পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
আনান্দৰাম ঢেকিয়াল
 


 অশুভ যোগৰ নিমিত্তে শান্তি লোৱাত বিলম্ব হোৱাত বৰঞ্চ শুভহে হল। কাৰণ ফুকনে বিবাহ কৰালে হয় কিন্তু তেওঁ সভাৰ্য্যে থাকিবলৈ ঘৰ প্ৰস্তুত কৰা নাছিল। এই সুযোগতে তেওঁ উপৰ্যুক্তৰূপে ঘৰ প্ৰস্তুত কৰিলে। অনেক সময়ত আৰু ঠাইত এনে দেখি যেনকৈ বোৱাৰী ঘৰ সোমালে কাৰকৰ ওলোৱা যেন হয়। সকলো কিছুদিনমান বোৱাৰীৰ বাখ্যাতে মগ্ন থাকে। বোৱাৰীৰ সকলো কাৰ্য্যতে দোষ-গুণৰ ব্যাখ্যা হয়। ইয়াৰে পৰা অনেকৰ গৃহসখ ভঙ্গৰ মূল ৰোপিত হয়। ফুকননী ঘৰলৈ অহাত সেইৰূপ কোনো কথা নহল। তেওঁৰ শাহু দুজনাই আৰু খুৰীশাহু আৰু বুৰশাহুসকলৰ এই বোৱাৰী বৰ স্নেহৰ হল। অকাৰণ তেওঁক দোষ ধৰা অপেক্ষা তেওঁ বিলাকে স্নেহ কৰি শিক্ষাহে দিবলৈ ধৰিলে। ঘৰৰ লোক সকলেও সেই কথাকে অনুকৰণ কৰাত ফুকননীৰ কোনো অসুবিধা সহ্য কৰিবলৈ নহল। ফুকনেও তেওঁক বৰ স্নেহ কৰিবলৈ ধৰিলে। অচিৰে তেওঁ সকলোৰে আদৰণীয়া হল।

 আনন্দৰাম কুকনে জানিছিল যে এই দেশত স্ত্ৰীজাতিৰ পিতৃ মাতৃৰ গৃহত লেখা-পঢ়া শিক্ষা নহয়, অথচ লেখা-পঢ়া শিক্ষা নিতান্ত আৱশ্যক, এতেকে নিজে শিক্ষকতা নকৰিলে নহয়। এই ভাবি তেওঁক নিজে লেখা-পঢ়া শিক্ষা দিবলৈ ধৰিলে। ঘৈণী সকলৰ অনেকেই লেখিব আৰু পঢ়িব জানিছিল। তেওঁ বিলাকেও উৎসাহ দিবলৈ আৰম্ভ কৰিলে৷ আনন্দৰাম ফুকনৰ সৰুজনা মাতৃয়ে ৰন্ধন-শালাৰ কাৰ্য্য কৰিছিল। কিছুদিনৰ পাচত বোৱাৰী- জনাক তেওঁৰ সাহায্য-কাৰিণী নিৰ্দ্দিষ্ট কৰি দিয়া হল।.

 এই বৎসৰৰ অগ্ৰহায়ণ মাহত তুলসীদেবীৰ এটী পুত্ৰ জন্মে, এই পুত্ৰৰ নাম চন্দ্ৰহাস। প্ৰসৱ বেদনাত তেওঁ কেইদিনমান বৰ কষ্ট পাইছিল। আনন্দৰাম ফুকনৰ বিবাহ হবৰ পাচৰে পৰা বলৰাম ফুকনৰ বিবাহৰ প্ৰতি সকলোৰে মন হল।