাঘাট নামে দুখান পৰগণা আছে; সেই দুখান পৰগণা মুচলমান নবাবসকলৰ অধীন আছিল। পাচে ব্ৰিটিচ গবৰ্নমেণ্টে নবাবৰপৰা ১৭৬৫ ইংৰাজী চনত বঙ্গ, বেহাৰ, উড়িষ্যা, প্ৰাপ্ত হোৱাত সেই দুই পৰগণা সম্পৰ্কে বিজনীৰ ৰজা গৱৰ্ণমেণ্টৰ অধীন জমীদাৰ হল। আমি [ ৭৮ ] যি সময়ৰ কথা লিখিলোঁ সেই সময়ত অমৃতনাৰায়ণ ভূপ বিজনীৰ ৰজা আছিল। এই অঞ্চলৰ আন আন ৰজা জমীদাৰৰ দৰে বিজনীৰ ৰজাই তেওঁৰ ৰাজত্বৰ কাৰবাৰ দেৱান আৰু আন আন আমোলাৰ দ্বাৰাই কৰাইছিল। হাবড়াঘাট আৰু খুটাঘাট পৰগনাৰ প্ৰজাসকলে সৈতে ক্ৰমে ৰজাৰ অবৰ্গ হল। ৰজাৰ অনেক ঋণ আছিল। বছৰে বছৰে সুত বাঢ়ি ক্ৰমশঃ তাৰ সংখ্যা বৃদ্ধি পাইছিল প্ৰজাবিলাকে সৈতে ভালৰূপে ভূমি বন্দোবস্ত নাছিল। অনেকে নামমাত্ৰ খাজনা দি বিস্তৰ মাটি খাইছিল। অনেকে অল্প সংখ্যক মাটি দান বা আন সূত্ৰে পাই সৰহ মাটি উপভোগ কৰিছিল৷ অনেকৰ ওপৰত অনেক দিনৰ খাজনা বাকী আছিল। ৰজাই মোকৰ্দ্দমা কৰিলে অথবা বন্দোবস্ত কৰিব খুজিলে প্ৰজাই নানা প্ৰকাৰ আপত্তি কৰে৷ উভয় পক্ষৰ মাজত মহা বিৰোধ হল। ৰজা নিৰুপায় হল। প্ৰজাৰ ফালে কেতবিলাক মানুহ হল। সেইসকলে সদাই ৰজাৰ প্ৰস্তাৱ ইত্যাদিত বাধা দিয়ে। প্ৰজাৰ পক্ষৰপৰা যি যি প্ৰস্তাৱ কৰা হয় তাক আকৌ ৰজাই কাণ নকৰে। এনে বিৰোধত গবৰ্ণমেণ্টৰ কৰ্ম্মচাৰীসকলৰো বিৰক্তজনক হল। আনন্দ- ৰাম ফুকনৰ যশ ইতিমধ্যে চাৰিওফালে বিস্তাৰিত হৈছিল। ৰজাৰ পক্ষৰ লোকসকলে আনন্দৰাম ফুকনক দেৱান পাতিবলৈ প্ৰস্তাৱ কৰিলে। ৰজাও তাতে সম্মত হল। প্ৰজা পক্ষৰ লোক সকলও এক প্ৰকাৰ অসন্মত নহল। গোৱালপাৰাৰ কালেক্টৰ আৰু আসামৰ কমিচনৰ জেনকিনচ্ চাহাবেও ফুকনক সেই কৰ্ম্ম পালে সুবিধাজনক বুলি মত দিলে। বিজনীৰ ৰজা ঘৰে সৈতে আগৰ দুৱৰীয়াৰ দিনৰেপৰা জনা শুনা আৰু ৰজাঘৰে ফুকনৰ ঘৰক টকা দিব লগীয়া আছিল। বিশেষ বিজনীৰ ৰজা দেশৰ এজন প্ৰধান লোক আৰু ৰজ৷ প্ৰজা উভয়ৰ বিৰোধ নিবাৰিব পাৰিলে নাম আৰু যশ উভয় আছে। বিজনী ৰজাৰ [ ৭৯ ] দেৱানৰ পদ এটি সম্ভ্ৰমৰ পদ। এইসকল ভাবি ফুকনে দেৱান পজদ স্বীকাৰ কৰিলে। তেওঁৰ বেতন সৰ্ব্বমোট মাসিক ২৫০্ টকা। ৰজাই এই বাৰ্ত্তা পাই বৰ সন্তোষ হল। ফুকনে ১৮৪৯ চনৰ শেষত বিজনীলৈ গল। দেবান পদৰ আশা, সোঁটা, আৰ্দ্দলী প্ৰভৃতি যিবিলাক বস্তু আৰু লোক সেইসকল তেওঁ পালে। গোৱালপাৰাত পৰশুৰাম বৰুৱাৰ দিনৰ যি কুঠি আছিল সেই ঠাইতে ফুকনে ঘৰ সজাই আৰু কুঠিকে৷ ভাল কৰি তাতে থাকিল। ৰজাক সাক্ষাৎ কৰিবলৈ বিজনীলৈ গল। ৰজাই ফুকনৰ গাতে সকলো ভাৰ পেলাই দিলে।

 ৰজাৰ নিজা আৰু পৰগনাৰ যিবিলাক কাৰ্য্যকাৰক আছিল সেইসকলৰ কাগজপত্ৰ লিখা আৰু ৰখাৰ কোনো শৃঙ্খলা নাছিল। জমা আৰু খৰচৰ হিচাপ আৰু পৰণাৰ জমাবন্দী ও ওয়াচীল তহচীলৰ হিচাব অসম্পূৰ্ণ আৰু গোলমালকৈ লিখা আছিল। যাক যি দিব লাগে তাৰ হিচাপ ভালকৈ কৰা নাছিল। টকা চালানৰ কোনে৷ ভাল নিয়ম নাছিল। যেইয়ে যেনেকৈ পাৰিছিল সেইৰূপে কৰিছিল। নিজ বিজনীৰ কাৰ্য্যৰ বিষয়েও একো শৃঙ্খলা নাছিল। ফুকনে পৰগণাৰ সকলো কাৰ্য্যকাৰকসকলক মাতি সকলোৱে সৈতে কথা বাৰ্ত্তা কৈ সকলো কথা জানিলে, পৰগণাৰ যিসকল জমা চুমাৰীৰ কাগজ আছিল তাকো চাই তেওঁ সকলো কথা বুজিলে।

 নিজ বিজনীৰ কাৰ্য্য চলাবৰ নিমিত্তে ফুকনে কেতবিলাক নিয়ম কৰি এখান নিয়মাবলী কৰিলে। তাত ৰাজস্ব, শান্তিৰক্ষা, বিচাৰ, কাৰ্য্যকাৰকসকলৰ কৰ্ত্তব্য কৰ্ম্ম, দণ্ডবিধানৰ নিয়ম আছে। এই নিয়মাবলী “ফুকন দেৱানৰ কায়দাবন্দি” নামে প্ৰসিদ্ধ। পৰগণাৰ ৰাজস্ব তহচীল কৰা আৰু মাটি পিয়ল কৰা, বন্দোবস্ত কৰা, পতিত হাবি আৰু ইশুয়োৰি মাটীৰ বন্দোবস্ত কৰা, বাকী খাজনা আদায় কৰা, জোতদাৰ সকলৰপৰা খাজনা আদায় কৰা, [ ৮০ ] জলকৰ, বনকৰ, খলজাত, গোড়কাটি, কাছাছড়াই প্ৰভৃতি মহলৰ বন্দোবস্ত কৰা আৰু খাজনা আদায় কৰাৰ নিয়ম ফুকনে পৰিপাটীৰূপ বিধান কৰিলে৷ পৰগণাত নায়েব, গোমাস্তা, মহৰী, তঙ্কি-নবীচ, জমা-নবীচ, সুমাৰ-নবীচ, তহচীলদাৰ প্ৰভৃতি কাৰ্য্যকাৰক সকলৰ প্ৰত্যেকৰ কৰ্ত্তব্য কাৰ্য্য নিৰ্দ্দিষ্ট কৰি দিলে। এই সকল নিয়ম ফুকনে গবৰ্ণমেণ্টৰ আইন আৰু চিৰস্ততাৰ নিয়মে সৈতে সমঞ্জস কৰি কৰিলে৷

 পৰগণাৰ স্থিত জমা তেতিয়া অতি কম আছিল। যি আছিল সিও অতি অনিশ্চিতৰূপে আছিল। আবাদী মাটী কিমান তাৰ নিৰ্ণয় ভালকৈ নাছিল। অনেক লোকে কোনো বিশেষ কৰ্ম্ম কৰাৰ নিয়মে ৰজাৰ মাটি ভোগ কৰিছিল। সেই সকলে সেই খাটনি কৰোঁতে শিথিল কৰিছিল। অনেকে আকৌ যিমান জমী সনন্দ মতে ভোগ কৰিব লাগে তাতকৈ সৰহ ভোগ কৰিছিল। এইবিলাক অসুবিধা নিবাৰণৰ নিমিত্তে ফুকনে দুইও পৰগণা পিয়ল কৰি ন কৈ বন্দোবস্ত কৰিব খুজিলে। অনেক ৰায়তে মাটি খাই কেইবা বছৰৰো খাজনা দিয়া নাই। সেই বাকী খাজনা আদায়ৰ বাবে যি মোকৰ্দ্দমা কৰিবৰ নিয়ম আছে সেই নিয়মে কাৰ্য্য কৰিলে বহু পলম হয়; এই দেখি সৰাসৰিৰূপে বাকী খাজনাৰ বাবে প্ৰজাৰ বস্তু ক্ৰোকৰ নিয়ম প্ৰচলিত কৰিবৰ কাৰণে ফুকনে যত্ন কৰিলে। এই বিষয়ে পৰগণাৰ প্ৰজাসকলে বিশেষ আপত্তি কৰিলে৷ গবৰ্ণমেণ্টৰ স্থানীয় কাৰ্য্যকাৰক সকলেও ৰজা আৰু প্ৰজাক মিলন কৰি ভাল বন্দোবস্ত কৰিবৰ পক্ষে চেষ্টা কৰিলে। উভয়ৰ মিলন হোৱা কঠিন হল; কাৰো মতলৈ কোনো নাহে। উভয় পক্ষে “গুজেস্তা” বা পূৰ্ব্বৰ নিয়মকে ৰাখিব খুজিলে। ফুকনৰ সকলো যত্ন বিফল হল। গোৱালপাৰাৰ কালেক্টৰ আৰু আসামৰ কমিচনৰ চাহাবৰ চিৰস্তাত উভয় পক্ষৰ মাজত সেই বিষয়ে মোকৰ্দ্দমা হবলৈ ধৰিলে। ৰজাৰ পক্ষে [ ৮১ ] ফুকনৰ নিয়মাৱলী প্ৰতিপালিত হল। কিন্তু প্ৰজাৰ আৰু ৰজাৰ মাজত মূল বিষয়ে যি বিৰোধ সেইটোৰ মীমাংসা নহল। গোৱালপাৰাৰপৰা ফুকন গুৱাহাটীলৈ আহিল। ফুকনে ইংৰাজী ভাষাৰে আৰু আদালতৰ প্ৰচলিত ভাষাৰে সৰলৰূপে নানা হেতুবাদ আৰু আইন দেখুৱাই কালেক্টৰ আৰু কমিচনৰ চাহাবৰ তত দৰখাস্ত দিছিল।

 ১৮৫০ চনৰ অক্টোবৰত নগাঁৱৰ চবএচিষ্টেণ্ট কমিচনৰ ষ্টুং চাহাবে চাৰিমাহৰ বিদায়ৰ প্ৰাৰ্থনা কৰিলে। কমিচনৰ চাহাবে সেই চনৰ ৪ চেপ্টেম্বৰত ২৫৫ নং চিঠিৰে গবৰ্ণমেণ্টলৈ সেই কেইমাহৰ একটীনী কৰিবলৈ ফুকনক মনোনীত কৰি পঠালে। ফুকন তেতিয়া বিজনীৰ ৰজাৰ দেৱান থকা আৰু তেওঁৰ পৰীক্ষাৰ বিষয়েও উল্লেখ কৰিলে। কমিচনৰ চাহাবে ইয়াকো লেখিলে যে যদি ফুকনে একটীনী কৰ্ম্ম নকৰে তেনে- হলে জে, ডি, ব্ৰুচ চাহাবক নিযুক্ত কৰা হব পাৰে। গৱৰ্ণ- মেণ্টৰপৰা সেই চনৰ ১৯ অক্টোবৰৰ ১২৮৬ নং চিঠিৰে ফুকনক একটীন চবএচিষ্টেণ্ট নিযুক্ত কৰিলে। ফুকনে কমিচনৰ চাহাবৰ ১৮৫০ চনৰ ৩৩১ নং চিঠিৰে গবৰ্ণমেণ্টৰ হুকুম পাই সেই কৰ্ম্ম কৰিবলৈ সন্মত হল। সেই চিঠিতে ১০ নবেম্বৰৰপৰা চাহাবৰ বিদায় মঞ্জুৰৰ বিষয়ে লিখা হৈছিল। নিয়োগ পত্ৰ পাই ফুকনে খেল নাওৰে নগাঁওলৈ আহি ১১ নবেম্বৰত কৰ্ম্মৰ ভাৰ গ্ৰহণ কৰিলে। তাৰ পাচতে নগাঁও জিলাৰ প্ৰধান এচিষ্টেণ্ট কমিচনৰ বট্লৰ চাহাব নগা পৰ্ব্বতলৈ যাবলগীয়া হোৱাত ফুকনক জিলাৰ ত্ৰেজুৰী আৰু চলিত কৰ্ম্মৰ ভাৰ দিলে। নগাঁওত ফুকন চাৰ্কিট বঙ্গলাত থাকিল। কিন্তু তাৰ ওচৰতে সৰু সৰু কেইটামান ঘৰ সজাই তাতে খোৱা শোৱা কৰিছিল। বঙ্গলাত কেৱল পুৱা গধূলা বহি লিখা পঢ়া কৰিছিল। ফুকনৰ ভনীয়েক জখলা- বন্ধা-সত্ৰৰপৰা আহি ফুকনৰ লগতে কিছুদিন আছিল। যদিচ ফুকন [ ৮২ ] এই কৰ্ম্মত এই প্ৰথম প্ৰবেশ কৰিলে তথাপি তেওঁ অনায়াসে কৰ্ম্ম কৰিব পাৰিছিল। ইমান দূৰৈৰপৰা ফুকনে যিমান পাৰিছিল তিমান বিজনীৰ ৰজাৰ কাৰ্য্যৰ সহায়তা কৰিছিল। জানুৱাৰী মাহৰ আদিতে বটলৰ চাহাব নগা পৰ্ব্বতৰপৰা আহি ফুকনৰ পৰা জিলাৰ ভাৰ গ্ৰহণ কৰিলে। ইয়াত অনেক কুটুম্ব আৰু পূৰ্ব্ব পৰিচিত লোকসকলে সৈতে সাক্ষাৎ হৈছিল। কৰ্ম্ম তেওঁ একপ্ৰকাৰ সুখ্যাতিৰে কৰিলে। তিনিমাহ কৰ্ম্ম কৰি ফেব্ৰুৱাৰী মাহত ফুকন গুৱাহাটীলৈ গল। ইয়াৰ পূৰ্ব্বেই গোৱালপাৰাৰ চবএচিষ্টেণ্ট ড্ৰাইবৰ চাহাবে ডাক্তৰৰ চাৰ্টিফিকেট লৈ বিদায় লোৱাত ফুকন সেই চাহাবৰ কৰ্ম্মত একটীন নিযুক্ত হোৱাত তেওঁ গোৱালপাৰালৈ গল। গোৱালপাৰাৰ জামীৰা পৰগণা তেতিয়৷ চৰ্ব্বে পিয়ল হৈছিল। তাৰ চাঁদৰচড় নামে গাঁওৰ কেত- বিলাক গুৱালে সৈতে চৰ্ব্বে আফিচৰ কেতবিলাক মানুহৰ কিলা- কিলি হুৰামূৰাৰ মোকৰ্দ্দমা লাগে। সেই মোকৰ্দ্দমা অনুসন্ধান কৰিবলৈ ফুকন প্ৰেৰিত হল! তেওঁ তালৈ গৈ উত্তমৰূপ অনু- সন্ধান কৰি মাজিষ্ট্ৰেট চাহাবলৈ কাকত পঠালে। ৰঙ্গামটীয়া প্ৰতাপচন্দ্ৰ বৰুৱাৰ ঘূল্লা পৰগণাৰ প্ৰজাবিলাকে জমীদাৰে সৈতে বন্দোবস্ত বিষয়ে আপত্তি কৰাত মহা বিৰোধ হয়। সেই বিৰোধৰ অনুসন্ধানৰ ভাৰ ফুকনৰ ওপৰত অৰ্পিত হল। গোৱালপাৰা পুলিচৰ মহৰী ইম্তাজদ্দীন আৰু শ্যামাচৰণ মুকুৰ্য্যা নামে এজন আমোলা লৈ ফুকনে বিৰোধৰ প্ৰধান স্থল কালতোৰালৈ গল। তাত অনুসন্ধান শেষ কৰি ফুকন গোৱালপাৰালৈ আহিল। ড্ৰাইবৰ চাহাব পুনৰায় গোৱালপাৰালৈ অহাত তেওঁক চাৰ্জ্জ দি বিজনীৰ ৰজাৰ কিছু কাৰ্য্য কৰি তেওঁ বৈশাখত গুৱাহাটীলৈ আহিল।

 ইয়াৰ পূৰ্ব্বৰ পৌষত বলৰাম ফুকনৰ মাতৃ বিয়োগ হয়। তেতিয়া আনন্দৰাম ফুকনে নগাঁওত আছিল। তেঁও নগাঁওৰ [ ৮৩ ] পৰা অহাৰ সময়তে তেঁওৰ ভনীয়েক চন্দ্ৰহাস নামে পুত্ৰে সৈতে গুৱাহাটীলৈ গল। সদৰ দেৱানী আৰু নিজামত আদালতৰ নিষ্পত্তিৰ অধিকাংশ গবৰ্ণমেণ্টৰ সাহায্যে প্ৰতিমাহে ইংৰাজী ভাষাত ছাপা হৈ সকলো আদালত আৰু সাধাৰণৰ ওচৰত প্ৰচাৰিত হৈছিল। বঙ্গলা ভাষাত সেই নিষ্পত্তি প্ৰকাশিত নোহোৱাত সাধাৰণৰ পক্ষে সেই উচ্চ বিচাৰ স্থূলৰ বিচাৰক সকলৰ নিষ্পত্তি আৰু মত জনা কঠিন আছিল। সেই অভাৱ গুচাবৰ কাৰণ আনন্দৰাম ফুকনে সদৰ দেৱানীৰ নিষ্পত্তি বঙ্গলা ভাষাত ছপাই প্ৰকাশ কৰিবলৈ ইচ্ছা কৰিলে। নগাঁওত থকাৰে পৰা তেওঁৰ এই ইচ্ছা হল। পাচে ১৮৫০ চনৰ জানুৱাৰীৰ পৰা মাসিক নিষ্পত্তি বঙ্গলা ভাষাত অনুবাদ কৰি ছাপিবৰ নিমিত্তে কলিকতাৰ ৰোজাৰিও কোম্পানীৰ তলৈ পঠালে। প্ৰথমত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ নিষ্পত্তিবিলাক ছাপা হয়। বঙ্গলা ভাষাত নজীৰ বা নিষ্পত্তি পুস্তকৰ এই প্ৰথম জন্ম। এতিয়া অনেক নিষ্পত্তি ছাপা হৈছে কিন্তু আনন্দৰাম ফুকনৰ উদ্ভবিকাশক্তি আৰু চিন্তাই তাৰ জন্মৰ মূল কাৰণ।

 বৈশাখত ফুকন যেতিয়া আহিল তাৰ অল্প পাচতে বলৰাম ফুকনৰ পত্নী বিষ্ণুপ্ৰিয়৷, নবদুৰ্গা নামে এটী কন্যা থৈ মৃত্যু হয়। ।সেই বৈশাখতে গুৱাহাটীত মাৰীভয় আৰু আৰু তাতে ১১ জ্যৈষ্ঠত গঙ্গাৰাম বৰুৱাৰ মৰণ হয়। তাৰে কিছুদিন পাচত বলৰাম ফুকনৰ বৰ টান জ্বৰ হয়। সেই সমস্ত ঘটনাত ফুকন অতি দুখিত হল। বিজনী ৰজাৰ ৰায়তৰ মাটি পিয়ল কৰা আৰু বাকী খাজনা আদায় কৰা ইত্যাদি বিষয়ে যি বিৰোধ সেইটো স্থানীয় কাৰ্য্যকাৰকসকলৰ ওচৰত মীমাংসা নহল। গোৱালপাৰাৰ কালেক্টৰ আৰু আসামৰ কমিচনৰ চাহাব; দুইও বিজনী ৰজাৰ বিপক্ষে আজ্ঞা দিলে। এই কাৰণে ফুকনে কলিকতাৰ সদৰ বোৰ্ড অব ৰেবিনিউলৈ আপীল আৰজী পঠালে।

[ ৮৪ ]  যি বিষয়ে আপীল হৈছে সেইটো বৰ গুৰুতৰ বিষয়। বিশেষ স্থানীয় কাৰ্য্যকাৰকসকলৰ বিৰুদ্ধ মত। কলিকতাত অনেক বিজ্ঞ উকীল কাউঞ্চিল আৰু লোক আছে। সেইসকলে সৈতে পৰা- মৰ্শ কৰি কাৰ্য্য কৰিলে কাৰ্য্যসিদ্ধিৰ অনেক সুবিধা হবৰ সম্ভাৱনা। এই ভাবি ফুকন কলিকতালৈ যাবলৈ ওলাল। ৰজাও ইয়াত সন্মত হল। কমিচনৰ আৰু ডেপুটী কমিচনৰ চাহাবেও ফুকনক এই বিষয়ে পৰামৰ্শ দিলে।

 কলিকতা বৰ মনোৰম স্থান। সেই কলিকতালৈ যোৱাও তেওঁৰ পক্ষে বৰ সন্তোষৰ বিষয় হল। গুণাভিৰামে গুৱাহাটীৰ ইংৰাজী প্ৰথম শ্ৰেণীলৈকে পঢ়িছিল। ফুকনে তেওঁক পূৰ্ব্বৰ দৰে স্নেহ কৰিছিল। স্কুলৰ শিক্ষক এবাৰ নোহোৱাত অতি অল্পদিন শিক্ষকৰ একটীন কৰিছিল। অবস্থা নীচেই বেয়া হোৱাত কাছাৰীত কোনো কৰ্ম্ম কৰিবলৈ আশা কৰিছিল। ফুকনে কলিকতালৈ যাবলগীয়া হোৱাত গুণাভিৰামক কলিকতালৈ যাবলৈ পৰামৰ্শ দিলে। গুণা- ভিৰামেও যাবলৈ সন্তোষ মনে স্বীকাৰ কৰিলে। ফুকনে গুণা- ভিৰামক কলে বোলে “তুমি কলিকতাত পঢ়া, চব এচিষ্টেণ্ট হব পাৰিবা।” সেই সময়ত গুৱাহাটীলৈ সময়ে সময়ে গবৰ্ণমেণ্টৰ জাহাজ আহিছিল। গুৱাহাটীত মেজৰ ব্ৰুচ নামে এজন ষ্টিমাৰ এজেণ্ট আছিল। তেওঁৰ ওপৰত জাহাজত পঠোৱা বস্তু নিয়া অভিযোগ হয়। সেই অভিযোগ গুৱাহাটীৰ মাজিষ্ট্ৰেট ডাণ্টন চাহাবে জুৰীৰ সাহায্যত বিচাৰ কৰে। সাধাৰণ মোকৰ্দ্দমাত যি জুৰী হয় সেই জুৰীৰে মোকৰ্দ্দমা বিচাৰ নহল। আনন্দৰাম ফুকন জগচ্চন্দ্ৰ মুকুৰ্য্যা প্ৰভৃতি সাত জন লোক জুৰী মনোনীত হৈছিল। বিচাৰ শেষ হলত জুৰীসকলে দোষী বুলি মত দিলে৷ তেতিয়াৰ নিয়ম মতে সেই মোকৰ্দ্দমা জুৰীৰ মতে সৈতে মাজিষ্ট্ৰাট্ চাহাবে ডেপুটী কমিচনৰ চাহাৱলৈ প্ৰেৰণ কৰাত ব্ৰুচ চাহাবৰ দণ্ড হয়। এই মোকৰ্দ্দমা বিচাৰ হৈ থাকোতে এদিন ৰাতিপুৱা ফুৰিবলৈ [ ৮৫ ] যাওঁতে ব্লাণ্ড পাদ্ৰী চাহাবে লগ পাই গুণাভিৰামক কলে বোলে ফুকনৰ আগত কবা যেন তেওঁ “তোমাৰ প্ৰতি আনে যেনে ব্যৱহাৰ কৰিবলৈ আশা কৰা, তুমিও তেনে ব্যৱহাৰ আনৰ প্ৰতি কৰা” এই উপদেশ মনত ৰাখে।

 কলিকতালৈ যাবৰ নিমিত্তে সকলো আয়োজন হল। নাও স্থিৰ হল আৰু বোজাই দিয়া হল। ফুকনৰ লগত এই কেইজন মানুহ ওলাল। গুণাভিৰাম, ৰামনাথ আৰু বীৰদত্ত নামে এজন পৰগণীয়া ব্ৰাহ্মণ, পুৱাৰাম আৰু বলৰাম নামে দুজন লগুৱা, প্ৰসন্নকুমাৰ ৰায় নামে এজন বঙ্গালী লোক আৰু বিৰহু বা টেপুৰাম নামে তেওঁৰ এজন লগুৱা। শম্ভু নামে আৰু এটা মানুহ ওলাইছিল সি মাজ বাটৰপৰা থাকিল। ১৮৫১ চনৰ ৪ চেপ্তেম্বৰ তাৰিখে (২১ ভাদ্ৰ) গুৱাহাটীৰপৰা আবেলি নাও মেলি সেই দিনা খানামুখতে থকা হল। বলৰাম ফুকনে শৰীৰৰ উপকাৰৰ নিমিত্তে বায়ু সেবন কৰিছিল৷ এই খানামুখ অতি স্বাস্থ্যকৰ ঠাই, ইয়াৰপৰা গুৱাহাটী দেখি। ইংৰাজসকলে বায়ু সেবন কৰিবলৈ ইয়ালৈ সদাই যায়। এই ঠাইতে পূৰ্ব্ব- কালত আহোমৰ সৈন্যেই মুচলমান আক্ৰমণকাৰীক বুদ্ধিৰ বলেৰে পৰাস্ত কৰিছিল। পাচ দিনা পুৱা খানামুখৰপৰা নাও মেলি অপৰাহ্ন ৫ বজাত গোৱালপাৰা পোৱা হল। তাতে সেইখান নৌকা পৰিবৰ্ত্তন কৰি আন নৌকা লোৱা হল। বিজনীৰ কাৰ্য্যকাৰসকলে সৈতে দুদিন নানা বিষয় আলোচনা কৰি নৌকা মেলি দিয়া হল৷ কেইবা দিনৰ মূৰত চিৰাজগঞ্জৰ বেড়াৰকোনা নামে ঠাইত নাওৰ মাল্লা এজন পৰিবৰ্ত্তন হয়। কলিকতালৈ যাবৰ সময়ত ফুকনে অসমীয়৷ পাগুড়ী আৰু আঙ্গ৷ চোলা আৰু পাটৰ ভঙ্গ৷ চুৰীয়া প্ৰস্তুত কৰাইছিল। চিৰাজগঞ্জত ফুকনে সেই পোচাক পিন্ধি উঠিলত কোনোৱে তেওঁক কেঁঞা কোনোৱে মান্দ্ৰাজী বুলিছিল। তাৰ পাচদিনা নাও মেলি যমুনা ভটীয়াই [ ৮৬ ] যাওঁতে ঠাইয়ে ঠাইয়ে তৰাং পানীত নাও লাগি গৈছিল। এবাৰ নাওখানা বালিচটত লাগি বুৰিবলৈ ধৰিছিল। সকলোবিলাক লোকৰ বিশেষকৈ গোৱালপাৰাৰ পৰা লগত যোৱ৷ দেবাসিংহৰ যত্নত নাও মৰা নপৰিল। যমুনাৰপৰা হুৰা সাগৰত পৰি চলন কলন বিলত পৰা যায়৷ তাৰপৰা বৰল নদীৰে গৈ চৰ্দ্দাৰ মোহনা ওলোৱা গল৷ চলন কলন বিল বৰ প্ৰকাণ্ড; তাৰ উত্তৰ- পূৰ্ব্বমুখে গলে দীনাজপুৰলৈ যাব পাৰি আৰু উত্তৰ-পশ্চিম মুখে গলে চৰ্দ্দাৰ মোহনালৈ যাব পাৰি। এই বিলৰ মাজে মাজে ওখ টাপুবিলাক। তাত গাঁও বজাৰ হাট পকী দালান সকলো আছে। খৰালি ইটাপুৰ পৰা মিটাপুলৈ খোজ কাঢ়ি যাব পাৰি। চৰ্দ্দাত এটা নীলৰ আৰু পাটৰ কুঠী আছে! মাটিৰ বহল চৰুত উঠি জোলোঙ্গাৰে একোটা বাকীৰ উঠি নাওৰ ওচৰলৈ গৈ ভিক্ষা কৰে। চৰ্দ্দাত পদ্মা নদী। এই নদী বৰ বহল। ইয়াৰ বৰ টান সোঁত আৰু ইয়াত ডুবাৰ বৰ ভয়। ইপাৰৰপৰা সিপাৰে যাব লগীয়া হলে লোকে আড়কাটী সৰু ডিঙ্গি লয়। সেই ডিঙ্গি বিলাকত দুজন মানুহ থাকে আৰু সিহঁতে নাওৰ আগে আগে গৈ বাট চিনাই দিয়ে। সেইৰূপ এখান এটকাত কেৰেয়া কৰি লৈ পুৱা নাও মেলি দিয়া হল। ৯ বজাৰ পূৰ্বব খড়ীয়া নদীত প্ৰবেশ কৰা গল। এই খড়ীয়া পদ্মাৰ এটা সোতা মাত্ৰ৷ খড়ীয়া ভটীয়াই গৈ গোৱাড়ী কৃষ্ণনগৰ পোৱা হল। তাত বোজাই নাওৰ বোজাই হিচাপে আৰু চৰণদাৰী নাওৰ দাড় হিচাপে মাচুল লয়। আৰু তাত কোনো মাচুল যোগ্য বস্তু আছেনে তাক চোৱা হয়। তাত মাচুল লোৱ৷ হল’ত ফুকন কৃষ্ণনগৰ চাবলৈ গল৷ এই কৃষ্ণনগৰ নদীয়া জিলাৰ প্ৰধান নগৰ।

 পাচদিনা পুৱা নাও মেলি ৯ বজাত গঙ্গানদী পোৱা গল। গঙ্গা বৰ ডাঙ্গৰ নদী নহয়। দুপৰীয়া কাল্না পোৱা গল। কাল্না বৰ্দ্ধমান জিলাৰ অধীন। ইয়াত বৰ্দ্ধমানৰ ৰজাৰ অম্বিকা [ ৮৭ ] গোঁসানীৰ এক বৃহৎ দেৱালয় আছে। ফুকনে এই দেৱালয় দৰ্শন কৰিলে। তাৰ পাচে নাও মেলি শান্তিপুৰৰ ওচৰেৰে ভটীয়াই যোৱা গল। পৰ্ব্বতীয়া গোঁসাইউৰুৰ ঘৰলৈ যাবৰ কাৰণে বয়ৰাৰ ঘাটত নাও চপোৱা হল। তাৰ পৰা এখান পাল্কী লৈ ফুকন শিমলা গ্ৰামলৈ গল। তাত পৰ্ব্বতীয়া গোঁসাইউৰুৰ ঘৰ। তেওঁবিলাকক তাত পৰ্ব্বতীয়৷ গোঁসাই বুলিলে কোনেও নিচিনে “আসামীয়৷ ভট্টাচাৰ্য্য” বুলিলে চিনে। পৰ্ব্বতীয়া গোঁসাই কালিদাস ভট্টাচাৰ্য্য ফুকনৰ গুৰু। ফুকন গুৰু দৰ্শন কৰি সন্তুষ্ট হল আৰু তাতে ভোজন কৰি নাওলৈ আহিল। গোঁসাইবিলাকৰ ঘৰ তাৰ আন সেই শ্ৰেণীৰ সাধাৰণ মানুহৰ ঘৰৰ দৰে। সেই ঠাইত তেওঁবিলাকৰ কেৱল ব্ৰাহ্মণ ভট্টাচাৰ্য্যৰ যি মান সেইমাত্ৰ, অধিক নাই। আমাৰ দেশৰ দৰে তেওঁবিলাকৰ অতি উৎকৃষ্ট সম্ভ্ৰম নাই। সমুদ্ৰৰ সমীপবৰ্ত্তী যিমান হোৱা যায় তিমান গঙ্গাত তিথি বিশেষে জোৱাৰ বা ভাটা হয়। শান্তিপুৰত জোৱাৰৰ সময়ত প্ৰায় চাৰি আঙ্গুলমান জলবৃদ্ধি পায়। বয়ৰাৰ ঘাটৰ পৰা নাও মেলি দি উলা, গুপ্তিপাড়াৰ মাজেৰে যোৱা হল। সুখচৰ, বাঁশবেড়ীয়া, হুগলী, নৈহাটী, চন্দননগৰ, শ্ৰীৰামপুৰ, বাৰাকপুৰ, পানীহাটী আগড়পাড়া প্ৰভৃতি গ্ৰাম গঙ্গাৰ দুফালে। ঘূশৰীত ৰাত্ৰি থকা হল আৰু তাৰ পাচ দিনা ৮ বজাত কলিকতা পোৱা হল। কলিকতা পূৰ্ব্বৱৎ জলে স্থলে জলাকীৰ্ণ। ফুকন মিৰবহৰ ঘাটৰপৰা পাল্কীত উঠি দেবাসিংহক লৈ চহৰলৈ গল। চাঁদপাল ঘাটলৈ নাও নিবলৈ আজ্ঞা দিলে। ফুকনে প্ৰথমে পটুৱাটোলাৰ তেওঁৰ বন্ধু শ্যামাচৰণ দাসৰ ঘৰলৈ গল৷ তেওঁ সপৰিবাৰে ফুকনক দেখি বৰ তুষ্ট হল। তেওঁৰ ঘৰতে সম্প্ৰতি বহা কৰা হল। নাওৰ বস্তু তোলা হলত নাও বিদায় দিয়া হল। সৰ্ব্ব মুঠে ১৮ দিনত কলিকতা পোৱা হল। শ্যামবাবুৰ ঘৰত দুদিন থাকি পুৰণা বৈঠকখানাৰ গলিৰ এটা ঘৰলৈ যোৱা হল। সেইটো [ ৮৮ ] তেনে সুবিধাৰ ঘৰ নহয়। তাৰ পাচে কলেজ স্কোয়াৰৰ ওচৰত পঞ্চানন্দটোলা গলিৰ ১২ নম্বৰ এটা বৰ উত্তম একতলা ঘৰলৈ উঠি যোৱা হল। সেই ঠাই অতি নিৰাবিলা আৰু তেঁওৰ বন্ধুসকলৰ ঘৰৰ ওচৰ, সেই কাৰণে সেই ঘৰ লোৱা হল।

 ফুকনে কলিকতা পাই কিছুদিনমান ৰজাৰ কাৰ্য্যতে ব্যস্ত থাকিল। কেৰেয়াৰ গাড়ীত অনেক খৰচ এই বুলি তেঁও এখান গাড়ী আৰু ঘোঁৰা কিনি এটা চহিচ আৰু এটা গাড়ী চলোৱা কোচমান ৰাখিলে। কিছুদিনৰ পাচত পুৱাৰাম আৰু দেবাসিংহ ওলাওঠা ৰোগত মৃত্যু হল। ফুকনে অদ্বৈত নামে এটা বঙ্গালী মানুহক চাকৰ ৰাখে আৰু এটা হিন্দুস্থান দৰওৱান নিযুক্ত কৰে। কলিকতাত সকলো বৰ মানুহৰ ঘৰতে দৰওৱান থাকে। এই দৰৱানবিলাক দুৱৰী। ইহঁতে ঘৰৰ সাৱধানো কৰে। প্ৰসন্নকুমাৰ তাৰ ঘৰলৈ যাব লগীয়া হোৱাত কলিকতাত বস্তু-বেহানি কিনিবলৈ নিমাই চাটুৰ্য্যা নামে এজন লোকক ফুকনে চৰকাৰ নিযুক্ত কৰে। [ ৮৯ ]
 

চতুৰ্থ অধ্যায়।

 প্ৰথমে ফুকনে কলিকতাত বিজনী ৰজাৰ কাৰ্য্যতে ব্যস্ত হল। সদৰ বোৰ্ড ৰেবিনুউৰপৰা কোনো ফল নদৰ্শাত বেঙ্গল গবৰ্ণমেণ্টত আৰজী কৰা হয়; তাৰপৰাও কোনো শুভ নদৰ্শাত ফুকন বৰ চিন্তিত হল। ৰজাৰ মোখ্তাৰ জয়শঙ্কৰ আৰু ভবানীশঙ্কৰ বৰ নৈৰাশ হল। ৰজাৰ প্ৰজাসকলৰ পক্ষে প্ৰেমনাৰায়ণ দেওৱান নামে এজন লোকে কলিকতাৰপৰা প্ৰজাৰ জয়, ৰজাৰ পৰাজয় ঘোষণা কৰিলে। ৰজা বৰ দুখিত হল। আৰু ফুকনলৈ বৰ নিৰাশ৷ হৈ পত্ৰ লিখিলে আৰু লিখিলে যে কোনো প্ৰকাৰ বন্দোবস্ত এটা কৰিব নোৱাৰিলে নহয়। ইতি পূৰ্ব্বে কাৰ্য্য প্ৰতুল হলে ৰজাই ফুকনক হাবৰা ঘাটৰ দিৰমা নামে এখান দুৱাৰ মোৰুচীকৈ আৰু কিছু বিশেষ অৰ্থও পুৰস্কাৰস্বৰূপ দিবলৈ স্বীকাৰ কৰিছিল। এইবিলাক কথা যেইবা নহওক তেঁও নিজে আহিও যে কাৰ্য্য প্ৰতুল কৰিব নোৱাৰিলে এইটোতে ফুকন বৰ দুখিত হল।

 কলিকতাত প্ৰসন্নকুমাৰ ঠাকুৰ নামে এজন বৰ সম্ভ্ৰান্ত লোক আছিল। তেওঁ সদৰ দেওৱানী আদালতৰ উকীল। ফুকনে সৈতে তেওঁৰ পৰিচয় আছিল। ফুকনে এখান দৰখাস্ত লিখি ইণ্ডিয়া গবৰ্ণমেণ্টত দিবলৈ স্থিৰ কৰিলে৷ প্ৰসন্নকুমাৰ ঠাকুৰে সেই দৰখাস্ত চাই দিলে। সেই দৰ্খাস্ত ফুকনে ইণ্ডিয়া গবৰ্ণমেণ্টৰ [ ৯০ ] চেক্ৰেটৰী মেজৰ হেলিডে চাহাবক দিলে আৰু বিজনীৰ বিষয়ে এইৰূপ লিখা আছিল যে গবৰ্ণমেণ্টেই প্ৰজাৰে বন্দোবস্ত কৰি দিয়ক। ফুকনৰ মুখে চেক্ৰেটৰী চাহাবে সকলো কথা শুনি বেঙ্গল গবৰ্ণমেণ্টলৈ ৰজাৰ প্ৰাৰ্থনা পুনৰালোচনাৰ বিষয়ে ইণ্ডিয়া গবৰ্ণমেণ্টৰ আজ্ঞা প্ৰেৰণ কৰে। বেঙ্গল গবৰ্ণমেণ্টত এই বিষয় বিশেষ কোনো কাৰ্য্য নহল কেবল সদৰ বোৰ্ড লৈ পুনৰায় প্ৰস্তাবিত বিষয় আলোচনাৰ নিমিত্তে পঠোৱা হল।

 সদৰ বোৰ্ড ৰেবিনুউত এই বিষয় বৰ আলোচনা হল। ফুকনে বোৰ্ডৰ মেম্বৰ, কৰি চাহাব, গৰ্ডন চাহাব, ওৰিকেটচ চাহাব আৰু চেক্ৰেটৰী বিড্ওয়েল চাহাবৰ আগত ৰজা আৰু প্ৰজাৰ অৱস্থা আৰু ন্যায় পক্ষে গবৰ্ণমেন্টে এই বিষয় হস্তক্ষেপ কৰিব পাৰে বুলি অনেক হেতুবাদ লিখি আৰু মুখেৰে কলে। স্কট চাহাব যেতিয়া কমিচনৰ আছিল তেতিয়াও এইৰূপ ঘটনা হোৱাত পৰগণা বন্দোবস্ত কৰিবলৈ ধৰিছিল। এই কথাকো বোৰ্ডত প্ৰকাশ কৰা হল। বোৰ্ডৰপৰা ফুকনে এই উত্তৰ পালে বোলে চৰকাৰৰপৰা বন্দোবস্ত কৰিব লাগিলে সৰহ দৰমহাৰে এজন চিহ্নিত বা অচিহ্নিত কাৰ্য্যকাৰক লাগিব আৰু অনেক লোক নিযুক্ত কৰিব লাগিব, সৰ্ব্বশুদ্ধ অন্যূন ৫০,০০০ টকা ব্যয় হব, তাৰ দ্বাৰাই যে ৰজাৰ কোনো লাভ হব এইটো কম, এতেকে কমিচনৰ চাহাবলৈ এই বিষয়ে জিজ্ঞাসা কৰা হওক। পাচে বোডৰ পৰা এই ৰূপেই কাৰ্য্য কৰা হল। নিৰ্ভৰসাৰপৰা এক প্ৰকাৰ আশা লৈ আহিল। ফুকনে এই বিষয়ে অনেকবাৰ বোৰ্ড আৰু গবৰ্ণমেণ্টত অনেক দৰখাস্ত দিছিল। বোৰ্ডৰ মেম্বৰ, চেক্ৰেটৰী গবৰ্ণমেণ্টৰ চেক্ৰেটৰী প্ৰভৃতিৰে সৈতে অনেকবাৰ সাক্ষাৎ কৰি অনেক কথাবাৰ্ত্ত৷ হৈছিল। তেওঁ যে কেৱল এই সকল কৰ্ম্মচাৰীৰ আগত ৰজাৰ কথা কৈছিল এনে নহয় আসামদেশৰ অনেক কথা কৈছিল। আৰু সেই চাহাবলোকে [ ৯১ ] তেওঁৰপৰা এই দেশৰ অনেক বিষয় জানিছিল। ইয়াৰ পূৰ্ব্বে স্থানীয় কাৰ্য্যকাৰকসকলৰ আৰু কোনো কোনো বিষয়ত আপীলৰ কাকত পত্ৰৰ দ্বাৰাই মাত্ৰ সেইসকলে আসামৰ সম্বাদ বুজ পাইছিল। দেশীয় কোনো লোকে দেশৰ বিষয় তেনে ডাঙ্গৰ কৰ্ম্মচাৰীৰ আগত জনোৱা নাছিল।

 ফুকনে ১৮৫০ চনৰ জানুৱাৰী আৰু ফ্ৰেব্ৰুৱাৰী মাহৰ সদৰ দেৱানী আদালতৰ নজীৰ ৰোজাৰিও কোম্পানীৰ তাত ছাপাইছিল। তাত অল্প অসুবিধা পাই মাৰ্চ্চ মাহৰ নিষ্পত্তি ব্যাপ্তিষ্ট মিচন প্ৰেচত ছপালে। এতিয়৷ ১৮৫২ চন হল। ৫০ চনৰ নিষ্পত্তি ছাপা হয় মানে পলম হব এতেকে ১৮৫২ চনৰ জানুৱাৰীৰ পৰা নিষ্পত্তি ছাপা কৰিবৰ নিমিত্তে ইচ্ছা কৰিলে। ১৮৫২ চনৰ জানুৱাৰীৰ নিষ্পত্তি ফুকনে অনুবাদ কৰিবলৈ ধৰিলে। তেওঁৰ বন্ুধ মিলিটৰী একাউণ্টেণ্ট অফিচৰ ৰাইটৰ বাবু নবীনচন্দ্ৰ ৰায়ক সেই নজীৰৰ এজেণ্ট নিযুক্ত কৰা হল। ফুকনে জানিলে গবৰ্ণমেণ্টৰ সাহায্য বিনা এই বৃহদ্ব্যাপাৰ সম্পন্ন হোৱা আৰু সাধাৰণত গ্ৰাহ্য হোৱা কঠিন। বিশেষ ছাপাত অনেক ব্যয় আৱশ্যক। যিসকল গ্ৰাহক শ্ৰেণীভুক্ত হল সেই সকলেও যে নিয়মিতৰূপে টকা দি কাৰ্য্যত সহায়তা কৰিব এনে নহয়। এই ভাবি সদৰ আদালতত সাহায্যৰ বিষয় প্ৰাৰ্থনা কৰিলে। সদৰ আদালতৰ জজ চাহাবসকলে এইটো বিবেচনা কৰিলে যে বঙ্গলা অনুবাদৰপৰা বিশেষ লাভজনক উপকাৰ নহব। বৰঞ্চ সম্পূৰ্ণ নিষ্পত্তি অনুবাদ নকৰি নিৰ্ঘণ্ট অনুবাদ কৰিলেই প্ৰচুৰ হব। প্ৰথমে জজ চাহাবসকলে এনেটো আশঙ্কা কৰিছিল যে অসমীয়া মানুহে অসম দেশৰপৰা নিষ্পত্তিৰ বঙ্গলা অনুবাদ কি প্ৰকাৰে ভালকৈ চলাব পাৰিব। ফুকনে এই বিষয় তেওঁবিলাকৰ সন্দেহ ভঞ্জন কৰিলে। তেওঁৰ দ্বাৰাই অনুবাদিত নজীৰ আৰু সেই নজীৰ সাধাৰণৰ ওচৰত কি ৰূপে গৃহীত হৈছে তাৰ নিদৰ্শনেৰে [ ৯২ ] সেই সন্দেহ ভঞ্জন কৰা হল। সদৰ আদালতৰ নিৰাশা বাক্যত ফুকন নৈৰাশ নহল। যিমান দিন সাধাৰণৰপৰা সাহায্য পোৱা যায় তিমান দিন নিষ্পত্তিৰ অনুবাদ ছাপা কৰিবলৈ অঙ্গীকাৰ কৰিলে।

 কলিকতাত থাকোঁতে ফুকনে ঘৰৰ দৰে এখোটালিত ঢলা বিছনা আৰু এখোটালিত মেজ মাচিয়া পাতিছিল। কলিকতাত তেওঁৰ যিসকল বন্ধু আছে সকলোৰে সৈতে সাক্ষাৎ কৰিলে। শ্যামাচৰণ দাস, নবীনচন্দ্ৰ ৰায় আৰু সীতানাথ ঘোষে সৈতে সদাই ঘৰত আলাপ কৰিছিল। তেওঁ সদৰ দেওৱানী আদা- লতৰ নিষ্পৃত্তি কৰি তাৰ শুদ্ধাশুদ্ধ এজন পণ্ডিতৰ দ্বাৰাই কৰোৱাইছিল। তাত চাবলগীয়া যিবিলাক ঠাই আৰু কাৰ্য্য সকলোবিলাক তেওঁ সময়ে সময়ে চালে। কলিকতাত ফুকনে প্ৰথমে কোনো ঠাইলৈ যাব লাগিলে অসমীয়া পাটৰ ধুতী, পাগুৰী, আঙ্গা, লপেটা জোটা পিন্ধি গৈছিল। আমাৰ অসমীয়া মানুহৰ অসমীয়া পৰিচ্ছদ ব্যৱহাৰ কৰাত সকলোৱে তেওঁৰ প্ৰতি অনুসন্ধান কৰিবলৈ ধৰাত তেওঁ বেয়া পাই পাজামা,, চাপকান, কাবা, অসমীয়া পাগুৰী অথবা টুপী ব্যৱহাৰ কৰিছিল। ইয়াৰ দ্বাৰাই তেওঁ ঠাইৰ আন লোকৰ লগত লগ লাগিল।

 শীতকালত কলিকতাত অনেক প্ৰকাৰ উৎসৱ হয়। নানা দেশৰপৰা লোকসকলে নানাবিধ বস্তু আনে বা দৰ্শন দেখুৱায়। কলিকতাৰ সিপাৰে শিবপুৰ নামে গাঁওৰ দক্ষিণে বোটানিকেল গাৰ্ডন বা কোম্পানিৰ বাগিচা নামে অতি উৎকৃষ্ট উদ্যানত নানা দেশৰ গছ লতা ইত্যাদি আছে। তাৰ মাজে মাজে ইটা- গুড়ী ভঙ্গাইটা বা আঙ্গাৰ দিয়া বাট। সেই ঠাইৰ সকলো গছ বৃক্ষ অতি মনোহৰ আৰু প্ৰণালীৰূপে তাত সজোৱা হৈছে। কলিকতাত “ফিমেল নৰ্ম্মেল স্কুল” বা স্ত্ৰী-বিদ্যালয় এটি আছে। [ ৯৩ ] তাৰ ছাত্ৰীসকলে ৰুমাল, টুপি প্ৰভৃতি নানাবিধ সুন্দৰ সুন্দৰ বস্তু প্ৰস্তুত কৰে। সেইসকল কোনো নিৰ্দিষ্ট দিনা কোনো নিৰ্দিষ্ট ঠাইত উলিওৱা হয়। তালৈ অনেক লোক যায় অনেকে তাক কিনে। তাৰপৰা যি উৎপন্ন হয় সেই উৎপন্ন সেই স্কুলৰ উপকাৰৰ অৰ্থে ব্যয় হয়। সেইবাৰ ১৮৫২ চনৰ ১ জানুৱাৰিত সেই মেল৷ কোম্পানিৰ বাগিচাত হয়। ফুকনে সেই মেলা চাবলৈ তেওঁৰ শিক্ষক ৰামচন্দ্ৰ মিত্ৰে সৈতে গৈছিল। চাঁদপাল ঘাটৰ পৰা নাওৰে বাগিচালৈ গল। তাত সৰু সৰু তাম্বুৰ তলত সেই মেলা হৈছিল। অনেক চাহাব আৰু কিছুমান দেশীয় ভদ্ৰলোক তালৈ গৈছিল। ৰামচন্দ্ৰ বাবুৱে ফুকনক সেইসকলৰ অনেকে সৈতে চিনাকি কৰাই দিলে। সেই ঠাইত এটা মদ খাই মতলীয়া হোৱা মানুহে বৰ বলিয়ালি কৰিছিল। তাৰপৰা বিচপ কলেজলৈ ফুকন আহিল। তাত গিৰজা আৰু কলেজ আৰু শিক্ষকবিলাকৰ আৰু ছাত্ৰসকলৰ ঘৰবিলাক চালে। আমাৰ দেশৰ সিন্দুৰাম দাস নামে এজন লোকে খ্ৰীষ্টান ধৰ্ম্ম লৈ সেই কলেজত বাস কৰি পঢ়িছিল। তেঁওৰ সৈতে তাতে ফুকনে সাক্ষাৎ কৰিলে। তাৰপৰা নাওৰে আহি লৰ্ড এলেনবৰা গবৰ্ণৰ জেনেৰেল চাহাবে গোৱালিয়াৰ যুদ্ধৰ জয় চিৰস্মৰণ কৰি- বলৈ যি স্তম্ভ নিৰ্ম্মাণ কৰিছিল সেইটো চাই ফুকন থকা ঠাইলৈ আহিল।

 কলিকতাত জাৰকালি প্ৰায় পুৱা ঘোঁৰ-দৌড় হয়। যেইয়ে জিকে পুৰস্কাৰ পায় আৰু আৰিবন্ধা ধন বা বস্তু পায়। সেই ঘোঁৰ-দৌড় কিল্লাৰ পথাৰতে হয়। যিবিলাকে ঘোঁৰা দৌড়ায় সেইসকলে গাত আটি ধৰা পোচাক পিন্ধে। এক নিৰ্দ্দিষ্ট ঠাইৰপৰা আৰু নিৰ্দ্দিষ্ট ঠাইলৈ কেইবাজনো একেলগে ঘোঁৰা ছুটিয়াই যায়। যেয়ে আগ হয় সেয়ে জিকে। তাৰ এটা ঘৰত বহিবলৈ মাচিয়া থাকে। ঘোঁৰদৌড় সমাজৰ [ ৯৪ ] মেম্বৰ বা আন যিসকলে টিকিট লয় সেইসকলে তাত বহি ৰঙ্গ চাব পাৰে। ইয়ালৈ অনেক লোক যায়। ফুকনেও সেই ঘোঁৰদৌড় চাবলৈ গৈছিল। সৰু কালত যিবিলাক ঠাইত যি যি কাৰ্য্য কৰা যায় সেইবিলাক চাবলৈ বৰ মনোৰম। ফুকন তেওঁ পঢ়া হিন্দুকলেজ চাবলৈ গৈ বৰ তৃপ্ত হল।

 কলিকতাৰ কিল্লাৰ পথাৰত জেনেৰেল অকটেৰলেন চাহাবৰ নেপালৰ যুদ্ধ জয় চিৰস্মৰণীয় কৰিবলৈ এটী অতি উচ্চ কীৰ্ত্তি স্তম্ভ আছে। ইয়াক ইংৰাজীত “অকটেৰলেনী মনিউমেণ্ট” বোলে। তাৰ ওচৰতে ঘোঁৰাৰ নাচ হয়। খেৰেৰে সজা এটা বৰ ঘৰৰ ভিতৰত মাজে দুৱাৰ থৈ মাচিয়া আৰু বেঞ্চ পতা আছে। তাৰ মাজৰ এডোখৰ ঠাইত ঘোঁৰাৰ নাচ আৰু দৌড় হয়। ধন দি টিকিট কিনি তালৈ যাব লাগে। সেই ক্ৰীড়াক “ৰয়েল অলিম্পিক চাৰ্কচ” বোলে। এই ঘৰৰ ভিতৰত বহাৰ কেইবা শ্ৰেণী। ফুকনে ৪ টকাৰ টিকিট লৈ সেই চাৰ্কচ চাবলৈ গল। তাত বৰ আশ্চৰ্য্য ক্ৰীড়া হৈছিল। মানুহবিলাকে গাত আটিল পোচাক পিন্ধি ঘোঁৰাত উঠি উঠি বৰ ঠাই ডোখৰ ঘূৰিছিল। তিৰোতা এজনীয়ে দ্ৰুতবেগে ঘোঁৰা লৰি থাকোতে তাৰ ওপৰত থিয় হৈ নাচিছিল আৰু তাত তৰওৱাল খেলাইছিল। মানুহ এটাৰ আঙ্গুলিৰ ঠাৰতে টাটু ঘোঁৰা এটাই নাচিছিল থিয় হৈছিল আৰু শুইছিল, আৰু আন অনেক কাৰ্য্য কৰিছিল।

 কলিকতাৰ গবৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ মেম্বৰ বেথুন নামে এজন চাহাব আছিল; তেওঁ এই দেশৰ পুৰুষ বিশেষ কৈ স্ত্ৰীসকলৰ শিক্ষাৰ নিমিত্তে বৰ যত্ন কৰিছিল আৰু নিজে অৰ্থ ব্যয় কৰি এটী বালিকা বিদ্যালয় সংস্থাপিত কৰিছিল। সেই চাহাবৰ নাম চিৰস্মৰণীয় কৰিবলৈ কলিকতাৰ ইউৰোপীয় আৰু দেশীয় লোকসকলে বেথুন সভা নামে এটী সভা কৰি ছিল; সেই সভাৰ প্ৰথম অধিবেসন ১৮৫২ চনৰ জানুৱাৰী [ ৯৫ ] মাহত হয়। ফুকন তালৈ গৈছিল। সাধাৰণ নিয়মাৱলী হোৱাৰ পাচত ডাক্তৰ সূৰ্য্যকুমাৰ চক্ৰবৰ্ত্তি নামে এজনে কলিকতাৰ স্বাস্থ্য বিষয়ক এট প্ৰবন্ধ পাঠ কৰে। তাত তেঁও জল, বায়ু, নৰ্দ্দমা ঘৰৰ অৱস্থা ইত্যাদি অনেক কথা লিখে। আৰু দেশীয় লোকে ইউৰোপীয় পৰিচ্ছদ ধাৰণ কৰিবলৈ তেঁও মত দিয়ে। ডাক্তৰ মৌৱাট চাহাব সভাপতি আছিল। তেঁও আৰু আন সভ্য- সকলে এই পৰিচ্ছদৰ বিষয়ে অনেক প্ৰতিবাদ কৰে। এই সমাজৰ অধিবেশন প্ৰতি মাহে কোনো এক বৃহস্পতিবাৰে গধূলি হয়। আনন্দৰাম ফুকন এই সভাৰ এজন সভ্য আছিল। সেই সভাত সেই সময়ত ডাক্তৰ মৌৱাট চাহাব সভাপতি আৰু প্যাৰিচাঁদ মিত্ৰ চেক্ৰেটৰী আছিল। মেজৰ মাৰ্চন, ৰামচন্দ্ৰ মিত্ৰ, ৰামগোপাল ঘোষ প্ৰভৃতি অনেক সভ্য আছিল। ডাক্তৰ মৌৱাট চাহাবে ফুকনক আসামৰ কোনো বিষয় প্ৰবন্ধ লিখিবলৈ অনুৰোধ কৰিছিল।

 কলিকতাত টাউন হল নামে এটা বৰ ডাঙ্গৰ দোতলা ঘৰ আছে। বৰ ডাঙ্গৰ ডাঙ্গৰ সভা হলে সেই টাউন হলত হয়। জানুৱাৰীৰ ১৪ তাৰিখে হিন্দুকলেজ, মাদ্ৰাচাকলেজ, সংস্কৃত কলেজ, প্ৰভৃতি পাঠশালাৰ ছাত্ৰসকলৰ পৰীক্ষাৰ পুৰস্কাৰ হৈছিল। ফুকন তালৈ গৈছিল। সেই সভাত প্ৰতাপ সিংহ, ৰাজা কালি- কৃষ্ণ, কৃষ্ণমোহন বন্দ্যোপাধ্যায়, কুমাৰ জালালুদ্দীন প্ৰভৃতি অনেক দেশীয় আৰু অনেক ইউৰোপীয় লোক গৈছিল। দুপৰীয়া ১২ বজাত বঙ্গদেশৰ ডেপুটী গবৰ্ণৰ তালৈ যায়। পৰীক্ষোত্তীৰ্ণ ছাত্ৰসকলক পুৰস্কাৰ দিয়াৰ পাচত ডেপুটী গবৰ্ণৰ চাহাবে এটী বক্তৃতা দিলে। তাৰ পাচে সভা ভঙ্গ হল। সেই টাউন হল দোতলা। ফুকন ওপৰ তলা চাবলৈ গল। তাত নেপোলিয়ান বোনাপাৰ্ট, ডবলিউ বাৰ্ড, মেং কেমিৰণ, চৰ এডৱাৰ্ড ৰয়েল দ্বাৰকানাথ প্ৰভৃতিৰ প্ৰতিমূৰ্ত্তি আৰু এখান অতি উত্তম শ্ৰী শ্ৰীমতী মহাৰাণীৰ প্ৰতিমূৰ্ত্তি আছে।

[ ৯৬ ]  কলিকতাৰ ওচৰত এঠাইত সূতাৰ আৰু তুলাপাতাৰ কল আছে। সেই কালত এনেৰূপে কেতবিলাক যন্ত্ৰ আছে যে অতি অল্প সময়তে সূতাৰ কলত সূতা আৰু তুলাপাতৰ কলত তুলাপাত হয়। সেই কল ফুকনে ৰামচন্দ্ৰ মিত্ৰেৰে চাই বৰ সন্তোষ পালে কলিকতাত মিণ্ট বা টাক্শাল আছে। তাত কলেৰে টকা, আধলি, সিকি, দুই-অনীয়া, পইচা ইত্যাদি প্ৰস্তুত কৰা হয়৷ বংশীধৰ সেন নামে ফুকনে সৈতে একেলগে পঢ়া এজন লোক তাৰ দেৱান বা প্ৰধান কাৰ্য্যকাৰক। তেওঁ ফুকনক সকলোবিলাক দেখুৱালে। প্ৰথম ধাতু গলাই সাঁচত পেলাই তাতে ডাঙ্গৰ পাত হয়। সেই পাত আকৌ আৰু এঠাইত সমান হয়। সেই পাতৰপৰা টকা, দুই-অনীয়া, পইচা ইত্যাদিৰ আকাৰেৰে ঘূৰণীয়া পাত হয়। ইয়াৰ চাৰিও ফালৰ কাণবিলাক এঠাইত কলেৰে দিয়ে। সৰ্ব্ব শেষত ছাব মোহৰ মৰা হয়। এটা চুঙ্গাৰ দৰে যন্ত্ৰ এটাত এই মোহৰ মৰা হয়। টকাবিলাক পাৰিলে বুটলি নি মানুহে বাছে। প্ৰতিদিন তিনি লক্ষ টকা এইৰূপে প্ৰস্তুত হয়।

 কলিকতাত মতিলাল শীল নামে এজন বৰ ধনী মানুহ আছিল, তেওঁৰ পুতেক এজন হিন্দুকলেজত পঢ়িছিল। সেই পুতেকক কলেজৰ শিক্ষকে বেতেৰে শাস্তি দিয়াত মতিলাল শীলে ‘শীল কলেজ’ নামে এক বিদ্যালয় সংস্থাপন কৰে। ফুকন সেই বিদ্যালয়ৰ বাৰ্ষিক পুৰস্কাৰ প্ৰদান চাবলৈ গৈছিল।

 টাউন হলত অধ্যাপক লিজ নামে চাহাবে তেঁওৰ দুটি পুত্ৰেৰে সৈতে কেতিয়াবা গধূলি বৰ আশ্চৰ্য্য ক্ৰীড়া কৰিছিল। লৰা দুটী বাপেকৰ মূৰৰ ওপৰত উঠি নাচিছিল আৰু স্পৰ্শমাত্ৰে ঘোৰ নিদ্ৰাভিভূত হয় আৰু স্পৰ্শ মাত্ৰে নানাপ্ৰকাৰ ধ্বনি কৰে। কেতিয়াবা আকৌ এনে কুস্তি কৰিছিল যে একেবাৰে নিৰ্জীৱ শিলৰ মূৰ্ত্তি যেন দেখি। ফুকনে এদিন ৰাতি চাবলৈ গৈছিল। [ ৯৭ ] এদিন আকৌ ৰামচন্দ্ৰবাবুৱে সৈতে বালি-উত্তৰপাড়ালৈ গৈছিল। ৰেইলৰ বাট তেতিয়া প্ৰস্তুত হব লাগিছে মাত্ৰ। সেই বাটত ইটা ভাঙ্গি ভাঙ্গি পেলাইছে আৰু তাৰ ওপৰত কাঠ পাতিছে। বালি-খালৰপৰা জাহাজ সজা “ডক” চাই এজন ফৰাচী বেপাৰীৰ মদৰ কল চালে। তাৰপৰা ৰাণী ৰাসমণিৰ প্ৰতিষ্ঠিত শিৱমন্দিৰ দেখি বহালৈ আহিল।

 কলিকতাৰ মেডিকেল কলেজত ইউৰোপীয় বৈদ্যশাস্ত্ৰ শিক্ষা দিয়ে। তাৰ তেতিয়া দুই বিভাগ আছিল। ইংৰাজী বিভাগত ইংৰাজী ভাষাৰে শিক্ষা দিয়ে আৰু মিলিটেৰী বা দেশীয় বিভাগত হিন্দুস্থানী ভাষাৰে শিক্ষা দিয়ে। আমাৰ অসম দেশৰ কেইজনমান ছাত্ৰ দেশীয় বিভাগত পঢ়িছিল। বৰপেটাৰ দীলমহম্মদ আৰু কেৰামত আলী, গুৱাহাটীৰ ৰহমত আলী, মজকৰ হুছেন আৰু আজিম হুছেন, শিৱসাগৰৰ ভকতৰাম, তেজপুৰৰ যজ্ঞৰাম, আৰু ডিব্ৰুগড়ৰ শিৱৰাম, আৰু বিদেশী সিংহ। সেই কলেজৰ মিউজিয়মত নানাবিধ আশ্চৰ্য্য আশ্চৰ্য্য ৰোগৰ প্ৰতিমূৰ্ত্তি আৰু আশ্চৰ্য্য বস্তু আছে। ফুকনে এই মিউজিয়মলৈ এদিন গৈছিল। তাত এইবিলাক আশ্চৰ্য্য বস্তু দেখিলে। উট আৰু বাঘৰ আকৃতিৰ এটা মৰা জন্তু। এজনী বুঢ়ীৰ মাংস নাই, ছাল শুকাই গৈছে। বুঢ়ীজনী জীয়াই থকা যেন দেখি। দুটা মূৰৰ গৰু পোৱালি এটা; দুটা মূৰৰ লৰা এটা; একে শৰীৰৰ দুটা লৰা; বৰ ডাঙ্গৰ মূৰৰ লৰা, নীচেই সৰু মূৰৰ লৰা। ঔষধত থোৱা মাংস। ফিৱৰ হাস্পাতাল নামে এটা বৰ ওখ আৰু ডাঙ্গৰ হাস্পাতাল আছে। তাত নৰিয়া মানুহৰ চিকিৎসা হয়। নৰিয়া মানুহবিলাক তাত থাকে। সেইটো ফুকনে চালে। প্ৰথমে বঙ্গালী মানুহে মৰা মানুহ কাটি ডাক্তৰী শিক্ষা নকৰিছিল। মধুসূদন গুপ্ত নামে এজন বঙ্গালী মানুহে প্ৰথমে মৰা মানুহ কাটিছিল, তেওঁৰ প্ৰতি- মূৰ্ত্তি সেই কলেজৰ গেলেৰিত আছে। এইবিলাক আশ্চৰ্য্য বস্তু [ ৯৮ ] দেখি ফুকনে বৰ সন্তোষ পালে।

 কালিকতাত “ফোৰ্ট উলিয়ম” নামে এটা কিল্লা আছে তাত ইংৰাজ আৰু দেশী সৈন্য থাকে। তালৈ যাওঁতে মাটিৰ তললৈ যোৱা বোধ হয়। গঙ্গাৰ পানী খালেৰে তাৰ ভিতৰলৈ অনা হৈছে। সেই খালৰ ওচৰত আকৌ দলং আছে। কিল্লাত গুলি, বাৰুদ, বন্দুক, আৰু আন অনেক অস্ত্ৰ আছে। তাৰ ভিতৰতে দোকান আছে। বৰ বৰ গুলিবিলাক বাহিৰতে দলৰ দৰে থৈছে। চিপাহীবিলাকৰ নিমিত্তে দীঘলীয়া পকা ঘৰ আছে। সেই কিল্লাৰ ছখান দুৱাৰ। তাৰ ভিতৰলৈ গাড়ী ঘোঁৰা সকলো যায়। তাৰ ভিতৰতে এটা গিৰজাঘৰ আছে। পল্টনীয়াসকলৰ পোছাক সেই কিল্লাৰ ভিতৰত থয়। গোবিন্দ চন্দ্ৰ সেন নামে ফুকনৰ এজন বন্ধু তাৰ প্ৰধান কাৰ্য্যকাৰক। তেওঁৰ সাহায্যত সকলো ভালকৈ দেখিলে। প্ৰায় ১৩০ বছৰ হৈছে, এই কিল্লা দুশ লক্ষ টকা ভগন কৰি ক্লাইব নামে এজনা চাহাবে নিৰ্ম্মাণ কৰে।

 এচিয়াটিক মিউজিয়ম নামে এটা ঘৰ আছে। তাত ৰূপ সোণৰ মাটি, নানাবিধ চৰাই, পশু, সিংহ, বাঘ আৰু অনেক প্ৰাচীন আৰু আধুনিক বস্তু থৈ দিছে। তাত অনেক প্ৰাচীন আৰু আধুনিক গ্ৰন্থও আছে। ফুকনে সেই ঘৰ চাবলৈ গৈছিল। ৰাজেন্দ্ৰলাল মিত্ৰ নামে এজন সুযোগ্য বঙ্গালী বিদ্বান বাবু পুস্তক ৰক্ষক। তেওঁ ফুকনে সৈতে অনেক কথাবাৰ্ত্তা কৈছিল৷ এই মিউজিয়ম চাবলৈ অনেক লোক দিনৌ দিনৌ যায়। প্ৰতি দিনৰ দৰ্শকসকলৰ সংখ্যা লোৱা হয়। ইয়াক যাদুঘৰো বোলে, এদিন ৰামচন্দ্ৰবাবুৱে সৈতে ফুকন শ্ৰীৰামপুৰলৈ নৌকা যোগে গৈছিল। তেওঁৰ লগত গুণাভিৰাম আৰু অসমীয়া৷ আন কোনো কোনো লোক গৈছিল। তাত ছাপাখানা আৰু কাগজৰ কল ফুকনে চালে। মানৰ দিনৰ পূৰ্ব্বেই কলিয়াবৰৰ আত্মাৰাম নামে এজন অসমীয়া ব্ৰাহ্মণ গৈ শ্ৰীৰামপুৰত বাস কৰি আছে। তেওঁ তাতে [ ৯৯ ] বিয়৷ কৰাইছে। সতি সন্তান হৈছে। তেওঁ ছাপাখানাৰ পণ্ডিত আছিল। তেওঁৰ সাহায্যতে ডাক্তৰ কেৰি পাত্ৰি চাহাবে প্ৰথমে অসমীয়াত খ্ৰীষ্টীয়ানৰ বাইবেল শাস্ত্ৰ ছপায়। শ্ৰীৰামপুৰৰপৰা বাৰাকপুৰ চাবলৈ ফুকন গল। তাত গবৰ্ণৰ চাহাবৰ ঘৰ আৰু বাগিচা চালে। তাতে জীয়া সিংহ ফুকনে দেখিলে আৰু তেওঁৰ পুৰণি গুৱাহাটীৰ পৰিচিত ডাক্তৰ ইঙ্কাটে সৈতে ফুকনৰ সাক্ষাৎ হয়। এদিন আকৌ ফুকনে কলিকতাৰ ওচৰৰ কাশীপুৰৰ কল চাবলৈ গৈছিল। কলিকতাৰ ওচৰতে ইফালে সিফালে তাৰ ধনৱন্ত লোকসকলে বাগিচা কৰি থৈছে, তালৈ সেইসকলে কেতিয়াবা যায়। তাৰ মাজত শ্যাম মল্লিকৰ বাগান নামে ঠাই অতি মনোৰম। তাক কোনোৱে সাতপুকুৰ বোলে। ফুকন তালৈকে৷ গৈছিল।

 তেওঁৰ বন্ধুসকলৰ মাজত যাৰ ঘৰত যেতিয়া কোনো বিবাহ বা আন উৎসৱ হৈছিল তালৈকো তেওঁ গৈছিল আৰু তাত জলপান খাইছিল। তেওঁৰ বন্ধু শ্যামবাবুৰ জীয়েক বিন্দুৰ তেওঁৰ বন্ধু নবীনচন্দ্ৰ কৰ্ম্মকাৰকৰ ভতিজাকে সৈতে বিবাহ হৈছিল! ফুকন তালৈ গৈছিল। বঙ্গালী লোকৰ বিয়া হলে কন্যাক এটা মুকুট পিন্ধায় আৰু বিয়াৰ ঠাইলৈ আনোতে পীৰা এখানত তুলি উদং মূৰেৰে আনে। কলিকতাৰ বিখ্যাত ধনী আশুতোষ দে বা ছাতুবাবুৰ নাতিয়েকৰ বিয়াতো ফুকন গৈছিল। সেই বিয়াৰ মজলিচ চাবলৈ সদৰ আদালতৰ জজ কোনো কোনো আৰু আন আন ডাঙ্গৰ ইংৰাজ আৰু দেশী লোক অনেক গৈছিল। ফুকনে অকল যে এইবিলাক চাইছিল এনে নহয় তেওঁ মাঘৰ বিহুৰ দিনা গঙ্গা স্নান কৰি তাত সন্ধ্যা তৰ্পণ পুজা কৰিছিল; কালি- ঘাটলৈ গৈ গোসাঁনী চাই অনেক দান কৰিছিল, তাত তেওঁক কুমাৰী আৰু মগনীয়াবিলাকে বৰ বিৰক্ত কৰিছিল। ঘৰতো দৰিদ্ৰ দুখীয়াসকলক ভিক্ষা দিছিল। খিদিৰপুৰত ভূকৈলাশ [ ১০০ ] নামে এখান ঠাই আছে। তাত সত্যচৰণ ঘোষাল নামে এজনা ৰজা আছিল। তেওঁৰ প্ৰতিষ্ঠিত শিৱালয় আছে। শিৱৰাত্ৰিৰ সময়ত তাত এক প্ৰকাৰ মেলা হয়। ফুকন তালৈকো গৈছিল। সত্যচৰণ ৰজাই তেওঁক বৰ আদৰ কৰিছিল। আৰু কৈছিল বোলে ঘাইজনা ঢেকিয়াল ফুকনে তেওঁক ‘ভাই’ বুলি সম্বোধন কৰিছিল। মতিলাল শীল নামে এজনা বৰ ধনৱন্ত মানুহৰ ঘৰলৈ গৈ ফুকনে ফাকুৱাৰ সময়ত বৰ আমোদ কৰিছিল।

 আনন্দৰাম ফুকনে চুপ্ৰিমকোট সদৰ দেৱানী আৰু নিজামত আদালত, আলিপুৰৰ কাছাৰী, পুলিচ অফিচ, ছোট আদালত প্ৰভৃতিৰ বিচাৰ কাৰ্য্য ভালকৈ চাইছিল। সেই ঠাইৰ ইংৰাজ আৰু দেশীয় প্ৰধান প্ৰধান লোকসকলৰ তালৈ তেওঁ কেতিয়াবা কেতিয়াবা গৈছিল। ৰাজা ৰাধাকান্ত বাহাদুৰ, কালীকৃষ্ণ বাহাদুৰ, দেবেন্দ্ৰনাথ ঠাকুৰ, গোবিন্দচন্দ্ৰ সেন, মাধৱচন্দ্ৰ সেন, শিবদাস দত্ত, আনন্দ দত্ত, প্যাৰিচাঁদ মিত্ৰ, গোপীকৃষ্ণ মিত্ৰ এইসকলৰ তালৈ সময়ে সময়ে গৈছিল। মতিলাল শীল, নগেন্দ্ৰনাথ ঠাকুৰ, ৰামচন্দ্ৰ মিত্ৰ, শ্যামাচৰণ দাস, নবীনচন্দ্ৰ কৰ্ম্ম- কাৰ, সীতানাথ ঘোষ, প্ৰসন্নকুমাৰ ঠাকুৰ এই কেইজনৰ তালৈ সদায় গৈছিল। এইসকলে ফুকনক যথোচিত স্নেহ আৰু আদৰ কৰিছিল।

 তেওঁ সদায় তাৰ গিৰজাবিলাক আৰু ব্ৰাহ্মসমাজৰ উপা- সনা চাবলৈ গৈছিল। একো দিন উপাসনা চাই কি আন কোনো ঘটনা চাই তেওঁ ঈশ্বৰৰ প্ৰতি বৰ কৃতজ্ঞ হৈছিল। কলিকতা মহানগৰত যিবিলাক ডাঙ্গৰ ডাঙ্গৰ ইংৰাজ কি আন মানুহৰ দোকান আছে তালৈকো ফুকন গৈছিল। এদিন তেওঁ এই দোকানত ৬০০০ টকা দামৰ এযোৰ খাৰু দেখিছিল। কলি- কতা ঊষ্ণপ্ৰধান ঠাই, তালৈ আমেৰিকাৰপৰা জাহাজত বৰফ আহে। সেইবিলাক একো ডোখৰ বগা শিলৰ দৰে। কিল্লাৰ [ ১০১ ] পথাৰত ‘‘অকলণ্ড গাৰ্ডন” বা “ইডেন পাৰ্ক” নামে এখান বৰ মনোৰম বাগিচা আছে তালৈ সকলো ভদ্ৰলোক গধূলি ফুৰিবলৈ যায়, তাত গধূলি হলে ইংৰাজী বাজনা বাজে। ফুকন সদাই তালৈ গৈছিল। লৰ্ড অকলণ্ড নামে এজনা গবৰ্ণৰ চাহাবৰ দিনত সেই বাগিচা প্ৰস্তুত হৈছিল।

 ‘মেটকাফ হল’ নামে এটা বৰ ঘৰত সাধাৰণৰ এটি পুস্তকালয় আছে। তাত ১৬,০০০ নানাবিধ পুস্তক আছে। ফুকনে প্ৰায় প্ৰতিদিনে সেই পুস্তকালয়লৈ গৈ পুস্তকবিলাক চাইছিল। আৰু তাৰ এটি তালিকা কৰিছিল। মাৰ্চ মাহৰ ৯ তাৰিখে পিটৰ দি গ্ৰেট নামে ৰুচিয়া দেশৰ এজনা ৰজাৰ জীৱন চৰিত্ৰ পঢ়ি তেওঁৰ মহা চিন্তা হল। সেইজনা ৰজাই যেনেৰূপে তেওঁৰ দেশৰ মঙ্গলৰ নিমিত্তে যত্ন কৰি কৃতকাৰ্য্য হল তাক তেওঁ মনত বৰকৈ গুণিলে। সেইদিনাই তেওঁ অসম দেশৰ উন্নতিৰ বিষয়ে আৰু চেষ্টা কৰি- বলৈ প্ৰতিজ্ঞা কৰিলে। কলিকতা অতি প্ৰলোভনৰ স্থল। তাৰ অনেক লোক মহা সুখাভিলাষী। সেইসকলৰ অনেকে সৈতে তেওঁৰ পৰিচয় আৰু সময়ে সময়ে যোৱা অহা আছিল, তথাপি ফুকনৰ মন কোনো দুই প্ৰলোভনৰ দ্বাৰাই আকৃষ্ট নহল। ওদিন কোনো এজন লোকে সৈতে কথা-বাৰ্ত্তা কওঁতে সেই লোকজনে এই বুলি কলে যে মদ খোৱা আৰু পৰস্ত্ৰীগমনত কোনো দোষ নাই, পাপ নাই। আৰু শাস্ত্ৰৰ কথা তেওঁ নামানে। ফুকনে ইয়াকে শুনি বৰ আশ্চৰ্য্য হৈছিল। তাৰ কোনো কোনো লোকে লুকাই মদ খায়। ইয়াকো তেওঁ ঘৃণা কৰিছিল। বিলাতলৈ যোৱা এজন দেশী লোকে আমাৰ দৰে বহি হাতেৰে ভাত খোৱা আৰু তাৰ লগে লগে মদ খোৱা দেখি তেওঁ চমৎকৃত হৈছিল। শিৱসাগৰৰ প্ৰধান এচিষ্টেণ্ট কাপ্তান ব্ৰডি চাহাব বিলাতলৈ যাবলৈ কলিকতালৈ গৈছিল। তেওঁৰ লগত প্ৰিয়লাল আৰু মীনধৰ নামে দুটি অসমীয়া লৰা কলি[ ১০২ ] কতালৈ গৈছিল। সেই লৰা দুটি প্ৰথমে ফুকনৰ ঘৰৰ ওচৰতে আছিল, তাৰ পাচে হুগলি কলেজলৈ পঢ়িবলৈ গল। ফুকনৰ লগত যোৱা গুণাভিৰামক ফুকনে মৌৱাট চাহাবক কৈ কলুটোলা ব্ৰাঞ্চ স্কুলত ভৰ্তি কৰাই দিলে।

 কমিচনৰ চাহাবৰ তলৈ বোৰ্ডে কাকত পঠালত কলিকতাত ফুকনৰ থকা আৱশ্যক নোহোৱা হল। তেওঁ আহিবলৈ মন কৰিলে৷ সমাচাৰ চন্দ্ৰিকাদি যন্ত্ৰৰ পুস্তকাদি নীলাম হোৱাত ফুকনে কিছুমান অসম্পূৰ্ণ ভাগৱত, কামাখ্যা যাত্ৰা পদ্ধতি আৰু স্মৃতি শাস্ত্ৰ কিনি ললে। আন আন কিছু বস্তুও কিনি ললে। দামুদা নামে গবৰ্ণমেণ্টৰ এখান ষ্টিমাৰ আসামলৈ আহিব লগীয়া হোৱাত ফুকনে সেই জাহাজত আহিবলৈ স্থিৰ কৰিলে৷ জাহাজৰ এটা কেবিন বা কামড়া ললে। কিন্তু তেওঁ যদিচ জাহাজত কাপ্তানে সৈতে খানা নাখায় তথাপি দিনে ৪্ টকা দিব লাগিব বুলি কোৱাত জাহাজৰ প্ৰধান কাৰ্য্যকাৰকৰ আগত কব লগীয়া হৈছিল৷ তেওঁৰ দ্বাৰাইহে মীমাংসা হল যে নাখালে ধন দিব নালাগে। ১৮৫২ চনৰ ২৫ মাৰ্চ্চত ফুকনে এখানি জেগৰি টাইপ ছবি কৰালে। ইয়াৰ পাচে সকলো বন্ধুসকলেৰে সাক্ষাৎ কৰি ফুকন কলিকতাৰপৰা বিদায় হল। তেওঁৰ কিছুমান বস্তু প্ৰসন্ন কুমাৰ ৰায়ৰ লগত নৌকাৰে পঠালে। গুণাভিৰামক নবীনচন্দ্ৰ ৰায়ৰ লগত কলিকতাত পঢ়িবলৈ থলে। ফুকনে তেওঁৰ খৰচ দিবলৈ স্বীকাৰ কৰিলে। নজীৰৰ এজেণ্ট সেই নবীনবাবু হল। তাক ছাপা ইত্যাদি তেওঁৱেই কৰাব এনে স্থিৰ হল। পাচে ২৬ মাৰ্চ্চত শুক্ৰবাৰে ১২ বজাত ফুকন জাহাজলৈ গল। আৰু অপৰাহ্ন ২।। বজাত জাহাজ ভাটী মুখে মেলিলে।

 আনন্দৰাম ফুকনৰ যিমান বন্ধু আছে সকলোতকৈ প্ৰধান শ্যামাচৰণ দাস আৰু নবীনচন্দ্ৰ ৰায়। যতীন্দ্ৰমোহন ঠাকুৰ, সীতানাথ ঘোষ, বংশীধৰ সেন তেওঁৰ একে পঢ়া লোক। নবীন[ ১০৩ ] চন্দ্ৰ কৰ্ম্মকাৰ, প্ৰাণকৃষ্ণ বিদ্যাসাগৰ, গোবিচন্দ্ৰ ধৰ, মতিলাল শীল, প্ৰসন্নকুমাৰ ঠাকুৰ, ৰাজা ৰাধাকান্ত দেব প্ৰভৃতি আৰু ইউৰোপীয় লোকৰ ভিতৰত মেং হেলিডে, ডাক্তৰ মৌৱাট, মেজৰ মাৰ্চেল প্ৰভৃতি তেওঁৰ পৰিচিত লোক আছিল। তেওঁ তেওঁৰ দৈনিক বহীত এই সকলোৰে নাম লিখিছে। তেওঁ অতি অসন্তোষেৰে কলিকতা পৰিত্যাগ কৰি গল। সেইদিনা গৈ বজবজীয়াৰ ওচৰত জাহাজ থাকিল। তাৰ পাচদিনা ভটীয়াই যাওঁতে ক্ৰমে গঙ্গা বহল হৈ গল। এইৰূপে গৈ জাহাজ সুন্দৰ বনৰ ফালে গল। যি সোঁতাৰে জাহাজ গল সেই সোঁতা সৰু। দুইও ফালে হাবি আৰু ঠাইয়ে ঠাইয়ে খেজুৰৰ গছ, মানুহৰ বসতি নাই। তাৰ পাচদিনা মানুহৰ গাঁও পোৱা হল। তাৰপৰা খাবলৈ পানী লোৱা হল। কিয়নো সুন্দৰ বনৰ পানী লোণা, খাব নোৱাৰি। ৩১ মাৰ্চ্চ তাৰিখে খুলনা পালে। খুলনা মহকুমা, তাত এজন এচিষ্টেণ্ট মাজিষ্ট্ৰেট আৰু মুনচেফ্ থাকে, তাত অনেক তামোল আৰু নাৰীকলৰ গছ। গাঁও আৰু মানুহৰ ঘৰ ঘন। ইয়াৰপৰা জাহাজত কয়লা তুলিলে। খুলনা এৰি গৈ বৰিশাল পোৱা হল। তাতে জাহাজৰ অণ্ডাবোট এৰি জাহাজ নোৱাখালীৰ ফালে গল৷ ইয়াত জোৱাৰ ভাটাৰে যাব লাগে। নোৱাখালী ত্ৰিপুৰা আৰু চট্টগ্ৰাম জিলাৰ মহকুমা। ইয়াক ভুলুৱাও বোলে। ইয়াত ভুলুৱা নামে এখান পৰগণা আছে; পাইকপাৰাৰ লালাবাবুৰ জমীদাৰী৷ ইয়াৰ উৎপন্ন তিনি লক্ষ টকা, তাৰে একলক্ষ টকা চৰকাৰত দিব লাগে। নোৱাখালীলৈ জাহাজ নাযায়, দূৰৈত থাকে। চৰকাৰী দুই লক্ষ টকা খাজন৷ ইয়াত জাহাজত তুলিলে। সেই ঠাইৰপৰা জাহাজ মেলি ঢাকা পোৱা হল। বৰিশাল, বাকৰগঞ্জ জিলাৰ সদৰ ঠাই। বৰিশালৰপৰা ঢাকালৈ জাহাজ আহিল। ঢাকা কলিকতাৰ দৰে মনোৰম আৰু সুন্দৰ নহয়। ডাঙ্গৰ ডাঙ্গৰ ঘৰ আছে। [ ১০৪ ] তাৰ বাটবিলাক ঠেক। আৰু তেনে পৰিষ্কাৰ নহয়। পুৰণি এটা কিল্লা আছে, তাত এখান বাগিচা হৈছে। চৰকাৰী পীল- খান৷ ইয়াত আছে তাত অনেক হাতী আছে। ঢাকাত এখান চকবজাৰ আছে। তাতে এটা বৰতোপ আছে। পল্টন তেনে ভাল নহয়। ইয়াৰ ইংৰাজটোলা পৰিষ্কাৰ। ঢাকাৰ নবাবৰ ঘৰ ঢাকা নগৰত। ঢাকাত এটি কলেজ আছে এই নগৰ বুঢ়ী- গঙ্গা নদীৰ তীৰত। ঢাকা পুৰণি নবাবী আমোলৰ নগৰ। ফুকনে গাড়ী এখান কেৰেয়া কৰি এই নগৰ ভ্ৰমণ কৰিছিল। তাৰ পাচদিনা ঢাকা এৰি মেঘনা নদী সোমোৱা হল। বিক্ৰমপুৰ আৰু ৰাজনগৰৰ মাজেৰে পদ্মা নদীৰে আহি জাহাজ যমুনা পালে৷ ইয়াৰ দুইও ফালে সুন্দৰ সুন্দৰ গাঁওবিলাক দেখা গৈছিল। তাৰ পাচদিনা ৮ এপ্ৰেল তাৰিখে চিৰাজগঞ্জ পোৱা হল। চিৰাজগঞ্জত অনেক নাও। ফুকনে বাৰী চাহাবৰ কোষ্ঠাৰ কুঠী চাবলৈ গৈছিল। তাৰপৰা জাহাজ মেলি পাতিলাদহ পৰগণাৰ ওচৰেৰে দেওয়ানগঞ্জ, যাত্ৰাপুৰ প্ৰভৃতি এৰি ১২ এপ্ৰেলত ধুবড়ী পোৱা হল। ধুবড়ীৰপৰা জাহাজ ১৩ এপ্ৰেলত গোৱালপাৰা পালে৷ বিজনী ৰজাৰ কাৰ্য্যকাৰক গৌৰমোহন ঘোষ, ৰামলোচন চৰকাৰ প্ৰভৃতিৰে ফুকনে কথা-বাৰ্ত্তা কলে। ৰজাই ফুকনলৈ ইয়াকে কৈ পঠালে বোলে তেওঁ সকলো ভাৰ ফুকনক দিছে, তেওঁ একো নাজানে, তেওঁ যাতে পৰে এনে কৰিব। ইয়াকে শুনি ফুকন ৰজাৰ উপকাৰৰ নিমিত্তে দৃঢ়প্ৰতিজ্ঞ হল। তাৰ পাচদিনা গোৱালপাৰা এৰি জাহাজ গৈ দুৰামাৰীৰ নামে থাকিল। ১৫ এপ্ৰেলত ৩॥ বজাত গুৱাহাটী পালে। কৰ্ণেল মেথী আৰু মেজৰ বেচ চাহাবে সৈতে জাহাজতে সাক্ষাৎ হল। ঘৰৰপৰা যোৱা পাল্কীত উঠি ফুকন ঘৰলৈ গল। মাতা, বিমাতা, পত্নী, কন্যা আৰু আন আন প্ৰিয়জনক দেখি তেওঁ বৰ সন্তোষ পালে। ফুকনে কলিকতাৰপৰা আহোঁতে [ ১০৫ ] কোনো সন্ধ্যা জাহাজৰ জালিবোটত কোনো সন্ধ্যা বা বামত ভাত ৰন্ধাই খাইছিল। কলিকতালৈ যাওঁতে তেওঁ এজনা শালগ্ৰাম লগত নিছিল আৰু সদায় পুজা কৰিছিল। বাটত আহোঁতে সময়ে সময়ে অনেক পুথি পাঠ কৰিছিল। বিশেষকৈ কোৰাণৰ ইংৰাজী তৰজমা পঢ়িছিল। জাহাজৰ কাপ্তান মেট আৰু অন্যান্য আৰোহি সকলে সৈতে বৰ আমোদেৰে কথা বাৰ্ত্ত৷ কৈ আহিছিল।

 তাৰ পাচদিনা জেনকিনচ চাহাব প্ৰভৃতিৰে সাক্ষাৎ কৰিলে। আকৌ অনেক লোক তেওঁক চাবলৈ আহিল। সকলোৰে সৈতে তেওঁ বৰ প্ৰীতি আৰু উৎসাহেৰে কথোপকথন কৰিছিল।

 বিজনীৰ বিষয় কমিচনৰ চাহাব সৈতে কথা-বাৰ্ত্তা কৈছিল আৰু জনাব লগীয়৷ কথা লিখি জনাইছিল। ইয়াৰ পূৰ্ব্ব বছৰত বলৰাম ফুকনৰ দ্বিতীয় পত্নী মৃত্যু হৈছে৷ পকাবেজী দুৱৰীয়াৰ নাতি কৃষ্ণকিঙ্কৰ গোস্বামীৰ ভাগীৰথী নামে এটি কন্যা আছে সেইটিৰে বলৰাম ফুকনৰ বিবাহৰ সম্বন্ধ স্থিৰ কৰা হল।

 আনন্দৰাম ফুকন যেতিয়া সৰু আছিল তেতিয়া যজ্ঞৰাম ফুকনে দুইও ঘৰৰ কাৰবাৰ কৰিছিল। সেইবাবে যজ্ঞৰাম ফুকনে আনন্দৰাম ফুকনৰ ভাগৰ নিয়া হিচাবৰ ৬০০০্ হাজাৰ টকা আনন্দৰাম ফুকনক দিব লগীয়া আছিল। এই টকাৰ বিষয় বলৰাম ফুকনে সৈতে কথা-বাৰ্ত্ত৷ হোৱাত বলৰাম ফুকনে ৪ বছৰ কিস্তিবন্দীৰে সেই টকা দিবলৈ সন্মত হৈছিল। আনন্দৰাম ফুকনে এই কৈছিল বোলে সম্প্ৰতি আদখিনি আৰু বাকী টকাখিনি কিস্তিবন্দীৰে দিয়া হওক। এই বিষয় তেতিয়া একো মীমাংসা নহল। ইয়াৰ কিছুমান দিনৰ পাছত ফুকনে বলৰাম ফুকনক এই প্ৰস্তাব কৰিলে যে দুইওগৰাকী আকৌ বস্তু বেহানি সকলোৰে একেলগ হোৱা হওক। ইয়াত ঘৈণী সকলেও বৰ সন্তোষ পালে। পাচে ফুকনে এনে এখান একৰাৰনামা [ ১০৬ ] লিখিলে যে যদি দৈবাৎ বেলেগ হব লগীয়া হয় পূৰ্ব্ববৎ বেলেগ হব। বলৰাম ফুকনে ইয়াত অনেক আপত্তি কৰিলে। সেইদিনা এই বিষয়ে বিয়লি দুই বজাৰপৰা ৰাতি আঠবজালৈকে আলোচনা হয়। শেষত এই বিষয় পৰিত্যাগ কৰা হল। বলৰাম ফুকনে তাৰ পাচদিনা এইটো প্ৰস্তাব কৰিলে যে অলঙ্কাৰবিলাক এনেই দিব আৰু টকা এইৰূপে দিব। ১৫০০্ টকা এই বিষয় মীমাংসা হলে দিব। আৰু ১২৬০, ১২৬১ আৰু ১২৬২ চনত প্ৰতি চনে ১৫০০ হিচাপে দিব। ফুকনে এই বিষয় সেইদিনা একো নেমাতিলে।

 মেথী চাহাব ডিপুটী কমিচনৰ কৰ্ম্মৰপৰা অবসৃত হৈ পল্টনলৈ যাব লগীয়া হল ৷ তেওঁ ফুকনৰ বৰ বন্ধু আছিল, এই জন্যে তেওঁ বৰ দুখিত হৈ চাহাবক কলে যে সকলোৱে চাঁদা কৰি তেওঁৰ এখান প্ৰতিমূৰ্ত্তি লোৱা হওক ৷ এই বিষয় ফুকনৰ যত্ন বিফল হল।

 সেই এপ্ৰেল মাহৰ ৩০ তাৰিখে ফুকন গোৱালপাৰালৈ আহিল। লেপ্টেনেণ্ট এগ্নিউ কালেক্টৰ চাহাবে সৈতে আৰু আন আন লোকে সৈতে সাক্ষাৎ কৰিলে। চাহাবে ৰজাক গোৱালপাৰালৈ মাতি পঠালে। কিছুদিনৰ মূৰত ৰজা আহিল। এগ্নিউ চাহাবৰ ইচ্ছা আছিল ৰজা আৰু প্ৰজাৰ মাজত যি বিৰোধ সেইটো মীমাংসা কৰি দিয়ে। চাহাবৰ বঙ্গলাত এদিন মেল হয়, তাতে প্ৰজাবিলাকে নাৰায়ণী যন্ত্ৰি নিৰিখ এৰিবলৈ ৰজাক কলে আৰু এনে এনে প্ৰস্তাৱ কৰিলে যে ৰজা তাত সন্মত হব নোৱাৰে। প্ৰায় ১৫০ মান মুখ্য মুখ্য প্ৰজা তালৈ গৈছিল। ইয়াৰ পাছত সকলোৱে বিৰোধ মীমাংসাৰ আশা পৰিত্যাগ কৰিলে। ৰজাৰ আপীল কলিকতাত বেয়া হোৱাত প্ৰজাবিলাকৰ সাহস বৃদ্ধি হল। ফুকনে তেওঁ নানাবিধ পৰামৰ্শ কৰি আকৌ দৰখাস্ত দিলে আৰু বোৰ্ডৰপৰা যি বিষয়ে কাকত [ ১০৭ ] কমিচনৰ চাহাবৰ এখেলৈ আহিছে সেই বিষয়ে যথাসাধ্য জনালে। কৃষ্ণকিঙ্কৰ গোঁসাইৰ জীয়েকক বলৰাম ফুকনে জৈষ্ঠ মাহত বিবাহ কৰালে। আনন্দৰাম ফুকন সেই বিবাহলৈ বামুন্দীলৈ গৈছিল। এই বিবাহ তেনে আড়ম্বৰেৰে নহল।

 ফুকনে সদৰৰ নিষ্পত্তি তৰজমা কৰিবলৈ যি যত্ন কৰিছিল তাক নেৰিলে। এখেৰপৰা তৰজমা কৰি পঠায়। নবীন বাবুৱে কলিকতাত ছপাই গ্ৰাহকসকললৈ পঠায়। আনৰ ছাপাখানাত কিতাপ ছপাত ব্যয় অধিক হয় সেইদেখি নিজৰ ধনেৰে এটি ছপা যন্ত্ৰ কিনা হল। সেইটি কলিকতাতে পতা হল। তাৰ নাম “কলিকতা নিউ প্ৰেছ”। ১৮৫২ চনত সেই প্ৰেছ গুণাভিৰামৰ নামে অধ্যক্ষ বুলি কলিকতাৰ পুলিচত ৰেজেষ্টাৰী হল। কিয়নো ফুকনে তেওঁৰ নাম দিবলৈ ইচ্ছা নকৰিলে আৰু নবীন বাবু চৰকাৰী কৰ্ম্মত থকাত তেওঁৰ নাম দিবলৈ ইচ্ছা নকৰিলে আৰু নবীন বাবু চৰকাৰী কৰ্ম্মত থকাত তেওঁৰ নামো দিয়া সঙ্গত নহল। সদৰ নিষ্পতিত ফুকনে তেওঁৰ নাম অনুবাদক বুলি প্ৰকাশ নকৰিছিল৷ নবীন বাবুৰ নামেই প্ৰকাশিত আছিল। বিজনীৰ বিষয়ে একো মীমাংসা নহল। আগষ্ট মাহত গোৱালপাৰাৰ কালেক্টৰ এগ্নিউ চাহাব হাবড়াঘাট পৰগণালৈ গল। ফুকন তেওঁৰ লগত ৰজাৰ পক্ষে গল। দলগোমা নামে হাবড়াঘাটৰ এঠাইত বিজনী ৰজাৰ কাছাৰী আছে। এগ্লিউ চাহাবে পাৰিলে আকৌ বিৰোধ মীমাংসাৰ চেষ্টা কৰিব খুজিছিল। চাহাবৰ হলে সম্পূৰ্ণ মত প্ৰজাবিলাকৰ ফালে। ৰজাৰ দ্বাৰাই যে প্ৰজাবিলাক উৎপীড়িত এইটে৷ চাহাবৰ বিশ্বাস। দলগোমালৈ যোৱাৰ পূৰ্ব্বে গুৱাহাটীৰপৰা পৰশুৰাম বৰুৱাৰ ৭ আগষ্টৰ তাৰিখৰ চিঠিৰে জানিব পাৰিলে যে তেওঁৰ কন্যা ৰাসেশ্বেৰীৰ মৃত্যু হল। তেওঁ এই বাৰ্ত্ত৷ পাই অতিশয় দুখিত হল। আৰু মৃত্যু অতি নিকট এইটো ভাবি ঈশ্বৰক চিন্তিবলৈ দৃঢ় প্ৰতিজ্ঞা কৰিলে। হাবড়া[ ১০৮ ] ঘাটলৈ গৈ বিশেষ কোনো কাৰ্য্য নহল। প্ৰজাৰ মন পূৰ্ব্বৱতে থাকিল৷ তাৰপৰা ফুকন গুৱাহাটীলৈ আহি ২৫ আগষ্টত ঘৰ পালে। কন্যাৰ মৃত্যুৰ নিমিত্তে তেওঁ বৰ দুখিত হল।

 কমিচনৰ চাহাবলৈ বোৰ্ডে যি ৰিপৰ্ট খুজি পঠাইছিল তাক চাহাবে লিখিবৰ নিমিত্তে প্ৰস্তুত হল ৷ গোৱালপাৰাৰ কালেক্টৰ চাহাবেও স্থানীয় অৱস্থা লিখি চিঠি লিখিলে। কমিচনৰ চাহাবে ৰিপৰ্ট লিখিবৰ দিনা ফুকন কাছাৰীতে থাকি অনেক বিষয় কোৱামেল৷ কৰিছিল।

 জমীদাৰ আৰু প্ৰজাৰ ভিতৰত যি স্বত্ব সেইটো তেনে ভালকৈ তেতিয়৷ স্থিৰ নাছিল। বিজনীৰ ৰজা আৰু প্ৰজাৰ বিৰোধতে ফুকনে ভালকৈ জানিলে। বিশেষ সাধাৰণে জানিব পৰা বঙ্গল৷ ভাষাতে দেৱানী মোকৰ্দ্দমাৰ বিচাৰ সংক্ৰান্ত কোনো পুস্তক নাছিল। এই কাৰণে “মেক ফৰ্চনৰ চিবিল প্ৰচিডৰ” নামে ইংৰাজী পুস্তকৰ আদৰ্শ লৈ দেৱানী মোকৰ্দ্দমাৰ বিচাৰ সংক্ৰান্ত আইনৰ সাৰ সংগ্ৰহ নামে এখান পুথি ৰচনা কৰিবলৈ ফুকনে মন কৰিলে। সেই বিষয়ে একোখান ইংৰাজী আৰু বঙ্গলা ভাষাত বিজ্ঞাপন কৰি বঙ্গলা দেশৰ সকলো জজ চাহাবসকললৈ চাঁদাৰ নিমিত্তে ফুকনে পঠালে ৷ জেনকিনচ্ চাহাবে এই বিষয় ফুকনক বৰ সাহায্য কৰিছিল। বলৰাম ফুকনৰ কন্যাটি আগষ্ট মাহতে বিসূচিকা ৰোগত মৃত্যু হল। ফুকনে একেই তেওঁৰ কন্যাটি মৰাত দুখিত তাতে আকৌ এই ঘটনাটিত মৰণান্তিক জ্ঞান কৰিলে।

 মেথী চাহাব গুৱাহাটীৰপৰা কৰ্ম্মৰপৰা অবসৃত হৈ জাহাজত কলিকতালৈ গল ৷ তেওঁ যাবৰ দিনা ফুকন অতিশয় দুখিত হৈছিল। তেওঁৰ দৰে বন্ধুৰ বিচ্ছেদ সহ্য কৰা টান। মেথী চাহাবৰ উৎসাহতে ফুকনৰ সৰ্ব্বপ্ৰকাৰ উন্নতি।

 এইবাৰ গোৱালপাৰাৰপৰা আহিলত কলিকতাৰপৰা নাওত যি বস্তু-বেহানি আৰু ভাগৱত পঠাই দিছিল সেইবিলাক [ ১০৯ ] নাও ডুবি লাটুমাৰ শিলত পানীত নষ্ট হল। ইও ফুকনৰ পক্ষে এটা অসুখৰ কাৰণ হল। ফুকনৰ উদৰ মন্দ হৈছিল, বিশেষ সেই সময়ত গুৱাহাটীত অতিশয় মাৰী ভয় হৈছিল। শীতল সিংহ ডাক্তৰে তেওঁক চিকিৎসা কৰিছিল। তেওঁ নৌকা আৰু হস্তী আৰোহণ কৰি গুৱাহাটী নগৰত আৰু তাৰ ওচৰৰ ঠাইত বায়ু সেৱন কৰিছিল। তেওঁ বিজনীৰ কাৰ্য্য আৰু আইন অনুবাদতে ব্যস্ত আছিল ৷১৮৫২ চনৰ ২৫ চেপ্তেম্বৰত জেনকিনচ্ চাহাবে ফুকনলৈ চিঠি লিখি মাতি পঠালে আৰু লিখিলে যে অকস্মাৎ চবএচিষ্টেণ্টসকলৰ মধ্যত এট পদ শূন্য হৈছে। ফুকন চাহাবৰ ঘৰলৈ যোৱাত চাহাবে কলে বৰপেটাৰ হডচন চাহাব জুনিয়ৰ এচিষ্টেণ্ট হৈ গুৱাহাটীলৈ যাব আৰু তেওঁ বৰপেটালৈ যাব লাগিব। ফুকন সকৃতজ্ঞ চিত্তে এই প্ৰস্তাৱত সন্মত হল। চাহাবে গবৰ্ণমেণ্টলৈ লিখিলে। ফুকন বিজনীৰ দেৱান আছিল সেইবাবে বিজনীৰ ৰজাৰে সাক্ষাৎ কৰা ভাল হেন জানি তেওঁ তালৈ যাবলৈ স্থিৰ কৰিলে। চেপ্তেম্বৰৰ শেষত গোৱালপাৰালৈ গল। বলৰাম ফুকন ইয়াৰ পূ্ৰ্ব্বে গোৱালপাৰালৈ গৈছিল; তেওঁৰে তাত সাক্ষাৎ হল৷ তেওঁ এই নিয়ম কৰিলে যে অলঙ্কাৰাদি ওভোতাই দিব আৰু বিজনী ৰজাৰ ওপৰত তেওঁৰ যি পাউনি আছে তাৰপৰা ৬০০০্ টকাৰ ভিতৰত ১৩০০্ টকা বৰাত দিব। ফুকন ইয়াতে সন্মত হল। বলৰাম ফুকন কাশীলৈ যাবলৈ ওলাইছিল। তেওঁৰ লগতে আনন্দৰাম ফুকনৰ মাতৃ আৰু বিমাতাউৰুও যাবৰ স্থিৰ হল। ফুকনে সম্প্ৰতি তেওঁৰ বহুদিনীয়া মোখ্তাৰ আৰু বিজনী ৰজাৰো মোখ্তাৰ ৰামচন্দ্ৰ বিশ্বাসক বিজনীৰ পেচ্কাৰ নিযুক্ত কৰিবৰ মন কৰিলে। পাচে তেওঁ অক্টোবৰৰ আদিতে বিজনীলৈ গৈ ৰজাই সৈতে সাক্ষাৎ কৰি সকলো কথা-বাৰ্ত্তা কলে। ৰামচন্দ্ৰ বিশ্বাস পেচকাৰ নিযুক্ত হল। তেওঁৰ ঘি হিচাপ আছিল তাকো [ ১১০ ] বুজাই দিলে। তাৰপৰা পোনেই বৰপেটালৈ গৈ ৮ অক্টোবৰত বৰপেটা পালে। আৰু ৯ অক্টোবৰত হডচন চাহাবৰপৰা চবএচিষ্টেণ্ট পদৰ চাৰ্য্য গ্ৰহণ কৰিলে। তাৰ পাচদিনাও জেইল প্ৰভৃতি চাই বাকী কৰ্ম্মৰ ভাৰ গ্ৰহণ কৰিলে। তাৰ পাচদিনা হডচন চাহাব গুৱাহাটীলৈ গল। ফুকন সেই চাহাবৰ বঙ্গলাতে থাকিলগৈ। ভোজনৰ আৰু মানুহ দুনুহ থাকিবলৈ ওচৰতে হাউলিকৈ ঘৰ সজালে। ফুকনে কৰ্ম্ম কৰিবলৈ আৰম্ভ কৰি বিশেষ কষ্ট বা অসুবিধা নাপালে, কিয়নো পূৰ্ব্বেও কৰ্ম্ম কৰা হৈছিল আৰু আন আন কৰ্ম্ম কৰি অনেক শিক্ষা পাইছিল।

 কিছুদিনৰ মূৰত ৰামচন্দ্ৰ বিশ্বাস বৰপেটালৈ আহিল। তেওঁক বিজনীৰ বিষয় যি উপদেশ দিবলগীয়া তাক ফুকনে দিলে আৰু ইয়াৰ পূৰ্ব্বে তেওঁক যি সনদ আৰু নিয়মাবলী দিয়া হৈছিল তাক ফুকনে ভালকৈ বুজাই দিলে। অক্টোবৰ মাহৰ ২৭ তাৰিখে ফুকনৰ পত্নী আৰু মাতৃউৰু বৰপেটা পালে। সেইদিনাই জেনকিন্ চাহাবৰপৰা চিঠি পালে যে গবৰ্ণমেণ্টে তেওঁৰ নিয়োগ গ্ৰাহ্য কৰিছে। ইয়াকে পাই তেওঁ পৰমেশ্বৰক ধন্যবাদ দি বৰ সন্তোষিত হল। ফুকনৰ মাতা আৰু বিমাতা কাশীলৈ যোৱাৰ বিষয় পূৰ্ব্বেই স্থিৰ হৈছিল। বলৰাম ফুকন গোৱালপাৰাত আছিল। আনন্দৰাম ফুকনৰ মাতৃ দুজনা ২ নবেম্বৰত ১৭৭৪ শঁকৰ ১৮ কাৰ্ত্তিকত গঙ্গা, গয়া, কাশী, প্ৰয়াগলৈ যাত্ৰা কৰিলে। ফুকনৰ ভাৰ্য্যা মাহিন্দ্ৰী ফুকননী ঘৰৰ প্ৰধান গৃহিণী হল। তেওঁ সুন্দৰকৈ লিখিব আৰু পঢ়িব জানিছিল; বঙ্গলা আৰু অসমীয়া পুস্তক সুন্দৰকৈ বুজিছিল; সামান্য অঙ্ক কৰিব পাৰিছিল। ফুকনৰ ঘৰৰ হিচাপ-পত্ৰ তেওঁ আদৌ ৰাখিছিল৷ তাঁত আৰু আন শিল্প কৰ্ম্মও পাৰিছিল। ফুকন এইজনা পত্নীৰপৰা সাংসাৰিক সুখভোগ কৰিবলৈ সমৰ্থ হৈছিল।

[ ১১১ ]
 

পঞ্চম অধ্যায়

 ১৮৫২ চনৰ ২৭ অক্টোবৰত আনন্দৰাম ফুকনৰ পত্নী আৰু মাতৃ ইত্যাদি বৰপেটালৈ যায়, সেইদিনাই সেই মাহৰ ১৪ অক্টোবৰত তেওঁৰ নিয়োগ গবৰ্ণমেন্টে গ্ৰাহ্য কৰ৷ বাৰ্ত্তা গেজেটত পালে। জেনকিনচ্ চাহাবে তেওঁলৈ চৰকাৰী আৰু ঘৰুৱা যি চিঠি লিখিছিল তাকো তেওঁ পালে। এইবিলাক পাই তেওঁ পৰমেশ্বৰক অতি সন্তোষচিত্তে ধন্যবাদ কৰিলে। ফুকনৰ বেতন মাসিক ২৫০ টাকা হল। জেনকিনচ্ চাহাবে ফুকনক এই পদ স্থায়ী ৰূপে প্ৰাপ্তিত বৰ আনন্দ প্ৰকাশ কৰিলে। কৰ্ণেল মেথী চাহাব তাৰ পূৰ্ব্বেই বাৰাকপুৰত আছিল। তেওঁ ফুকনৰ উন্নতিৰ বাৰ্ত্ত৷ পাই অতিশয় সন্তোষ প্ৰকাশ কৰি চিঠি লিখিলে। মেথী চাহাবে এই মৰ্ম্মে লিখিলে যে “তোমাৰ উন্নতিত সন্তোষ পালোঁ। দেখা! তুমি যদি কৰ্ণেল জেনকিনচ্ আৰু মোৰ পৰামৰ্শ শুনি কলিকতালৈ নগলাহেঁতেন তাত ভালকৈ নপঢ়িলা- হেতেঁন তুমি সমুদায় জীৱন দৰিদ্ৰ আৰু সম্ভ্ৰমহীন হলাহেতেঁন | এতিয়া তুমি অসমদেশত কাম কৰা বঙ্গালী আৰু অসমীয়া সকলোতকৈ ডাঙ্গৰ বিষয় পাইছ৷ আৰু ইমান উচ্চ বেতন পোৱা আৰু ডাঙ্গৰ বিষয় পোৱা তুমিয়েই প্ৰথম। তুমি যে জেনকিনচ্ চাহাবৰ অনগ্ৰহ বুজিব পাৰিছা ইয়াক তোমাৰ নিজৰ চৰিত্ৰ আৰু বৈষয়িক কাৰ্য্যৰ দ্বাৰাই দেখুৱাবা আৰু গবৰ্ণমেণ্টৰ প্ৰতি কৃতজ্ঞ [ ১১২ ] হবা। দেশৰ সকলে৷ সম্ভ্ৰান্ত লোকে সৈতে সদ্ব্যৱহাৰেৰে কথা বাৰ্ত্তা কবা। দুখীয়া মানুহবিলাকক শাস্তি দিওঁতে আৰু সিহঁতে সৈতে ব্যৱহাৰ কৰোঁতে সিহঁতে নজনা বুলি ক্ষমা কৰিবা।” এই চিঠি পাই ফুকন সকৃতজ্ঞচিত্তে মেথী চাহাবলৈ এখান চিঠি লিখে।

 ফুকনে এই কৰ্ম্ম প্ৰাপ্ত হলত আসাম কায়দাবন্দী অনুসাৰে ছমাহ ফাটক দিব পৰা আৰু ২০০, টকা জৰিমনা কৰিব পৰা ক্ষমতা হল। অল্প পাচতে তেওঁ ১৮৩৩ চনৰ ৯ আইনমতে ডেপুটী কালেক্টৰৰ ক্ষমতা পালে। এই পদত আনন্দৰাম ফুকন নিযুক্ত হোৱাত দেশৰ অনেক লোকে সন্তোষ পাইছিল। অতি অল্প সংখ্যক লোকেই বেয়া পাইছিল। তেওঁ যদি মুনচিফ বা সদৰ আমীন হলহেতেঁন এই অল্প পৰিমাণ লোকৰো অসন্তোষৰ কাৰণ নাছিল। কিন্তু কৰ্ম্মানুৰোধে তেওঁ চবএচিষ্টেণ্ট কমিচনৰ হল। তেতিয়া ইংৰাজ বা ইউৰেচীয়ান চাহাব মাত্ৰ এই পদত আছিল। এইসকলক সাধাৰণে ছোট চাহাব, প্ৰধান এচিষ্টেণ্ট- সকলক বৰ চাহাব আৰু জুনিয়ৰ চাহাব বুলিছিল। যেনে তেনে দেশীয় লোক হওক চাহাবসকলৰ আগলৈ গলে প্ৰায় এতিয়াৰ দৰে বাহিৰত জোতা থৈ যাব লাগে আৰু দীঘলকৈ চেলাম কৰি আগত থিয় দি থাকিব লাগে। তেতিয়াৰ দেশীয় হাকীম- সকলেও চাহাবসকলৰ ওচৰলৈ গল বাহিৰত জোতা থৈ যায় আৰু প্ৰায় দীঘল চেলাম কৰিছিল। ফুকন ছোট চাহাব তলত ফুকনকো সেইৰূপ ব্যৱহাৰ কৰিব লাগিব আৰু কেনেকৈ নো চিৰকাল চাহাবক চেলাম কৰা আৰু বৰ সম্ভ্ৰম কৰা লোক সকলে দেশীয় এজনক তেনে ব্যৱহাৰ কৰিব এইটোকে মৰণান্তিক পায় কিছুমানে বেয়া পাইছিল। শুনা গৈছে বোলে উজনীৰ কোনো এক জিলাৰ কোনো এজনা দেশীয় ইংৰাজ ছোট চাহাবে কোনো এজনা চিৰস্তাদাৰৰ আগত কলে যে “আনন্দৰাম ফুকন [ ১১৩ ] ছোট চাহাব হৈছে, তেওঁ মোৰ কামলৈ আহিব, মই অমুক ঠাইলৈ যাম” চিৰস্তাদাৰে ইয়াকে শুনি কলে যে “খোদাৱন্দা! হুজুৰ গলে যদি ফুকন এই গদীত বহে গোলামে কামকে ইস্তফা দিম।” যিসকল লোকে ফুকনৰ এই উন্নতিত পেটে বেয়া পাইছিল সেইসকলেও তেওঁৰ বিদ্যা বুদ্ধি আৰু সৌজন্যৰ কথা দেখি বা শুনি তেওঁবিলাকতকৈ যে ফুকন শ্ৰেষ্ঠ এইটো স্বীকাৰ কৰিছিল৷ কোনো এজন কৃষ্ণবৰ্ণ ফিৰিঙ্গি কেৰাণী চাহাবে এজন দেশীয় লোকক কৈছিল বোলে “দেশৰ কলা মানুহ যেতিয়া ছোট চাহাব হল তেতিয়া আৰু ছোট চাহাব পদৰ গৌৰৱ গল।” ফলে উচ্চ পদৰ আৰু শ্ৰেণীৰ কি ইংৰাজী কি দেশীয় লোক সকলোৱেই ফুকনৰ উন্নতিত সন্তোষ পাইছিল। আৰু সাধাৰণ লোকসকলেও বৰ সন্তোষ পাইছিল।

 চব এচিষ্টেণ্ট কমিচনৰ হলত জেনকিনচ্ চাহাবে ফুকনক বিজনীৰ ৰজাৰে সকলো কাৰবাৰ এৰিবলৈ চিঠি লেখিলে আৰু তেওঁ এৰিলে৷ ৰামচন্দ্ৰ বিশ্বাস ফুকনৰ মোখ্তাৰ আছিল। তেওঁ বিজনীত পেচকাৰ হোৱাত অনেকৰ অসহ্য হল। বিশেষতঃ ফুকনৰ দেৱান কৰ্ম্ম পাবলৈ কোনো কোনো লোকে অভিলাষ কৰিছিল সেইসকলে গোৱালপাৰাৰ কালেক্টৰ এগ্নিউ চাহাবক ফুকনে তলে তলে বিজনীৰ কাৰ্য্য কৰা কথা কলে। চাহাবে কমিচনৰ চাহাবলৈ এই বিষয় চৰকাৰী ৰিপোৰ্ট কৰে। কমিচনৰ চাহাবে ফুকনক সেই বিষয় জ্ঞাত কৰি বিজনীৰ ৰজাৰে প্ৰকাশ্যে কি অপ্ৰকাশ্যে সকলো সম্পৰ্ক পৰিত্যাগ কৰিবলৈ লিখে। ফুকনে চাহাবলৈ জনায় যে তেওঁ পূৰ্ব্বেই ৰজাৰ সকলো কথা এৰিছে আৰু হিচাপ ইত্যাদি যি দিব লগা আছিল তাকো দিছে।

 বৰপেটা প্ৰাচীন ঠাই। মহাপুৰুষীয়া সাধুসকলে কয় বোলে যেতিয়া শ্ৰীকৃষ্ণ দ্বাৰকাৰপৰা ৰথত উঠি কুণ্ডিল নগৰত ৰুক্মিণীক বিবাহ কৰাবলৈ যায় তেতিয়া তেওঁ বৰপেটাত জিৰাইছিল। [ ১১৪ ] ৰুক্মিণীক লগত লৈ যেতিয়া দ্বাৰকালৈ কৃষ্ণ যায় তেতিয়াও তাত ৰথ ৰাখিছিল। সেইসকল সাধুৱে ইয়াকো কয় বোলে তেতিয়াই শ্ৰীকৃষ্ণই সেই ঠাই কলিকালতো পবিত্ৰ হব বুলি ইচ্ছা কৰিছিল। ইয়াকে চূণপোৰাও বোলে। কি জানি শ্ৰীকৃষ্ণই বৰ দ্ৰুতবেগেৰে ৰথ চলাই যাওঁতেই বেদনিধি বাপুৱে জোলাঙ্গা মেলি মেলি তামোল খাবলৈ ধৰাত ৰথৰ বেগত বাপুৰ জোলোঙ্গাৰ চূণ পৰিল আৰু সেই কাৰণেই ইয়াক চূণপোৰা বোলে। সেই যেইকি নহওক উজনীৰপৰা দেশৰ উপদ্ৰৱত শঙ্কৰদেৱ আৰু মাধৱদেৱ শিষ্যে সমন্নিতে কামৰূপলৈ গৈ সেই অঞ্চলতে থাকি ধৰ্ম্ম প্ৰচাৰ কৰিছিল। শঙ্কৰদেৱ পাটবাউসীত আছিল। শঙ্কৰদেৱৰ আশ্ৰমৰ সমীপতে দামোদৰ দেৱৰ আশ্ৰম আছিল। মাধৱদেৱ গণককুচিত ১৭ বছৰ, সুন্দৰীদিয়াত ১৪ বছৰ আছিল। বৰপেটাত থিতাপিকৈ কেৱল ছমাহ আছিল। তথাপি আন ঠাইতকৈ পূৰ্ব্বৰ সেই কথাৰ কাৰণে বৰপেটা প্ৰধান হল। মাধৱদেৱে বৰপেটা সত্ৰত একপ্ৰকাৰ সাধাৰণতন্ত্ৰ স্থাপন কৰিলে। বৰপেটা সত্ৰত সমূহ ভকত বৰপেটা সত্ৰৰ গৰাকী ৷ আহোম ৰজাসকলেও বৰপেটাৰ এই সাধাৰণতন্ত্ৰ প্ৰণালী স্বীকাৰ কৰি মাটি-বৃত্তি দিছিল। মাধৱদেৱে তেওঁৰ ধৰ্ম্মাধিপত্য মথুৰাদাস বুঢ়া আতাক অপৰ্ণ কৰিলে। বুঢ়া আতাই সেই ধৰ্ম্মাধিপত্য সমূহত থলে। সমূহে যাকে মনোনীত কৰে সেইয়ে সত্ৰীয়া হয়। সেই সত্ৰীয়া সেই সমূহৰ সভাৰ সভাপতি মাত্ৰ। শঙ্কৰদেৱৰ পুৰোহিত ৰাম ৰাম গুৰুৰ বংশৰ সন্তানসকলেই সত্ৰীয়া ৰূপে মনোনীত হৈ আহিছে। সত্ৰীয়াই শিষ্যক শৰণ লগায়। কালক্ৰমে এই বংশৰ লোকেই সত্ৰীয়া হৈ থকাত তেওঁবিলাকে সেই পদ তেওঁবিলাকৰ আৰু সমূহ ভকত তেওঁবিলাকৰ অধীন; তেওঁবিলাকেই গৰাকী। এই স্বত্বলৈ হাত মেলাত সমূহ আৰু সত্ৰীয়াৰ মাজত বৰ বিৰোধ হয়। অনেক গোচৰ হয়। সত্ৰৰ দূৰৈত থাওক [ ১১৫ ] আন ঠাইৰ মানুহো দুফলীয়া হৈছিল। আনন্দৰাম ফুকনে বৰপেটা, গণককুচি, পাটবাউসী বাৰাদী, সুন্দৰীদিয়া প্ৰভৃতি সত্ৰলৈ গৈ তাৰ সকলো কথ৷ অৱগত হল। সমূহ সত্ৰীয়াৰ মাজত এবাৰ হুৰামুৰা লগাত ফুকনে এই সত্ৰৰ ভিতৰতে এট৷ বাটচ'ৰাত বহি শোধ- পোছ কৰিছিল। সেই সময় এনে হৈছিল যে কেতিয়া কোন পক্ষে কাৰে সৈতে মৰামৰি কৰে তাৰ নিৰ্ণয় নাই। এদিন ঘৰত থাকোতে বৰপেটা সত্ৰত হুৰামূৰা লগা বাৰ্ত্ত৷ পাই ফুকনে সত্ৰলৈ গল, পাছে ফাটকৰ ওচৰৰপৰা ঘূৰি আহিল।

 ১৮৫৩ চনৰ ৯ জনুেৱাৰী ৰবিবাৰ ১৭৭৪ শকৰ ১৭ পৌষত অমাৱস্যাত ফুকনৰ পত্নীৰ এটি কন্যা জন্মে। এই কন্যাৰ নাম কোষ্টিত প্ৰকাশ্য নাম লক্ষ্মী আৰু গুপ্ত নাম ফল্গুপ্ৰভা। কলিকতাত সেই সময়ত মাসিক পত্ৰিকা নামে এখানি সৰুপুথি মাহিলি প্ৰকাশিত হৈছিল৷ সেই পুথিত পদ্মাৱতী নামে এটি কন্যাৰ কথা আছিল। ফুকনে সেই ছোৱালীৰ নাম ভাল পাই তেওঁৰ কন্যাৰ নাম পদ্মাৱতী থলে। এটি সন্তান মৰাৰ পাছত এই কন্যা হোৱাত তেওঁ বৰ আদৰ পাবলৈ ধৰিলে।

 বৰপেটা কামৰূপৰ এখান মহকুমা। তাত বিস্তৰ লোক নাই। তাৰ লোকসকল বৰ দুষ্ট বুলি প্ৰসিদ্ধ। প্ৰকৃততে তাৰ লোকসকলে নিজৰ স্বত্ব ভালকৈ বুজে। ফুকনৰ দিনত তেনে দুষ্টালিৰ কথা প্ৰকাশ নহল। তাত এজন মুনচেফ আছিল। ফুকনে তাৰ যি অল্প সংখ্যক ভদ্ৰলোক আছে তেওঁলোকৰে সৈতে সময়ে সময়ে আলাপ কৰিছিল। সত্ৰ আৰু আন ঠাইৰ মহন্ত আৰু আন ভদ্ৰলোকসকল তেওঁৰ তালৈ গৈছিল। সুন্দৰীদিয়াৰ অতিৰাম বৰুৱা আৰু ব্ৰহ্মচাৰী বাৱাৰ দিনত হাদীৰা চকিত কৰ্ম্ম কৰা হৰিপ্ৰসাদ চৌধুৰী আৰু গঙ্গা প্ৰসাদ চক্ৰৱৰ্ত্তী মাজে মাজে আহিছিল। সেইসকলৰ মুখে তেওঁ নানাবিধ গল্প শ্ৰৱণ কৰিছিল।

[ ১১৬ ]  ফুকনে সদৰ দেৱানী আদালতৰ নিষ্পত্তিৰ ভাৰ নবীন বাবুৰ ওপৰত দিলে। তেওঁ আৰু প্ৰসন্নচন্দ্ৰ ঘোষ নামে এজনে সেই নিষ্পত্তি নিউ প্ৰেচ ছাপাখানাত মুদ্ৰিত আৰু প্ৰকাশিত কৰিবলৈ ধৰিলে। ফুকনে প্ৰথমে মেকফাৰ্চন্ চাহাবে কৰা “চিবিল প্ৰচিডৰ” অনুবাদ কৰি প্ৰকাশ কৰিব খুজিছিল। পৰিশেষত সেইটে৷ অভিপ্ৰায় এৰিলে। আসামত চৌধুৰী বা মৌজাদাৰবিলাকে বাকীজাৰি কৰি খাজনা আদায় কৰে। এই বিষয় ফুকনে এটি ৰিপোৰ্ট লিখিছিল। তাকে লিখি থাকোতেই তেওঁৰ আইনৰ বিষয়ে পূৰ্ব্বৰ নিয়ম এৰিলে। ব্লাকইষ্টোনচ কমেণ্টৰী অৰ্থাৎ ইংলণ্ডৰ আইনৰ সাৰ সংগ্ৰহ নামে পুস্তকৰ আদৰ্শেৰে বঙ্গদেশৰ আইন আৰু ব্যৱস্থাৰ সাৰ সংগ্ৰহ প্ৰস্তুত কৰিবলৈ ফুকনৰ মন হল। সেই কাৰণে তেওঁ সেইৰূপে পুস্তক প্ৰচাৰৰ পক্ষে যত্ন কৰিবলৈ ধৰিলে। গবৰ্ণমেণ্টৰ প্ৰচাৰিত যাবদীয় আইন আৰু কনষ্ট্ৰক্চন চৰ্কুলাৰ আৰু অনেক চাহাবসকলে কৰা হিন্দু আৰু মুচলমানৰ ব্যৱস্থ৷ ইত্যাদি চাবলৈ ধৰিলে। বৰপেটাত এই বিষয়ে তেওঁ সময় আৰু সুবিধ৷ পাইছিল। সেইসকল পুথি চাই ক্ৰমে তেওঁ তাক বঙ্গলা ভাষাত অনুবাদ কৰিবলৈ ধৰিলে। হৰিপ্ৰসাদ চৌধুৰীৰ পুতেক গোবিন্দৰামৰ হস্তাক্ষৰ ভাল আছিল। সেই অনুবাদ ৰচনা গোবিন্দৰামে নকল কৰিবলৈ ধৰিলে।

 পদ্মাৱতী ৪৷৫ মহীয়া হোৱাত ফুকননী অপস্মাৰ ৰোগাক্ৰান্তা হৈ মৰণাপন্না হয়। কেইবাদিনো অচেতন অৱস্থাত আছিল। গোৱালপাৰাৰপৰ৷ দয়াসিং ডাক্তাৰ আহি চিকিৎসা কৰাত ঈশ্বৰৰ ইচ্ছাত আৰোগ্য লাভ কৰিলে। নৰিয়া প্ৰথমে ইমান টান হৈছিল যে ফুকনে গোৱালপাৰালৈ চিকিৎসাৰ কাৰণে যাবলৈ ইচ্ছা কৰিছিল। কমিচনৰ চাহাবলৈ সেই ঠাইৰপৰা আন ঠাইলৈ যাবলৈ ইচ্ছা কৰি তেওঁ পত্ৰ লিখিছিল। ব্ৰিটিচাধিকৃত হোৱাত অসমদেশলৈ যিসকল শাসনকৰ্ত্তা প্ৰেৰিত হয় বা নিয়োগ হয়৷ [ ১১৭ ] সেইসকলে এই দেশ শাসন কৰে। কোনো কৰ্ম্মচাৰী আহি ইয়াৰ অৱস্থা অনুসন্ধান কৰা নাছিল। ১৮৫৩ চনৰ বৰ্ষাৰ আদিতে সদৰ আদালতৰ জজ মেং মিলচ চাহাবক গবৰ্ণমেন্টে এই দেশলৈ পঠালে। তেওঁ এই দেশৰ সকলো বিষয় চাই গবৰ্ণমেণ্টলৈ ৰিপোৰ্ট কৰিবলৈ ভাৰ পালে। অসম দেশৰ অৱস্থা ফুকনে ভালকৈ জানিছিল। আমাৰ দেশৰ বিস্তৰ অভাব। কলিকতাত থাকোতে তেওঁ তাৰ ৰাজ-কৰ্ম্মচাৰী আৰু আন লোকে সৈতে আলাপ কৰি যিবিলাক অনুসন্ধানৰ যোগ্য বিষয় তাক তেওঁ অৱগত হৈছিল। সেইবিলাক বিষয় লিখি অসম দেশৰ লোকসকলৰ পক্ষে মিলচ চাহাবক এখান দৰখাস্ত দিবলৈ ফুকনে আলচ কৰিলে, ইংৰাজী ভাষাত এখান দৰখাস্ত লিখা হল। পাছে দেখিলে যে এই দেশৰ সকলো লোকৰ পক্ষে তেওঁ আৰজী দিয়াটে৷ শ্ৰেয়ঃ নহয়। এতেকে নিজেই এক মিমৰাণ্ডম বা স্মাৰক পত্ৰৰ দৰে এক সুদীৰ্ঘ প্ৰবন্ধ লিখিলে। তাত আমাৰ দেশৰ বিস্তৰ অভাব আৰু গবৰ্ণমেন্টে কাণ দিব লগীয়া অনেক কথা আছিল। এনে অনেক কথা আছিল যাক সেই পৰ্যন্ত কোনেও গবৰ্ণমেণ্টৰ কৰ্ণগোচৰ কৰা নাছিল। প্ৰজাৰ ভূমিৰ ওপৰত স্বত্ব, ভূমি বন্দোবস্ত, চিৰস্থায়ী বন্দোবস্ত, পতিত বা হাবিমাটি, দেৱানী, ফৌজদাৰী ৰাজস্বৰ বিচাৰ প্ৰণালী, শপত, ভাষা আৰু ভাষা শিক্ষা, পাঠশালা আৰু পাঠশালাৰ শিক্ষা, কৃষি, বাণিজ্য, শিল্প, জন্তু আৰু মনুষ্যৰ মাৰী ভয়, পুলিচ, শান্তিৰক্ষা, বিবাহ ৰেজেষ্টৰি ইত্যাদি।

 এই সকলো বিষয়তে ন্যায়সঙ্গত হেতুবাদেৰে পৰিপূৰ্ণ আছিল। মিলচ চাহাব গুৱাহাটীৰপৰা উজাই গল। ফুকনে এই আবেদন পত্ৰ লিখি তাক মিলচ চাহাবক দিবলৈ ইমান ব্যস্ত হৈছিল যে তেওঁ ১৫ দিনৰ বিদায় লৈ গুৱাহাটীলৈ আহিবলৈ চাহাবত প্ৰাৰ্থনা কৰিছিল। সেই বিদায় গ্ৰাহ্য হৈছিল। এনেতে নগাঁওৰ [ ১১৮ ] চব এচিষ্টেণ্ট মেং ষ্ট্ৰং চাহাব মৃত্যু হোৱাত সেই পদ শূন্য হল। ফুকন তালৈ যাব লগীয়া হল। ইয়াৰ কিছুদিন পূৰ্ব্বে তেওঁৰ মাতৃ দুজনা প্ৰয়াগ পৰ্য্যন্ত তীৰ্থ কৰি বৰপেটালৈ আহিল। ফুকনে ভাবিলে যে সপৰিবাৰে উজাই যাব লগীয়া হলে বৰ অসুবিধা, এই ভাবি তেওঁৰ পৰিবাৰসকলক নৌকা যোগে পূৰ্ব্বেই পঠালে। ফুকনৰ লগত তেতিয়া প্ৰায় ৪১ জন লোক আছিল। ইয়াৰ পূৰ্ব্বেই চান্দকুচীয়া বৰুৱাৰ চান্দকুচীৰ খাত আৰু নগোঁসাই- উৰুৰ মাজৰ খাত নামে ব্ৰহ্মওৰ মাটি আৰু বেহাৰবাড়ী ফুকনে ক্ৰয় কৰিছিল। খাৰাধৰা খাতৰপৰা ধান চাউল ইত্যাদিত বৰ সাহায্য পাইছিল। তেতিয়া বস্তু-বেহানি তিমান মূল্যবান নাছিল ৷

 ফুকনৰ কৰ্ম্মত বৰপেটালৈ ড্ৰাইবৰ চাহাব নিযুক্ত হল। ১৯ জুনত ড্ৰাইবৰ চাহাবক বৰপেটা মহকুমাৰ চাৰ্য্য দিলে। এজন হাকীম বদলি হলে তেওঁৰপৰা চাৰ্টিফিকেট বা সুখ্যাতি পত্ৰ লোৱা আমোলা আৰু আন মানুহে বৰ আৱশ্যক বোধ কৰে৷ ফুকনেও অনেকক চাৰ্টিফিকেট দিলে। তেওঁক সাক্ষাৎ কৰিবলৈ ইমান মানুহ আহিছিল যে ৰাতি ১২ বজালৈকে তেওঁ সকলোকে সম্বোধন কৰিব লগীয়া হৈছিল। পাছদিনা ফুকনে যাত্ৰা কৰিলে। সৰু ক্ষেত্ৰী পৰগণাত বণিয়াকুচী নামে এখান গ্ৰাম আছে। তাত এখান সত্ৰ আছে। সেই সত্ৰৰ গোঁসাই বিলাক ব্ৰাহ্মণ। তেওঁবিলাকে সৈতে ফুকনৰ ঘৰৰ বহু- দিনৰপৰা মিত্ৰতা। ফুকনৰ ঘৰৰ বিস্তৰ বেটী বন্দী আছিল। সকলোবিলাক সেই বণিয়াকুচীৰ গোঁসাইৰ শিষ্য। ফুকনে বণিয়াকুচীৰ গোঁসাইউৰুৰে সৈতে সাক্ষাৎ কৰিলে। তাত পাছ দিন৷ বাটতে হাজোৰ সমীপত ফুকনে তেওঁৰ পৰিবাৰৰ নৌকা লগ পালে৷ তাৰপৰা গৈ দলীবাৰী পছৰীয়াৰ ওচৰত ৰাতি থাকি পুৱা গুৱাহাটী পালে। ফুকনে হাজো দেৱালয়ৰ ওচৰেৰে হাজো সুতীৰে গুৱাহাটীলৈ আহিল। গুৱাহাটীত জেনকিনচ [ ১১৯ ] চাহাব প্ৰভৃতিৰে সাক্ষাৎ কৰিলে। জুলাই মাহৰ ৪ তাৰিখে ফুকন মিলচ চাহাবৰ তলৈ গল। চাহাব জাহাজেৰে আহিছিল। তেওঁ নিজে সেই চাহাবক তেওঁ লিখা সেই আবেদনপত্ৰ দিলে। চাহাবে আদৰেৰে তাক গ্ৰহণ কৰিলে আৰু মুখেও এই দেশৰ বিষয় অনেক কথা সুধিলে, তেওঁ যিমান জানে তাক কলে। মিলচ চাহাবে যেতিয়া তেওঁৰ ৰিপোৰ্ট গবৰ্ণমেণ্টত দিয়ে তেতিয়া তাৰ লগত এই পত্ৰও দিছিল। সেই ৰিপৰ্টৰ লগত ইও পৰিশিষ্টত ছাপা হয়। অসম দেশত অসমীয়া ভাষা চলিব লাগে এইটে৷ মিলচ চাহাবে মত দিয়ে। আৰু সেই মত ফুকনৰ দ্বাৰাই প্ৰতিপোষক হয়। ফুকনৰ আন আন কথাৰ বিষয়েও মিলচ চাহাবে তেওঁৰ ৰিপৰ্টত লিখিছিল। প্ৰকৃতে ফুকনৰ এই ৰিপোৰ্ট বৰ কাৰ্য্যকৰ হৈছে। যি কেতবিলাক কথা এতিয়াহে হৈছে বা হব লাগিছে সেই কথাৰ অনেক ফুকনে দীৰ্ঘদৰ্শীৰ ন্যায় তেতিয়াই কৈ গৈছে। সেই আবেদন পত্ৰ এখান পুস্তকৰ আকাৰে সুন্দৰ ছাপা হব পাৰে।

 বলৰাম ফুকন তীৰ্থত থাকোতেই তেওঁৰ গৃহদাহ হৈ অনেক হানি হল। ফুকন তেতিয়া বৰপেটাত আছিল। দুইওজনা ফুকনৰ মাজত পূৰ্ব্বৰ যি বিৰোধ আছিল সি আপোচ হৈ সৰু জনাই আনন্দৰাম ফুকনক টকা দিবলৈ স্বীকাৰ কৰিলে। গুৱাহাটীত খাত পাম আৰু ফুকনেৰে হিচাপ ইত্যাদি পৰিষ্কাৰ কৰি আৰু দেশীয় বন্ধু সকলক সাক্ষাৎ কৰি ১৪ জুলাই তাৰিখে আনন্দৰাম ফুকন নগাঁওলৈ যাত্ৰা কৰিলে। নগাঁওত ষ্ট্ৰং চাহাব থকা বঙ্গলাটে৷ তেতিয়াৰ বাৰিক মাষ্টৰ মাৰ্টিন চাহাবৰপৰা ১০০০্ টকাত কিনিবলৈ স্থিৰ কৰি ক্ৰয় কৰিলে। সেই ঘৰত তেওঁৰ পৰিবাৰ থাকিব পৰা স্থান নাছিল। সেইদেখি ফুকনে তেওঁৰ পৰিবাৰ গুৱাহাটীত এৰি অকলে খেল নৌকাৰে ১৪ জুলাইত যাত্ৰা কৰিলে। গুৱাহাটী এৰি কলঙ্গ সোমাই লাউমুদৈৰ ঘাট [ ১২০ ] নাপাই মানে গাঁও নাই। কোনো ঠাইত একে খান পাম। জাগী পালেই কলঙ্গে গলে মাছখোৱালৈকে কোনো কোনো ঠাইত গাঁও পায়। ফুকুন কিলিঙ্গে উজাই আহিল ৷ তাৰো দুই দাঁতিত গাঁও নাই, কেৱল ধৰমতুল গ্ৰাম আছে তাৰ পাছে আহতগুৰী পায়। ছাপৰমুখৰ হাটৰ ওচৰেৰে আহি ৰহা পালে। বহাৰপৰা কলঙ্গ পায়। তাৰ দুইও পাৰে লালি গাঁও। এইবিলাক গ্ৰাম আৰু গ্ৰাম্য শোভা চাই ফুকনে ১৯ জুলাইত নগাঁওঁ পালে! কাপ্তান বটলৰ চাহাব তেতিয়া নগাঁও জিলাৰ প্ৰধান এচিষ্টেণ্ট কমিচনৰ৷ তেওঁক সাক্ষাৎ কৰি ফুকনে তেওঁক কৰ্ম্মৰ চাৰ্য্য ললে। নগাঁও তেওঁৰ পূৰ্ব্বে পৰিচিত ঠাই, ইয়াক পাই ফুকন সন্তোষী হল। ষ্ট্ৰং চাহাবৰ বঙ্গলাত ফুকন থাকিল৷ তেওঁৰ লগত তেতিয়া বহু মানুহ নাছিল৷ প্ৰথমতে ফুকনে তেওঁৰ পৰিবাৰ থাকিবলৈ ঘৰবাৰী প্ৰস্তত কৰোতেই ব্যস্ত হল। চাহাবৰ যিবিলাক ঘৰ আছিল সেইবিলাকত ঘোঁৰা থকা আৰু আন বাহিৰা ঘৰহে কৰিব পৰা গল। বঙ্গলা ঘৰটোত বহামেলা বৈঠকখানা আৰু কাপোৰ ইত্যাদি থোৱা আৰু শোৱা হব পাৰে মাত্ৰ। ৰন্ধ৷ খোৱা আৰু পূজা ইত্যাদি হব নোৱাৰে। বিশেষ লগৰ বেটী বন্দী আৰু আন মানুহ থাকিবলৈ ঘৰ লাগে। চাৰিও ফালৰ টাটী-বেৰা, ঢেকীশাল, গোহালি ইত্যাদি লগা হল। এইবিলাক ঘৰ কৰোৱা হল। গুৱাহাটীৰপৰা পৰিবাৰ নৌকা যাত্ৰা কৰিলে। সেই নৌকাবিলাক কলঙ্গ সোমাই সোনাই নদীৰে আহিব খুজিছিল, পাছে সেই নদীৰ পানী শুকাব লগীয়া হোৱাত আৰু সেই নদীৰে বা কলঙ্গে আহিলে মহৰপৰা অনেক অসুবিধা পোৱা হব ভাবি সেই নাওত লম্বোদৰ নামে এজন কলীয়াবৰীয়া লোকৰ পৰামৰ্শ অনুসাৰে আকৌ ব্ৰহ্মপুত্ৰেৰে নাও উজাই আহিল। নাও লাওখোৱাত চাপিল। ফুকন এই সংবাদ পাই বৰ দুখিত হল। লাওখোৱা তেজপুৰৰ ইপাৰে। তাৰপৰা [ ১২১ ] নগাঁও ১৬ মাইল। হাবি বাট। তাৰপৰা অনেক কষ্টে পৰিবাৰ- বিলাক আৰু বস্তুবিলাক অনা হল।

 সেই চনৰ অক্টোবৰ মাহত বটলৰ চাহাব ডেপুটী কমিচনৰৰ একটীনী কৰিবলৈ গুৱাহাটীলৈ গলত হড্চন চাহাব প্ৰধান এচিষ্টেণ্টৰ একটীন হল। ফুকনে নিয়মিতৰূপে চৰকাৰী কৰ্ম্ম কৰিবলৈ ধৰিলে। পুৱা গধূলি সদাই আইন তৰজমা কৰে।

 এই দেশৰ কাছাৰীৰ চিৰস্তাবিলাকত বঙ্গলা স্কুলৰ পঢ়া ভাল ছাত্ৰ সকল “শিক্ষানবীশ” বা এপ্ৰেন্টিচ নিযুক্ত হৈছিল। সেইসকলে মাহিলি গবৰ্ণমেণ্টৰপৰা বেতন পাইছিল। সেইসকলৰ মাজত ৰুদ্ৰৰাম নামে এজনৰ হস্তাক্ষৰ ভাল থকাত তেওঁৰ হুতুৱাই সেই তৰজমা কৰা আইন নকল কৰালে। সেই নকল কৰা কাকত কলিকতালৈ নবীন বাবুৰ তলৈ পঠোৱা হৈছিল। আৰু নিউপ্ৰেছ নামে মুদ্ৰাযন্ত্ৰত মুদ্ৰিত হবলৈ ধৰিলে৷

 পূৰ্ব্বে কমিচনৰ আৰু ডেপুটী কমিচনৰ চাহাবসকলে শীতকালত আসামদেশৰ সকলো জিলালৈ গৈ তাৰ কাৰ্য্য আৰু চিৰস্তা আৰু নগৰ চাইছিল। এইবাৰ ডিচেম্বৰ মাহত জেনকিনচ্ কমিচনৰ চাহাব নগাঁওলৈ আহিল। এইজনা চাহাব কোনো দেশীয় লোকৰ ঘৰলৈ কেতিয়াও যোৱা নাছিল। ফুকনউৰুৰ ঘৰলৈকো গুৱাহাটীত বিবাহ ইত্যাদিত যোৱা নাছিল। এইবাৰ ফুকনৰ ঘৰলৈ আহি ফুকনক সাক্ষাৎ কৰিলে৷ এই সন্মানত তেওঁ বৰ সমাদৃত হল।

 ফুকনৰ গুৰু পৰ্ব্বতীয়া কালিদাস ভট্টাচাৰ্য্য গোস্বামী পৌষ মাহত নগাঁওলৈ আহিল। ফুকনে তেওঁক ঘাটতে থাকিবলৈ বাহৰ কৰাই দিয়ালে। প্ৰায় প্ৰতিদিন গোঁসাইৰ তালৈ গৈ তেওঁৰ ইণ্টদেৱতাৰ পূজাৰ বিধি শিক্ষা কৰিছিল। আৰু পৌষ সংক্ৰান্তি মাঘৰ বিহুৰ দিনা তেওঁৰ পত্নীয়ে এইজনা পৰ্ব্বতীয়া গোঁসাইৰ তত মন্ত্ৰ গ্ৰহণ কৰিলে৷ তাৰ কিছুদিনৰ পাছত গোঁসাই গুৱাহাটীলৈ গল।

[ ১২২ ]  বটলৰ চাহাব অহাত হড্চন চাহাব নগাঁৰপৰা গল। বটলৰ চাহাবে আকৗ চাৰ্য্য ললে। আমেৰিকাৰ ইউনাইটেড ইষ্টেটচ্ প্ৰদেশৰ বষ্টন নগৰত ব্যাপ্তিষ্ট মিচনেৰি খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ এটি সমাজ আছে। এই দেশত খ্ৰীষ্টীয়ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ সেই সমাজৰপৰা পাদ্ৰী প্ৰেৰিত হয়। তেতিয়া নগাঁও, শিৱসাগৰ, গুৱাহাটী প্ৰভৃতি ঠাইত অনেক মিচনেৰি পাদ্ৰী আছিল। সেইসকলে এই দেশত খ্ৰীষ্টীয়ানধৰ্ম্ম প্ৰচাৰ কৰিছিল। নগাঁওত তেতিয়া প্ৰধান ঠাই আছিল। ইয়াত ব্ৰন্চন্ আৰু ইষ্টডাৰ্ড নামে দুজন মিচনেৰি আছিল। আমেৰিকাৰ বষ্টন নগৰৰপৰা ডাক্তৰ পেক নামে মিচনেৰি সমাজৰ চেক্ৰেটৰি চাহাব এই দেশলৈ মিচনৰ কাৰ্য্য চাবলৈ আহিছিল। গুৱাহাটী আৰু উজনীৰপৰা ডানফৰ্থ হোৱাইটিঙ্গ ব্ৰাউন পাদ্ৰী চাহাব ১৮৫৪ চনৰ জানুৱাৰি মাহত নগাওঁলৈ আহি ইয়াত ধৰ্ম্ম প্ৰচাৰ সম্বন্ধে বিশেষ আলোচনা কৰিছিল। ফুকনে সদাই সেই পাদ্ৰীসকলৰ তালৈ গৈ অনেক কথা-বাৰ্ত্তা কৈছিল আৰু পাদ্ৰীসকলো ফুকনৰ ঘৰলৈ আহি অনেক কথাৰ আলোচনা কৰিছিল। পাদ্ৰী চাহাবসকলৰ ধৰ্ম্ম বিষয়ে উৎসাহ দেখি তেওঁ বৰ চমৎকৃত হৈছিল। ফ্ৰেব্ৰুৱাৰী মাহৰ শেষত বলৰাম ফুকন গুৱাহাটীৰপৰ৷ নগাঁওলৈ আহিল। বহুতদিনৰ পাছত ফুকনে এওঁৰে সৈতে কথা-বাৰ্ত্তা কৈ বৰ সন্তোষ পালে।

 এই দেশৰ দিলিহীয়াল ভট্টাচাৰ্য্যৰ ঘৰৰ কেইজনমান ডেকা গুৱাহাটীত আছিল। তেওঁবিলাকক বেঙ্গেনাঅটীয়া খাটনিয়াৰো বুলিছিল৷ সেইবিলাকৰ মাজেৰে বুধদত্ত খাটনিয়াৰৰ পুতেক ধৰ্ম্মদত্ত ফুকনৰ লগত বহুদিনৰ পৰা আছিল। ফুকননী আৰু ফুকন দুইও ধৰ্ম্মদত্তক নিৰাশ্ৰয় দেখি স্নেহ কৰিছিল৷ ধৰ্ম্মদত্তই কাছাৰীত লেখা-পঢ়া কৰিছিল আৰু ঘৰতো বজাৰ-হাট কৰিছিল আৰু আন উপযুক্ত কাম-কাজ কৰিছিল। শিঙ্গীয়া পোতনীৰ [ ১২৩ ] মধু বাপুৰ জীয়েক কেতেকীৰ সৈতে ধৰ্ম্মদত্তক ফুকনে বিবাহ কৰাই দিলে। ধৰ্ম্মদত্ত সস্ত্ৰীক যেতিয়া ঘৰলৈ আহিল ফুকন ফুকননী দুইও বৰ সন্তোষ পালে।

 মাৰ্চ্চ মাহৰ আদিতে বট্লৰ চাহাব গুৱাহাটীত ডেপুটী কমিচনৰ হৈ যোৱাত ফুকনে আকৌ জিলাৰ সম্পূৰ্ণ ভাৰ পালে। এতিয়াৰ দৰে তেতিয়াও নগাবিলাকে বৰ দৌৰাত্ম্য কৰিছিল ৷ মাৰ্চ্চ মাহৰ ১৭ তাৰিখে সংবাদ আহিল বোলে কেতবিলাক নগাই চাৰিখান মিকিৰ গাঁওৰ মানুহ কাটিলে। ফুকনে এই সংবাদ পাই প্ৰথমে মিকিৰ গাঁওলৈ যাবলৈ ইচ্ছা কৰিছিল পাছে নিজে নগৈ পুলিচৰ প্ৰতি আজ্ঞা দি কমিচনৰ চাহাবলৈ ৰিপৰ্ট কৰিলে আৰু লেখিলে যে যদি আজ্ঞা কৰে তেওঁ সেই গাঁওলৈ যাব পাৰে। কমিচনৰ চাহাবে তেওঁক সেই ঠাইলৈ যাবলৈ আজ্ঞা নিদি নগাহঁতক দমাবলৈ আন উপায় অবলম্বন কৰিলে। নগাঁওৰ চাপৰি মহল আৰু আন আন ঠাইত অনেক জান আছে। বাৰিষা সেইবিলাকৰ কেতবোৰেৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই চাৰিওফালে আপ্লাবিত কৰি শস্য নষ্ট কৰে। সেইবিলাক জান বন্ধাবলৈ ফুকনৰ ওপৰত ভাৰ অৰ্পিত হল। তেওঁ সেইবিলাক জান বন্ধাবলৈ লোক নিযুক্ত কৰি দিলে আৰু সময়ে সময়ে তাক চাবলৈ গৈছিল। প্ৰজাবিলাকে জান বন্ধাত সাহায্য কৰিবলৈ অনিচ্ছা কৰাত তেওঁ গাঁওৰ মুখ্য মুখ্য লোক- সকলক মতাই আনি মেল কৰি সেই কৰ্ম্ম কৰাবলৈ সন্মত কৰাই দিছিল। তাৰ দ্বাৰাই অতি অল্প ব্যয়েৰে কাৰ্য্য সমাধা হল। ৰায়তবিলাকে বুজিব পাৰিলে যে সেই জান সিহঁতৰ উপকাৰৰ নিমিত্তেহে বন্ধোৱা হৈছে। এই উপলক্ষে বাৰিষালৈকে তেওঁ নগাঁওৰ চাপৰি মহল, যমুনামুখ, কলীয়াবৰ প্ৰভৃতি ঠাই ভ্ৰমণ কৰিলে৷ গৰীয়াজান, ডিমৌজান, কঁহাৰজান প্ৰভৃতি অনেক জান ফুকনে বন্ধোৱালে।

[ ১২৪ ]  পূৰ্ব্বে নগাঁওত এজন জুনিয়ৰ এচিষ্টেণ্ট আছিল। ফুকন আহিবৰপৰা সেই পদ শূন্য হয়। ১৮৫৪ চনৰ এপ্ৰেল মাহত আনন্দৰাম ফুকনক গবৰ্ণমেন্টে আসাম কায়দাবন্দীমতে জুনিয়ৰ এচিষ্টেণ্টৰ ক্ষমতা দিলে। তেওঁ সদৰ আমীনৰ ক্ষমতাও পালে। তাৰ দ্বাৰাই তেওঁৰ এবছৰ ফাটেক দিব পৰা ক্ষমতা হল। ৰাজস্ব বিভাগত তেওঁ ডেপুটী কালেক্টৰৰ ক্ষমতাৰে কাৰ্য্য কৰি- ছিল আৰু দেৱানীত সদৰআমীনৰ ক্ষমতাৰে কাৰ্য্য কৰিছিল। সেই এপ্ৰেল মাহতে লেপ্টেনেণ্ট লেম্ব চাহাব আহি নগাঁও জিলাৰ চাৰ্য্য গ্ৰহণ কৰে। ফুকনে কাছাৰীত নিয়মিতৰূপে বিচাৰ কাৰ্য্য কৰিছিল। আৰু সময়ে সময়ে জানবিলাক বন্ধাবলৈ বা বন্ধোৱা চাবলৈ গৈছিল। ইফালে বাৰিষা আগত প্ৰায়, তেও জানবিলাক বন্ধা সমাপ্ত নহল। লেম্ব চাহাবে ফুকনক বৰ নিৰুৎসাহী কৰিলে। এই কাৰণে তেওঁ বৰ দুখিত হৈ অধিক যত্নেৰে কাৰ্য্য সম্পাদন কৰিবলৈ ধৰিলে। কাৰ্য্য একপ্ৰকাৰ শেষ হল। যেতিয়া বাৰিষা হল ব্ৰহ্মপুত্ৰ আৰু কলঙ্গৰ পানী বাঢ়িল। অনেকবিলাক বিশেষকৈ বৰ বৰ জানবিলাক বন্ধ হল। কিছুমান জান ভাগিল ৷ তাক ৰক্ষা কৰা টান হল। নগাঁওৰ সদৰ মোকাম খাগৰিজানৰ সিপাৰে হয়বৰ গাঁও। বটলৰ চাহাবৰ দিনত তাক নগাঁও চহৰৰ লগ লগোৱ৷ হৈছে। কাছাৰীৰ ঘাটে সিপাৰে হয়বৰ গাঁওলৈ এখান কাঠৰ খুটাৰ ওপৰত বাঁহৰ চাঙ্গ্ দিয়া দলঙ্গ আছিল। নদীৰ বালিত খুটা পুতিবলৈ বৰ সুবিধা নোহোৱাত দলঙ্গৰ মাজডোখৰ তেনে শকত নাছিল। প্ৰথমে বৰ্ষা হলত কলঙ্গেৰে অনেক খাগৰি কাঠ উটি আহিছিল। সেই খাগৰিৰ জাঁজী আহি দলঙ্গৰ খুটাত লাগি আছিল। সেই জাঁজীবিলাকত পানীৰ সোঁত বৰ প্ৰবল বেগে পৰাত ১৮৫৪ চনৰ ২৬ জুন তাৰিখে দলঙ্গৰ মাজডোখৰ ভাগি পৰিল। তাৰ পাছদিনা আৰু অনেক খুটা ভাগি দলঙ্গত বৰ অনিষ্ট কৰিবলৈ ধৰিলে। দলঙ্গ থকাত [ ১২৫ ] মানুহে ইপাৰ সিপাৰ হবলৈ বৰ সুবিধা পাইছিল। এই দলঙ্গ বটলৰ চাহাবে বহু যত্ন আৰু শ্ৰম কৰি সজাইছিল।

 ফুকন নগাঁওলৈ অহাৰ সময়তে বিজনীৰ অমৃতনাৰায়ণ ভূপ বাহাদুৰ মৃত্যু হল। ৰজাৰ পুত্ৰ নাছিল। তেওঁৰ ৰাণী ভাগ্যে- শ্বৰীয়ে ৰজাৰ অনুমতি মতে কুমুদনাৰায়ণ নামে তেওঁবিলাকৰ বংশৰ কোঁঞৰ এটি পোষ্যপুত্ৰ ললে। ৰাণী তিৰোতা আৰু লৰা নাবালক দেখি বিজনীৰ জমীদাৰী কোৰ্ট অব ওয়াৰ্ডচৰ অধীনলৈ আহিল। সেই হোৱাত কালেক্টৰ কমিচনৰ প্ৰভৃতি গবৰ্ণমেণ্টৰ কৰ্ম্মচাৰীয়ে তাৰ কাৰ্য্য কৰিবলৈ ধৰিলে, প্ৰজা আৰু ৰজাৰ মাজত খাজনা ইত্যাদি বিষয়ে যি বিৰোধ আছিল সেইটো গবৰ্ণমেণ্টে মাৰিব লগীয়া হল। গবৰ্ণমেন্টে এজন ডেপুটী কালে- ক্টৰ আৰু আমীন ইত্যাদি নিযুক্ত কৰি জমিদাৰী বন্দোবস্ত কৰিবলৈ ধৰিলে। আনন্দৰাম ফুকনৰ কৰ্ম্মৰ বেতন আৰু পুৰস্কাৰ আৰু বলৰাম ফুকনৰ বৰাতি কিছুমান টকা প্ৰাপ্য আছিল। তাৰ হিচাপ দি বিজনী ৰজাৰ সম্পত্তিৰ ওপৰত ফুকনে কিছু টকাৰ দাবী কৰি গোৱালপাৰাৰ কালেক্টৰ চাহাবক আৰজি কৰে। ফুকনে যিমান শ্ৰম, অধ্যৱসায় আৰু যত্ন কৰি ৰজাৰ জমীদাৰী ৰক্ষাৰ উপায় কৰিলে আৰু যাৰ ফল স্বৰূপে সেই বন্দোবস্ত হৈছিল তাক ৰজাৰ পক্ষৰ কাৰ্য্যকাৰকসকলে বিবেচনা নকৰিলে। ফুকনৰ দাবী অলীক এইৰূপ প্ৰকাশ কৰিলে। গোৱালপাৰাৰ কালেক্টৰ এগ্নিউ চাহাবে সেই কথাকে বিশ্বাস কৰি ফুকনৰ বিপক্ষে মিছা দাবী কৰা বুলি কমিচনৰ চাহাবলৈ ৰিপ'ৰ্ট কৰিলে। ফুকনে ইয়াৰ বাৰ্ত্তা পাই বৰ দুখিত হল। তেওঁৰ দাবী যে যথাৰ্থ আৰু তেওঁৰ ওপৰত যে অকাৰণ অভিযোগ দিয়া হৈছে এই বিষয়ে কমিচনৰ চাহাবক জনালে। কমিচনৰ চাহাব সেই বিষয় অনুসন্ধান কৰিবৰ নিমিত্তে প্ৰবৃত্ত হল। এই সময়ত ফুকনৰ ঘৰ বাৰী সকলো পৰিপাটী হল। [ ১২৬ ] এটি চাঙ্গ বঙ্গলা শোৱনি-ঘৰ কৰা হল আৰু বৈঠকখানা বঙ্গলাৰ আগত সুন্দৰ ফুলৰ বাগিচা কৰা হল। আন যি যি ঘৰ আৱশ্যক সকলো প্ৰস্তুত হলত তেওঁ স্থিৰ হল।

 অসম দেশত যিবিলাক লাখেৰাজ মাটি আছে তাৰ ওপৰত লাখেৰাজদাৰ আৰু গবৰ্ণমেণ্টৰ আৰু প্ৰজাৰ স্বত্ব সম্পৰ্কে এই পৰ্য্যন্তে কোনো বিশেষ আলোচনা হোৱা নাছিল। যি হৈছিল সি গবৰ্ণমেণ্টৰ কৰ্ম্মচাৰীসকলৰ দ্বাৰাইহে হৈছিল। মাজতে ফুকনে মিলচ চাহাবক যি আবেদন পত্ৰ দিয়ে তাত এই বিষয় উল্লেখ কৰিছিল। কামৰূপৰ কালেক্টৰ ৰৌলত চাহাবে ফুকনৰ মত অতি ভাল পাইছিল আৰু আদৰ কৰিছিল। তেওঁলৈ ফুকনে লাখেৰাজ সম্পৰ্কে বিস্তৰ হেতুবাদৰ এক দীৰ্ঘ প্ৰবন্ধ লিখি পঠায়। কামৰূপৰ পৰ্ববতীয়া গোঁসাইউৰুৰ কিবা লাখে- ৰাজ সম্বন্ধীয় মোকৰ্দ্দমাত ৰৌলট চাহাবে ফুকনৰপৰা এই বিষয়ে তেওঁৰ মত সুধি পঠায়।

 ফুকনৰ মাতামহৰ ঘৰ মাজুলীৰ আহতগুৰী সত্ৰ। তেওঁৰ মাতৃ পিত্ৰালয়লৈ যাবলৈ ইচ্ছা কৰাত আশ্বিনৰ ৯ তাৰিখে (২১ অক্টোবৰ) তেওঁক যথাযোগ্য মতে পঠালে। ফুকনৰ লগত বিস্তৰ লোক। সকলো বস্তুকে কিনিব লাগে। নগাঁওৰ বালী- জুৰী নামে ঠাইত কিছুমান মাটি লৈ তেওঁ খাত এখান কৰালে। তাৰপৰা ধান পায়। তথাপি তেওঁৰ যি বেতন তাৰে নাটে। গুৱাহাটীৰপৰাও সময়ে সময়ে অনেক বস্তু আহিছিল। তেওঁৰ মাতৃ মাজুলীলৈ যাবৰ দিনা হাতত টকা অধিক নথকাত তেওঁ বৰ দুখিত হৈছিল। কাৰ্ত্তিকৰ ২৯ তাৰিখে তেওঁৰ মাতৃ মাজু- লীৰ পৰা ঘূৰি আহিল। ইমান খৰখেদা নহলহেঁতেন, কেৱল কলঙ্গৰ নদীৰ উজনী মুখ (আড়িকাটী মুখ) মাৰ যাবৰ আশ- ঙ্কাতহে ইমান শীঘ্ৰে অহা হল। তেতিয়াও অসম দেশত স্কুল আৰু কাছাৰীত বঙ্গলা ভাষা চলিছিল। পাদ্ৰীসকলে অসমীয়া [ ১২৭ ] ভাষা চলাবলৈ বৰ যত্ন কৰিছিল। ব্ৰনচন পাদ্ৰীচাহাবে অসমীয়া ভাষা চলাবলৈ এক আবেদনপত্ৰ প্ৰস্তুত কৰে। ফুকনে সেই চাহাবক এই বিষয়ে অনেক সাহায্য কৰিছিল। ফুকন বিনে দেশীয় লোকৰ মাজত দেশীয় লোকৰ হৈ দুআষাৰ কথা কয় বা কোনো আলোচনা কৰে বা বুদ্ধি দিয়ে তেতিয়া এনে লোক নাছিল। দেশীয় যিসকল লোক আছিল সেই সকলোৱে বঙ্গল৷ দেশৰ নদীয়া শান্তিপুৰ বা কনৌজপুৰৰপৰা অহা বুলি অভিমান কৰিছিল। অসমীয়া ভাষাই চলোক বা বঙ্গলা ভাষাই চলোক কাৰে৷ কোনো ধাৰ নাখাইছিল। পাদ্ৰী চাহাব- সকলে যত্ন কৰিছিল তাৰপৰা বিফল ফল নদৰ্শিল। পাছে ফুকনে পাদ্ৰী চাহাবসকলক আৰু পাদ্ৰী চাহাবসকলে ফুকনক দেশীয় ভাষা বিষয়ে সাহায্য কৰাত উভয়ে এই ভাষাৰ বিশেষ যত্ন কৰিবলৈ ধৰিলে।

 ১৮৫৪ চনৰ ৯ ডিচেম্বৰ (১৭৭৬ শকৰ ২৫ অগ্ৰহায়ণ) শনিবাৰৰ দিন৷ ফুকনৰ পত্নীৰ এটি পুত্ৰ সন্তান জন্মে। প্ৰসৱ বেদনাত ফুকননীয়ে বৰ কষ্ট পাইছিল। ফুকনে লৰালৰিকৈ ডাক্তৰ মৰে চাহাবক লৈ আহিল। কিন্তু ঈশ্বৰৰ অনুগ্ৰহত ৰাতি ৭॥ বজাত সেই পুত্ৰ সন্তান জন্ম হল। ফুকনে ঈশ্বৰক ধন্যবাদ কৰিলে। উৰুলি জোকাৰ পৰিল, সকলোৰে আনন্দৰ সীমা নোহোৱা হল। ইয়াৰ পাছত ফুকননীৰ সেই কষ্টৰ কাৰণ বৰ নৰিয়া হৈছিল। প্ৰায় সম্পূৰ্ণ ডিচেম্বৰ মাহ ফুকননী পীড়িতা আছিল। শেষলৈহে ভাল হবলৈ ধৰিলে। এইটি ফুকনৰ প্ৰথম পুত্ৰ। তেওঁৰ প্ৰকাশ্যে নাম ৰাধিকাৰাম আৰু গুপ্ত নাম ডিম্বকণ্ঠী। পৰমেশ্বৰে এই বালকক দীৰ্ঘজীৱী আৰু সৌভাগ্যৱন্ত কৰোক।

[ ১২৮ ]
 

ষষ্ঠ অধ্যায়

 ১৮৫৫ চনৰ আদিতে আকৌ আনন্দুৰাম ফুকনে সেই জান বন্ধোৱাৰ বাবে মফস্বল ফুৰিবলৈ ধৰিলে। সেই সুযোগতে যত যত স্কুল আছিল তাকো চালে। কলীয়াবৰৰ উজনীত ব্ৰহ্মপুত্ৰ আৰু কলঙ্গৰ আৰু দীফলু নদীৰ মাজেৰে অতি অলপ ঠাই কাটি দিলে ব্ৰহ্মপুত্ৰে কলঙ্গে একে হয়, সেই হলে আড়িকাটি মুখ বন্ধ হলেও কলঙ্গত বাৰিষা খৰালি পানী থাকে। খৰালি হলে কলঙ্গৰ ওপৰ মুখ (আড়িকাটি মুখ) বন্ধ হোৱাত কলঙ্গত খৰালি পানী নাথাকে। লোকৰ মহা কষ্ট হয়। সেই কাৰণে ফুকনে সেইডোখৰ ঠাই কটাবলৈ যত্ন কৰিছিল। মফস্বল ফুৰোতে যিমান প্ৰাচীন সত্ৰ আছে সেইসকলৰ অনেক ফুকনে চাইছিল আৰু মহন্তসকলে বৰ আদৰেৰে ফুকনক অভ্যৰ্থনা আৰু আশীৰ্ব্বাদ কৰিছিল। এইবাৰ অনেক জান বন্ধা সম্পূৰ্ণ হল। এবাৰ ফুলগুৰীৰপৰা আহোঁতে কলঙ্গৰ গৰাৰপৰা ফুকন উঠা হাতী পিছলি দৈবাৎ পৰিছিল৷ ঈশ্বৰৰ ইচ্ছাত ফুকন ৰক্ষা পৰিল৷

 ফুকনৰ লৰাটিকে ছোৱালীটিকে মাঘ মহীয়া ইংৰাজীমতে টিকা দিয়া হৈছিল৷ ছোৱালীটিৰ ইতি পূৰ্ব্বে এবাৰ টিকা হৈছিল। অসমীয়া ভাষাৰ বিষয় ব্ৰন্চন চাহাব আৰু বটলৰ চাহাবে সৈতে ফুকনে সদাই আলোচনা কৰিছিল। অসমীয়া অভিধান [ ১২৯ ] নাই সেইদেখি ফুকনে সেই অভিধান এখান কৰিবলৈ আৰম্ভ কৰিলে। বটলৰ চাহাবে তাৰ বিষয়ে নানা ঠাইলৈ গ্ৰাহক সংগ্ৰহৰ নিমিত্তে কাকত পঠোৱাত ৯৩ জন গ্ৰাহক সংগৃহীত হল। ফুকনে ভাবিছিল যে ১৫০ জন গ্ৰাহক হলে অভিধান ছাপা কৰিবলৈ আৰম্ভ কৰিব।

 লম্বোদৰ বৰুৱা তেওঁৰ দুটি কন্যাৰে সৈতে ফুকনৰ আশ্ৰয়তে আছিল, তাৰে ৰামেশ্বৰী নামে বৰ ছোৱালীটি পুৰণিগুদামৰ গোপাল অধ্যাপকৰ ভতিজাক ৰামেশ্বৰত ফুকনে বিয়া দিলে। ইয়াৰ পাছৰ আষাঢ় মহীয়া ফুকনৰ প্ৰথম পুত্ৰৰ জাতকৰ্ম্ম, নামকৰণ অন্নপ্ৰাশন সংস্কাৰ সম্পাদন কৰা হল।

 ব্যাপ্ত মন কেতিয়াও সঙ্কুচিত নহয়। সেই সময়ত অসমীয়া ভাষাৰ বিষয়ে বৰ আন্দোলন হৈছিল। ফুকনেও সেই আন্দোলনত যোগ দিছিল। ইংৰাজী ভাষাত তেওঁ “অসমীয়া ভাষা আৰু অসম দেশৰ দেশীয় ভাষা শিক্ষা” এই বিষয়ে এখানি পুস্তক ৰচনা কৰি ৪০ টকা দি ১০০ খান শিৱসাগৰৰ ব্যাপ্তিষ্ট মিচন যন্ত্ৰত ছাপা কৰি বিনামূল্যে দেশৰ প্ৰধান লোকসকলক দিলে। তাৰে এক খণ্ড বঙ্গলা গবৰ্ণমেণ্টলৈ প্ৰেৰণ কৰা হৈছিল৷ সেই পুস্তকত অসমীয়া আৰু বঙ্গলা ভাষাৰ বিভিন্নতা দেখুউৱা হৈছে। আৰু অসমীয়া ভাষাত যে স্বাধীনৰূপে সাহিত্য নাটক, অঙ্ক, বৈদ্যশাস্ত্ৰ, ইতিহাস ইত্যাদি সৰ্ব্বপ্ৰকাৰ গ্ৰন্থ আছে এই বিষয় প্ৰদৰ্শিত হৈছে। এই দেশত কানি বা আফিঙ্গৰ দ্বাৰাই যে অনিষ্ট ঘটিছে তাক ফুকনে জানিছিল। আফিঙ্গৰ বিষয়ে এটি প্ৰবন্ধ ফুকনৰ লিখিবৰ ইচ্ছা আছিল। কিন্তু বটলৰ চাহাব আসামৰপৰা যাবলৈ হোৱাত সেই প্ৰবন্ধ ৰচনা কৰা নহল, কিন্তু আন উপায়েৰে তেওঁ সেই বিষয় আলোচনা কৰি কৰ্ত্তৃপক্ষক জ্ঞাত কৰিছিল।

 এই সময়তে মঙ্গলদৈৰ হডচন চাহাব গুৱাহাটীলৈ বদলি হল আৰু লেম্বচাহাব নগাঁওলৈ আহিব লগীয়া হল। মঙ্গলদৈলৈ [ ১৩০ ] ফুকনক বদলিৰ কথাবাৰ্ত্তা হৈছিল। দৰঙ্গৰ প্ৰধান এচিষ্টেন্ট কমিচনৰ বিনচেণ্ট চাহাবে ফুকনক মঙ্গলদৈলৈ নিবলৈ যত্ন কৰিছিল। সেই সুযোগতে সেই চাহাবজনাই ফুকনৰ চিঠি পাই ফুকনলৈ এখান চিঠি লিখিলে, তাত ইয়াকো লিখিলে, যে অসমীয়া ভাষাৰ বিষয়ে ফুকনে যি লিখিছিল সেইটো তেওঁৰ মতে সৈতে মিলিছে আৰু তেওঁ যি দেশৰ ভাষা সন্বন্ধে যি ৰিপৰ্ট কৰিছিল দুইৰো ভাব একে। 'ইমান একে যি দুইখান পঢ়িলে যে ইখান সিখান চাই লিখিছে অথবা দুইও লেখকে একে কথা আলোচনা কৰি লিখিছে'। নবেম্বৰ মাহত বটলৰ চাহাব বিলাতলৈ যোৱাত ফুকনে আকৌ সম্পূৰ্ণ জিলাৰ ভাৰ পালে। এই সময়ত ফুকনে দুটি গুৰুতৰ বিষয় কমিচনৰ চাহাবলৈ ৰিপৰ্ট কৰে। এটি মাটি এস্তফা দিয়া আৰু এটি চমুৱা সম্বন্ধে প্ৰজা আৰু গবৰ্ণমেণ্টৰ মাজত কিছুমান এনে মানুহ আৱশ্যক যে যাৰ দ্বাৰাই দেশৰ মঙ্গল হয়। নগাঁওত সকলো বিলাকেই গবৰ্ণমেণ্টৰ প্ৰজা। সেই কাৰণে চমুৱ৷ বন্দোবস্ত বিষয়ে ফুকনে মত দিছিল। ১৮৫৬ চনৰ জানুৱাৰী মাহত লেম্ব চাহাব আহি জিলাৰ ভাৰ গ্ৰহণ কৰে।

 ফুকনৰ মাতৃৰ বৈমাত্ৰেয় ভগিনীক হেমকণ্ঠ বেজবৰুৱাই বিবাহ কৰালে। তেওঁৰ কম্বুকণ্ঠ নামে এটি পুত্ৰ হয়। সেই লৰাটি সৰুতে পিতৃহীন হৈ সহায়হীন হল। আৰু ইয়াৰ কিছু পূৰ্ব্বে ফুকনৰ আশ্ৰয়লৈ আহে। ফুকনে তেওঁক বৰ স্নেহ কৰিছিল আৰু নগাঁওৰ স্কুলত দিলে। কালক্ৰমে তেওঁৰ মাতৃও নগাঁওলৈ আহিল। ফুকনে কম্বুকণ্ঠক কলিকতালৈ পঢ়িবৰ নিমিত্তে নিজে ব্যয় দি পঠালে; কিন্তু তেওঁৰ মাতৃৰ অনুৰোধত কম্বুকণ্ঠ অলপ দিন তাত থাকি আকৌ আহিল। কম্বুকণ্ঠ কলিকতাত গুণাভিৰাম বৰুৱাই সৈতে একেলগে আছিল। কম্বুকণ্ঠক কিছুদিনমান পঢ়িবৰ নিমিত্তে ফুকনে গুৱাহাটীত থৈছিল, তাতো থাকিব [ ১৩১ ] নোৱাৰি আকৌ নগাঁওলৈ আহিল। ফুকনে কম্বুক আপোনাৰ ভায়েকৰ দৰে স্নেহ কৰিছিল। কম্বুকণ্ঠেও তেওঁক অগ্ৰজ বা পিতৃতুল্য মান্য আৰু শুশ্ৰূষা কৰিছিল। তেওঁ পাৰ্য্যমানে শিক্ষাও কৰিছিল।

 কলিকতাত নবীন বাবু আৰু প্ৰসন্নবাবুৱে কিছুদিন সদৰ দেওৱানীৰ নিষ্পত্তি চলাইছিল, পাছে চলাব নোৱাৰি তাক এৰিলে, আন মানুহে সেই নিষ্পত্তি চাবলৈ ধৰিলে। ফুকনে যি আইন ও ব্যৱস্থা সংগ্ৰহ ছাপাইছিল সেই পুস্তকৰ প্ৰথমভাগ ছাপা শেষ হল। তাত এইবিলাক বিষয় সন্নিবেশিত হৈছে; নীতি ও ব্যৱস্থা, ভাৰতৰ নীতি ও ব্যৱস্থা, আইন, মনুষ্যৰ স্বত্ব, শাৰী- ৰিক স্বত্ব, ৰজা প্ৰজাৰ স্বত্ব, ব্ৰিটিচ পাৰ্লিয়ামেন্ট ও কোম্পানীৰ অফিচ, সুপ্ৰিম ও অধীন গবৰ্ণমেন্ট ও অধীন কাৰ্য্যকাৰক প্ৰজা, চাকৰ ও মুনিব, ভাৰ্য্যা, স্বামী, পিতা, পুত্ৰ, পোষ্য পুত্ৰ, ওসী ও নাবালক, দলবদ্ধ লোক বা কোম্পানী, সম্পত্তি, জমিদাৰী ও তালুক, অধীন তালুকদাৰ ইত্যাদি, পত্তনি ৰায়ত, ইজাৰদাৰ লাখেৰাজদাৰ প্ৰভৃতি বাদচাহি গ্ৰান্ট, স্থাবৰ সম্পত্তি ও স্বত্ব, হিন্দু মুছলমান ও ইংৰাজৰ উত্তৰাধিকাৰীত্ব, বিভাজ্য সম্পত্তি আৰু বিভাগ, ওসীৰ কাৰ্য্য। এই পুস্তকৰ মূল্য ৪ টকা স্থিৰ হল। নবীনবাবু আৰু গুণাভিৰামে ইয়াক গ্ৰাহকসকললৈ প্ৰেৰণ কৰিলে। এই পুস্তক সাধাৰণৰ সমীপত প্ৰচাৰিত হলত সকলো সম্বাদপত্ৰ আৰু সাধাৰণে ইয়াক সন্তোষেৰে গ্ৰাহ্য কৰিলে। সদৰ দেবযানী আদালতৰ জজ চাহাবসকলৰ অনুৰোধত গবৰ্ণমেন্টেও ইয়াৰ ২৫০ খণ্ড ১০০০ টকা মূল্যত গ্ৰহণ কৰিলে আৰু সকলো বিচাৰকসকললৈ পঠালে। বঙ্গলা বা দেশীয় ভাষাত এই পুস্তকেই ব্যৱস্থা ঘটিত প্ৰথম পুস্তক। তাৰ পূৰ্ব্বে বঙ্গলা ভাষাত তেনে ব্যৱস্থাৰ পুস্তক নাছিল। ইয়াৰ পৰা সাধাৰণৰ বৰ উপকাৰ হল। এই পুস্তক অতি সৰল ভাষাত লিখা হৈছিল৷ আৰু [ ১৩২ ] সকলোৱে অনায়াসে তাক বুজিব পাৰি। ইয়াৰ দ্বাৰাই আনন্দ- ৰাম ফুকনৰ নাম বহু প্ৰচাৰিত হল। আৰু এই কাৰ্য্যৰ দ্বাৰাই বঙ্গলা ভাষাৰ ব্যৱহাৰ আৰু ব্যৱস্থা শাস্ত্ৰৰ মহা উপকাৰ হল। এই আইন আৰু ব্যৱস্থা সংগ্ৰহ প্ৰচাৰ আৰু বিক্ৰয়ৰ ভাৰ নবীনবাবু আৰু গুণাভিৰামৰ ওপৰত থাকিল। ইয়াৰ প্ৰতি লোকৰ ইমান আগ্ৰহ হল যে প্ৰচাৰৰ পাচত প্ৰতিদিনে তাক ডাকত নানা জনলৈ পঠাবলগীয়া হৈছিল।

 ফুকনৰ মাসিক যি প্ৰাপ্তি তাৰে নিতান্ত অৱশ্যকীয় যি ব্যয় তাক নিৰ্ৱ্ৱাহ কৰি অতি অলপ মাত্ৰ সঞ্চয় কৰিব পাৰে। ফুকনে তেওঁৰ পত্নীক সুকীয়াকৈ মাহিলী ২৫ টকা তেওঁৰ খৰচৰ নিমিত্তে দিবলৈ স্থিৰ কৰিলে আৰু তেওঁৰ অলঙ্কাৰখিনিও স্ত্ৰীধন কৰি দিলে। এই বিষয়ে এখান নিবন্ধপত্ৰ কৰি দিলে।

 ইয়াৰ কিছুদিন পাচতে ফুকননীৰ নৰিয়া হয়। ইয়াত চিকিৎস৷ কৰি চোৱাত স্বাস্থ্য লাভ নহল। ডাক্তৰ চাহাবে বায়ু পৰিবৰ্ত্তন নিমিত্তে উপদেশ দিলে। সেই উপদেশ অনুসাৰে ফুকননী গুৱাহাটীলৈ যাবলৈ স্থিৰ কৰা হল।

 ফুকনৰ ভগিনী তুলসীদেবী আৰু ভগিনীপতি ৰঘুদেব গোস্বামী আৰু তেওঁবিলাকৰ পুত্ৰ চন্দ্ৰহাস, পদ্মহাস আৰু তাৰাহাসে সৈতে কেতিয়াবা কেতিয়াবা জখলাবন্ধা সত্ৰৰপৰা আহি ফুকনৰ ঘৰতে থাকে। এই দুইও পৰিবাৰ একেলগ হলে বৰ আনন্দ হয়। ফুকননীৰ লগত ৰঘুদেৱ গোস্বামী আৰু কম্বুকণ্ঠ যাবলৈ স্থিৰ হল ৷ ১৮৫৬ চনৰ ১৭ জুন ১৭৭৮ শকৰ ৫ আষাঢ়ত ফুকননীয়ে পদ্মাৱতী আইটি আৰু ৰাধিকা বাপাক লৈ গুৱাহাটীলৈ যাত্ৰা কৰিলে। ৰঘুদেৱ গোসাই আৰু কম্বুকণ্ঠ লগত গল। তেওঁ- বিলাক গুৱাহাটীত বলৰাম ফুকনৰ ঘৰত আছিল। প্ৰায় এমাহমান গুৱাহাটীত থকাত ব্ৰহ্মপুত্ৰত শীতল বায়ু সেবন কৰি ফুকননীৰ শৰীৰ আৰোগ্য হল। শ্ৰাৱণৰ শেষ পক্ষত ফুকননী [ ১৩৩ ] বলৰাম ফুকনে সৈতে নগাঁওলৈ আহে। বাটতে আহোতে ৰাধিকা বাপাৰ ডিঙ্গিত ঘা হয়, সেই নৰিয়াও আৰোগ্য হয়। সময়ে সময়ে ফুকনে কেতিয়াবা হাতী বা ঘোঁৰাত উঠি নগাঁওৰ ওচৰৰ গ্ৰাম্যশোভা চাবলৈ গৈছিল। বৰ্ষাকালত জেইলৰ ইন- স্পেক্টৰ জেনেৰেল ডাক্তাৰ মৌৱাট চাহাব নগাঁওলৈ আহে। বহুদিনৰ পাচত ফুকনক দেখি তেওঁ বৰ সন্তোষ পালে। ১৮৫৬, চনৰ ২৭ ডিচেম্বৰ ১৭৭৮ শকৰ ১৪ পৌষত শনিবাৰে ৯॥০ বজা পূৰ্ব্বাহ্নে ফুকননীৰ এটি পুত্ৰ জন্মে, এই পুত্ৰটিৰ নাম অন্নদাৰাম | এইবাৰ ফুকননীৰ তিমান প্ৰসৱকষ্ট নহল। এই পুত্ৰ হোৱাত ফুকনে আৰু আন সকলো বন্ধুবান্ধৱে বৰ সন্তোষ পালে। ঈশ্বৰে এই পুত্ৰটিকো দীৰ্ঘজীৱী আৰু সৌভাগ্যৱন্ত কৰোক।

 ফুকনৰ পিতামহী বলৰাম ফুকনৰ লগত আছিল। তেওঁ ইয়াৰ কিছুদিন পূৰ্ব্বে নগাঁওলৈ আহি ফুকনক আৰু তেওঁৰ পুত্ৰ কন্যা দেখি বৰ সন্তোষিত হল। কিছুদিনলৈ ইয়াত থাকি আকৌ গুৱাহাটীলৈ গল। তাতে কিছুদিন থাকি পৌষত পৰ- লোকলৈ গমন কৰিলে। এই বাৰ্ত্ত৷ পাই ফুকন বৰ দুখিত হল। তেওঁৰ শ্ৰাদ্ধাদি বিষয়ে ফুকনে ইয়াৰপৰা মীমাংসা কৰি পঠালে।

 বটলৰ চাহাব বিদায়ৰপৰা আহিল, লেম্ব চাহাব নগাঁওৰ পৰা গল। বেজবৰুৱাৰ ঘৰৰ পূৰ্ণানন্দ বৰুৱা ১৮৫৭ চনৰ জানুৱাৰীৰ আদিতে নগাঁওলৈ আহি ফুকনে সৈতে সাক্ষাৎ কৰিলে। পূৰ্ণানন্দৰ মুখে ফুকনে উজনিৰ বাৰ্ত্তা শুনি বৰ তৃপ্ত হৈছিল।

 গুণাভিৰামে কলিকতাত নবীন বাবুৰ লগত থাকি কলুটোলা ব্ৰাঞ্চ স্কুলত ভৰ্ত্তি হল। ১৮৫৪ চনত জুনিয়ৰ স্কলাৰচিপ্ পৰীক্ষোত্তীৰ্ণ হৈ প্ৰেচিডেন্সি কলেজত প্ৰবেশ হল। তাত দুবছৰ পঢ়ে। কলেজৰ দ্বিতীয় বাৰ্ষিক পৰীক্ষাত গুণাভিৰাম কৃতকাৰ্য্য় হব নোৱাৰিলে। প্ৰথমে তেওঁ মেডিকেল কলেজত ডাক্তৰি শিক্ষা কৰিব খুজিছিল, পাচে ফুকনে সেই বিষয় পৰামৰ্শ নিদিয়াত [ ১৩৪ ] সেই কলেজত আইন পঢ়িবলৈ ধৰিলে। তেওঁৰ প্ৰথমে সকলোৱে সৈতে খৰচ মাহিলি ৮ টকাৰ অধিক নহৈছিল। এই খৰচ ফুকনৰ পুস্তক ছপোৱাৰ খৰচৰ লগতে চলিছিল। আইন পঢ়িব লগীয়া হোৱাত মাহিলী ৫ টকা মাচুল দিবলগীয়া হল। কলি- কতাৰপৰা ফুকনে কিতাপ আৰু আন যি যি বস্তু সময়ে সময়ে অনাইছিল সেইবিলাক নবীনবাবু আৰু গুণাভিৰামে পঠাইছিল। গুণাভিৰামে যেতিয়া কলিকতাৰ সকলো আওভাও পোৱা হল তেতিয়া সকলো কৰ্ম্ম তেওঁৱেই কৰিছিল। বিজনী ৰজাৰ সম্পত্তিৰ ওপৰত ফুকনে দৰমহা ইত্যাদি বাবে যি দাবী কৰি- ছিল সেই দাবীৰ বিষয় কালেক্টৰ ও কমিচনৰে উপকাৰ জনক মীমাংস৷ নকৰাত বোৰ্ড আৰু গবৰ্ণমেণ্টকো জনাবলগীয়া হৈছিল। সেই বিষয়ে এবাৰ ফুকনে গুণাভিৰামক মোখ্তাৰ নিযুক্ত কৰিছিল। বোৰ্ডৰপৰা সেই বিষয় পুনৰালোচনাৰ নিমিত্তে কাকত কমিচনৰ চাহাবৰ তলৈ ঘূৰি আহে। পঢ়া শুনাত গুণাভিৰামৰ যি অলপ উন্নতি হল তাত ফুকনে বৰ সন্তোষ পাইছিল।

 ফুকননীৰ ভ্ৰাতৃ দুৰ্গাচন্দ্ৰ আৰু ভগিনী ব্ৰজসুন্দৰী উজনি যোৰহাটত তেওঁবিলাকৰ ঘৰত আছিল। দুৰ্গাচন্দ্ৰক বলৰাম ডেকা ফুকনে লগুণ দিলে। ব্ৰজসুন্দৰীৰ বিবাহৰ সময় হল। যদিচ তেওঁবিলাক তেওঁবিলাকৰ ঘৰতে আছিল তথাপি ফুকনৰ আৰু ফুকননীৰ কৰ্তৃত্বাধীন একপ্ৰকাৰে যোৱা নাছিল। ফুকন আৰু ফুকননীৰ ইচ্ছা হল যে দুৰ্গাচন্দ্ৰ আৰু ব্ৰজসুন্দৰী তেওঁবিলাকৰ লগলৈ আহে, ব্ৰজসুন্দৰীক গুণাভিৰামত বিয়া দিয়ে আৰু দুৰ্গাচন্দ্ৰও পঢ়ি শুনি বিবাহ কৰাই গুৱাহাটীত বা নগাঁওতে থাকে। এই ভাবি গুণাভিৰামলৈ ব্ৰজসুন্দৰীক দিবলৈ আৰু দুৰ্গাচন্দ্ৰক পঠাবলৈ ফুকনে বলৰাম ডেকা ফুকনলৈ চিঠি লিখে। ডেকা ফুকন এই প্ৰস্তাৱত সন্মত হয়।

[ ১৩৫ ]  আনন্দৰাম ফুকনে নবীন বাবু আৰু গুণাভিৰামলৈ ব্ৰজ- সুন্দৰীৰ বিবাহৰ বিষয় চিঠি লিখে। নবীনবাবু সম্মত হল, কিন্তু গুণাভিৰাম তাত অসন্মত হল। তেওঁ এই আপত্তি কৰিলে যে বিবাহ কৰালে তেওঁৰ আৰু পঢ়াৰ ব্যাঘাত হব। কিয়নো দেশলৈ গলে সংসাৰত প্ৰবেশ কৰি ঘূৰি অহা টান হব। তেওঁৰ আৰু এটা আপত্তি এই তেওঁ বিবাহ কৰাবৰ উপযুক্ত সবল নহয়। সেই লগতে ইয়াকো তেওঁ কলে যে অলীক জানি মন্ত্ৰ গ্ৰহণ কৰা নাই আৰু ধৰ্ম্ম বিষয়ে মত প্ৰচলিত পোনে নহয়। ব্ৰহ্মসমাজৰ মতেই তেওঁৰ ধৰ্ম্ম বিষয়ক বিশ্বাস সুতৰাং অনেক অসুবিধা। এইসকল কাৰণ দেখুৱাই বিবাহত অসন্মতি দিলে। এই বিষয়ে অনেক কথা ফুকন সৈতে তেওঁৰ পত্ৰেৰে আলোচনা হৈছিল। গুণাভিৰামে ইয়াকো কৈছিল যে তেওঁৰ এনে যোত্ৰ নাই যে বিবাহ কৰাই স্বাধীন- ভাৱে থাকে। ফুকননী এইবিলাক কথা শুনি বৰ দুখিত হল। অৰ্থৰ বিষয়ে কলে যে সেই নিমিত্তে চিন্তা কৰা ন্যায় হলেও অসঙ্গত। কিয়নো তেওঁক যেতিয়া তেওঁৰ পৰিবাৰতে লৈছে তেতিয়া সকলো সাহায্য কৰিব। গুণাভিৰামৰ মত বিবাহ নকৰোৱাৰ পোনেই হল। ফুকন ফুকননী বৰ দুখিত হৈ উজনিলৈ পত্ৰ লিখিলে। সিফালে ছোৱালী বিবাহ নিদিলে নহয়। উজনিত সেই কন্যাৰ বিবাহৰ স্থিৰ হল।

 ফ্ৰেব্ৰুৱাৰী মাহত গুণাভিৰামে অনেক আলোচনা কৰি ফুকনলৈ লিখিলে তেওঁ ছোৱালী বিবাহ কৰাব কিন্তু কাৰ্ত্তিকৰ পূৰ্ব্বে যাব নোৱাৰে। ফুকনে সেই মততে মত দি উজনিলৈ লিখিলে সকলোৰে আনন্দ হল।

 দৰিদ্ৰসকলৰ চিকিৎসাৰ নিমিত্তে এটি দৰিদ্ৰচিকিৎসালয় কৰিব নিমিত্তে বটলৰ চাহাবে সৈতে ফুকনে আলাচনা কৰিলে। চাহাবৰ মত হল। তেতিয়া ডাক্তৰী ঔষধ আৰু চিকিৎসাৰ প্ৰতি [ ১৩৬ ] লোকৰ বিজাতীয় দ্বেষ থকাৰ কাৰণে দেশীয় কোনেও অৰ্থ সাহায্য কৰিব নোখোজাত সেই কাৰ্য্য নঘটিল।

 গুৱাহাটীৰ ডেপুটী কমিচনৰ কৰ্ণেল বেচ চাহাব যোৱাত বটলৰ চাহাব ডেপুটী কমিচনৰ হৈ গুৱাহাটীলৈ গল। আৰু মৰ্টন চাহাব নগাঁওৰ চাৰ্জ্জ ললে। মে মাহত পশ্চিম প্ৰদেশৰ চিপাহী বিদ্ৰোহৰ সম্বাদ আহিল। আজি ইঠাইত কালি সিঠাইত পল্টন দ্ৰোহী হৈ ইংৰাজৰ প্ৰতি অত্যাচাৰ কৰা বাৰ্ত্তা আহিল। মিলচ চাহাব যেতিয়া এই দেশলৈ আহে তাৰ পাচতে যোৰহাটৰ পুৰন্দৰ সিংহ ৰজাৰ নাতিনীয়েক কন্দৰ্পেশ্বৰ সিংহই ৰাজত্ব পাবলৈ মণিৰামদেৱানক কলিকতালৈ পঠাইছিল! দেৱান তাতে আছিল। উজনিৰ পল্টনেৰে মিল হৈ কন্দৰ্পেশ্বৰ ৰজাই মণিৰাম দেৱানৰ পৰামৰ্শেৰে বিদ্ৰোহ কৰিবৰ উদ্যোগ হোৱাত ৰজাৰ কোঁৱৰক কলিকতালৈ পঠোৱা হল। আৰু সেই বিষয় বিচাৰ হবলৈ ধৰিলে। দেশত বিশেষকৈ উজনিত মহা হুলস্থূল লাগিল। নগাঁওৰ মৰ্টন চাহাব বৰ ব্যস্ত আৰু ত্ৰস্ত হল। মিছা আৰু দীজুৰ দলঙ্গৰে বিদ্ৰোহী চিপাহী উজনিৰপৰা আহে বুলি চাহাবে তাক ভঙ্গাই দিলে৷ চাহাব জনাৰ দেশীয় লোকৰ প্ৰতি বৰ অবিশ্বাস হল। নগাঁওৰ পাদ্ৰী চাহাবসকল প্ৰায় সেই সময়তে আমেৰিকালৈ গল। নানা দেশৰ উৎপাতৰ বাৰ্ত্তা সময়ে সময়ে শুনি ফুকন বৰ দুখিত আৰু চিন্তিত হল। তেওঁ চাহাবসকললৈ লিখিলে যে অসমীয়া মানুহৰপৰা গবৰ্ণমেণ্টৰ প্ৰতি কোনো প্ৰকাৰ বিদ্ৰোহিতা হব নোৱাৰে। কিন্তু তেওঁৰ কথা কোনেও গ্ৰাহ্য নকৰিলে।

 ১৭৭৯ শকৰ শ্ৰাবণত বলৰাম ফুকন নগাঁওলৈ আহি কিছুদিন থাকি যায়। ফুকনৰ লগত থকা জয়মতী নামে বিধবা ব্ৰাহ্মণীক পঠাই দুৰ্গাচন্দ্ৰ আৰু ব্ৰজসুন্দৰীক ফুকনে যোৰহাটৰপৰা অনালে। গুণাভিৰামলৈ এই বাৰ্ত্তা লিখি ফুকনে কলে যে, “বিবাহ কৰাই আকৌ যাব পাৰিবা এতেকে শীঘ্ৰ আহা।” সেই অনুসাৰে [ ১৩৭ ] গুণাভিৰাম নৌকাৰে কলিকতাৰপৰা আশ্বিনৰ শেষত স্বদেশলৈ আহিল। গুৱাহাটীত অলপ কেইদিনমান থাকি নগাঁৱলৈ আহিল। আঘোণৰ ১৮ তাৰিখ ১৮৫৭ চনৰ ২ ডিচেম্বৰত গুণাভিৰাম আৰু ব্ৰজসুন্দৰীৰ বিবাহ হয়। দুৰ্গাচন্দ্ৰই কন্যা সম্প্ৰদান কৰে, ফুকন আৰু ফুকননীয়ে এই বিবাহত যাতকৈ নাই সন্তোষ পালে৷ এই বিবাহ ইমান আনন্দজনক এই পৰিবাৰৰ মাজত হৈছিল যে ফুকনৰ কন্যা পদ্মা আইটীয়েও সৰু এটি ঘট লৈ এখান দোলাত পানী তুলিবলৈ গৈছিল; গুণাভিৰামৰ বৰ মাক বউৱেক এই বিবাহ চাবলৈ গুৱাহাটীৰপৰা আহিছিল। তেওঁৰ বায়েক দীফলুৰ ডেকা গোঁসাইৰ পত্নীয়েও বৰ সন্তোষ পালে। ফুকন ফুকননীৰ সন্তোষৰ কাৰণ বিশেষ এইটি আছিল যে দৰা আৰু কন্যা দুইও তেওঁবিলাকৰ পালিত আৰু বংশ সুতৰাং সম্বন্ধৰ ঘনিষ্ঠতাৰ দ্বাৰাই প্ৰীতিৰো ঘনিষ্ঠতা হবৰ সম্ভাৱনা। প্ৰথম বিবাহৰ অলপ কিছুদিন পাচতে এওঁবিলাকৰ শান্তি বিবাহও সমাধা হল।

 গুণাভিৰামে একবৎসৰ আইনৰ পৰীক্ষা দিছিল আৰু দুটা পৰীক্ষা দিবলৈ বাকী আছিল, তাৰে এটা মাৰ্চ্চ মাহত আৰু এটা তাৰ পাচৰ মাৰ্চ্চত। মাৰ্চ্চমাহৰ পৰীক্ষা দিবৰ কাৰণে ১৮৫৮ চনৰ জানুৱাৰী মাহত গুণাভিৰাম কলিকতালৈ যাবলৈ ওলাল৷ সেই লগতে কম্বুকণ্ঠ আৰু দুৰ্গাচন্দ্ৰও গুৱাহাটীত থাকি পঢ়িবলৈ যাবলৈ ওলাল। ঘৰৰ সকলোৰে অনিচ্ছা, তথাপি মাঘৰ ৭ তাৰিখে তেওঁবিলাকে যাত্ৰা কৰিলে। সেইদিনা ফুকননী আৰু ফুকন ইমান দুখিত হল যে ফুকনে চক্ষুৰ জল উলিয়ালে। গুণাভিৰামে গুৱাহাটী পাই ফুকন আৰু ফুকননীৰ চিঠি পালে। তেওঁবিলাকে তেওঁক কলিকতালৈ আকৌ যাবলৈ এক প্ৰকাৰ নিষেধ কৰিলে। ফুকনে তিমান স্পষ্টকৈ নিলিখিলেও ফুকননীয়ে স্পষ্টকৈ লিখিলে। শেষত ফুকনে ইয়াকো লিখিলে যে, “যদি [ ১৩৮ ] তুমি আহা তেনেহলে আমি দুইও বহি একেলগে আইন শিক্ষা কৰিম” আৰু বিশেষকৈ জেনকিনচ্ চাহাবৰ পৰামৰ্শ লবলৈ কলে গুণাভিৰামে সকলো কথা বিবেচনা কৰি নোযোৱাৰে ঠাৱৰ কৰিলে। দুৰ্গাচন্দ্ৰই বলৰাম ফুকনৰ ঘৰত থাকি স্কুলত পঢ়িবলৈ ধৰিলে৷ গুণাভিৰাম আৰু কম্বুকণ্ঠ ফাগুনত নগাঁওলৈ আহিল।

 ১৮৫৭ চনৰ ৪ ডিচেম্বৰৰ গবৰ্ণমেণ্টৰ আজ্ঞানুসাৰে সেই চনৰ ১৪ অক্টোবৰত আনন্দৰাম ফুকনৰ পাঁচবৎসৰ চাকৰি পূৰ্ণ হোৱাত তেতিয়াৰ নিয়ম অনুসাৰে তেওঁৰ বেতন ২৫০্ টকাৰ ওপৰত আৰু ১০০্ টকা মাসিক বৃদ্ধি হল। ১৮৫৮ চনৰ জানুৱাৰীত ফুকন কলিয়াবৰলৈ গল। তাত কোনো মৌজাৰ সকলে৷ আৱশ্যকীয় কাৰ্য্য কৰি বৰঘোপ নামে ঠাইলৈ গল। বৰঘোপত কলঙ্গ আৰু ব্ৰহ্মপুত্ৰ ইমান ওচৰাওচৰি যে ২০ হাত মাত্ৰ মাটি। এইখিনি কাটি দিলে ব্ৰহ্মপুত্ৰৰ জল কলঙ্গলৈ আহে। ১৮৫৩ চনৰ ১৫ জুলাইত ফুকনে ব্ৰহ্মপুত্ৰ এৰি কলঙ্গ সোমাইছিল। তেতিয়াৰপৰা এইবাৰহে ব্ৰহ্মপুত্ৰ দেখি তেওঁ বৰ আনন্দ পালে। তাৰপৰা আড়িকাটি মুখ চালে। সেইটো কলঙ্গৰ ওপৰ মুখ৷ তাত খৰালি হলে বালি পৰে। তাৰপৰা তেওঁ আহি আন কাৰ্য্য কৰি নগাঁওলৈ আহিল। এই সময়তে লায়েল নামে এক চাহাবে নগাঁওত চাহৰ বাগিচা কৰিবলৈ উদ্যোগ কৰিছিল। নগাঁওত ডাক্তৰ পিঙ্গলট্ নামে এজন চাহাব আছিল। তেওঁ ৰোমান কেথলিক ধৰ্ম্মাবলম্বী। তেওঁ নগাঁওত এটি পকা গিৰজা কৰিছিল। ভেলেউগুৰী মৌজাত শ্যামগুৰী নামে ঠাইত সেই ডাক্তৰ চাহাবে এখান চাহ বাগিছা আৰম্ভ কৰে। ডাক্তৰ চাহাব মৃত্যু হলত চিৰাজগঞ্জৰ বাৰী চাহাবে সেই বাগিচা আৰু ডাক্তৰ চাহাবৰ বঙ্গলা ইত্যাদি ক্ৰয় কৰে। তেওঁবিলাকে মাদাৰতলী নামে এঠাইত আৰু এখন বাগিচা কৰে৷ শ্যামগুৰী বাগিচাত ধৰ্ম্মদত্ত কাৰ্য্যকাৰক নিযুক্ত [ ১৩৯ ] হয়। ফুকনৰ ওপৰতে বাৰী চাহাবে এই বাগিচাৰ তত্ত্বাবধাৰণ সম্পন্ন কৰে। তাৰ পাচে হেৰিয়ট চাহাব বাৰী চাহাবেৰে অংশী হয়। ফুকনৰ সহায়ত ধৰ্ম্মদত্তৰ উদ্যোগত কিছুদিনৰ মূৰত সেই ঠাইত এখান সাপ্তাহিক হাট পতা হয়। সেই হাট আজিলৈকে আছে। নগাঁওৰ প্ৰধান এচিষ্টেণ্ট মৰ্টন চাহাব নৰিয়া পৰি প্ৰথমে গুৱাহাটীলৈ গল, পৰিশেষত বিলাতলৈ গল। ফুকনে আকৌ জিলাৰ সম্পূৰ্ণ ভাৰ পালে।

 নগাঁওৰ নগৰৰ ওচৰতে জেইলৰ অলপ ভাটীৰপৰা কলঙ্গ নদীৰ এটা বৰ পাক আছিল, ইয়াক মৰিকলঙ্গৰ পাক বোলে। ২০ হাতমান কটালে সেই পাক গুচে। ফুকনে এই পাক কটাবলৈ বৰ উদ্যোগ কৰিছিল। আৰু কয়েদীৰ হতুৱাই সেই ডোখৰ মাটি খনাই দিয়ালে। সেইখিনি কাটি দিয়াত প্ৰায় দুই মাইলমান পানীৰ বাট চুটি হল। এই ঠাইক এতিয়াও খনাজান বা খনাজানৰ মুখ বোলে। যি খণ্ড কলঙ্গ এৰা পৰিল তাক পোতা কলঙ্গ বোলে। মোৱামাৰী নামে ঠাইৰ ওচৰত আৰু আন কেইবা ঠাইতে৷ সেইৰূপ কলঙ্গৰ পাক আছে, তাক খনাবলৈকো ফুকনে উদ্যোগ কৰিছিল। এবাৰ ফুকন মঙ্গলদৈলৈ বদলি হবৰ কথা ওলাইছিল, কিন্তু সেইটি নহল। এবাৰ আকৌ বেকেট চাহাব নগাঁওলৈ আহিবলৈ কথা হৈছিল।

 কোচবিহাৰ প্ৰদেশ কৰদ ৰাজ্য। তাৰ ৰজা শিৱ বংশীয়। সেই ৰজাৰ দেৱান কালীচন্দ্ৰ লাহড়ী আছিল৷ তেওঁ মৃত্যু হলত সেই পদ শূন্য হোৱাত ফুকনে সেই পদ পাবলৈ ইচ্ছা কৰি কমিচনৰ চাহাবলৈ লিখিছিল। কিন্তু তেওঁ লেখাৰ পূৰ্ব্বেই সেই পদত লোক নিযুক্ত হৈ গল।

 এই বৎসৰত নগাঁওত দুৰ্ভিক্ষ হয়। ক্ৰমে চাউলৰ দৰ টান হৈ শেষত সেৰে।০ চাৰি অনা দৰ হল। এনে দুৰ্ভিক্ষ এই অঞ্চলত কেতিয়াও হোৱা নাই। যাৰ যাৰ ধান আছিল সি [ ১৪০ ] দৰ টান হওক এই ভাবি ভঁৰালতে ধান সাঁচি সাঁচি থৈছিল। ভাটীৰপৰাও ধান নাহে। ইফালে আহু ধান হবলৈকো সময় বহুদিন আছে। তাৰ ওপৰত আকৌ মাৰ্চ্চ মাহত ১৬ তাৰিখে নগাঁওৰ কেঁঞাপটী সমুদায় অগ্নিদগ্ধ হল। লোকৰ মহা হাহাকাৰ লাগিল। ফুকনে এই নিয়ম কৰিলে যে যাৰ ভঁৰালত ধান আছে সেইসকলে ধন লৈ ধান বেচিব। যদি নেবেচে চৰকাৰৰ পক্ষৰ আমোলা গৈ ধানৰ গৃহস্থৰ ভঁৰাল ভাঙ্গি দুৰ্ভিক্ষ পীড়িত সকলক ধান এই নিয়মে দিব যে ধানৰ সময়ত ধান দিব অথবা ধন দিব। এই নিয়ম যদিচ অসঙ্গত তথাপি সময় বুজি কৰা হলত সঙ্গত হল। বহু প্ৰাণী অন্ন কষ্টৰপৰা ৰক্ষা পৰিল। কমিচনৰ চাহাবলৈ লিখাত সেই নিয়ম তেওঁ অগ্ৰাহ্য নকৰিলে। ফুকনে ইয়াকে কৰি ক্ষান্ত নাথাকিল। গবৰ্ণমেণ্টৰ পৰা চাউল অনাই বেচাবলৈ ৰিপৰ্ট কৰিলে। কমিচনৰ চাহাবে এই ৰিপৰ্ট গ্ৰাহ্য কৰি গবৰ্ণমেণ্টলৈ লিখিলে। গবৰ্ণমেন্টে আদেশ কৰিলে যে গবৰ্ণমেণ্টে চাউলৰ বেপাৰ কৰা সঙ্গত নহয়, এতেকে ঘোষণা কৰি দিয়া হওক তাৰ দ্বাৰাই বেপাৰীবিলাকে চাউল লৈ যাব। পাছে আহু ধান ওলালত এই দুৰ্ভিক্ষ কমিল। ইফালৰ পৰা আকৌ অনেক বেপাৰীয়ে ইয়ালৈ চাউল আনিলে। এইটো দুৰ্ভিক্ষৰ কথা এতিয়ালৈকে মানুহে “বৰ আকাল” “ভঁৰাল ভঙ্গ৷ বছৰ” এই বুলি কয়। অনেকে আহাৰীয় চাউল নাপাই শাক কচু ইত্যাদি বস্তু খাই সেই সময়তে প্ৰাণ ধাৰণ কৰিছিল। এই আকাল যে নগাঁওত হৈছিল এনে নহয়। প্ৰায় সমুদায় দেশত হৈছিল। এই সময়তে কেইদিনমান আকাশত এক ধুমকেতু দৰ্শন কৰা যায়।

 ডাক্তৰ পিঙ্গলট মৰিবৰপৰা নগাঁওত ইউৰোপীয় ডাক্তৰ নাছিল। এইবাৰ বাৰিষা ডাক্তৰ লি নামে এজন ডাক্তৰ নগাঁওলৈ আহে। কিন্তু অলপদিনৰ মূৰত মৃত্যু হল। ফুকননীৰ [ ১৪১ ] আকৌ নৰিয়া হল; ইয়াত কোনোমতে ভাল নোহোৱাত বায়ু সেৱনৰ নিমিত্তে কলঙ্গেৰে উজাই বিশ্বনাথলৈ গল। তাৰপৰা অলপদিনতে ঘূৰি আহে। এই ১৮৫৮ চনতে আসাম প্ৰদেশত দলীলত ইষ্টাম্প ব্যৱহাৰৰ আজ্ঞা প্ৰচাৰ হল। শম্ভুৰাম বৰুৱাৰ পুত্ৰ পৃথুৰাম বৰুৱাক ফুকনে ইষ্টাম্প বিক্ৰেতা কৰ্ম্মত নিয়োজন কৰে। মৰিকলঙ্গৰপৰা ডৱকালৈ যাবৰ নিমিত্তে তেতিয়া বৰ ভাল বাট নাছিল। এই সময়তে মৰিকলঙ্গৰপৰা পাথৰিলৈ এটি নকৈ আলি হয়, সেই আলিৰ তত্ত্বাবধাৰণ ফুকনেই কৰিছিল। তেওঁৰ উদ্যোগতে ভালমতে আলিটি হল।

 আগষ্ট মাহৰ শেষত এই জ়িলালৈ লেপ্টেনেন্ট স্কন্স নামে এজনা চাহাব প্ৰধান এচিষ্টেণ্ট হৈ আহে। যেইয়ে পায় সেইয়ে কাছাৰীৰ দৰখাস্ত শুদ্ধে অশুদ্ধে লিখাত পক্ষসকলৰ অনিষ্ট ঘটে; ফুকনে এই অনিষ্ট নিবাৰণৰ অৰ্থে স্কন্স চাহাবে সৈতে পৰামৰ্শ কৰি পৰীক্ষা লৈ দুজন দৰখাস্তনবীচ নিযুক্ত কৰে। এজন কীৰ্ত্তিকান্ত বৰুৱা, আৰু এজন কমলাকান্ত ভূঞা। কলিকতাৰ জুনিয়ৰ মেজিষ্ট্ৰাট বাবু কিশোৰীচাঁদ মিত্ৰ কৰ্ম্মৰপৰা অবসৃত হল। ফুকনে সেই পদ পাবলৈ যত্ন কৰিব খুজিছিল কিন্তু আসাম দেশ পৰিত্যাগ কৰিব লাগে দেখি সেই উদ্যোগৰপৰা ক্ষান্ত থাকিল। স্বদেশৰ প্ৰতি ফুকনৰ প্ৰকৃত বৰ অনুৰাগ আছিল। উজনিত বিদ্ৰোহৰ বিচাৰ কৰাত মণিৰাম দেৱান আৰু পিয়লীৰ ফাঁচীৰ হুকুম হল। দুতীৰাম চিৰস্তাদাৰ প্ৰভৃতি কেইজনমানৰ ফাটকৰ আজ্ঞা হল। বিদ্ৰোহৰ যিসকলে অনুসন্ধান কৰিছিল সেইসকলে নগাঁওলৈকে৷ ফুকনৰ ৰাজভক্তি জানিবলৈ গুপ্তভাৱে চৰ পঠাইছিল, কিন্তু অকৃতকাৰ্য হল। “বঙ্গাল হৰকৰা” নামে কলিকতাৰ এখান দৈনিক সংবাদ পত্ৰত ফুকনৰ প্ৰতি লক্ষ্য কৰি এনে এখান প্ৰেৰিত পত্ৰ প্ৰচাৰ হৈছিল যেন ফুকনেও দ্ৰোহৰ কাৰ্য্য কৰিছে অথবা দ্ৰোহী সকলৰ নিমিত্তে দুখিত হৈছে। তেওঁ [ ১৪২ ] যেন এদিন কন্দৰ্পেশ্বৰ সিংহ ৰাজকুমাৰক ভটীয়াই নিওতে তেওঁক সাক্ষাৎ কৰিবলৈ লাওখোৱালৈ গৈছিল। পত্ৰ প্ৰেৰকৰ নাম নাছিল৷ ফুকনে এই পত্ৰ পঢ়ি বৰ দুখিত আৰু চমৎকৃত হল। তেওঁ কমিচনৰ ডেপুটী কমিচনৰ আৰু সকলো জিলাৰ প্ৰধান এচিষ্টেণ্ট সকললৈ তেওঁবিলাকে তেওঁৰ বিষয় কি শুনিছে এই সুধি পঠালে। সকলোবিলাক তেওঁ যে নিৰ্দোষী আৰু তেওঁৰ কোনো অপযশ শুনা নাই এই বুলি লিখিলে। গোৱালপাৰাৰ কালেক্টৰ চাহাবে ফুকনৰ নামে বিজনী সম্বন্ধে যি অভিযোগ কৰিছিল সেইবিলাক অপ্ৰমাণ হোৱাত কমিচনৰ চাহাবৰ আজ্ঞাৰে সেই অভিযোগ পত্ৰ তুলি নিলে আৰু পত্ৰেৰে ক্ৰুটী স্বীকাৰ কৰিলে।

 ১৮৫৮ চনত শ্ৰী শ্ৰীমতী মহাৰাণীয়ে ভাৰতবৰ্ষৰ শাসন কোম্পানীৰ হাতৰপৰা নিজে গ্ৰহণ কৰিলে। সেই চনৰ ১৯ নবেম্বৰত সেই বিষয় ঘোষণা পাঠ দিন ধাৰ্য্য হল। সেই ঘোষণা অসমীয়াৰে ফুকনে অনুবাদ কৰিলে। ১৯ নবেম্বৰত কাছাৰীঘৰৰ সন্মুখত অনেক প্ৰজা গোট খালে। তাতে ফুকনে ইংৰাজী ঘোষণাখান পাঠ কৰিলে। বঙ্গলা ঘোষণা ৰত্নেশ্বৰ কালেক্টৰীৰ চিৰস্তাদৰ, উৰ্দ্দু ঘোষণা জগদ্বন্ধু ফৌজদাৰীৰ চিৰস্তাদাৰ আৰু অসমীয়াখান হাবিৰাম দেৱানীৰ পেস্কাৰে পাঠ কৰে। চিপাহীবিলাকে বন্দুকধ্বনি কৰে। ৰাত্ৰি চাকি লগোৱা যায় আৰু চাকিতেই “শ্ৰীশ্ৰীমতী মহাৰাণীৰ জয়” এই কথা প্ৰকাশিত কৰা হয়। সেই ৰাত্ৰি শলগুৰী আৰু নৰোৱাৰ মহন্তসকলে ভাওনা কৰে। নগৰলৈ অনেক প্ৰজা আহিছিল। মহন্তসকলৰ কোনে আগ কোন পাচ এই বিষয়ে বৰ বিবাদ লাগিছিল। ফুকনে সেই বিবাদ ভঞ্জন কৰি দিলে। এই সমাৰোহৰ কাৰ্য্য অতি শৃঙ্খলাৰূপে সম্পাদিত হল। ফুকনৰ লগত লম্বোদৰ ডেকাবৰুৱাৰ দ্বিতীয় কন্যা আছিল। সেই কন্যাটিক ফুকনে লাইঅটীয়া সত্ৰৰ [ ১৪৩ ] জয়দেব মহন্তক বিবাহ দিয়ালে। গুণাভিৰামে এই কন্যাটিক সম্প্ৰদান কৰে৷ কিয়নো কন্যাৰ পিতা তেতিয়া পীড়িত আছিল।

 এই ১৮৫৮ চনতে ফুকনে ৫০০০, টকাৰ বাৰ্ষিক শতকৰা ৫্ টকা সুদৰ কোম্পানীৰ প্ৰমিচৰী নোট গুৱাহাটীৰ বিচৰ চাহাবৰ যোগে কিনে। ইয়াৰ পূৰ্ব্বে তেওঁ এই ৰূপ ধন সঞ্চয় কৰিব পৰা নাছিল।

[ ১৪৪ ]
 

সপ্তম অধ্যায়

 এইৰূপে ১৮৫৮ চন গত হল। আৰু ১৮৫৯ চন প্ৰবেশ হল। সেই চনৰ ১ জানুৱাৰীত আনন্দৰাম ফুকনৰ বয়স ২৯ বৎসৰ ৩ মাহ ১০ দিন। এই মাহৰ আদিতে কাপ্তান কোম্বৰ চাহাব আহি ফুকনৰ হাতৰপৰা নগাঁওৰ ‘চাৰ্জ্জ’ লয়। ইয়াৰ পূৰ্ব্বেই গবৰ্ণমেণ্টৰপৰা এনে এক আজ্ঞা পত্ৰ আহে যে যেতিয়া প্ৰধান এচিষ্টেণ্ট কমিচনৰ নাথাকে তেতিয়া তেওঁ সেই পদৰ সম্পূৰ্ণ ক্ষমতাৰে সকলো কাৰ্য্য কৰিব। সেই অনুসাৰে ফুকনে কাৰ্য্য কৰিছিল। এই মাহৰ ২১ তাৰিখ (১৭৮০ শকৰ ৯ মাঘ) শুক্ৰবাৰে আনন্দৰাম ফুকনৰ পত্নীৰ এটি কন্যা জন্মে। এইটিৰ বৰণ তেনে বগা নাছিল। এই ছোৱালীটিৰ নাম চন্দ্ৰা বা চন্দ্ৰ- প্ৰভা। এই ছোৱালীটিৰ দিনত ফুকননীৰ তেনে কষ্টদায়ক পীড়া হোৱা নাই। কমিচনৰ জেনকিনচ চাহাব উজনিলৈ এই শীতকালত আহিছিল। অসুবিধাৰ নিমিত্তে তেওঁ নগাঁওলৈ নাহিল। ফুকনে তেওঁৰে সাক্ষাৎ কৰিবলৈ তেজপুৰলৈ যাবৰ ইচ্ছা কৰিলে। কলিয়াবৰৰ মফঃস্বল ফুৰোতেই সেইকাৰ্য্য় হব পাৰিব এনে আশ৷ কৰিলে; কোম্বৰ চাহাবেও অনুমতি দিলে।

 ১ ফ্ৰেব্ৰুৱাৰীত ফুকনে মফঃস্বললৈ যাত্ৰা কৰিলে৷ বাটত সীমাৰ বিৰোধ যিবিলাক আছিল সেইবিলাক মীমাংসা কৰি গৈ কলিয়াবৰৰ কামাখ্যা পালে। ৭ ফ্ৰেব্ৰুৱাৰীত নৌকাৰে [ ১৪৫ ] তেজপুৰলৈ গল। তাত জেনকিনচ চাহাবে সৈতে সাক্ষাৎ কৰিলে। ফুকনৰ বন্ধু, পৰশুৰাম বৰুৱাক বহুতদিনৰ মূৰত তেজপুৰত লগ পাই তেওঁ বৰ সন্তোষ পালে। পৰশুৰাম বৰুৱা জেনকিনচ চাহাবৰ আফিচত কেৰাণী আছিল। চাহাবৰ লগত তেওঁ চফৰলৈ আহিছিল। কলিকতাত জীৱন ইনচিয়ৰ বা বীমা কৰা কোম্পানী আছে। তাত জীৱন বীমা কৰিলে মাহিলি কিছু টকা দিব লাগে; সেইৰূপে টকা দি থাকিলে সেই মানুহ মৰিলে তাৰ পুত্ৰ পৰিবাৰে টকা পায়। মাহিলি যি নিৰিখে টকা দিয়া যায় তাৰ নিৰিখ মৰণান্তে যিমান টকা পৰিবাৰে পাঁবলৈ ইচ্ছা কৰে তাৰ দ্বাৰা ধাৰ্য্য হয়। ফুকনে ১০,০০০ দহ হাজাৰ টকাত জীৱন বীমা কৰিবলৈ ইচ্ছা কৰিছিল। জীৱন বীমা কৰাৰ পূৰ্ব্বে নিজৰ শৰীৰ চিহ্নিত ডাক্তৰৰ দ্বাৰাই পৰীক্ষা কৰাই পঠাব লাগে। ডাক্তৰে যদি স্বাস্থ্য সম্বন্ধে ভাল ৰিপৰ্ট দিয়ে তেহে কোম্পানীয়ে বীমা লয়। ফুকনে জীৱন বীমা কৰিবলৈ কোম্পানীলৈ পত্ৰ লেখিছিল। কোম্পানীয়ে তেওঁক স্বাস্থ্য সম্বন্ধে ডাক্তৰৰ চাৰ্টিফিকেট খুজি পঠালে৷ নগাঁওত ইউৰোপীয় চিহ্নিত ডাক্তৰ নাছিল। সেই কাৰণে তেওঁ তেজপুৰৰ চিহ্নিত ডাক্তৰৰ দ্বাৰাই শৰীৰ পৰীক্ষা কৰাব লগীয়া হৈছিল। তেজপুৰলৈ গৈ তাৰ ডাক্তৰ লিঞ্চ নামে চাহাবৰ দ্বাৰাই তেওঁৰ শৰীৰ পৰীক্ষা কৰোৱালে৷ আৰু চাৰ্টিফিকেট কোম্পানীলৈ পঠালে।

 তেজপুৰ নগৰত উঠি তেওঁ সকলো ভদ্ৰলোকৰে সাক্ষাৎ কৰি আকৌ কলিয়াবৰলৈ আহিল। তাৰপৰা নিজৰ কৰ্ত্তব্য কৰি ১২ ফ্ৰেব্ৰুৱাৰীত নগাঁও পালেহি। ইয়াৰ অলপ কেইদিন পাচে জেনকিনচ চাহাবৰপৰা অনুমতি লৈ পৰশুৰাম বৰুৱা নগাঁওলৈ আহিল। গুৱাহাটীৰপৰা বলৰাম ফুকনো পালেহি, দুৰ্গাচন্দ্ৰও গুৱাহাটীৰপৰা ইয়াৰ পূৰ্ব্বে পালেহি। এইসকলে সৈতে আলাপ কৰি ফুকনে অতিশয় সন্তোষ পালে। কেইবাদিনো এইৰূপে [ ১৪৬ ] একত্ৰে সকলোবিলাক থাকিল। সেইকেইদিনৰ আমোদ অতি সন্তোষকৰ। পুৱা গধূলি খাওঁতে বৰ সুখেৰে কাল কৰ্ত্তন কৰা গৈছিল। একোদিন আমোদ আহ্লাদতে ৰাত্ৰি প্ৰায় দুই প্ৰহৰ হয়; যি আমোদ হৈছিল সেইবিলাক কোনো অশ্লীল বা অসাৰ নহয়। এদিন গধূলি ফুকন, বলৰাম ফুকন, পৰশুৰাম বৰুৱা, গুণাভিৰাম প্ৰভৃতিৰে নগাঁওৰ ফাটক চাবলৈ গল। ফাটকত কয়দী জোখা এটি যন্ত্ৰ আছে। তাতে তেওঁবিলাকৰ জোখ ললে। এই এই জোখ হল,—ফুকন ১।৮ সেৰ, বলৰাম ফুকন ২/৪ সেৰ, পৰশুৰাম বৰুৱা ১ ৬॥ সেৰ, গুণাভিৰাম ১/৫ সেৰ, গোলাপ সিংহ জেইল দাগা ২/০ মোণ। এই সময়তে ফাল্গুনৰ ২৪ তাৰিখে ৰাধিকা বাপাটিৰ চূড়াকৰণ হল। যেতিয়া ফুকনৰ ওচৰত বাপাটি বহিল আৰু ফুকনে অধিবাস কৰিছিল তেতিয়া বলৰাম ফুকনে এই কথা কলে, “এইবিলাক ঈশ্বৰৰ খেলনা।” এই সংস্কাৰ শেষ হোৱাত বলৰাম ফুকনউৰু গুৱাহাটীলৈ গল।

 ইয়াৰ কিছুমান পাচত বৈশাখত পুৰণি গুদামৰ হেমাই কটকীৰ কন্যা, লুদুৰী বা লক্ষ্মীৰে সৈতে কম্বুকণ্ঠৰ বিবাহ হল। ফুকন আৰু ফুকননীয়ে এই আশ্ৰিত লৰাটিৰ ঘৰ পাতি বৰ সন্তোষ পালে। সেই বৈশাখৰ ২৭ তাৰিখে অন্নদা বাপাৰ চূড়াকৰণ কাৰ্য্য সম্পাদিত হল। এই সময়তে দেৱানী কাৰ্য্য বিধান ১৮৫৯ চনৰ ৮ আইন প্ৰচাৰিত হল। সেই আইন বঙ্গলা অনুবাদ কৰি কাৰ্য্য বিষয়ক আন নিয়ম আৰু নজীৰ ইত্যাদিৰে সম্পূৰ্ণ কৰি এখান পুস্তক প্ৰচাৰ কৰিবলৈ ইচ্ছা আৰু অনুবাদো কৰিব ধৰিছিল। ফুকনৰ বন্ধু আৰু শিক্ষক ব্লাণ্ড চাহাব মে মাহৰ শেষত নগাঁওলৈ আহিল। তেওঁৰে সৈতে ফুকনে কথা-বাৰ্ত্তা কৈ অতিশয় সন্তোষ পালে।

 এই ১৮৫৯ চনৰ মে মাহ অতিবাহিত হল। জুন মাহৰ প্ৰথমতে তেওঁৰ শিশু কন্যাৰ উদৰাময় হয়। এনে টান হৈছিল [ ১৪৭ ] যে ফুকনে কাছাৰীৰপৰা অসময়তে আহিছিল। চিকিৎসা কৰাত স্বাস্থ্য লাভ কৰিলে। ফুকননীৰো উদৰাময় হৈছিল, সিও ভাল হল। ফুকনে প্ৰাচীন ৰীতি নীতিৰ বিষয় বৰকৈ আলোচনা কৰিছিল। হিন্দু শাস্ত্ৰৰ একাদশীৰ উপবাস, অমাৱস্যাৰ নিশা ভোজন নিষেধ প্ৰভৃতি যি বিধি আছে সেইসকলৰ বিষয় ফুকনে এইটো সিদ্ধান্ত কৰিছিল যে এইৰূপে উপবাসৰ দ্বাৰাই ৰস হ্ৰাস পায় আৰু মন্দাগ্নি গুচে। চন্দ্ৰেৰে সৈতে পৃথিবীৰ বিশেষ সম্পৰ্ক। কিয়নো তিথি অনুসাৰে সমুদ্ৰৰ আৰু সমুদ্ৰৰ ওচৰত নদীৰ জোৱাৰ ভাটা হ্ৰাস বৃদ্ধি হয়। মনুষ্যৰ শৰীৰতো যি ৰস আছে, সিও সেইৰূপে আকৰ্ষিত হয়। একাদশীৰপৰা অমাৱস্যা পূৰ্ণিমা পৰ্য্যন্ত জোৱাৰ-ভাটা বৰ প্ৰবল হয়। সেই নিমিত্তেই একাদশীত সম্পৰ্ণ উপবাস আৰু অমৱস্যাত নিশী উপবাস বিহিত হৈছে। এইবিলাক পৰ্যালোচনা কৰি তেওঁ কিছুদিন পূৰ্ব্বৰ পৰা একাদশী ব্ৰত ৰাত্ৰি কিঞ্চিত অন্ন ভোজন কৰে। ১৭৮১ শকৰ ২৮ জ্যৈষ্ঠ আৰু ১৮৫৯ চনৰ ১১ জুন শনিবাৰৰ দিনা একাদশী হোৱাত আনন্দৰাম ফুকনে জলপান কৰি কাছাৰীলৈ গল। অপৰাহ্ন ৪॥ বজাত তেওঁ কাছাৰীৰপৰা আহিল। তেতিয়া তেওঁৰ মূৰৰ বিষ আৰু হাত ভৰিত বিষ হৈছিল আৰু জ্বৰো হৈছিল। এই বেদনা কাছাৰীত থাকোতেই হয়। সেই সময়ত নগাঁওত ইউৰোপীয় ডাক্তৰ নাছিল। কেৰামত আলি নামে এজন নেটীব বা দেশীয় ডাক্তৰ আছিল। সেই ডাক্তৰে আহি ফুকনক চাই মূৰত বিলাতি বিনিগৰ বা চিৰ্ কা লবলৈ দিলে আৰু জেমচ পাউডাৰ নামে এপুৰীয়া ঔষধ দিলে। ফুকনে সেই ৰাত্ৰি ৯ বজাত খায়। সেই ৰাত্ৰি ৫ কি ৬ চিমতা চাহ মাত্ৰ খায়। ডাক্তৰে খাবলৈ দিছিল। সেই ৰাত্ৰি ভালকৈ টোপনি নাহিল। শীঘ্ৰে শীঘ্ৰে টোপনি ভাগিছিল। তেওঁ শৰীৰত দাহ, বিশেষকৈ হাত ভৰি বৰকৈ পুৰিছে বুলি কৈছিল। [ ১৪৮ ] পাছদিনা পুৱা ৫ বজাত ডাক্তৰে দিয়া সোনামুখী আৰু লোণ জুলাপ ললে। সেইদিনা ১২ কি ১৩ বাৰ ভেদ হয়। তেওঁ তাতে ইমান দুৰ্ব্বল হল যে শৌচত বহোঁতে তেওঁৰ পত্নীয়ে তেওঁক সাহায্য কৰিব লগীয়া হৈছিল। ১১ বজাত অলপ ওলাৰে ৫।৬ চিমচা চাগু আৰু আৰাৰুট খাইছিল। কেতিয়াবা কেতিয়াবা কিচমিচ দুটা এটা মুখত লৈছিল। সমুদায় দিন অলপ অলপ ভেদ হৈ আছিল৷ তথাপি তেওঁ সমুদায় দিন অসহ্য দাহ আৰু মূৰৰ বিষ থকা বুলি কৈছিল। জ্বৰ অলপ কমা যেন বোধ হল। গধূলি তেওঁ বঙ্গলা বৈঠকখানালৈ গল। তাতে ৩/৪ জনমান দেশীয় আমোলা আৰু কেঁঞা মহাজনে সৈতে কথাবাৰ্ত্তা কলে। তাৰপৰা আহি অলপ চাগু আৰু চাহ খালে আৰু ডাক্তৰে দিয়া ঔষধ খালে৷ ৰাত্ৰি তেওঁৰ ভালকৈ টোপনি নাহিল। পাচদিনা পুৱা তেওঁৰ আকৌ জ্বৰ উঠিল। ডাক্তৰে আহি চালে। ফুকনে বৰ দাহ বুলি কলে। ডাক্তৰে পনীয়া বগা দৰব দিলে, ফুকনে তাক খালে। তেওঁৰ শোৱনি ঘৰটো চাংঘৰ আছিল। তাৰপৰা তেওঁ পকা বঙ্গলালৈ থাকিবলৈ গল। সেইটো বহল আৰু সুসজ্জিত ঘৰ। তাত বৰকৈ জ্বৰ হল। ডাক্তৰে আকৌ সেই ঔষধকে দিলে। ফুকনৰ মূৰৰ চুলি দীঘল আছিল, ডিঙ্গিত পৰিছিল। ডাক্তৰে সেই চুলি কাঢ়িবলৈ দিয়াত তেওঁৰ পত্নীয়ে নীচেই সৰুকৈ ছুলি কাটিলে। পাচে কেইখানমান সৰহ কাপোৰ গাত দিয়াত অলপ পাচত তেওঁৰ বৰ ঘাম হল। ডাক্তৰে কুইনাইন দিব খোজাত ফুকন আৰু ফুকননীয়ে সুধিলে যে তেনে অৱস্থাত কুইনাইন লোৱা সঙ্গত হয়নে নহয়। ডাক্তৰে ‘হয়’ বুলি কলে, আৰু কুইনাইন দিলে। ফুকনে কুইনাইন খালে আৰু ডাক্তৰে ঘণ্টাই ঘণ্টাই তাক দি আছিল। তেওঁৰ শৌচ নোহোৱাত ডাক্তৰে আকৌ এটা ভেদৰ ঔষধ দিলে। তাক খোৱাৰ পাচত [ ১৪৯ ] কেইবাবাৰ ভেদ হয়। তেওঁ বৰ দুৰ্ব্বল হল। আৰু ভাটী- বেলীয়া ৪॥ বজাত কলে বোলে সৰুকৈ মানুহে কথা কলে তেওঁ নুশুনে। তেওঁৰ বৰ তৃষ্ণা হৈছিল, সেইবাবে নেমুটেঙ্গা একো চকলা মুখত লৈছিল আৰু কেতিয়াবা কিচমিচৰ পানী খাইছিল। ইয়াৰ পাচতে তেওঁৰ বাঁতি হয়, সেইটো ইমান হল যে তাৰ নিমিত্তে তেওঁৰ ঔষধ খোৱাই কষ্ট হৈছিল। তেওঁ চাগু বা আৰাৰুট খাব নোৱাৰা হলত ডাক্তৰে তেওঁক কাঁজি আৰু মগু ডালিৰ জোল খাবলৈ দিলে। বৰ কষ্টে তেওঁ তাক খালে। ৰাত্ৰি তেওঁৰ ভালকৈ টোপনি নাহিল আৰু কেইবাবাৰো ভেদ হৈছিল। শৌচৰ বৰ্ণ কেতিয়াবা হালধীয়৷ আৰু কেতিয়াবা ৰঙ্গা সেউজীয়া আছিল। তেওঁ ইমান দুৰ্ব্বল হৈছিল যে তেওঁ মাচি য়াতে বহি শৌচ কৰিছিল আৰু তেওঁৰ পত্নীয়ে পৰিষ্কাৰ কৰি ছিল। ডাক্তৰে শৌচ চাই কৈছিল বোলে পীত্ত ওলাইছে। তাৰ পাচদিন৷ ডাক্তৰে কলে যে জ্বৰ গল। কিন্তু দেশীয় কোনো কোনো আমোলা লোকে তেওঁক চাই কলে বোলে জ্বৰ যোৱা নাই আৰু ডাক্তৰি চিকিৎসা পৰিত্যাগ কৰি দেশীয় ঔষধ ব্যৱ- হাৰ কৰা হওক। ফুকনে দেশীয় ঔষধ খাবলৈ ইচ্ছা নকৰিলে। তেওঁৰ বাঁতি হোৱাত ডাক্তৰে আকৌ ভেদৰ ঔষধ দিলে। তাত তেওঁৰ কেইবাবাৰো ভেদ গল৷ তাতো বাঁতি নোযোৱাত ৩ বজাত ডাক্তৰে মষ্টাৰ্ড পুল্টিচ পেটত দিলে, সেই পুল্টিচ ৪ বজাত গুচোৱা হল। তেওঁ মূৰ্চ্ছা যেন হৈছিল৷ আকৌ ডাক্তৰে ভেদৰ ঔষধ দিলে। ভেদ হোৱাত ৰাত্ৰি টোপনি নাহিল। ৰাতিপুৱা ডাক্তৰে কলে যে, তেওঁৰ গা ভাল হৈছে। ফুকনে নিজেও “গা ভাল পাইছো” বুলি কলে। ডাক্তৰে পুনৰায় ভেদৰ ঔষধ দিলে। ৫ কি ৬ বাৰ ভেদ হল। ফুকনে সদাই এদিন অন্তৰে এদিন নিজে দাঁঢ়ি ক্ষুৰাইছিল। নৰিয়াত ক্ষৌৰ কৰ্ম্ম কৰিবলৈ পলম হোৱাত সেইদিনা ১২ বজাত তেওঁ নিজে ক্ষৌৰ [ ১৫০ ] কৰ্ম্ম কৰিলে। ২ বজাত তেওঁ “ফিনিকচ” নামে সংবাদপত্ৰ আৰু “গ্ৰেহামচ ডমেষ্টিক মেডিচিন” নামে পুস্তক পঢ়িলে। গুণাভিৰামক পঢ়ি শুনাবলৈ তেওঁ কৈছিল। কিন্তু গুণাভিৰামৰ বৰ মূৰৰ বিষ হোৱাত তেওঁ পঢ়িবলৈ নোৱাৰিলে। পাছে কম্বুকণ্ঠই কিছুমান পঢ়ি শুনালে। ভাটীবেলীয়া ২॥ বজাত তেওঁৰ আকৌ জ্বৰ হল। তাৰ অলপ পাছে বৰ ঘাম হল। কিন্তু তেওঁৰ ছাটিফুটি টান হল। ডাক্তৰে আকৌ ভেদৰ ঔষধ দিলে। ৫ বজাত বঙ্গালী কালীচৰণ বিশ্বাস কানুনগো তেওঁক চাবলৈ আহিল। ফুকনে তেওঁৰ আগত দুআষাৰমান বঙ্গলা ভাষাৰে কথা কলে! চাকি লগোৱাৰ পাচত কানুনগো ঘৰলৈ গল। তাৰ পাছে ফুকনে আৰু অসমীয়া কথা নকলে। তেওঁ ইয়াৰ পাছে যি কৈছিল তাৰ কিছু বঙ্গলা আৰু কিছু সংস্কৃত | তেওঁৰ মাতা আৰু পত্নীৰ আগতো সেইৰূপেই কৰা হৈছিল। ৰাত্ৰি ৯ বজাত নৰিয়া বৰ টান হল। ডাক্তৰে অলপ অলপ ঘন ঘনকৈ ঔষধ খুৱাবলৈ ধৰিলে। যিমানবাৰ ঔষধ খুৱাইছিল তিমানবাৰ ফুকনক চাগু বা আৰাৰুট খুৱাইছিল। তাৰ পাছে তেওঁৰ ঘোৰ সন্নিপাত হল। এবাৰ তেওঁ ডাক্তৰক কৈছিল “ডাক্তৰ বাবু, মোক তুমি ভাল কৰা, তুমি দেখিবা, মই তোমাক কি কৰোঁ।” এবাৰ মূৰ্চ্ছাৰ পাছত গুণাভিৰামৰ আগত ইংৰাজীৰে তেওঁ কলে “বোধহয় মই যমপুৰিলৈ গৈছিলোঁ, কিন্তু এতিয়া মই জানিছোঁ তাৰপৰা মই আহিলোঁ। যদি নেটিভ ডাক্তৰে মোক ভাল কৰিব পাৰে এইটো বৰ আশ্চৰ্য্য চিকিৎসা হব আৰু মানুহে বিবেচনা কৰিব কোন আশ্চৰ্য্যৰূপে এই ডাক্তৰে মোক ভাল কৰিলে।” এবাৰ তেওঁ গুণাভিৰামক সৰুকৈ কলে বোলে তেওঁৰ “পৰিবাৰ আৰু সন্তানসকলৰ সাৱধান লবাঁ, লৰা ছোৱালীবিলাকক শিক্ষা দিবা আৰু কেতিয়াও দেশীয় ঔষধ নাখাবাঁ।” এইবিলাক তেওঁ বঙ্গলা সাধুভাষাত কৈছিল। ইংৰাজীত তেওঁ কলে বোলে [ ১৫১ ] “তেওঁ তেওঁৰ দেশৰ ভাললৈ যিমান শক্তি তিমান কৰিলে আৰু তেওঁ কাৰে৷ হানি কৰা নাই। বোধহয় মানুহবিলাকে তেওঁক খ্ৰীষ্টীয়ান বুলি বিশ্বাস কৰে কিন্তু তেওঁ বিশ্বাস কৰে যে তেওঁ খ্ৰীষ্টীয়ান নহয়, তেওঁ ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰে। ৰোগ শয্যাত থাকোঁতে তেওঁ সদাই সময়ে সময়ে গম্ভীৰস্বৰে পৰমেশ্বৰৰ নাম লৈছিল। এবাৰ ডাক্তৰে তেওক এটা দৰব খুৱাব খোজাত ফুকনে চিয়ঁৰি খঙ্গেৰে হিন্দুস্থানীৰে কলে “মই এচিষ্টেণ্ট তই নেটিভ ডাক্তৰ, তই মেজিষ্ট্ৰেটক মাৰিব খোজ, পুলিচ দাৰোগাক মাত, কলৈ গল গোপাল সিং দাৰোগা?” তেওঁ ঘনেপতি ইয়াকে গুণাভিৰামক কৈছিল “গুণাভি, মই যি কওঁ তাক টুকি ৰাখিবা।” কিন্তু তেওঁ সেই কথা সন্নিপাতত কৈছে বুলি ভাবি তাক টুকি নাৰাখিলে। ডাক্তৰৰ হাতত দৰব নথকাত ফাটকৰ পৰা দৰব আনিব লগা হল। ডাক্তৰে ফুকনক এৰি যাব নোৱাৰে, হডক দেৰেচি আৰু গুণাভিৰামক ডাক্তৰে ফাটকৰপৰা ঔষধ আনিবলৈ পঠালে। ফুকনে তেওঁক কলে দেখা “তোমাৰ নিমিত্তে মই যি কৰিলোঁ৷ এতিয়া তুমি এই শেষ কৰ্ত্তব্য কৰা।” এবাৰ তেওঁৰ পত্নীয়ে ওচৰতে বহি “আমাৰ কি কৰিলা” বুলি কোৱাত তেওঁৰ হাতখন ফুকনৰ বুকুলৈ নি পাচে “কি কৰিম” বুলি পেলাই দিলে। ইয়াৰ পূৰ্ব্বে তেওঁবিলাকক বঙ্গলা কথাৰে সময়ে সময়ে তেওঁৰ শৰীৰৰ অৱস্থাৰ কথা কৈছিল আৰু শোক নকৰিবলৈ কৈছিল। তেওঁ সময়ে সময়ে কৈছিল “আমি অজ্ঞান”। তেওঁৰ ছাটিফুটি ইমান টান হল যে তেওঁ নিজেই ডাক্তৰক পিচ্কাৰী দিবলৈ কলে। ডাক্তৰে “লিকৰ লাইটী” নামে এটা ‘“ব্লিষ্টৰ” ফুকনৰ ডিঙ্গিত দিলে। তাতো একো নহল। তাৰ পাচে জোঁক লগালে। জোঁকে বহু তেজ খালে। তেওঁ একো নহল। তেওঁৰ ক্ষুদ্ৰ শৌচৰ পীড়া যেন হোৱাত বহিল। শৌচ নহল। তাৰ পাচে ডাক্তৰে “মাৰ্ফিয়া” নামে এক ঔষধ খুৱালে। [ ১৫২ ] ইয়াৰ পূৰ্ব্বে ডাক্তৰে কোনো ঔষধৰ গুণাগুণ কৈ ইয়াত তাত পৰামৰ্শ হৈছিল। “মাৰ্ফিয়া” খুৱাওতে কাতো একো নুসুধিলে। এই ঔষধ খুউৱাৰ পাচত ফুকন অজ্ঞান হল আৰু তেওঁৰ বাক্য ৰহিত হল। ইয়াৰ পাচে আৰু কোনো ঔষধ তেওঁক দিয়া নহল। কেৱল চোডাওৱাটৰ খুউৱা হৈছিল। ডাক্তৰে কৈছিল যে সেই যে অজ্ঞান সেইটো “নিশাকা দেওৱাই” বা ৰাগিৰ ঔষধৰ নিমিত্তে হৈছে। বোধহয় তেওঁ মাৰ্ফিয়া কথাকে উল্লেখ কৰিছিল৷ কিয়নো মাৰ্ফিয়াই মানুহক তেনে কৰে। অচেতন হবৰপৰ৷ নিশ্বাস লওঁতে তেওঁৰ ঘৰ ঘৰ শব্দ হৈছিল। ডাক্তৰে গুণাভিৰামউৰুক কৈছিল বোলে ফুকনৰ “কাণৰ ওচৰত চিয়ঁৰি মাতা।” সেইৰূপ কৰা হল। পাচে কাণৰ ভিতৰলৈ ডাক্তৰে তপত পানী পিচকাৰীৰে দিলে। সিও একো উপকাৰ নকৰিলে। এইৰূপ কৰোঁতেই ৰাত্ৰি প্ৰভাত হল। তেতিয়া দেখা গল যে নখচন্দ্ৰ বিবৰ্ণ হোৱা, নাক সোমোৱা প্ৰভৃতি আসন্ন মৃত্যুৰ লক্ষণ সকলে৷ হৈছিল, কিন্তু তেওঁৰ শৰীৰ তপত আছিল। নিদানিক লক্ষ্মীবিলাস, নীলকণ্ঠ, বেতাল চক্ৰেশ্বৰ প্ৰভৃতি বৰীও এই সময়ত খুউৱা হল; কোনো উপকাৰ নহল। পাচে ৯ বজাৰ কিঞ্চিৎ পূৰ্ব্বে তেওঁৰ মহাশ্বাস হল। তেওঁক সকলোৱে ধৰি বাহিৰলৈ অনা হল। তেওঁৰ পত্নীয়ে শোকত বিহ্বলা হল হয় তথাপি তেওঁ ফুকনৰ অন্তৰ্জ্জলিত তিলকাঞ্চন বৈতৰণী ধেনু উৎসৰ্গ কৰিলে। ইয়াৰ অলপ পাচতে ৯ বজাত তেওঁৰ আত্মা নিত্য ধামলৈ গমন কৰিলে। (১৬ জুন ১৮৫৯, ৩ আষাৰ ১৭৮১, বঙ্গলা ১২৬৬ বৃহস্পতিবাৰ কৃষ্ণা প্ৰতিপদ এইদিনা ফুকনৰ বয়স ২৯ বৎসৰ ৯ মাস ২৯ দিন )।

 ঘৰত আৰ্ত্তনাদ উঠিল। নগাঁও নগৰৰ কথাকে নকও ৪/৫ মাইল অন্তৰৰপৰা লোক আহিল। দুৰ্গোৎসৱ পূজাৰ বিজয়া দশমীৰ সমান প্ৰজা হল। সকলোৰে হাহাকাৰ। কি কৰা [ ১৫৩ ] যায়, ঈশ্বৰৰ ইচ্ছা। পাচে এখান খাটত আঠুৱাৰ ভিতৰত ফুকনৰ শৱ তুলি ফুকনৰ হাউলিৰ দক্ষিণ পশ্চিমে আৰু ফাটকৰ উত্তৰ পশ্চিমে বাটৰ আৰু নদীৰ সমীপৰ বটবৃক্ষ ছায়ালৈ ঢোল খোল বাদ্য কৰি নিয়া হল। গুণাভিৰাম ফুকনৰ জ্যেষ্ঠ পুত্ৰ ৰাধিকাক কোলাত লৈ মুখাগ্নি কৰালে। আৰু পিণ্ডদান কৰো- ৱালে। এই কাৰ্য্য হওঁতে প্ৰায় অপৰাহ্ন ৩ মান বাজিল। ফুকননী, ফুকনৰ মাতা, বিমাতা, অনুচৰ, আশ্ৰিত, দাস আৰু মিত্ৰ কুটুম্ব নগৰৰ লোক সকলোৱে ফুকনৰ নিমিত্তে কান্দিলে। যি ঠাইত তেওঁৰ দেহ সংস্কাৰ কৰা হৈছিল তাত ঘৰ কৰি ভেটি বান্ধি থোৱা হৈছিল। সেই ঠাইলৈ নানা ঠাইৰপৰা লোক আহি অনেক দিনলৈকে শোক কৰিছিল আৰু তেওঁলৈ ভক্তি শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছিল।

 আনন্দৰাম ফুকনৰ মৃত্যু সংবাদ চাৰিওফালে গল। অনেক বন্ধু বান্ধৱলৈ চিঠি লেখা হল। কি ইংৰাজ, কি বঙ্গালী, কি অসমীয়া, সকলোৱে তেওঁৰ মৃত্যুত খেদ প্ৰকাশ কৰিলে। অনেকে গুণাভিৰাম আৰু ৰাধিকা বাপালৈ চিঠি লেখিছিল। আৰু অনেকে আপোন বন্ধুলৈ পত্ৰ লেখোঁতে খেদ প্ৰকাশ কৰিছিল। এই অৰুণোদয় সংবাদপত্ৰ আৰু কলিকতা আৰু আন আন ঠাইৰ সংবাদপত্ৰত প্ৰেৰিত পত্ৰ স্তম্ভত বা সম্পাদকীয় উক্তি স্তম্ভত খেদ প্ৰকাশক বিবৰণ প্ৰকাশ হল। কোনোৱে এনে বিশ্বাস কৰিলে যে ডাক্তৰৰ চিকিৎসাৰ গতিকে তেওঁৰ মৃত্যু হল। কোনোৱে এনে বিশ্বাস কৰিলে যে বৰকৈ ৰেচক ঔষধ ব্যৱহাৰ কৰাত দুৰ্ব্বল হৈ পীড়া টান হৈ মৃত্যু হল। অনেকে আকৌ স্বপ্নৰ বিবৰণ প্ৰকাশ কৰি কলে যে ফুকনৰ এই সময়তে মৃত্যু হবৰ নিমিত্তে ভগৱন্তৰ ইচ্ছা, কিয়নো তেওঁক স্বৰ্গলৈ নিবলৈ শুক্লহস্তী আহিছিল। এইৰূপ নানা জনৰৱ, নানা কথা। চিকিৎসাও ভাল নহল। আৰু অনেকবাৰ ৰেচক ঔষধ [ ১৫৪ ] যে খুউৱা হৈছিল তাৰ দ্বাৰাও দুৰ্ব্বলতা প্ৰাপ্ত হৈ প্ৰাণ শেষ হল। যেই কি নহওক, ঈশ্বৰৰ ইচ্ছাই যে প্ৰধান কাৰণ এই- টিয়েই প্ৰধান কাৰণ আৰু সান্ত্বনা।

 এই শোকজনক হৃদয় বিদীৰ্ণকৰ সংবাদ পাই বলৰাম ফুকন গুৱাহাটীৰপৰা আহিল। গুণাভিৰামে ৰাধিকা বাপাৰ হাতত ধৰুৱাই দশপিণ্ড দিয়ালে। ঢেকিয়াল ফুকনৰ পিতৃৰ শিক্ষক কালীদত্ত অধ্যাপকৰ পুতেক হৰকান্ত ভট্টাচাৰ্য্য় আৰু নগাঁওৰ ৰামমিশ্ৰ নাজীৰ পুৰোহিত আছিল। অশৌচান্তৰ দ্বিতীয় দিনা অৰ্থাৎ ১১ দিনৰ দিনা ফুকননীয়ে বৰোৎসৰ্গ আৰু আদ্যশ্ৰাদ্ধ কৰিলে। সম্পূৰ্ণৰূপে সকলো দান দিয়া হৈছিল সেইদিনাই বৃষোৎসৰ্গ আৰু আসন্ন দান কৰা হল। দক্ষিণা লবলৈ এই জিলাৰ আৰু আন ঠাইৰ অনেক ব্ৰাহ্মণ আহিছিল। সেইসকলক দক্ষিণা দিয়া হল। তাৰ পাচদিনা সপিণ্ডীকৰণৰ শ্ৰাদ্ধ সম্পাদন কৰা হল। তেৰ দিনৰ দিনা জ্ঞাতি ভোজন কৰোৱা হল। এইৰূপে ফুকনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পাদিত হল। দানোৎসৰ্গ সকলো বস্তু যথা নিয়মে গুৰুপুৰোহিত কুটুম্বাদিক ভগাই দিয়া হল। কিন্তু কি দুখৰ কথা যে মিত্ৰ কুটম্বৰ মধ্যত কোনো কোনোৱে ফুকন জীয়াই থাকোঁতে তেওঁৰপৰা যি উপকাৰ পাইছিল তাক বিস্মৃত হৈ অযোগ্য বুলি দানোৎসৰ্গৰ বস্তু ফিৰাই দিলে।

 ফুকন মৃত্যুৰ সময়ত তেওঁৰ এইবিলাক পৰিবাৰ ঘৰত আছিল। পঞ্চাশ বৰ্ষীয়া মাতা, ৪৬ বৰ্ষীয়া বিমাতা, ২৬ বছৰীয়া পত্নী। তেওঁৰ জ্যেষ্ঠ পদ্মাৱতীৰ বয়স তেতিয়া ৭ বৎসৰ ৫ মাহ ৭ দিন। ৰাধিকাৰ বয়স ৫ বৎসৰ ৭ মাহ ৭ দিন, অন্নদাৰ বয়স ২ বৎসৰ ৫ মাহ ২০ দিন আৰু চন্দ্ৰপ্ৰভাৰ বয়স ৪ মাহ ২৬ দিন।

 তেওঁৰ মধ্যমা পিতামহী গুৱাহাটীত বলৰাম ফুকনৰ লগত আছিল। তেওঁৰ আশ্ৰয়ত পৰিবাৰভুক্ত হৈ এইসকল আছিল-[ ১৫৫ ]

গুণাভিৰাম আৰু তেওঁৰ পত্নী ব্ৰজসুন্দৰী। ধৰ্ম্মদত্ত আৰু তেওঁৰ পত্নী কেতেকী। দুৰ্গাচন্দ্ৰ, কম্বুকণ্ঠ, কীৰ্ত্তিকান্ত, লম্বোদৰ, পোৱালচন্দ্ৰ নন্দৰাম, পৃথুৰাম, বৰুৱা। এতদ্ভিন্ন নাগশঙ্কৰৰ বটু তামুলী, যোগাই ঠাকুৰৰ পুতেক তুলসীৰাম, হৰকান্ত বাপু আৰু খৰ্গেশ্বৰ লগতে আছিল। গঙ্গাৰাম বৰুৱাৰ বিধৱা পত্নী বিদ্যা, লম্বোদৰৰ কন্যা সন্ধ্যা আৰু জয়মতী ব্ৰাহ্মণীও পৰিবাৰভুক্ত হৈ আছিল। বলো নামে এজন ফুকনৰ প্ৰধান লগুৱা আছিল। তাৰ স্ত্ৰী পুত্ৰ কন্যাও আছিল। ফুকনৰ পিতৃৰ দিনৰ চাপ্ৰাচি মধু তাৰ পুতেক দয়াৰাম আৰু মণিৰাম আৰু সিহঁতৰ পৰিবাৰ লগত আছিল৷ ৰঘুদেৱ গোস্বামী সপৰিবাৰে কেতিয়াবা ইয়াত থাকে। কেতিয়াবা বেলেগ থাকিলেও প্ৰায় পৰিবাৰ ভুক্তৰ দৰে আছিল। যুতি, সোণাকুলি, ৰূপহী প্ৰভৃতি পৰিচাৰিকা আছিল। ইয়াত বাজে সপৰিবাৰে এজন চহিচ আৰু সপৰিবাৰে এজন কছাৰী চাকৰ আছিল। এইসকল বিনে সেই টোলত ফুকনৰ আশ্ৰয়ৰ লৈ দুটি বিধৱা স্ত্ৰী আছিল। এই সকলোৰে পোষণ সুখ দুখৰ ভাৰ ফুকনৰ ওপৰত আছিল। ফুকনৰ অভাৱত সকলোবিলাক আশ্ৰয়হীন আৰু ছিন্নভিন্ন হল। কি ঈশ্বৰৰ ইচ্ছা!ঈশ্বৰৰ ইচ্ছাই সৰ্ব্ব প্ৰধান।
[ ১৫৬ ]
 

অষ্টম অধ্যায়

 আনন্দৰাম ঢেকিয়াল ফুকনৰ বৰ্ণ বগা কিন্তু ইউৰোপীয় সকলৰ দৰে শ্বেত নহয়। তেওঁ দীঘলে ৫ ফুট ৬ ইঞ্চি বা ৩॥ হাত আছিল। তেওঁৰ কপাল উন্নত আৰু বহল নাসিকা দীৰ্ঘ আৰু উন্নত। তেওঁৰ ডিঙ্গি কিঞ্চিৎ দীঘল। তলৰ ওঠ ওপৰৰ ওঠতকৈ কিঞ্চিৎ ডাঙ্গৰ আছিল আৰু তাৰ বৰ্ণ ৰঙ্গা। তেওঁৰ বুকু বহল আৰু কঁকাল নিয়মিতৰূপে সৰু। তেওঁৰ আঙ্গুলি আৰু নখবিলাক তেনে শুৱনী নহলেও কুদৃশ্য নাছিল। তেওঁৰ শৰীৰ কৃষ বা স্থূল নাছিল। তেওঁৰ মুখ দীৰ্ঘাকৃতি আছিল। অবয়ব অনুসাৰে মানিছিল। তেওঁৰ বুকুত ৰোমাৱলী আছিল। তেওঁৰ দাঁতবিলাক অতি বগা আৰু সেৰেঙ্গা আছিল৷ তেওঁৰ ওজন ১৮৫৯ চনৰ ফ্ৰেব্ৰুৱাৰি মাহত এক মোন ওঠৰ সেৰ আছিল৷ তেওঁ গোঁফ ৰাখিছিল কিন্তু সম্পূৰ্ণ কৈ পাক লবলৈ নাপালে। দাঢ়ি এদিন অন্তৰে এদিন নিজে ক্ষুৰাইছিল। তেওঁৰ ভৰিত দীলৰেখা আছিল। তেওঁৰ হাতৰ আয়ুদণ্ড সম্পূৰ্ণ আছিল। তেওঁৰ গোটেই মূৰতে চুলি আছিল। ডিঙ্গিত পৰাকৈ ৰাখি কটা হৈছিল। সেই চুলিৰ আগ কেকোঁৰা আছিল। তেওঁৰ ঘোঁৰাত উঠা অভ্যাস আছিল। কিন্তু গছত উঠা, কুস্তি কৰা, সাঁতৰা অভ্যাস নাছিল। বন্দুক মাৰিবলৈকো নাজানিছিল। এদিন বলৰাম ফুকনে তেওঁক সৰু এটি পিস্তল মাৰিবলৈ দিয়াত তেওঁ যত্ন কৰিও ভালকৈ মাৰিব নোৱাৰিলে। তাতে সৰুজনা [ ১৫৭ ] ফুকনে কৌতুককৈ কলে বোলে “জুখি জুখি ভাত খাওক।” তেওঁৰ স্বাস্থ্য বৰ ভাল আছিল। কেতিয়াও সাংঘাতিক পীড়া হোৱা নাছিল। যি জ্বৰত তেওঁৰ প্ৰাণ বিয়োগ হল তেনে জ্বৰ কেতিয়াও হোৱা নাছিল। ১৬ বৎসৰ পূৰ্ব্বে কলিকতাত জ্বৰ হৈ তেওঁৰ নৃতী ওলাইছিল। তেওঁৰ শৰীৰত কোনো লাগি থকা নৰিয়া বা ব্যাধি নাছিল। কেতিয়াবা পানী লাগিছিল। তাৰ নিমিত্তে কেতিয়াবা গাত তাপ হয়। এবাৰ পানী লগাত জুলাপ লোৱাৰ কাৰণে তেওঁৰ কষ্ট বোধ হৈছিল। সেইদিনাই পানী লাগি থাকোতে ৰেচক ঔষধ নাখাবলৈ প্ৰতিজ্ঞ৷ কৰিলে। তেওঁ প্ৰতিদিন দুইও বেলা আহাৰান্তে শৌচ কৰিছিল। কোষ্ঠশুদ্ধিৰ প্ৰতি তেওঁৰ সৰ্ব্বদা দৃষ্টি আছিল। অলপ কোষ্ঠবদ্ধ হোৱা গম পালেই শিলিখাৰ পাচন খাইছিল। তাত উপকাৰ নহলে ৰেচক ঔষধ লৈছিল। অলপ পেট বেয়া বা পানী লাগিলেই তেওঁ অতিশয় ব্যস্ত হৈছিল। আৰু তৎক্ষণাৎ তাৰ প্ৰতিকাৰৰ অৰ্থে ডাক্তৰৰ পৰামৰ্শ লৈছিল। দেশীয় চিকিৎসাৰ প্ৰতি তেওঁৰ অবিশ্বাস নাছিল কিন্তু শিক্ষিত চিকিৎসক নথকাৰ নিমিত্তে অশিক্ষিত চিকিৎসকৰ প্ৰতি বৰ শ্ৰদ্ধা নাছিল। যেতিয়াৰপৰা কম্বুকণ্ঠ আহি তেওঁৰ লগ ললে তেতিয়াৰপৰা দেশীয় কোনো কোনো ঔষধ আৰু ক্ৰিয়া ব্যৱহাৰ কৰিছিল। শেষলৈ অকস্মাৎ কেতিয়াবা আঠুৰ অলপ বিষ হৈছিল৷ সদাই তেওঁ আদখিনি হাত থকা ফ্লালেনৰ বেনিয়ান বা কূৰ্ত্ত৷ এটা গাত পিন্ধিছিল। মৃত্যুৰ কিছুদিন পূৰ্ব্বে তেওঁৰ ভৰিৰ আঙ্গুলিত নখচুকা হৈছিল,, সেইফেৰি নৰিয়াতে তেওঁ ইমান কষ্ট বোধ কৰিছিল আৰু ইমান ব্যস্ত হৈছিল যে কোনো এজনে “বান্দৰৰ ঘাৰ” উপমা দিয়াত হাঁহিবৰ কুটি হৈছিল।

 তেওঁৰ আহাৰৰ প্ৰতি বৰ মনোযোগ আৰু দৃষ্টি আছিল। পাচে অপাকি হয় এই ভাবি এটি সৰু বাটী জুখি ভাত খাইছিল। [ ১৫৮ ] সেই পৰিমাণে আঞ্জাও লৈছিল। মৎস্য মাংস তেওঁ খাইছিল। প্ৰায় এক সন্ধ্যাত মাংস খাইছিল। পাৰৰ জোল বা চুৰুৱা তেওঁ সদাই খাইছিল। তিতা, কেহা, জলা, টেঙ্গা, ক্ষাৰ, মিঠা সকলো খাইছিল। বিশেষকৈ কোনো বস্তুত তেওঁৰ প্ৰীতি বা অপ্ৰীতি নাছিল।

 আনন্দৰাম ফুকনে প্ৰতিদিন ব্ৰাহ্ম মুহূৰ্ত্ততে উঠিছিল। কেতিয়াবা তাৰ পূৰ্ব্বে উঠি লিখা পঢ়া কৰিছিল আৰু প্ৰতিদিনে পুৱা ফুৰিবলৈ গৈছিল। ফুৰিবলৈ যাওঁতে কেতিয়াবা কোনো সংবাদ পত্ৰ লৈ বাটে বাটে পঢ়ি যায়। বৃষ্টি কি শৰীৰ অসুখৰ কাৰণে যিদিনা ফুৰিবলৈ যাব নোৱাৰে সেইদিন৷ সেই পৰিমাণ সময় ঘৰৰ বাৰাণ্ডাতে ইফাল সিফালকৈ ফুৰিছিল৷ সদায় তেওঁ তপত পানীৰে স্নান কৰিছিল। ফুকনে পুৱা ফুৰি আহি ৮ বজালৈকে লেখা-পঢ়া কৰি স্নান কৰিবলৈ যায়। স্নানান্তে সন্ধ্যা পূজা কৰি ১০ বজাত ভোজন কৰি তাৰ পাছে কাছাৰীলৈ যায়। তাৰপৰা আহি কাপোৰ সলাই জলপান কৰি অলপ আৰাম কৰে, তাৰ পাছে খোজ কাঢ়ি বা গাড়ীত বা ঘোৰাৰে গধূলি ফুৰিবলৈ যায়। আহি আকৌ ৮॥ বজা মানলৈ লেখা-পঢ়া কৰে। সন্ধ্যা কৰি ভোজন কৰে। তাৰ পাছত অল্প জিৰাই ৰাত্ৰি ১০ বজাৰ পূৰ্ব্বে শয়ন কৰিবলৈ যায়। তেওঁ শোৱা খোৱা ফুৰা বিষয়ে যি সময়ৰ যি কথা তাক সদাই কৰিছিল। অতি ক্বচিৎ মাত্ৰ সময়ৰ ব্যতিক্ৰম ঘটিছিল। ৰাতিপুৱা লেখা-পঢ়া কৰি স্নানলৈ যাবৰ পূৰ্ব্বে আৰু গধূলি লেখা-পঢ়া কৰি মুখ হাত ধুই ভিতৰলৈ যাবৰ পূৰ্ব্বে তেওঁ কেতিয়াবা বালকৰ দৰে ধেমালি কৰিছিল৷ কালীকৃষ্ণ উকীল আৰু কীৰ্ত্তিকান্ত ডেকা বৰুৱাক হলে ৰঙ্গতে গতিয়াই ঢকিয়াই বৰ কৌতুক কৰিছিল। এওঁবিলাকে তেওঁৰ সৰুৰ আৰু পাঠৰ অৱস্থা দেখিছিল। আৰু প্ৰায় সমনীয়া। সেই কাৰণে এওঁবিলাকে সৈতে এইৰূপ বালকতা প্ৰকাশ কৰিছিল। [ ১৫৯ ]  আনন্দৰাম ফুকনে প্ৰথমে কাছাৰীলৈ যাওঁতে পাজাম৷, চাপকান বা কাবা আৰু আমামা পাগুৰি পিন্ধিছিল, নগাঁওলৈ পাচৰবাৰ আহি কাছাৰীলৈ অসমীয়া পোচাক পিন্ধি গৈছিল। অৰ্থাৎ ভঙ্গা পাটৰ চুৰীয়া, আঙ্গা চোলা আৰু অসমীয়৷ টোকনীয়া পাগুৰী পিন্ধিছিল। পুৱা গধূলি ফুৰোতে আৰু ঘৰত থাকোতে পাজামা- চাপকান ব্যৱহাৰ কৰিছিল৷ আৰু বাহিৰলৈ গলে টুপী পিন্ধি- ছিল। তেওঁ সদাই জোতা-মোজা ব্যৱহাৰ কৰিছিল। স্নানৰ সময় ধুতী পিন্ধিছিল। স্নানান্তে ৰঙ্গা পাটৰ চুৰীয়া আৰু নামাৱলী বা আন নোমৰ কাপোৰ অথবা চেলীৰ কাপোৰ পিন্ধিছিল, ৰাত্ৰি আহাৰৰ পূৰ্ব্বে ধুতী পিন্ধি পুৱালৈকে আছিল। ফ্লালেনৰ কূৰ্ত্তা কেৱল পূজাৰ সময় মাত্ৰ পৰিত্যাগ কৰিছিল। স্নানৰ পূৰ্ব্বে আৰু স্নানান্তে আহাৰৰ পাছে কাপোৰ সলোৱা পৰ্য্যন্ত খৰম ব্যৱহাৰ কৰিছিল।

 তেওঁ লেখা-পঢ়া কৰা ঠাইত ওচৰতে পীড়া এখান থাকে আৰু গলিচা পৰ৷ থাকে। সেই সময়ত যাৰে সৈতে সাক্ষাৎ কৰিব লাগে সি যোগ্যানুৰূপে আসন পায়। দেশীয় কোনো সম্ভ্ৰান্ত লোকে আহিলে যদি সেই ঠাইত অভ্যৰ্থনা কৰিব নোখোজে তেনেহলে তাৰ কিছু দূৰৈত দেশীয় নিয়মে ঢলা বিছনা আৰু গাৰু থাকে তাত বহে। আন এখোটালিত মেজ মাচিয়া কৌচ থাকে আৰু তাত নানাবিধ ছবি ইত্যাদি থাকে। ইংৰাজ লোকে সৈতে তাতে সাক্ষাৎ কৰে, যি ঠাইত কাপোৰ সলাই তাতো এখান বিছন৷ থাকে কেতিয়াবা তাতো আৰু কেতিয়াবা ভিতৰতো আৰাম কৰা বুলিলে শুই কিতাপ বা সংবাদ কাগজ পঢ়া। কেতিয়াবা তাকে কৰোতে অলপ নিদ্ৰা বা তন্দ্ৰা হয়।

 ফুকন নিচেই বিলাসী নাছিল। সুখ স্বচ্ছন্দে থাকিলেই তেওঁৰ সন্তোষ আছিল, গুৱাহাটীৰ ঘৰবিলাক জীৰ্ণ হৈ যোৱাত তেওঁ তাত নকৈ পকাঘৰ সজাবলৈ ইচ্ছা কৰি মৃত্যুৰ কিছুদিন [ ১৬০ ] পূৰ্ব্বে ইটা ইত্যাদিৰ বন্ধবস্ত কৰিছিল। আগৰ পোৰা চোৱাৰীৰ ভেটিতে এটি ভাল পকা বৈঠকখানা কৰিবলৈ উদ্যোগ কৰিছিল।

 তেতিয়া চাৰিটা আলমাৰী নানাবিধ ইংৰাজী সংস্কৃত ইত্যাদি পুস্তকে পূৰ্ণ। এইসকল আৰু ঘৰৰ আন বস্তু বাহানি সকলো- বিলাক সদাই পৰিষ্কাৰ পৰিচ্ছন্ন প্ৰতি তেওঁ নিজে বৰকৈ দৃষ্টি কৰিছিল। আৰু বস্তুবিলাক ঠাই সলাই সলাই থৈছিল। তেওঁ তেওঁৰ সকলো বস্তু সজোৱাত বৰ বিচক্ষণ আছিল। তেওঁৰ সকলো বস্তু শ্ৰেণীবদ্ধ আৰু সুবিধামতে সজ্জিত আছিল। তেওঁৰ আইনৰ পুস্তক এক সময়ত ৩৬৯ টকাৰ আৰু মেজ মাচিয়া কৌচ ইত্যাদি বস্তু ১,১০০ টকাৰ আছিল। তেওঁ নিজে কাপোৰ আৰু আন বস্তু সজাই থৈছিল। আৰু তাক সময়ে সময়ে চাইছিল।

 চিঠি লেখা তেওঁৰ এটি বৰ কৰ্ত্তব্য কৰ্ম্ম আছিল, চিঠি অহা মাত্ৰেই তাৰ উত্তৰ দিয়ে। তেওঁলৈ অনেক চিঠি লেখিছিল। তাৰ কোনোৱে সকামত আৰু কোনোৱে এনেই লেখিছিল। আইনাদিৰ তৰজমা কৰা প্ৰভৃতি কৰ্ম্মতে তেওঁৰ সময় যায়। সকলে৷ চিঠি লেখিবলৈ অৱসৰ নাপায় এই কাৰণে স্নানৰ সময় মূৰ ক্ষুৰাওতে আৰু স্নান কৰোতে আৰু কেতিয়াবা আহাৰ কৰোতে আনৰ হতুৱাই চিঠি লেখাইছিল আৰু নিজে চহী কৰি পঠাই দিছিল।

 ফুকনে সামাজিকতা বৰ আদৰ কৰিছিল, যাক যেনেকৈ সন্ত্ৰম কৰিব লাগে তাক তেনেকৈ কৰিছিল, সমাজত হুলস্থূল লগাবলৈ তেওঁৰ ইচ্ছা নাই। এই কাৰণে তেওঁ প্ৰাচীন নিয়ম যিমান পাৰিছিল তাক সকলো বিষয়তে চলাইছিল। আউনি- আটীয়া গোঁসাইৰ তলৈ সাক্ষাত কৰিবলৈ যোৱাত তেওঁক কলাপাত এখান বহিবলৈ দিছিল। তাত তেওঁ বহিল, তেওঁৰ এই মত আছিল যে কোনো লোকৰ ঘৰলৈ যাবলগীয়া হলে লোকে [ ১৬১ ] যিহকে ভাল পায় তাকে কৰা কৰ্ত্তব্য। তেওঁৰ লোক সমাজত ওলাবলৈ বৰ ইচ্ছা নাই। তেওঁৰ “অসমীয়া লৰাৰ মিত্ৰ” “অসমীয়া ভাষা বিষয়ক গ্ৰন্থ" আৰু “সদৰ আদালতৰ নিষ্পত্তি” প্ৰচাৰ কৰি নিজৰ নাম নিদিলে। আইন ও ব্যৱস্থা সংগ্ৰহ কৰি গ্ৰন্থ প্ৰচাৰ কৰোতেও তেওঁৰ নাম প্ৰকাশ কৰিবৰ ইচ্ছা নাছিল, তাৰ ভূমিকাত কেৱল নামৰ আদ্যাক্ষৰ মাত্ৰ দিলে। অনেকৰ অনুৰোধতহে প্ৰথমে পত্ৰত নাম দিলে। তেওঁৰ এই মত আছিল যে মানুহে নজনাকৈ মানুহৰ উপকাৰ কৰা ভাল। ‘তোমাৰ সোঁ হাতৰ কাৰ্য্য বাওঁ হাতে নাজানোক’ এই যে খ্ৰীষ্টৰ উপদেশ তেওঁ ইয়াক বৰকৈ মানিছিল। আৰু কৈছিল বোলে কাৰ্য্যৰ লগে লগে ফল, এতেকে তালৈ বিশেষ প্ৰত্যাশা কৰা বৃথা। পাচে তেওঁক কোনো লোকে অসভ্য বোলে এই কাৰণে তেওঁ বৰ ব্যস্ত আছিল। কোনো লোকে সৈতে কথা বাৰ্ত্তা কওঁতে আৰু সাক্ষাৎ কৰোতে তেওঁ তাৰ পূৰ্ব্বে বৰ ব্যস্ত সমস্ত হৈছিল। মানুহে সৈতে আলাপ কৰিব তেওঁ ভালকৈ জানিছিল। যি লোক যি ব্যৱসায় বা চক্ৰত থাকে তাৰে সৈতে সেই ব্যৱসায় সম্পৰ্কে কথা কৈছিল। যাক যেতিয়া যি কয় তাক সৰলৰূপে কথা কৈছিল। কোনো লোকে তেওঁত কোনো বিষয় পৰামৰ্শ সুধিলে যথাযোগ্য পৰামৰ্শ দিছিল। কিন্তু সেইটো যে তেওঁ কৰিব লাগে এনে নকৈছিল। পৰামৰ্শ লৈও যদি কোনেও তাক গ্ৰাহ্য নকৰে তাত তেওঁ বিৰক্ত নহৈছিল। তেওঁ আপোনাৰ মত প্ৰতিপোষণ কৰিবলৈ কেতিয়াও কোনো তৰ্ক নকৰিছিল। আৰু আনে কৰিলেও তাক ভাল নাপাইছিল। তেওঁৰ বুদ্ধি অতি তীক্ষ্ণ আৰু ভাল পৰামৰ্শ দিব পৰা আছিল, কোনো কাকত উত্তমৰূপে তেওঁ যে সজাই লেখিব পাৰে এইটো সৰ্ব্বত্ৰে প্ৰচাৰিত হৈছিল। কোচবিহাৰৰ দেৱান কালীচন্দ্ৰ লাহিড়ী আৰু আন অনেকৰ নিদৰ্শন আৰু কাকত তেওঁ লেখি দিছিল৷ কি [ ১৬২ ] কথা বা কাৰ্য্যৰ কি পৰিমাণে ফল হব ইয়াক তেওঁ জানিছিল। আৰু সেই কাৰণেই তেওঁৰ পৰামৰ্শ সকলোৱে আদৰ কৰিছিল। তেওঁ সময়ে সময়ে তেওঁৰ দুৰস্থ বন্ধুসকলৰ দৰখাস্ত ইত্যাদি মুচাবিদা কৰি দিছিল। প্ৰাচীন লোকেৰে আলাপ কৰা আৰু প্ৰাচীন কথা শুনা তেওঁৰ বৰ প্ৰিয় আমোদ আছিল। তেওঁৰ অনুসন্ধান বৃত্তি বৰ প্ৰবল আছিল, সকলো কথাৰে ভালকৈ অনুসন্ধান লৈছিল। এই কাৰণে তেওঁ তেওঁৰ মত পৰিবৰ্ত্তনত বৰ দুখিত নহৈছিল। তেওঁ মানুহে সৈতে আলাপ কৰিছিল হয় কিন্তু অকাৰণ আলাপ কৰি সময় নষ্ট কৰিবলৈ ভাল নাপাইছিল। যেতিয়ালৈকে কোনো লোকে সৈতে আলাপ কৰি তেওঁ তাক ভালকৈ নাজানে তেতিয়ালৈকে তাৰে সৈতে বিস্তৰ কথা নকৈছিল। এই কাৰণে তেওঁক সহসা অহঙ্কাৰী বুলি কোনোৱে দায় দিছিল। তেওঁ নিজে তামোল কি মলা-ধপাত নাখাইছিল কিন্তু লোকক সেই সকল বস্তু দি অভ্যৰ্থনা কৰিছিল। বিজয়া দশমীৰ দিনা বঙ্গালী আমোলা আৰু দেশীয় কোনো কোনো লোক গধূলি তেওঁৰ ঘৰলৈ সাক্ষাৎ কৰিবলৈ যায়। সেইসকলে সৈতে আনন্দেৰে কোলাকুলি কৰিছিল আৰু ঢলা বিছনাত সকলোৰে সৈতে বহি আলাপ কৰিছিল। তেওঁৰ তালৈ সদাই অসমীয়া বঙ্গালী অনেক লোক সাক্ষাত কৰিবলৈ গৈছিল। নগাঁওত হলে হাবিৰাম বৰুৱা পেচকাৰ, ৰত্নেশ্বৰ লাহিড়ী, কালীচৰণ কাননগো, ৰামচন্দ্ৰ বিশ্বাস, কালীকৃষ্ণ ৰায়, মনমুখ দাসও সয়াল ধীৰসি ও সোৱাল প্ৰায় সদাই তেওঁৰ ঘৰলৈ গৈছিল। শ্ৰাবণত তেওঁৰ পিতৃ শ্ৰাদ্ধত আৰু তেওঁৰ পুত্ৰৰ অন্নপ্ৰাশনাদি কাৰ্য্যত তেওঁ দেশীয় লোকসকলক দেশীয় নিয়মেৰে আৰু তাৰ পাচদিনা বঙ্গালী হিন্দুস্থানী প্ৰভৃতি লোকসকলক বঙ্গালী নিয়মে ভোজন কৰাইছিল। সেই সময়ত তেওঁ সকলোৰে সৈতে সমানভাৱে ব্যৱহাৰ কৰিছিল, মুচলমান আৰু ইংৰাজ [ ১৬৩ ] সকললৈ সেই সেই উৎসৱত নানাবিধ খাদ্য সামগ্ৰী পঠোৱা হৈছিল। ঘৰৰ কোনো পৰিবাৰৰ কোনো পীড়া হলে অথবা ঘৰত কোনো কাৰ্য্য হলে তেওঁ অতিশয় ব্যস্ত আৰু এস্ত হৈছিল। তেতিয়া তেওঁ যি কয় তাক নুশুনিলে তদ্দণ্ডে তাৰ প্ৰতিকাৰ কৰিছিল। তেতিয়৷ অলপ কথাতে তেওঁ উত্তেজিত হৈছিল। কিন্তু কোনো আগন্তুক লোকৰ আগত তেনে নকৰিছিল। তেওঁ তেওঁৰ অধীনসকলে ত্ৰুটী কৰিলে ডাবি দিছিল আৰু কেতিয়াবা কাকো লপা–থপা মাৰিছিল। কিন্তু অচিনাকি বা অলপ চিনাকি লোক থাকিলে সেইৰূপ কাৰ্য্য নকৰিছিল। হীনসন্ত্ৰম ফুকনৰ বৰ অপ্ৰিয় আছিল। কোনো এজন প্ৰাচীন উচ্চ শ্ৰেণীৰ অথচ এতিয়াৰ আমোলাই তেওঁক ‘দেৱতা' বুলি সম্বোধন কৰাত তেওঁ বৰ দুখিত হৈ আগলৈ সেইৰূপ নকৰিবৰ নিমিত্তে তেওঁক কলে। তেওঁ হাকিম হৈছিল বুলিও অনৰ্থক অভিমান বা অহঙ্কাৰ নকৰিছিল। ৰঞ্জয় ফুকন নাজীৰৰ পত্নী ভাগীৰথী আইচুৰে সৈতে ফুকননীয়ে সখী বন্ধাইছিল। আৰু দুইও জনাৰ বিশেষ সৌহাৰ্দ্দ আছিল। ফুকনে হাকিম বুলি তেওঁৰ পত্নীৰে সখীত্ব কৰিবলৈ নিষেধ নকৰি বৰঞ্চ সন্তুষ্ট হল।

 ফুকনৰ কলেজত বহু ব্যাপ্ত শিক্ষা নহল। ঘৰলৈ আহি বৰ উদ্যোগ আৰু শ্ৰম কৰি তেওঁ পঢ়িলে। তাৰে পৰা বৰ উন্নতি লাভ কৰিলে। ইংৰাজী বঙ্গলা আৰু অসমীয়া তেওঁ ভালকৈ জানিছিল আৰু এই ভাষাৰে গ্ৰন্থ ৰচনা কৰিছিল। উৰ্দ্দু আৰু পাৰচীও অলপ জানিছিল। সংস্কৃত সহজ গ্ৰন্থ ভালকৈ বুজিছিল। তেওঁৰ পঢ়াত বৰ মন আছিল। সদাই পঢ়িছিল। অনেক সময় মানুহে সৈতে অলপ অলপকৈ কথা পঢ়ি বা লেখি থাকে। তেওঁৰ পঢ়াৰ প্ৰতি ইমান মন আছিল যে তেওঁ কেতিয়াবা টোপনিত থকাতো মুখেৰে পঢ়া যেন শুনি। তেওঁ প্ৰকাশ্যে কোনে৷ সমাজত কেতিয়াও কোনো বক্তৃতা কৰা [ ১৬৪ ]

নাই। ইংৰাজী কথা কবলৈ বা লেখিবলৈ তেওঁৰ বৰ অভ্যাস আছিল। ইংৰাজে সৈতে আলাপ কৰোতে তেওঁৰ আলাপ শুনি কোনো ইংৰাজেহে যেন কথা কৈছে এনে অনুমান হয়। লেখাতো সেইৰূপ আছিল। বঙ্গলা ভাষাতো তেওঁৰ সেইৰূপ অধিকাৰ আছিল। তেওঁৰ বঙ্গলা কথোপকথন শুনিলে তেওঁক কলিকতা অঞ্চলৰ বঙ্গালী বুলি বিশ্বাস হৈছিল। পাৰচী লেখাত তেওঁৰ সামান্য অধিকাৰ আছিল। উৰ্দ্দুৰে কৰা কথাবাৰ্ত্তা কব পাৰিছিল। সংস্কৃত তিমান ভালকৈ কথা কব পৰা বা ৰচনা কৰিব পৰা অধিকাৰ নাছিল। অসমীয়া ভাষাৰ বিষয়ে তেওঁ বিশেষ যত্ন কৰিছিল। কোনো অসমীয়া ভাল শব্দ থাকিলে তাৰ পৰিবৰ্ত্তে সংস্কৃত কি আন শব্দ বাৱহাৰ কৰিবলৈ তেওঁ ভাল নাপাইছিল। পূৰ্ব্বে অসমীয়া মানুহে অসমীয়া মানুহৰ তালৈ চিঠি লেখিলে বঙ্গালী ভাষাৰে লেখিছিল। তেওঁ সেইৰূপ নকৰিছিল। অসমীয়াই বঙ্গালী চিঠি লেখিলেও অসমীয়াকৈ তেওঁ উত্তৰ দিছিল। অসমীয়া ভাষাত চিঠি-পত্ৰ লেখোঁতে পঠাৰ বৰ বিবেচনা নাছিল। তেওঁ যাৰে যাৰে পত্ৰালাপ কৰিছিল তাৰে সৈতে পাঠাপাঠৰ বিবেচনা কৰি লিখিছিল। এইৰূপে অসমীয়া ভাষা সাধাৰণত প্ৰচলিত হবলৈ তেওঁ বৰ উদ্যোগ কৰিলে। আৰু বাট কাটিলে। পিতৃজন৷ ঢেকিয়াল ফুকনৰ আসাম বুৰঞ্জীৰ আদৰ্শেৰে তেওঁ এখান আসাম বুৰঞ্জী কৰিবলৈ ইচ্ছা কৰিছিল কিন্তু সেই ইচ্ছা অনুসাৰে কাৰ্য্য কৰিব নোৱাৰিলে। তেওঁৰ অসম্পূৰ্ণ আইনৰ ও ব্যৱস্থাৰ অনুবাদ পৰিবাৰ সকলৰ নানা ঠাইলৈ যাব লগীয়া হোৱাত বিশৃঙ্খল হল। অঙ্ক কি বিজ্ঞান শাস্ত্ৰত ফুকনৰ তিমান বিজ্ঞতা নাছিল। ন্যায় অলঙ্কাৰ মনবিজ্ঞান প্ৰভৃতি শাস্ত্ৰৰো সাধাৰণ নিয়ম মাত্ৰ জানিছিল। ব্যৱস্থা শাস্ত্ৰত তেওঁ বৰ পাৰ্গত আছিল। সদৰ আদালতৰ নজিৰ আৰু আইন ও ব্যৱস্থ৷ সংগ্ৰহ পুস্তকৰ দ্বাৰাই তেওঁৰ সেই বিষয়ৰ সংকলন আৰু ব্যাপক শক্তি বিশেষৰূপে জানি।

[ ১৬৫ ]  ফুকনে কোনো প্ৰকাৰে শিল্পবিদ্যা নাজানিছিল, কিন্তু তেওঁৰ শিল্পৰ সৌন্দৰ্য্য জ্ঞান আছিল৷ নগাঁওত কহপুৰ আৰু গুৱাহাটীত কাবুৰ আৰু ৰছকুল নামে দৰজি আছিল। ফুকনে আপোনাৰ দৃষ্টি দি সেই কেইজনৰ হতুৱাই কাৰচুৰিৰ আৰু আন কাম কৰোৱাইছিল। তাৰ দ্বাৰাই ফুকনৰো কাপোৰ প্ৰস্তুত হৈছিল আৰু সেই সকলৰো ব্যৱসায়ত উন্নত শিক্ষা হৈছিল। এই পৰ্য্যন্ত ফুকনৰ অসমীয়া বন্ধা পাগুৰী লোকৰ আদৰণীয়।

 গীতবাদ্য বিষয়ে তেওঁ অপটু আছিল। এই বিষয় কোনো শিক্ষা তেওঁ পোৱা নাই আৰু পাবলৈ যত্ন নকৰিছিল৷ গীত আৰু বাদ্যৰ মধুৰতা তেওঁ বুজিবলৈ পাৰিছিল। তেওঁ অলপ সময় পালেই গুণ গুণ কৰে কোনো অসমীয়া গীত বা সংস্কৃত শ্লোক গাইছিল। আৰু কেতিয়াবা সুহুৰীৰেও সেইৰূপ গীত গাইছিল। তেওঁ আমাৰ অসমীয়া মানুহৰ দৰে পদ পুথি পঢ়িবলৈ ভাল নাপাইছিল। কিন্তু আনে পঢ়িলে তাক শুনিছিল। সাধু কথা শুনিবলৈ তেওঁৰ শ্ৰদ্ধা আছিল। ফুকনে কেতিয়াও অসমীয়া নাম ধৰা নাই। তেওঁ শয়নৰ সময়ত সুস্বৰ শুনিবলৈ ভাল পাইছিল, সেইকাৰণে কম্বুকণ্ঠক বেহেলা শিকিবলৈ দিলে। তেওঁ বেহেলা কিছু শিক্ষা কৰিলত প্ৰতিদিনে ফুকনৰ শয়নৰ সময়ত বেহেলা বজাই শুনাইছিল। তাত তেওঁ বৰ তৃপ্তি পাইছিল।

 তাচ, চৌপট, সতৰঞ্জী কি আন কোনো বিধ খেল ফুকনে নাজানিছিল। প্ৰথমবাৰ তেওঁ কলিকতালৈ যোৱাৰ পূৰ্ব্বে যি জানিছিল আৰু খেলাইছিল তাৰ পাচে আৰু তালৈ মন দিয়া নাই। লোকেৰে আলাপ কৰাই তেওঁৰ প্ৰধান আমোদ, তেওঁ কেতিয়াও কোনো অশ্লীল ভাষা নকৈছিল আৰু অশ্লীল বিষয় আলোচনা নকৰিছিল। যুবা বয়সত কোনো কোনো লোকে সেইৰূপ কথা কৈ ভাল পায়। কিন্তু তেওঁৰ সেইটো অভ্যাস নাছিল। আদিৰসঘটিত সচৰাচৰ ব্যবহৃত উপমা কথা আৰু [ ১৬৬ ] ভাব আছে সেইবিলাক তেওঁ নাজানিছিল বা জানিলেও ব্যৱহাৰ নকৰিছিল।

 কোনো লোকৰ নিন্দা বা ব্যাখ্যা কৰা তেওঁৰ অভ্যাস নাছিল আৰু তেনে কথা বৰকৈ ঘৃণা কৰিছিল। তেওঁৰ ক্ৰোধ উগ্ৰ নাছিল। এদিন তেওঁৰ বহুমূল্য কাপোৰ এখান ধোবাই অসাৱধান কৰি নষ্ট কৰাত তেওঁ তাক লাঠীৰে মুৰতে মাৰ এটা মাৰিলে। ধোবাৰ মূৰৰপৰা ৰক্তপাত হল। ইয়াৰ পাচত তেওঁ বৰ ঘৃণা কৰিছিল। বিজনীৰ দেৱান থকাতে তেওঁৰ যি ন্যায্য প্ৰাপ্তি তাত বিনে আন তেওঁ গ্ৰহণ নকৰিছিল। অসমীয়া লোকৰ এটা নিয়ম আছে, কোনো ভাল মানুহ বা বিষয়াৰ ঘৰলৈ গলে হাতত কোনো ইখান সিখান বস্তু ভেটি লৈ যায়। ইয়াক তেওঁ লবলৈ নীচেই ভাল নাপাইছিল। তেওঁ সদাই সকলোকে সেইৰূপ কাৰ্য্য নকৰিবলৈ কৈছিল। ঘৈণীসকলকো তেনে বস্তু গ্ৰহণ নকৰিবলৈ সদাই দৃঢ়ৰূপে কৈছিল। মিত্ৰ কুটুম্ব সকলৰপৰাও সেইৰূপ দ্ৰব্য গ্ৰহণ ভাল নাপাইছিল।

 ফুকনে কাকো হিংসা নকৰিছিল। আৰু তেওঁৰ যে কোনো শত্ৰু আছিল এইটো এই পৰ্যন্তে জনা যোৱা নাই৷ বিষয় কাৰ্য্যানুৰোধত যাক দণ্ড কৰিছিল সিও তেওঁৰ প্ৰতি সন্তুষ্ট আছিল। আন কি তেওঁৰ মৃত্যুৰ দিনা তেওঁ ফাটেকত দিয়া কয়দীসকলেও আপোন পৰিবাৰ মৰাৰ দৰে শোক আৰু বিলাপ কৰিছিল।

 পৰৰ উপকাৰ কৰা তেওঁৰ এটি প্ৰধান ব্ৰত আছিল। প্ৰায় সৰুৰেপৰা গুণাভিৰামক পালন কৰি কলিকতাত নিজ ব্যয়ে পঢ়ুৱাই বিবাহ দিয়ালে। ধৰ্ম্মদত্ত আৰু কম্বুকণ্ঠকো সেইৰূপে পালন কৰি পঢ়ুৱাই বিবাহ দিয়ালে। দুৰ্গাচন্দ্ৰ আৰু ব্ৰজহুন্দৰীকো প্ৰতিপালন কৰি শিক্ষা দিয়ালে। আৰু তেওঁবিলাকৰ সম্পত্তিৰ তত্ত্বাৱধাৰণ কৰি উপকাৰ কৰিলে। তেওঁৰ আশ্ৰিতসকলৰ কথাকে [ ১৬৭ ] নকও দেশৰ আন লোককো কাজ কৰ্ম্ম দি সাহায্য কৰিছিল। দুখিত দৰিদ্ৰসকলক আৰু তেওঁৰ মিত্ৰ-কুটুম্বসকলক সদায় যাক যেতিয়া যি লাগিছিল তাক দি সাহায্য কৰিছিল। নগাঁওত তেওঁ যি কেইবৎসৰ আছিল তাৰ প্ৰতি বৎসৰে তেওঁৰ কোনো না কোনো আশ্ৰিতৰ এটি বিবাহ হৈছিল। দেশীয় লোকসকলৰ উন্নতিৰ নিমিত্তে তেওঁৰ ইমান যত্ন আছিল যে তেওঁ যেন সেইসকলক হাতত ধৰি তুলিব। তেওঁ সদাই স্কুলবিলাকলৈ গৈ পৰীক্ষা কৰিছিল আৰু ছাত্ৰসকলক অনেক উৎসাহ বাক্য কৈছিল। দেশীয় যুৱকসকলক নানা প্ৰকাৰে উৎসাহ বাক্যৰে উন্নতিৰ বাট দেখুৱাইছিল। অনেকে তেওঁৰ শিক্ষাৰপৰা লেখিবলৈ শিক্ষা কৰিলে। গবৰ্ণমেণ্টৰ কাৰ্য্যকাৰকসকলক তেওঁ সদাই অসম দেশৰ উন্নতিৰ বিষয়ে সুযোগ পালেই জনাইছিল। যিকোনো লোকে তেওঁলৈ চিঠি লেখিছিল সেইসকললৈ সময় পালে উৎসাহজনক কথা লেখিছিল, কোনো লোকৰ পীড়া হলে তেওঁ তাৰ চিকিৎসাৰ বিষয়ে বৰ যত্ন কৰিছিল। দৰিদ্ৰ হলে তাক নিজৰ ব্যয়েৰে চিকিৎসা কৰাইছিল। গৰমূৰৰ ঘাইজনা অধিকাৰ আৰু ৰঞ্জয় ফুকনৰ অচিকিৎস্য ব্যাধি হোৱাত তেওঁ ডাক্তৰ চাহাবৰ দ্বাৰাই অস্ত্ৰ চিকিৎসা কৰোৱাই ভাল কৰালে। আমাৰ মানুহে ডাক্তৰৰ চিকিৎসা কৰিবলৈ ভয় কৰে। তেওঁৰ উৎসাহত আৰু যত্নতে তেওঁবিলাকে উৎসাহিত হৈ ডাক্তৰৰ চিকিৎসা গ্ৰহণ কৰি ৰোগৰপৰা মুক্ত হল।

 ফুকনৰ অতিশয় উদাৰ ভাব আছিল। অসমীয়া লোক সকলক তেওঁ বৰ প্ৰীতি কৰিছিল। বঙ্গালীসকলকো তেওঁ অপ্ৰীতি নকৰিছিল। বঙ্গালীবিলাক যে বিজাতীয় আৰু বিদ্বেষৰ পাত্ৰ এইটে৷ তেওঁ কেতিয়াও মনত নানিছিল; বাঙ্গালীৰ যেনে, অসমীয়াৰে৷ তেনে কুচৰিত্ৰবান লোককহে বেয়া পাইছিল। হিন্দু [ ১৬৮ ] মুচলমান, খ্ৰীষ্টীয়ান সকলোকে তেওঁ সমানৰূপে দেখিছিল; ধৰ্ম্ম বিশ্বাসৰ কাৰণে কাৰো প্ৰতি তেওঁ বিৰক্ত নহৈছিল। বৰঞ্চ যেইয়ে যি ধৰ্ম্ম বিশ্বাস কৰে সেইয়ে সেই ধৰ্ম্ম অনুসাৰে কাৰ্য্য কৰিলে তেওঁ বৰ ভাল পাইছিল। তেওঁ ভণ্ডামি বৰ ঘৃণা কৰিছিল। কলিকতাত থাকোতে তেওঁৰ কোনো এজন বন্ধুৱে লুকাই লুকাই মদ খোৱা দেখি তেওঁ আশ্চৰ্য্য আৰু চমৎকৃত হৈছিল। তেওঁৰ চৰিত্ৰ সাধু আৰু নিৰ্ম্মল আছিল। তেওঁ ব্যভিচাৰক বৰ ঘৃণা কৰিছিল। কলিকতাত তেওঁৰ কোনো এজন বন্ধুৱে ব্যভিচাৰত পাপ নাই এই কথা কোৱাত তেওঁ বৰ দুখিত আৰু আশ্চৰ্য্য হৈছিল। তেওঁক প্ৰশংসা কৰিলে তেওঁ বৰ লজ্জিত হৈছিল আৰু তেওঁ কাৰো নিন্দা ব্যাখ্যা নকৰিছিল।

 তেওঁৰ প্ৰশস্ত মনত অনেক আদি ভাব উৎপত্তি হৈছিল। সদৰ আদালতৰ নিষ্পত্তি আৰু ব্যৱস্থা সংগ্ৰহ বিষয়ে তেওঁৰ মনত যি ভাব সেইটো প্ৰথম ভাব, পূৰ্ব্বে কাৰো তেনে ভাব আছিল ইয়াক আমি জানিব পৰা নাই। অশ্লীলতা তেওঁ বৰ ঘৃণা কৰিছিল। বৈশাখৰ বিহুত নগাঁওৰ স্থানে স্থানে অশ্লীল নৃত্য গীত হৈছিল সেইসকলক তেওঁ নিবাৰণ কৰালে আৰু সেইৰূপ কাৰ্য্য যে অনিষ্টজনক তাক তেওঁ সকলোকে বুজাই দিছিল।

 বিচাৰ কাৰ্য্যত তেওঁ বৰ নিপুণ আছিল, তেওঁ হাস্যমুখে সকলোৰেপৰা সুধি-পুচি বিৰোধৰ মূল তথ্য উলিয়াবলৈ ভালকৈ জানিছিল আৰু পক্ষপাতশূন্যৰূপে আজ্ঞা প্ৰচাৰ কৰিছিল। বিচাৰ কাৰ্য্যত তেওঁ কাৰো কথা নুশুনিছিল। তেওঁ বিচাৰ কৰোতে হাঁহি হাঁহি লোকক সুধিছিল আৰু কেতিয়াও কাকো কোনো ভয় কি আন প্ৰবৃত্তি জন্মাই সোধা নাছিল। কোনোৱে খাটনি কৰিলে তেওঁৰ বিবেচনাৰ ওপৰত কৰ্ত্তত্ব কৰিব নোৱাৰিছিল। [ ১৬৯ ] তেওঁ নিজে নথী চাই আৰু বুজি কাৰ্য্য কৰাত আন লোকৰ সাহায্য তেওঁৰ আৱশ্যক নাছিল। কোনো এটি মোকৰ্দ্দমাত নগাঁওত তেওঁৰ এজন কুটুম্বকে তেওঁ কয়েদৰ আজ্ঞা দিছিল। তেওঁৰ শাস্তি প্ৰায় বৰ কঠিন নাছিল। নজনা বুলি লোকসকলক ‘ক্ষমা কৰি লঘু শাস্তি' দিছিল। তেওঁৰ এইটো মত আছিল যে, যি শাস্তিলৈ ভয় কৰে সি অলপ শাস্তিৰেই সংশোধিত হব আৰু যাৰ নাই তাক অধিক শাস্তি কৰিলেও উপকাৰ নহয়।

 বিদ্যা শিক্ষাৰ প্ৰতি ফুকনে বৰ উৎসাহ দিছিল। স্কুল সংস্থাপনৰ বিষয়ে বৰ উদ্যোগ কৰিছিল। তেতিয়া নগাঁওত ইংৰাজী স্কুল নাছিল সেই কাৰণে তেওঁৰ নিজৰ ঘৰতে এটি ইংৰাজী স্কুল পতাইছিল। তাতে এজন শিক্ষকে প্ৰতিদিনে পুৱা গধূলা ছাত্ৰসকলক শিক্ষা দিছিল। গুণাভিৰাম কলিকতাৰ পৰা অহাত ফুকনৰ উৎসাহতে জ্ঞান-প্ৰদায়িণী নামে এটি সাপ্তাহিক সমাজ পাতিছিল। সপ্তাহে সপ্তাহে দেশীয় কিছুমান ভদ্ৰলোক গৈ নানাবিধ আলোচনা কৰিছিল। স্ত্ৰী শিক্ষাৰ প্ৰতি তেওঁৰ বৰ শ্ৰদ্ধা আছিল, নিজৰ পত্নীক নিজেই শিক্ষা দিছিল আৰু নিজৰ কন্য৷ পদ্মাৱতীক পঞ্চম বৰ্ষত বিদ্যাৰম্ভ কৰিছিল। স্ত্ৰী পুৰুষ উভয়ে মনুষ্য, এতেকে স্ত্ৰীবিলাক অশিক্ষিতা থাকিলে পুৰুষ অৰ্দ্ধাঙ্গী ৰোগাক্ৰান্তৰ দৰে থাকে এইটি তেওঁৰ মত। স্ত্ৰী-স্বাধীনতাৰে৷ তেওঁ পক্ষপাতী আছিল। উপযুক্ত শিক্ষিতা হলে স্ত্ৰীক স্বাধীনতা দিয়া বেয়া নহয় এইটো তেওঁৰ বিশ্বাস আছিল।

 তেওঁ দান-দক্ষিণা কৰিছিল হয় কিন্তু অপৰিমিত ব্যয়ী নাছিল। তেওঁ ধৰ্ম্ম কাৰ্য্য, গুৰুদান, সন্তানৰ বিদ্যা শিক্ষা, পৰিবাৰৰ ভৰণ-পোষণ ইত্যাদি বেলেগ বেলেগ তহবীল কৰিছিল। সেই সেই মূল ধনৰপৰা সেই সেই কাৰ্য্য কৰিছিল। তেওঁ মৃত্যুৰ সময়ত তেওঁৰ পৰিবাৰৰ নিমিত্তে ৮,৫০০ টকাৰ কোম্পানিৰ [ ১৭০ ] প্ৰমিচৰী লোট মাত্ৰ থব পাৰিলে। ইয়াৰো কিছু পৰিমাণ মাত্ৰ তেওঁৰ নিজৰ উপাৰ্জ্জন। প্ৰায় প্ৰতি মাহে তেওঁৰ যাৰে সৈতে কাৰবাৰ তাৰ হিচাপ পৰিষ্কাৰ কৰিছিল। কাৰো কোনো হিচাপ পৰিষ্কাৰ নকৰাকৈ নথৈছিল। আৰু প্ৰতিমাহে সকলোকে যি যি দিব লগীয়া তাক দিছিল। অলপ মাত্ৰ বাকী থাকিছিল।

 ফুকনৰ পিতৃ-মাতৃৰ প্ৰতি বৰ ভক্তি আছিল। ঘাইজনা ঢেকিয়াল ফুকনৰ কথা ওলালে তেওঁ গদ্গদচিত্তে শুনিছিল৷ মাতা আৰু বিমাতাৰ প্ৰতিও তেওঁৰ বৰ ভক্তি। তেওঁ বিলাকৰ সুখ স্বচ্ছন্দতাৰ প্ৰতি সদাই দৃষ্টি কৰিছিল। মৃত্যুৰ কিছুদিন পূৰ্ব্বে তেওঁ এদিন মাতৃৰ কোলাত বহিছিল আৰু কৈছিল বোলে “প্ৰকৃতিৰ আশ্চৰ্য্য পৰিবৰ্ত্তন”। তেওঁৰ সন্তানক স্নেহ কৰিছিল কিন্তু আনৰ দৰে তেওঁৰ পুত্ৰ-কন্যাক কোলাত লৈ আদৰ নকৰিছিল। অথবা বৰকৈ লেঙ্গেৰালেঙ্গেৰি নকৰিছিল।” তেওঁৰ পত্নীক বৰ প্ৰীতি আৰু স্নেহ কৰিছিল, সময়ে সময়ে তেওঁবিলাকৰ মাজত সামান্য বিবাদ হৈছিল। কিন্তু সি নিতান্ত অলপকাল স্থায়ী। গৃহকৰ্ম্ম বিষয়ে তেওঁৰ পত্নীৰ আৰু কোনো বিষয়ে তেওঁৰ মাতৃৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। তেওঁবিলাকৰ মতে সৈতে তেওৰ মত অমিল হলে, তেওবিলাকক ভালকৈ বুজাইছিল। তেওঁ তামোল, ধপাত, কানি ভাং, মদ কি আন কোনে৷ ৰাগি বস্তু নাখাইছিল। প্ৰত্যহ আহাৰান্ত চাহ খাইছিল। মাজত কিছুদিন অতি শ্ৰমৰ কাৰণে শৰীৰ দুৰ্ব্বল হোৱাত অতি অলপ পৰিমাণে ৰামেশ্বৰ মোদক খাইছিল। এই মোদক খোৱাৰপৰা দুবাৰ কিছু কষ্ট পাইছিল। সেই কাৰণে শেষলৈ তাকো ব্যৱহাৰ কৰিবলৈ এৰিলে। আহাৰ কৰি এলাচী প্ৰভৃতি মচলা মাত্ৰ তেওঁ খাইছিল।

 ফুকনে উদাৰভাৱে বৈদিক ধৰ্ম্ম বিশ্বাস কৰিছিল, মৃত্যুৰ কিছুমান পূৰ্বেব ব্লাণ্ড পাদ্ৰী চাহাব নগাঁওলৈ আহে। তেওঁৰ [ ১৭১ ] সৈতে আলাপ কৰি তেওঁৰ সেই মত আৰু দৃঢ় হল। তেওঁ লেখিছিল যে প্ৰাচীন ৰীতি পৰিত্যাগ কৰা আৰু খ্ৰীষ্টীয়ান ধৰ্ম্মৰ প্ৰতি মন মেলা অনাৱশ্যক। ৰোগ শয্যাত পৰি থাকোতেও তেওঁ কৈছিল বোলে লোকে তেওঁক খীষ্টীয়ান বুলিব পাৰে, কিন্তু তেওঁ খ্ৰীষ্টীয়ান নহয়। তেওঁ ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰে। অনেক সময়ত কোনো কোনো বিশেষ ঘটনাত তেওঁ ঈশ্বৰ আৰু মৃত্যুৰ নৈকট্য আৰু ধৰ্ম্ম চিন্তাৰ প্ৰতি প্ৰতিজ্ঞা দৃঢ়কৈ কৰিছিল। তেওঁ “ঈশ্বৰৰ ইচ্ছাত” এই কথা সদাই কৈছিল; অনেক ঘটনাৰ পাচত তেওঁ ঈশ্বৰৰ প্ৰতি আত্মসমৰ্পণ কৰিছিল। তেওঁৰ সময় জ্ঞান অতি উৎকৃষ্ট আছিল। যেতিয়া যি কৰিব লাগে তাক সদাই কৰিছিল। তেওঁৰ জীৱনৰ প্ৰাত্যহিক ঘটনাবিলাক এটি দৈনিক বহীত লেখিছিল আৰু সেইবিলাক সময়ে সময়ে চাই তেওঁৰ উন্নতি অৱনতি জানিছিল। তেওঁৰ দৈনিক বহীত এইকেইটি প্ৰাতঃ-স্মৰণীয় বিষয় লিখিত আছে।

 ১৷ পৰিমিতাচাৰি হোৱা, তোমাৰ জিহ্বাক দমন কৰা, বহু জীয়াই থাকিবা।

 ২। পুৱা-গধূলি শাৰীৰিক শ্ৰম কৰিবা।

 ৩৷ যি কাৰ্য্য তুমি কৰিব খোজা তাক পলম নকৰিবা। পঢ়া কৰ্ম্ম কৰা, লেখা, চিঠি লেখা ইত্যাদি।

 ৪৷ কিমান শীঘ্ৰে তোমাৰ সময় যাব লাগিছে তাক স্মৰণ কৰা। তাৰ সদ্ব্যবহাৰ কৰা, অকাৰণ সময় নষ্ট নকৰিবা।

 ১৷ সুবিধা নহলে আৰু সংসাৰত সুখে থাকিব পৰা নহলে ধৰ্ম্ম জীৱন আৰম্ভ কৰিবলৈ পলম কৰা বলিয়ালি মাত্ৰ। আমাৰ এইৰূপে দিন যায় কিজানি অলপ কেইদিনমান মাত্ৰ বাকী আছে।

 ২। কৰ্ম্মৰ বাহুল্যতাই ঈশ্বৰ সেৱাৰ প্ৰতি হস্তক্ষেপ কৰিব নিদিবা। আন সকলো কথাক ঈশ্বৰোপাসনায় ঘটুৱাব দিয়া। [ ১৭২ ] এই জীৱনত তুমি কিহলৈ চিন্তা কৰা? তোমাৰ সকলো কাৰ্য্যৰ ওপৰত পদাঘাত কৰা।

 ৩৷ ধৰ্ম্ম আৰু পৰোপকাৰৰ প্ৰতি উৎসাহ যেন প্ৰতিদিনে আৰম্ভ হয়, ইয়াক স্মৰণ কৰিবা। দিনৌ পুৱা স্থিৰ কৰিবা সময় গত প্ৰায় হলে আপীলৰ দৰখাস্ত যেনেৰূপ সেইৰূপ যেন তোমাৰ কথাৰ আৰু কাৰ্য্যৰ উৎসাহ তোমাৰ ওপৰত পৰা কৰ্ত্তব্য যেন ভাবিবা।

 ৪৷ এই কেই সময়ত ঈশ্বৰোপাসনা কৰিবলৈ নাপাহৰিবা। প্ৰথম পুৱ৷ যেতিয়া উঠা, দ্বিতীয় স্নানৰ পাছত, তৃতীয় গধূলি, চতুৰ্থ শয্যালৈ যোৱাৰ পূৰ্ব্বে, পঞ্চম তোমাৰ শয্যাত, ষষ্ঠ প্ৰতিবাৰে যেতিয়া তুমি ইয়াক পঢ়া।

 ৫৷ যেতিয়া তোমাৰ চাৰিওফালে মানুহ জহনীত পৰে তেতিয়া তোমাৰ মন কেনে থাকে তাক স্মৰণ কৰিবা।

 ৬। খ্ৰীষ্টীয়ান, মুচলমান আৰু হিন্দুৰ উপাসনাৰ নিৰ্দ্দিষ্ট সময়লৈ মনত কৰিবা। একাদশী উপবাস কৰিবা।

 ৭৷ পাৰা যদি গণি কোৱা কিমান দিন তুমি জীবা! কি জানি এক সপ্তাহ কি এদিন। এই কাৰণে মৃত্যুৰ নিমিত্তে প্ৰস্তুত হোৱা।

 যিজনে জ্যোতিৰ্ম্ময় সূৰ্য্যৰ অন্তৰাত্মা আৰু আমাৰ বুদ্ধি বৃত্তিক পৰিচালন কৰিছে সেইজনক আমি চিন্তা কৰো।

 আনন্দৰাম ফুকনৰ এই প্ৰাতঃস্মৰণীয় বিষয়কেইটি চাই তেওঁলৈ প্ৰীতি আৰু শ্ৰদ্ধা নহব? ঈশ্বৰ উপাসনা বিষয়ে আৰু কৰ্ত্তব্য কাৰ্য্য বিষয়ে তেওঁ যি চিন্তা সেইটো তেওঁৰ জীৱনত প্ৰতিপালিত হৈছিল। নিৰ্দিষ্ট সন্ধ্যা বিনেও প্ৰতিদিন আহাৰান্তে তেওঁ তেওঁৰ ইষ্ট দেৱতাক চিন্তা কৰিছিল। তেওঁ সদাই তেওঁৰ কৰ্ত্তব্য কাৰ্য্য সম্পাদন কৰিছিল। তাক পলম কৰিবলৈ নিচেই ইচ্ছা নকৰছিল। এই কাৰণেই তেওঁৰ মৃত্যুৰ পাচত তেওঁৰ [ ১৭৩ ] সংসাৰত বিশৃঙ্খল হল। আনন্দৰাম ফুকনৰ উন্নত বুদ্ধি, নিৰ্ম্মল চৰিত্ৰ আৰু সাধু আৰু সাধাৰণৰ হিতকৰ কাৰ্য্যৰ নিমিত্তে সকলোৱে তেওঁক প্ৰীতি আৰু ভক্তি কৰিছিল; আৰু এতিয়াও তেওঁৰ নাম জনসমাজত আদৰণীয় আৰু তেওঁৰ চৰিত্ৰ আৰু কাৰ্য্য অনুকৰণীয় হৈ আছে। ঈশ্বৰৰ ইচ্ছানুসাৰে তেওঁ এই অনিত্য সংসাৰ পৰিত্যাগ কৰি অমৃত আৰু নিত্য-ধামলৈ গমন কৰিলেও নিজৰ কীৰ্ত্তিৰ নিমিত্তে এই সংসাৰতো তেওঁ জীৱিত থাকিব।
[ ১৭৪ ]
 

পৰিশিষ্ট

 আনন্দৰাম ফুকনৰ মৃত্যুৰ পাচত তেওঁৰ পৰিবাৰবিলাক এক বৎসৰ নগাঁওত থাকে। ইয়াৰ মাজতে গুণাভিৰাম চব-এচিষ্টেণ্ট কমিচনৰ নিযুক্ত হৈ ১৮৫৯ চনৰ অক্টোবৰত তেজপুৰলৈ যায়। তাৰপৰা ১৮৬০ চনৰ জানুৱাৰীত গোৱালপাৰালৈ বদলি হয়। ফুকননী পুত্ৰ কন্যাদি সকলোকে লৈ ১৮৬০ চনৰ বৰ্ষাত গুৱাহাটীলৈ যায়। তাত পূৰ্ব্বৰ ঘৰ জীৰ্ণ হৈ যোৱাত আৰু নতুন গৃহ প্ৰস্তুত নোহোৱাত থাকিবলৈ অসুবিধা পাই ১৮৬১ চনত গোৱালপাৰালৈ গল। ইফালে ধৰ্ম্মদত্তই ঘৰ সজাবলৈ ধৰিলে। গোৱালপাৰাত সকলোৰে নৰিয়া হৈ কষ্ট ভোগ কৰে। তাৰপৰা সেই চনৰ অক্টোবৰত ঘূৰি গুৱাহাটীলৈ আহে। তাৰ পাচমাহত আনন্দৰাম ফুকনৰ মৃত্যু হয়। ১৮৬২ চনৰ ডিচেম্বৰত শূলপাণি ভড়ালি বৰুৱাৰ ঘৰৰ শশধৰ ফুকনৰ পুতেক নন্দীশ্বৰে সৈতে পদ্মাৱতীৰ বিবাহ হয়। ইয়াৰ কেইমাহমানৰ পাচত ১৮৬৩ চনৰ বৰ্ষাত চন্দ্ৰপ্ৰভাৰ মৃত্যু হয়৷ ৰাধিকা আৰু অন্নদা গুৱাহাটীত থাকি তাৰ ইংৰাজী স্কুলত পঢ়ে। ১৮৬৪ চনৰ আদিতে ফুকননী গঙ্গা স্নান কৰিবলৈ মুৰচিদাবাদলৈ যায়। ৰাধিকা, অন্নদা আৰু পদ্মাৱতী গুণাভিৰামৰ লগত বৰপেটাত থাকে। তাৰপৰা গোৱালপাৰালৈ গুণাভিৰামৰ আকৌ যাবলগীয়া হোৱাত তালৈ যায়। ৰাধিক৷ আৰু অন্নদা গুৱাহাটীলৈ গৈ স্কুলত পঢ়িবলৈ ধৰে।১৮৬৬ চনৰ আদিতে গুণাভিৰাম নগাঁৱলৈ বদলি হৈ আহে৷ তাৰ পাচতে ৰাধিকা বাপাৰ উপনয়ন সংস্কাৰ হয়। [ ১৭৫ ] আৰু বলৰাম ফুকনে যজ্ঞোপবীত দান কৰে। ইয়াৰ পূৰ্ব্বে নগাঁৱৰ ঘৰ আৰু মাটি চিঙ্গেৰ চাহাবৰ তাত বিক্ৰয় কৰা হয়। গুণাভিৰামৰ পত্নী ব্ৰজসুন্দৰীৰ কেইবাটাও মৃত সন্তান জন্মে। ১৮৬৭ চনৰ জুলাই মাহত তেওঁ ধুবুৰীলৈ বদলি হোৱাত ব্ৰজ- সুন্দৰীক নগাঁৱত থৈ যায়। ব্ৰজসুন্দৰীয়ে মৃত সন্তান জন্মাই নগাঁৱত সেই মাহতে পৰলোকলৈ গমন কৰে। পদ্মাৱতীক বিবাহ কৰাই নন্দীশ্বৰ কলিকতালৈ যায়। তাৰপৰা ১৮৬৬ চনৰ আদিতে দেশলৈ আহে। ১৮৬৭ চনৰ বৰ্ষাত পদ্মাৱতীক শান্তি বিবাহ কৰাই নন্দীশ্বৰে তেওঁৰ কৰ্ম্মস্থান তেজপুৰলৈ যায়।

 ১৮৬৭ চনৰ ডিচেম্বৰত মাহিন্দ্ৰী দেব্যা ফুকননীয়ে মানৱলীলা সম্বৰণ কৰে। লৰা দুটি অনাথ হৈ ঘৰতে থাকে। আৰু অনেক বহুমূল্য অলঙ্কাৰাদি সেই অৱসৰতে অপহৃত হয়। ১৮৬৮ চনৰ আদিতে সস্ত্ৰীক নন্দীশ্বৰ ফুকন গুৱাহাটীলৈ আহি লৰাহতঁৰ তত্ত্বাবধাৰণ কৰি থাকে। মাহিন্দ্ৰী ফুকননীৰ বুদ্ধি তীক্ষ্ণ আছিল। তেওঁ গৃহকাৰ্য্য ভালকৈ চলাব পাৰিছিল। তেওঁ বৰ দয়ালু আছিল। তেওঁৰ সময়ত তেওঁ এই দেশৰ অগ্ৰগণ্যা শিক্ষিতা ভদ্ৰ ভদ্ৰাঙ্গনা আছিল। ১৮৬৯ চনৰ জানুৱাৰীত যেতিয়া বৰ ভূমিকম্প হৈছিল তাৰ কিছুদিনমান পাছতে অন্নদাৰামৰ উপনয়ন হয় আৰু ৰাধিকামোহন ৰামে যজ্ঞোপবীত দিয়ে। ১৮৭০ চনৰ প্ৰবেশিকা পৰীক্ষাত ৰাধিকা দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হৈ ১৮৭১ চনৰ আদিতে কলিকতালৈ যায়। তাত ১৮৭২ চনৰ ফাষ্ট আৰ্টচ্ পৰীক্ষাত তেওঁ অকৃতকাৰ্য্য হৈ দেশলৈ ঘূৰি আহে। কিন্তু ঘূৰি আকৌ কলিকতালৈ গৈ তাৰপৰা ১৮৭৩ চনৰ ১৭ জুনৰ দিনা ব্যবস্থা শাস্ত্ৰাদি শিক্ষা কৰিবলৈ ইংলণ্ডলৈ গমন কৰে।

 বলৰাম ফুকনে ১৭৮২ শকৰ ফাগুনত জামুগুৰীৰ জখলাবন্ধা গোস্বামীৰ কন্যা বিবাহ কৰায়। ১৭৮৩ শকৰ কাৰ্ত্তিকত তেওঁৰ [ ১৭৬ ] প্ৰথম পত্নীৰ প্ৰথম পুত্ৰ জীৱনৰাম জন্মে। তেওঁৰ পত্নীৰ এইকেইটি সন্তান——জীবনৰাম, নবীনৰাম, বিপিনৰাম, তৰুণৰাম, মনমোহিনী, যজ্ঞসেনী আৰু গিৰিজায়া। দ্বিতীয় পত্নীৰ এটিমাত্ৰ কন্যা পদ্মৰেখা। মনমোহিনীৰ দুৰ্গাচন্দ্ৰেৰে সৈতে বিবাহ হয় আৰু তেওঁবিলাকৰ অভয় নামে এটি পুত্ৰ আছে। যজ্ঞসেনীক, ৰমানাথ কটকীয়ে বিবাহ কৰে। তেওঁ বিলাকৰ এটি কন্যা হৈছে। জীবনৰাম আৰু নবীনৰামে কম্বুকণ্ঠৰ জ্যেষ্ঠা আৰু কনিষ্ঠা কন্যা বিবাহ কৰে। বলৰাম ফুকনৰ প্ৰথম পুত্ৰ তিনিটিয়ে ইস্কুলত পঢ়ে৷ পদ্মৰেখাক কামেশ্বৰ বৰুৱাৰ এজন পুত্ৰই বিবাহ কৰাইছে। বলৰাম ফুকনে ঘাত পাম চলাই আৰু হাতীৰ আৰু আন কাৰবাৰ কৰি স্বাধীনৰূপে আছে।

 শম্ভুৰাম বৰুৱাৰ পুত্ৰ পৃথুৰাম বৰুৱাৰ কালীৰাম, কাশীৰাম, আৰু ৰঘুৰাম নামে পুত্ৰ আছে। জেষ্ঠ কালীৰামৰ কামৰূপৰ শিক্ষা বিভাগত আৰু মধ্যম কাশীৰামৰ ৰাজস্ব বিভাগত কৰ্ম্ম আছে। সীতাৰাম বৰুৱাৰ কন্যা নৰেশ্বৰীৰ বিধৱা পৌত্ৰী আছে আৰু অভিৰাম বৰুৱাৰ দৌহিত্ৰ সন্তান গোৱালপাৰা জিলাত আছে।

 গুণাভিৰাম ধুবুৰীৰপৰা গুৱালপাৰালৈ, ১৮৬৯ চনৰ এপ্ৰেলত বদলি হৈ আছে। আনন্দৰাম ফুকনৰ বন্ধু পৰশুৰাম বৰুৱাই লম্বোদৰ কটকীৰ মধ্যমা কন্যা বিষ্ণুপ্ৰিয়াক ১৮৫৩ চনত বিবাহ কৰে। ১৮৬৩ চনত কালীপ্ৰিয়া আৰু দময়ন্তী নামে দুটি কন্যা থৈ পৰশুৰামৰ মৃত্যু হয়। এই দেশত বিধবা বিবাহ অপ্ৰচলনৰ পৰা যি অনিষ্ট ঘটিছে এইটি তেওঁ পাঠ্যাৱস্থাৰপৰা ভালকৈ জানি গুণাভিৰামৰ বিধবা বিবাহৰ প্ৰতি মন আছিল। যেতিয়া তেওঁ কলিকতাত থাকে তেতিয়াই তেওঁৰ মন ব্ৰাহ্মধৰ্ম্মৰ প্ৰতি ভালকৈ গৈছিল, প্ৰকাশ্যে তাক গ্ৰহণ কৰা নাছিল। ১৮৬৯ চনৰ ধূবুৰীত তেওঁ সেই ধৰ্ম্ম প্ৰকাশ্যে ললে। ১৮৭০ চনৰ [ ১৭৭ ] এপ্ৰেল মাহত পৰশুৰাম বৰুৱাৰ বিধৱা বিষ্ণুপ্ৰিয়াদেৱীক তেওঁ বিবাহ কৰায়। ১৮৭১ চনত তেওঁ নগাঁৱলৈ বদলি হৈ আহি এতিয়ালৈকে ইয়াতে আছে। এই বিবাহৰ পাচত ১৮৭১ চনৰ ফেব্ৰুৱাৰীত স্বৰ্ণলতা নামে তেওঁৰ এটি কন্যা, ১৮৭৪ চনৰ ২ জুনত কৰুণাভিৰাম নামে এটি পুত্ৰ আৰু ১৮৭৮ চনৰ ১৪ মাৰ্চ্চত কমলাভিৰাম নামে এটি পুত্ৰ জন্মে। ১৮৭২ চনত সত্যাভিৰাম নামে তেওঁৰ যি এটি পুত্ৰ জন্মে সেইটি ১৮৭৩ চনৰ মাৰ্চ্চত নগাঁৱতে মৃত্যু হয়। স্বৰ্ণলতা এতিয়া কলিকতাৰ বেথুন কলেজত থাকি শিক্ষা কৰিব লাগিছে৷ গুণাভিৰামৰ এই বিবাহ ১৮৭২ চনৰ ৩ আইন মতে সেই চনৰ ডিচেম্বৰত ৰেজিষ্টৰি হয়। ১৮৮০ চনৰ ১৯ আগষ্টত গুণাভিৰামৰ জ্ঞানদাভিৰাম নামে পুত্ৰ জন্মে।

 আনন্দৰাম ফুকনৰ বিমাতা ১৮৬৬ চনত মৃত্যু হয়। তেওঁৰ ভগিনী তুলসীদেবী তেওঁৰ স্বামী জখলাবন্ধা সত্ৰৰ অধিকাৰী ৰঘুদেৱ গোস্বামীয়ে সৈতে আছে। এওঁবিলাকৰ এতিয়া চন্দ্ৰহাস, ঘনহাস, গুণহাস নামে তিনটি পুত্ৰ আৰু সাবিত্ৰী, সুভদ্ৰা আৰু হৰিপ্ৰিয়া নামে তিনটি কন্যা আছে। সাবিত্ৰী আৰু সুভদ্ৰাৰ বিবাহ হৈছে। এওঁ বিলাকৰ পুত্ৰ পদ্মহাস আৰু তাৰাহাস মৃত্যু হৈছে। চন্দ্ৰহাসে বিবাহ কৰাইছে। জগচ্চন্দ্ৰ নামে এটি পুত্ৰ হৈছে।

 পদ্মাৱতীৰ চাৰিপুত্ৰ আৰু দুটি কন্যা জন্মিছে। তাৰে নবকুমাৰ, চন্দ্ৰকুমাৰ আৰু শৰৎকুমাৰ নামে পুত্ৰ মৃত্যু হৈছে। প্ৰসন্ন কুমাৰ নামে পুত্ৰ আৰু হেমাঙ্গিনী আৰু সৰোজিনী নামে দুটি কন্যা আছে। নন্দীশ্বৰ ফুকনে এতিয়া নগাঁৱৰ ৰাজস্ব বিভাগৰ চুপেৰিণ্টেণ্ডেণ্ট কৰ্ম্ম কৰি সপৰিবাৰে নগাঁৱত আছে।

 অন্নদাৰাম ১৮৭১ চনৰ চেপ্টেম্বৰ মাহত ককিকতালৈ যায়, তাৰ পৰা ১৮৭৪ চনত আহে। তেওঁ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ নহল। তাৰপৰা আহি ১৮৭৫ চনৰ আগষ্টত পূৰ্ণানন্দ বৰুৱাৰ জ্যেষ্ঠা কন্যা গোলাপী বা গোলোকেশ্বৰীক বিবাহ কৰে। ১৮৭৮ [ ১৭৮ ] চনত তেওঁবিলাকৰ এটি পুত্ৰ জন্মে, সেই পুত্ৰৰ নাম শ্ৰীমান দেবেন্দ্ৰৰাম ৰাধিকাৰাম এতিয়ালৈকে ইংলণ্ডৰপৰা অহা নাই। আশা কৰা গৈছে শীঘ্ৰে স্বদেশলৈ নিৰ্বিঘ্নে আৰু কৃতকাৰ্য্য হৈ আহিব। অন্নদাৰামে চাহৰ কৃষি আৰু ৰাণিজ্য আৰু আন সাধাৰণ বাণিজ্য ব্যৱসায় কৰি স্বাধীনৰূপে আছে।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )