পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
আনন্দৰাম ঢেকিয়াল
 


যি সময়ৰ কথা লিখিলোঁ সেই সময়ত অমৃতনাৰায়ণ ভূপ বিজনীৰ ৰজা আছিল। এই অঞ্চলৰ আন আন ৰজা জমীদাৰৰ দৰে বিজনীৰ ৰজাই তেওঁৰ ৰাজত্বৰ কাৰবাৰ দেৱান আৰু আন আন আমোলাৰ দ্বাৰাই কৰাইছিল। হাবড়াঘাট আৰু খুটাঘাট পৰগনাৰ প্ৰজাসকলে সৈতে ক্ৰমে ৰজাৰ অবৰ্গ হল। ৰজাৰ অনেক ঋণ আছিল। বছৰে বছৰে সুত বাঢ়ি ক্ৰমশঃ তাৰ সংখ্যা বৃদ্ধি পাইছিল প্ৰজাবিলাকে সৈতে ভালৰূপে ভূমি বন্দোবস্ত নাছিল। অনেকে নামমাত্ৰ খাজনা দি বিস্তৰ মাটি খাইছিল। অনেকে অল্প সংখ্যক মাটি দান বা আন সূত্ৰে পাই সৰহ মাটি উপভোগ কৰিছিল৷ অনেকৰ ওপৰত অনেক দিনৰ খাজনা বাকী আছিল। ৰজাই মোকৰ্দ্দমা কৰিলে অথবা বন্দোবস্ত কৰিব খুজিলে প্ৰজাই নানা প্ৰকাৰ আপত্তি কৰে৷ উভয় পক্ষৰ মাজত মহা বিৰোধ হল। ৰজা নিৰুপায় হল। প্ৰজাৰ ফালে কেতবিলাক মানুহ হল। সেইসকলে সদাই ৰজাৰ প্ৰস্তাৱ ইত্যাদিত বাধা দিয়ে। প্ৰজাৰ পক্ষৰপৰা যি যি প্ৰস্তাৱ কৰা হয় তাক আকৌ ৰজাই কাণ নকৰে। এনে বিৰোধত গবৰ্ণমেণ্টৰ কৰ্ম্মচাৰীসকলৰো বিৰক্তজনক হল। আনন্দ- ৰাম ফুকনৰ যশ ইতিমধ্যে চাৰিওফালে বিস্তাৰিত হৈছিল। ৰজাৰ পক্ষৰ লোকসকলে আনন্দৰাম ফুকনক দেৱান পাতিবলৈ প্ৰস্তাৱ কৰিলে। ৰজাও তাতে সম্মত হল। প্ৰজা পক্ষৰ লোক সকলও এক প্ৰকাৰ অসন্মত নহল। গোৱালপাৰাৰ কালেক্টৰ আৰু আসামৰ কমিচনৰ জেনকিনচ্ চাহাবেও ফুকনক সেই কৰ্ম্ম পালে সুবিধাজনক বুলি মত দিলে। বিজনীৰ ৰজা ঘৰে সৈতে আগৰ দুৱৰীয়াৰ দিনৰেপৰা জনা শুনা আৰু ৰজাঘৰে ফুকনৰ ঘৰক টকা দিব লগীয়া আছিল। বিশেষ বিজনীৰ ৰজা দেশৰ এজন প্ৰধান লোক আৰু ৰজ৷ প্ৰজা উভয়ৰ বিৰোধ নিবাৰিব পাৰিলে নাম আৰু যশ উভয় আছে। বিজনী ৰজাৰ