কৰ্ম্ম কৰিলে। ২ বজাত তেওঁ “ফিনিকচ” নামে সংবাদপত্ৰ
আৰু “গ্ৰেহামচ ডমেষ্টিক মেডিচিন” নামে পুস্তক পঢ়িলে।
গুণাভিৰামক পঢ়ি শুনাবলৈ তেওঁ কৈছিল। কিন্তু গুণাভিৰামৰ
বৰ মূৰৰ বিষ হোৱাত তেওঁ পঢ়িবলৈ নোৱাৰিলে। পাছে
কম্বুকণ্ঠই কিছুমান পঢ়ি শুনালে। ভাটীবেলীয়া ২॥ বজাত
তেওঁৰ আকৌ জ্বৰ হল। তাৰ অলপ পাছে বৰ ঘাম হল।
কিন্তু তেওঁৰ ছাটিফুটি টান হল। ডাক্তৰে আকৌ ভেদৰ ঔষধ
দিলে। ৫ বজাত বঙ্গালী কালীচৰণ বিশ্বাস কানুনগো তেওঁক
চাবলৈ আহিল। ফুকনে তেওঁৰ আগত দুআষাৰমান বঙ্গলা ভাষাৰে
কথা কলে! চাকি লগোৱাৰ পাচত কানুনগো ঘৰলৈ গল।
তাৰ পাছে ফুকনে আৰু অসমীয়া কথা নকলে। তেওঁ ইয়াৰ
পাছে যি কৈছিল তাৰ কিছু বঙ্গলা আৰু কিছু সংস্কৃত | তেওঁৰ
মাতা আৰু পত্নীৰ আগতো সেইৰূপেই কৰা হৈছিল। ৰাত্ৰি
৯ বজাত নৰিয়া বৰ টান হল। ডাক্তৰে অলপ অলপ ঘন ঘনকৈ
ঔষধ খুৱাবলৈ ধৰিলে। যিমানবাৰ ঔষধ খুৱাইছিল তিমানবাৰ
ফুকনক চাগু বা আৰাৰুট খুৱাইছিল। তাৰ পাছে তেওঁৰ ঘোৰ
সন্নিপাত হল। এবাৰ তেওঁ ডাক্তৰক কৈছিল “ডাক্তৰ বাবু,
মোক তুমি ভাল কৰা, তুমি দেখিবা, মই তোমাক কি কৰোঁ।”
এবাৰ মূৰ্চ্ছাৰ পাছত গুণাভিৰামৰ আগত ইংৰাজীৰে তেওঁ কলে
“বোধহয় মই যমপুৰিলৈ গৈছিলোঁ, কিন্তু এতিয়া মই জানিছোঁ
তাৰপৰা মই আহিলোঁ। যদি নেটিভ ডাক্তৰে মোক ভাল
কৰিব পাৰে এইটো বৰ আশ্চৰ্য্য চিকিৎসা হব আৰু মানুহে
বিবেচনা কৰিব কোন আশ্চৰ্য্যৰূপে এই ডাক্তৰে মোক ভাল
কৰিলে।” এবাৰ তেওঁ গুণাভিৰামক সৰুকৈ কলে বোলে তেওঁৰ
“পৰিবাৰ আৰু সন্তানসকলৰ সাৱধান লবাঁ, লৰা ছোৱালীবিলাকক
শিক্ষা দিবা আৰু কেতিয়াও দেশীয় ঔষধ নাখাবাঁ।” এইবিলাক
তেওঁ বঙ্গলা সাধুভাষাত কৈছিল। ইংৰাজীত তেওঁ কলে বোলে
পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৫৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
আনন্দৰাম ঢেকিয়াল