পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৫১
 


“তেওঁ তেওঁৰ দেশৰ ভাললৈ যিমান শক্তি তিমান কৰিলে আৰু তেওঁ কাৰে৷ হানি কৰা নাই। বোধহয় মানুহবিলাকে তেওঁক খ্ৰীষ্টীয়ান বুলি বিশ্বাস কৰে কিন্তু তেওঁ বিশ্বাস কৰে যে তেওঁ খ্ৰীষ্টীয়ান নহয়, তেওঁ ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰে। ৰোগ শয্যাত থাকোঁতে তেওঁ সদাই সময়ে সময়ে গম্ভীৰস্বৰে পৰমেশ্বৰৰ নাম লৈছিল। এবাৰ ডাক্তৰে তেওক এটা দৰব খুৱাব খোজাত ফুকনে চিয়ঁৰি খঙ্গেৰে হিন্দুস্থানীৰে কলে “মই এচিষ্টেণ্ট তই নেটিভ ডাক্তৰ, তই মেজিষ্ট্ৰেটক মাৰিব খোজ, পুলিচ দাৰোগাক মাত, কলৈ গল গোপাল সিং দাৰোগা?” তেওঁ ঘনেপতি ইয়াকে গুণাভিৰামক কৈছিল “গুণাভি, মই যি কওঁ তাক টুকি ৰাখিবা।” কিন্তু তেওঁ সেই কথা সন্নিপাতত কৈছে বুলি ভাবি তাক টুকি নাৰাখিলে। ডাক্তৰৰ হাতত দৰব নথকাত ফাটকৰ পৰা দৰব আনিব লগা হল। ডাক্তৰে ফুকনক এৰি যাব নোৱাৰে, হডক দেৰেচি আৰু গুণাভিৰামক ডাক্তৰে ফাটকৰপৰা ঔষধ আনিবলৈ পঠালে। ফুকনে তেওঁক কলে দেখা “তোমাৰ নিমিত্তে মই যি কৰিলোঁ৷ এতিয়া তুমি এই শেষ কৰ্ত্তব্য কৰা।” এবাৰ তেওঁৰ পত্নীয়ে ওচৰতে বহি “আমাৰ কি কৰিলা” বুলি কোৱাত তেওঁৰ হাতখন ফুকনৰ বুকুলৈ নি পাচে “কি কৰিম” বুলি পেলাই দিলে। ইয়াৰ পূৰ্ব্বে তেওঁবিলাকক বঙ্গলা কথাৰে সময়ে সময়ে তেওঁৰ শৰীৰৰ অৱস্থাৰ কথা কৈছিল আৰু শোক নকৰিবলৈ কৈছিল। তেওঁ সময়ে সময়ে কৈছিল “আমি অজ্ঞান”। তেওঁৰ ছাটিফুটি ইমান টান হল যে তেওঁ নিজেই ডাক্তৰক পিচ্কাৰী দিবলৈ কলে। ডাক্তৰে “লিকৰ লাইটী” নামে এটা ‘“ব্লিষ্টৰ” ফুকনৰ ডিঙ্গিত দিলে। তাতো একো নহল। তাৰ পাচে জোঁক লগালে। জোঁকে বহু তেজ খালে। তেওঁ একো নহল। তেওঁৰ ক্ষুদ্ৰ শৌচৰ পীড়া যেন হোৱাত বহিল। শৌচ নহল। তাৰ পাচে ডাক্তৰে “মাৰ্ফিয়া” নামে এক ঔষধ খুৱালে।