সূতা, তাঁত ইত্যাদিৰ কাৰ্য্য শিক্ষা কৰিছিল। তেতিয়াৰ
দিনত ছোৱালীয়ে লেখা-পঢ়া আৰু বেজীৰ কাম শিক্ষা কৰিব
লাগে যে এনেভাব লোকসকলৰ নাছিল। পূজা সেৱা ইত্যাদিৰ
কাৰবাৰ কৰা আৰু ৰন্ধনশালাৰ কাৰ্য্য কৰা আৰু মিষ্টান্নাদি
প্ৰস্তুত কৰা কাৰ্য্য মাহিন্দ্ৰীক তেওঁৰ মাতৃয়ে পাৰিছিল মানে
শিক্ষা দিছিল। তেওঁবিলাকৰ ঘৰলৈ অনেক দেশীয় কি
বিদেশীয় ভদ্ৰলোক পৰ্ব্ব উপলক্ষে বা এনেই সদায় আহিছিল।
সেইসকলক যথাযোগ্যৰূপে পিতৃ-মাতৃৰ আদেশেৰে শুশ্ৰুষা কৰি-
ছিল। তেওঁৰ স্বভাৱ বৰ ভাল আৰু বুদ্ধি অতি তীক্ষ্ণ আছিল।
আৰু যিহকে শিক্ষা দিয়া হয় তাকে শিক্ষা কৰিছিল। তেওঁৰ
সজ স্বভাৱৰ নিমিত্তে সকলোৱে তেওঁক ভাল পাইছিল।
মাহিন্দ্ৰী ক্ৰমে ডাঙ্গৰ হলত পিতৃ-মাতৃয়ে তেওঁৰ বিবাহৰ নিমিত্তে
চিন্তিত হল। অনেকে তেওঁক বিবাহ কৰাবলৈ প্ৰস্তাৱ কৰি-
ছিল৷ কাকো ৰাজগুৰু ফুকনে দিম বোলা নাছিল। আনন্দ-
ৰাম ফুকন কলিকতাত থাকোতেই কোনো কোনোৱে তেওঁৰ
সহিত বিবাহ স্থিৰ কৰিবলৈ দিছিল, কিন্তু একো স্থিৰ নহল।
পৰশুৰাম বৰুৱাৰ নিমিত্তেও তেওঁৰ প্ৰস্তাৱ কৰা হৈছিল।
কিন্তু কোনো পাত্ৰ তেওঁ স্থিৰ কৰা নাছিল। মাহিন্দ্ৰী ৰূপৱতী
আৰু গুৱতীও আছিল। এতেকে সেইৰূপ এটি বৰ পাবলৈ তেওঁৰ
বৰ ইচ্ছা আছিল আৰু সেই নিমিত্তে অনুসন্ধানো কৰিছিল।
ফুকনৰ ঘৰৰ প্ৰতি কোনো কোনো লোকৰ এনে ভাৱ আছিল যে তেওঁবিলাকে ইংৰাজৰ দৰে ব্যৱহাৰ কৰে, এই কাৰণে তেওঁবিলাক জাতি সম্পৰ্কে হীনতা পাইছে৷ সাধাৰণতকৈ উচ্চ ভাবে ইংৰাজ কি মুচলমানে সৈতে ব্যৱহাৰ কৰিলে জাতি বিষয়ে হীনতা আনুমান হয়। এওঁবিলাকে ইংৰাজ লোকে সৈতে সমকক্ষৰূপে ব্যৱহাৰ কৰিছিল আৰু কেতবিলাক দোষশূন্য বিদেশীয় আচাৰ আৰু বিদেশীয় বস্তু ব্যৱহাৰ প্ৰথমেই কৰে। যদিচ দেশৰ