নাই সেইদেখি ফুকনে সেই অভিধান এখান কৰিবলৈ আৰম্ভ
কৰিলে। বটলৰ চাহাবে তাৰ বিষয়ে নানা ঠাইলৈ গ্ৰাহক
সংগ্ৰহৰ নিমিত্তে কাকত পঠোৱাত ৯৩ জন গ্ৰাহক সংগৃহীত
হল। ফুকনে ভাবিছিল যে ১৫০ জন গ্ৰাহক হলে অভিধান
ছাপা কৰিবলৈ আৰম্ভ কৰিব।
লম্বোদৰ বৰুৱা তেওঁৰ দুটি কন্যাৰে সৈতে ফুকনৰ আশ্ৰয়তে আছিল, তাৰে ৰামেশ্বৰী নামে বৰ ছোৱালীটি পুৰণিগুদামৰ গোপাল অধ্যাপকৰ ভতিজাক ৰামেশ্বৰত ফুকনে বিয়া দিলে। ইয়াৰ পাছৰ আষাঢ় মহীয়া ফুকনৰ প্ৰথম পুত্ৰৰ জাতকৰ্ম্ম, নামকৰণ অন্নপ্ৰাশন সংস্কাৰ সম্পাদন কৰা হল।
ব্যাপ্ত মন কেতিয়াও সঙ্কুচিত নহয়। সেই সময়ত অসমীয়া ভাষাৰ বিষয়ে বৰ আন্দোলন হৈছিল। ফুকনেও সেই আন্দোলনত যোগ দিছিল। ইংৰাজী ভাষাত তেওঁ “অসমীয়া ভাষা আৰু অসম দেশৰ দেশীয় ভাষা শিক্ষা” এই বিষয়ে এখানি পুস্তক ৰচনা কৰি ৪০ টকা দি ১০০ খান শিৱসাগৰৰ ব্যাপ্তিষ্ট মিচন যন্ত্ৰত ছাপা কৰি বিনামূল্যে দেশৰ প্ৰধান লোকসকলক দিলে। তাৰে এক খণ্ড বঙ্গলা গবৰ্ণমেণ্টলৈ প্ৰেৰণ কৰা হৈছিল৷ সেই পুস্তকত অসমীয়া আৰু বঙ্গলা ভাষাৰ বিভিন্নতা দেখুউৱা হৈছে। আৰু অসমীয়া ভাষাত যে স্বাধীনৰূপে সাহিত্য নাটক, অঙ্ক, বৈদ্যশাস্ত্ৰ, ইতিহাস ইত্যাদি সৰ্ব্বপ্ৰকাৰ গ্ৰন্থ আছে এই বিষয় প্ৰদৰ্শিত হৈছে। এই দেশত কানি বা আফিঙ্গৰ দ্বাৰাই যে অনিষ্ট ঘটিছে তাক ফুকনে জানিছিল। আফিঙ্গৰ বিষয়ে এটি প্ৰবন্ধ ফুকনৰ লিখিবৰ ইচ্ছা আছিল। কিন্তু বটলৰ চাহাব আসামৰপৰা যাবলৈ হোৱাত সেই প্ৰবন্ধ ৰচনা কৰা নহল, কিন্তু আন উপায়েৰে তেওঁ সেই বিষয় আলোচনা কৰি কৰ্ত্তৃপক্ষক জ্ঞাত কৰিছিল।
এই সময়তে মঙ্গলদৈৰ হডচন চাহাব গুৱাহাটীলৈ বদলি হল আৰু লেম্বচাহাব নগাঁওলৈ আহিব লগীয়া হল। মঙ্গলদৈলৈ