পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
আনন্দৰাম ঢেকিয়াল
 


 বটলৰ চাহাব অহাত হড্চন চাহাব নগাঁৰপৰা গল। বটলৰ চাহাবে আকৗ চাৰ্য্য ললে। আমেৰিকাৰ ইউনাইটেড ইষ্টেটচ্ প্ৰদেশৰ বষ্টন নগৰত ব্যাপ্তিষ্ট মিচনেৰি খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ এটি সমাজ আছে। এই দেশত খ্ৰীষ্টীয়ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ সেই সমাজৰপৰা পাদ্ৰী প্ৰেৰিত হয়। তেতিয়া নগাঁও, শিৱসাগৰ, গুৱাহাটী প্ৰভৃতি ঠাইত অনেক মিচনেৰি পাদ্ৰী আছিল। সেইসকলে এই দেশত খ্ৰীষ্টীয়ানধৰ্ম্ম প্ৰচাৰ কৰিছিল। নগাঁওত তেতিয়া প্ৰধান ঠাই আছিল। ইয়াত ব্ৰন্চন্ আৰু ইষ্টডাৰ্ড নামে দুজন মিচনেৰি আছিল। আমেৰিকাৰ বষ্টন নগৰৰপৰা ডাক্তৰ পেক নামে মিচনেৰি সমাজৰ চেক্ৰেটৰি চাহাব এই দেশলৈ মিচনৰ কাৰ্য্য চাবলৈ আহিছিল। গুৱাহাটী আৰু উজনীৰপৰা ডানফৰ্থ হোৱাইটিঙ্গ ব্ৰাউন পাদ্ৰী চাহাব ১৮৫৪ চনৰ জানুৱাৰি মাহত নগাওঁলৈ আহি ইয়াত ধৰ্ম্ম প্ৰচাৰ সম্বন্ধে বিশেষ আলোচনা কৰিছিল। ফুকনে সদাই সেই পাদ্ৰীসকলৰ তালৈ গৈ অনেক কথা-বাৰ্ত্তা কৈছিল আৰু পাদ্ৰীসকলো ফুকনৰ ঘৰলৈ আহি অনেক কথাৰ আলোচনা কৰিছিল। পাদ্ৰী চাহাবসকলৰ ধৰ্ম্ম বিষয়ে উৎসাহ দেখি তেওঁ বৰ চমৎকৃত হৈছিল। ফ্ৰেব্ৰুৱাৰী মাহৰ শেষত বলৰাম ফুকন গুৱাহাটীৰপৰ৷ নগাঁওলৈ আহিল। বহুতদিনৰ পাছত ফুকনে এওঁৰে সৈতে কথা-বাৰ্ত্তা কৈ বৰ সন্তোষ পালে।

 এই দেশৰ দিলিহীয়াল ভট্টাচাৰ্য্যৰ ঘৰৰ কেইজনমান ডেকা গুৱাহাটীত আছিল। তেওঁবিলাকক বেঙ্গেনাঅটীয়া খাটনিয়াৰো বুলিছিল৷ সেইবিলাকৰ মাজেৰে বুধদত্ত খাটনিয়াৰৰ পুতেক ধৰ্ম্মদত্ত ফুকনৰ লগত বহুদিনৰ পৰা আছিল। ফুকননী আৰু ফুকন দুইও ধৰ্ম্মদত্তক নিৰাশ্ৰয় দেখি স্নেহ কৰিছিল৷ ধৰ্ম্মদত্তই কাছাৰীত লেখা-পঢ়া কৰিছিল আৰু ঘৰতো বজাৰ-হাট কৰিছিল আৰু আন উপযুক্ত কাম-কাজ কৰিছিল। শিঙ্গীয়া পোতনীৰ