পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৪৫
 


সোতা মাত্ৰ। চিৰাজগঞ্জত সদায় ৩৫০০ খানমান নানাদেশীয় নাও থাকে। ৰাতিপুৱা সেই পালোৱাৰ নাওত নাও চলি থাকো- তেই শ্ৰীধৰ বাপুৱে ৰান্ধে। পাচে এপৰমান দিন হলে নাও লগাই সকলোৱে ভোজন কৰি আকৌ নাও মেলি দিয়া হয়। আনন্দ- ৰাম ফুকনে অতি প্ৰত্যুষে উঠি সকলোকে জগাই দিয়ে আৰু নাও লগোৱা হলে মেলিবৰ কাৰণে পলম নকৰিবলৈ বৰ খৰখেদা কৰিছিল। পালোৱাৰৰ নাও লবৰ পাচত কলিকতাৰপৰা চিৰাজ- গঞ্জলৈ অহাত দিনৌ যিমান পথ অহা হৈছিল, তাতকৈ সৰহ হবলৈ ধৰিলে।

 ফুকনে বাটত আহোতে সদায় কিতাপ চাই লেখা-পঢ়া কৰি আহিছিল। তেওঁ পৰশুৰাম বৰুৱা আৰু কাশীচন্দ্ৰৰে সৈতে প্ৰায় সদায় ইংৰাজী ভাষাৰে কথোপকথন কৰিছিল। পৰশু- ৰাম বৰুৱাই পেণ্টলুন চাপকন পিন্ধি এদিন চাহাবলোকে দুয়ো হাত জেপত সুমাই ফুৰাৰ দৰে নাওত টহলিছিল আৰু ইংৰাজৰ সুৰেৰে কথা কৈছিল। এইৰূপ কৰি থাকোতেই নাওৰ পাট পিচলি তেওঁ নাওত পৰিল। এই কথাত সকলোৰে হাঁহিবৰ এটা কুটি হল। সেইদিনৰপৰা তেওঁ তেনেৰূপ কৰি- বলৈ এৰিলে। ব্ৰহ্মপুত্ৰেদি উজাই আহি ধুবুৰী এৰি ৰঙ্গামাটী পোৱা হল।

 ৰঙ্গামাটী এক পুৰণি ঠাই। যেতিয়া সেই অঞ্চল, মুছলমান নবাবৰ অধীন আছিল তেতিয়া এজন প্ৰধান কাৰ্য্যকাৰক তাত আছিল। ৰঙ্গামাটী পৰ্ব্বতৰ দাঁতিত। তাত ৰঙ্গামটীয়া বৰুৱা নামে এঘৰ জমিদাৰ থাকে। এই জমিদাৰৰ সৈতে অতি পূৰ্ব্বৰেপৰ৷ অৰ্থাৎ ব্ৰহ্মচাৰী বাবাৰ দিনৰে ফুকনৰ ঘৰৰ পৰি- চয় আৰু কাৰবাৰ আছিল। তেতিয়াৰ ৰঙ্গামটীয়া বৰুৱাৰ নাম প্ৰতাপচন্দ্ৰ। তেওঁ ইয়াৰ অল্প দিনৰ পূৰ্ব্বে জমিদাৰী পাই- ছিল। বৰুৱাই এওঁবিলাকলৈ অনেক বস্তুৰে সিধা দিলে। ফুকনৰ বৰুৱাৰ সৈতে সাক্ষাৎ কৰিবলৈ ইচ্ছা হল। পাল্কীৰে