পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
আনন্দৰাম ঢেকিয়াল
 


চাহাবে ফুকনক সৰুৰেপৰা জানে। ফুকনৰ বংশৰ পৰিচয় আৰু পিতৃ আৰু খুৰাৰ কাৰ্য্য, ফুকনৰ শিক্ষা সময়ৰ চৰিত্ৰ আৰু উন্নতি আৰু স্বভাৱৰ কথা আৰু খাতা পৰগনাৰ জিম্মাদাৰ আৰু নলবাৰীৰ একটীন মুনচেফ থকাত তেওঁ যেনেৰূপে কাৰ্য্য কৰিলে তাৰ কথাও সেই ৰিপৰ্টত কমিটীয়ে বাহুল্যৰূপে লিখি ফুকন যে সেই পদ পাবৰ সৰ্ব্ব প্ৰকাৰ যোগ্য ইয়াক লিখা হল। কমিচনৰ চাহাবে এই ৰিপৰ্ট পাই বৰ সন্তোষিত হল।

 বৈদিক নিয়ম মতে অনেক সংস্কাৰ কাৰ্য্য মানুহৰ কৰা উচিত। ফুকনৰ পত্নী অন্তৰাপত্য হোৱাত তেওঁ আষাঢ়ত পুংসবন আৰু সীমন্তোন্নয়ন সংস্কাৰ কৰিলে।

 ব্ৰিটিচ গবৰ্নমেণ্টে এই দেশ গ্ৰহণৰ পাচত সকলো পৰগণা আৰু মৌজা প্ৰথমে এজন ডেপুটী কালেক্টৰে পিয়ল কৰিছিল৷ তাৰ পাচে চৰ্ব্বে অফিচৰ দ্বাৰাই পুনৰায় বৈজ্ঞানিক মতে পিয়ল হৈ সীমা নিৰ্দ্দিষ্ট হৈছিল। সেই সময়ত গোৱালপাৰা জিলাত বেডফোৰ্ড চবএচিষ্টেন্ট চাহাবে পিয়ল কৰিছিল আৰু তেওঁক ডাইবৰ চবএচিষ্টেণ্ট চাহাবে সাহায্য কৰিছিল। বেডফোৰ্ড চাহাব এখান মহকুমাৰ কাৰ্য্যকাৰক আছিল। এই সময়তে লক্ষ্মীপুৰ আৰু শিৱসাগৰ জিলাৰ বেচ চাহাব আৰু ব্ৰাড চাহাব সীমান্তপাতি খামতী আৰু নগাৰ ফালে যাবলগীয়া হল। বেডফোৰ্ড চাহাব পিয়লৰ কাৰ্য্যত আবদ্ধ থকাত এজন চব এচিষ্টেণ্টৰ প্ৰয়োজন হল। সেই কাৰণে বেডফোৰ্ড চাহাব পিয়লৰ কাৰ্য্যত আৱদ্ধ থকা কালত কাম কৰিবলৈ এজন বিচাৰক আৱশ্যক হোৱাত জেনকিনচ্ কমিচনৰ চাহাবে ১৮৭৯ চনৰ ১৬ জুলাইত ১৫৫ নং চিঠিৰ দ্বাৰাই আনন্দৰাম ফুকনক চব এচিষ্টেণ্ট মনোনীত কৰি গবৰ্ণমেণ্টলৈ চিঠি লিখে। সেই চিঠিৰ লগতে পৰীক্ষক কমিটীৰ ৰিপৰ্টৰো এখান নকল পঠোৱা হয়। কমিচনৰ চাহাবে ফুকনৰ