তাৰ কাৰণ এই যে তেওঁৰ পুত্ৰও কলিকতালৈ গৈছিল আৰু
তেওঁ তাৰপৰ৷ নাহিল। পাচে পুত্ৰ-শোক দ্বিগুণ হয় এই ভাবি
তেওঁ খাতলৈ গল। ফুকনে তেওঁৰ মধ্যম পিতামহী আৰু বলবাম
ফুকনে সৈতে সাক্ষাৎ কৰি তেওঁক লৈ ঘৰলৈ আহিল। ঘৰলৈ
উঠোতে ফুকনে শান্তিপুৰীয়া কলকিনাৰী ধুতি, মিৰ্জাই চোলা,
গাত এখান চাল আৰু ভৰিত মোজা আৰু জোত৷ পিন্ধিছিল।
ঘৰত অলপমান জল খাই বাহিৰৰ মণ্ডপলৈ গল।
ইফালে মানুহবিলাকে নাওৰ বস্তু কঢ়িয়াই আনিবলৈ ধৰিলে। অনেক লোক তেওঁক সাক্ষাৎ কৰিবলৈ আহিল। কোনো পূৰ্ব্ব বা উৎসবৰ দৰে হল। গুৱাহাটী নগৰ, বিশেষকৈ ভৰলুমুখত হুলস্থূল লাগিল। দুৰ্গাৰাম ফুকনৰ মৃত্যুৰ বাবে যদিও অনেক লোক দুখিত আছিল তথাপি আনন্দৰাম ফুকন যে ঘুৰি আহিল এই নিমিত্তে সকলোৰে আনন্দ হল। যিবিলাক বস্তু ভিতৰলৈ নিব লাগে তাক ভিতৰলৈ নিয়া হল আৰু যাক বাহিৰৰ মণ্ডপত থব লাগে তাক তাত থোৱা হল। ফুকনে তেওঁক চাবলৈ অহা লোকসকলে সৈতে কথা-বাৰ্ত্ত৷ হৈছিল আৰু সেই বস্তুবিলাক কত কেনেকৈ থব লাগে তাৰো দিহা দিছিল। মেথী চাহাব তেতিয়া গুৱাহাটীত নাছিল, উজনীলৈ গৈছিল। তাৰ পাচদিনা তেওঁ বলৰাম ফুকনক লগত লৈ জেনকিনচ্ চাহাবক সাক্ষাৎ কৰিবলৈ গল। তেওঁ পেণ্টলুন চাপকন্ আৰু টুপী পিন্ধি চাহাবক সাক্ষাৎ কৰিলে। আন লোকে যেনেকৈ জোতা বাহিৰত থৈ চাহাবৰ ঘৰৰ ভিতৰ সোমায় তেওঁ তেনে কৰা নাছিল। চাহাবে তেওঁক বহুৱাই বৰ অভ্যৰ্থনা কৰিলে আৰু বহুদিনৰ মূৰত দেখি বৰ সন্তোষ পালে। ফুকন ঘৰলৈ আহিল।
ফুকনে সেই মণ্ডপৰ তিনিটা খোটালি কৰিলে। সমুখৰ খোটালিত ঢলা বিছনা আৰু তাৰ ওপৰত এখন তুলি আৰু বৰ গাৰু থলে। দেশীয় লোকে সৈতে ইয়াত সাক্ষাৎ কৰিছিল। আৰু এখোটালিত তেওঁৰ লগত অহা কিতাপ