ৰামদত্ত নামে পৰিচাৰক ব্ৰাহ্মণক ফুকনে বিছনালৈ যাবৰ পূৰ্ব্বে
ঔষধ প্ৰস্তুত কৰি জগাবলৈ কলে। ৰামদত্তই ঔষধ প্ৰস্তুত কৰি
ফুকনক মাতিলে, উত্তৰ নাপালে। তাৰ কিছুমান পৰত আকৌ
জগালে, উত্তৰ নাপালে। পাচে গাত হাত দিয়াত তেওঁ জানিলে যে
হিমাঙ্গ হৈছে আৰু নিশ্বাস-প্ৰশ্বাস নাই। বিষম ভাবি সকলোকে
সম্বাদ দিয়াত হলিৰাম প্ৰাণত্যাগ কৰা নিশ্চয় জনা গল। এই
সম্বাদ পাই আৰু আন অনেক লোক তালৈ গল। তেওঁৰ
শৱ উমানন্দৰ মন্দিৰৰ পূবফালে অল্প নামনিত সংস্কাৰ কৰা
হল। মৃত্যুঞ্জয় পূজা শেষ নহল। উমানন্দৰপৰা তেওঁৰ পৰিবাৰ
সকল গুৱাহাটীৰ ঘৰলৈ আহিল। ঢেকিয়াল ফুকনৰ আদ্য
শ্ৰাদ্ধ যথানিয়মে মহা সমাৰোহেৰে কৰা হল। শুক্ৰেশ্বৰ দেৱালয়ত
ব্ৰাহ্মণসকলক দক্ষিণা দিয়া হৈছিল। হলিৰাম ফুকন এজনা এই
দেশৰ বৰ প্ৰধান মানুহ আছিল। তেওঁ সংস্কৃত আৰু বঙ্গলা
ভাষাত বৰ পণ্ডিত আছিল। মাতৃভাষাৰ দৰে অনৰ্গল তেওঁ
সংস্কৃত ভাষা কব পাৰিছিল। দান শক্তি এওঁৰ বৰ আছিল
আৰু অনেক কাৰ্য্যও কৰিছিল। কামাখ্যাৰ মন্দিৰৰ ওপৰত যি
কলসী এতিয়াও আছে সেই কলসী তেওঁ দিয়া। উমানন্দ,
হয়গ্ৰীৱ-মাধৱ, উগ্ৰতাৰা প্ৰভৃতি দেৱালয় আৰু আন আন ঠাইত
অনেক বস্তু দিছিল। এওঁ তান্ত্ৰিক আৰু তন্ত্ৰশাস্ত্ৰত বৰ পাৰ্গত
আছিল। এওঁৰ দেৱতা-ব্ৰাহ্মণলৈ বৰ ভক্তি আছিল। এওঁ
সদাই পূজা, হোম, শান্তি, স্বস্ত্যয়ন কৰিছিল। বাসন্তী পূজা,
সিদ্ধ গণেশ পূজা, অন্নপূৰ্ণা পূজা প্ৰভৃতি পূজা বৰ সমাৰোহেৰে
তেওঁ কৰাইছিল। পাৰ্য্যমানে তেওঁ লোকৰ উপকাৰ কৰিছিল।
কোনে৷ লোকক সীমাৰ অতীত কাৰ্য্য কৰা দেখিলে তেওঁৰ অসহ্য
হৈছিল। অতি হীন হৈ কাকো তেওঁ নিজেও সম্ভ্ৰম নকৰিছিল।
আৰু আনেও যদি সম্ভ্ৰম কৰে তাকো তেওঁ ভাল নাপাইছিল;
কোনো এজনা আহোম ডাঙ্গৰীয়া এদিন তেওঁক সাক্ষাৎ কৰিবলৈ
পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/২৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
২৩