যাওঁতে ঠাইয়ে ঠাইয়ে তৰাং পানীত নাও লাগি গৈছিল। এবাৰ
নাওখানা বালিচটত লাগি বুৰিবলৈ ধৰিছিল। সকলোবিলাক
লোকৰ বিশেষকৈ গোৱালপাৰাৰ পৰা লগত যোৱ৷ দেবাসিংহৰ
যত্নত নাও মৰা নপৰিল। যমুনাৰপৰা হুৰা সাগৰত পৰি চলন
কলন বিলত পৰা যায়৷ তাৰপৰা বৰল নদীৰে গৈ চৰ্দ্দাৰ মোহনা
ওলোৱা গল৷ চলন কলন বিল বৰ প্ৰকাণ্ড; তাৰ উত্তৰ-
পূৰ্ব্বমুখে গলে দীনাজপুৰলৈ যাব পাৰি আৰু উত্তৰ-পশ্চিম মুখে
গলে চৰ্দ্দাৰ মোহনালৈ যাব পাৰি। এই বিলৰ মাজে মাজে
ওখ টাপুবিলাক। তাত গাঁও বজাৰ হাট পকী দালান সকলো
আছে। খৰালি ইটাপুৰ পৰা মিটাপুলৈ খোজ কাঢ়ি যাব পাৰি।
চৰ্দ্দাত এটা নীলৰ আৰু পাটৰ কুঠী আছে! মাটিৰ বহল
চৰুত উঠি জোলোঙ্গাৰে একোটা বাকীৰ উঠি নাওৰ ওচৰলৈ
গৈ ভিক্ষা কৰে। চৰ্দ্দাত পদ্মা নদী। এই নদী বৰ বহল।
ইয়াৰ বৰ টান সোঁত আৰু ইয়াত ডুবাৰ বৰ ভয়। ইপাৰৰপৰা
সিপাৰে যাব লগীয়া হলে লোকে আড়কাটী সৰু ডিঙ্গি লয়।
সেই ডিঙ্গি বিলাকত দুজন মানুহ থাকে আৰু সিহঁতে নাওৰ
আগে আগে গৈ বাট চিনাই দিয়ে। সেইৰূপ এখান এটকাত
কেৰেয়া কৰি লৈ পুৱা নাও মেলি দিয়া হল। ৯ বজাৰ পূৰ্বব
খড়ীয়া নদীত প্ৰবেশ কৰা গল। এই খড়ীয়া পদ্মাৰ এটা সোতা
মাত্ৰ৷ খড়ীয়া ভটীয়াই গৈ গোৱাড়ী কৃষ্ণনগৰ পোৱা হল। তাত
বোজাই নাওৰ বোজাই হিচাপে আৰু চৰণদাৰী নাওৰ দাড় হিচাপে
মাচুল লয়। আৰু তাত কোনো মাচুল যোগ্য বস্তু আছেনে
তাক চোৱা হয়। তাত মাচুল লোৱ৷ হল’ত ফুকন কৃষ্ণনগৰ
চাবলৈ গল৷ এই কৃষ্ণনগৰ নদীয়া জিলাৰ প্ৰধান নগৰ।
পাচদিনা পুৱা নাও মেলি ৯ বজাত গঙ্গানদী পোৱা গল। গঙ্গা বৰ ডাঙ্গৰ নদী নহয়। দুপৰীয়া কাল্না পোৱা গল। কাল্না বৰ্দ্ধমান জিলাৰ অধীন। ইয়াত বৰ্দ্ধমানৰ ৰজাৰ অম্বিকা