পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অষ্টম অধ্যায়

 আনন্দৰাম ঢেকিয়াল ফুকনৰ বৰ্ণ বগা কিন্তু ইউৰোপীয় সকলৰ দৰে শ্বেত নহয়। তেওঁ দীঘলে ৫ ফুট ৬ ইঞ্চি বা ৩॥ হাত আছিল। তেওঁৰ কপাল উন্নত আৰু বহল নাসিকা দীৰ্ঘ আৰু উন্নত। তেওঁৰ ডিঙ্গি কিঞ্চিৎ দীঘল। তলৰ ওঠ ওপৰৰ ওঠতকৈ কিঞ্চিৎ ডাঙ্গৰ আছিল আৰু তাৰ বৰ্ণ ৰঙ্গা। তেওঁৰ বুকু বহল আৰু কঁকাল নিয়মিতৰূপে সৰু। তেওঁৰ আঙ্গুলি আৰু নখবিলাক তেনে শুৱনী নহলেও কুদৃশ্য নাছিল। তেওঁৰ শৰীৰ কৃষ বা স্থূল নাছিল। তেওঁৰ মুখ দীৰ্ঘাকৃতি আছিল। অবয়ব অনুসাৰে মানিছিল। তেওঁৰ বুকুত ৰোমাৱলী আছিল। তেওঁৰ দাঁতবিলাক অতি বগা আৰু সেৰেঙ্গা আছিল৷ তেওঁৰ ওজন ১৮৫৯ চনৰ ফ্ৰেব্ৰুৱাৰি মাহত এক মোন ওঠৰ সেৰ আছিল৷ তেওঁ গোঁফ ৰাখিছিল কিন্তু সম্পূৰ্ণ কৈ পাক লবলৈ নাপালে। দাঢ়ি এদিন অন্তৰে এদিন নিজে ক্ষুৰাইছিল। তেওঁৰ ভৰিত দীলৰেখা আছিল। তেওঁৰ হাতৰ আয়ুদণ্ড সম্পূৰ্ণ আছিল। তেওঁৰ গোটেই মূৰতে চুলি আছিল। ডিঙ্গিত পৰাকৈ ৰাখি কটা হৈছিল। সেই চুলিৰ আগ কেকোঁৰা আছিল। তেওঁৰ ঘোঁৰাত উঠা অভ্যাস আছিল। কিন্তু গছত উঠা, কুস্তি কৰা, সাঁতৰা অভ্যাস নাছিল। বন্দুক মাৰিবলৈকো নাজানিছিল। এদিন বলৰাম ফুকনে তেওঁক সৰু এটি পিস্তল মাৰিবলৈ দিয়াত তেওঁ যত্ন কৰিও ভালকৈ মাৰিব নোৱাৰিলে। তাতে সৰুজনা