সমললৈ যাওক

পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১১
 


বুলিছিল। সীতাৰামে গুৱাহাটীৰ বৰফুকনৰ তলে বৰুৱা বিষয় লৈ থাকিল। ৰণৰামে যোৰহাটত ৰজা বুঢ়াগোঁহাই সকলোৰে সৈতে ভালে থাকিছিল। বিষ্ণুদলৰ লক্ষ্মীনাথ কথাকোৱা বৰুৱা নামে এজনা লোক পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ বৰ খাটনীয়াৰ আছিল। ৰণৰামে বুঢ়াগোঁহাইৰ অনুৰোধত সেই কথাকোৱা বৰুৱাৰ দুহিতা শচীক বিবাহ কৰালে। গোপী নামে এজন মহন্তকলৈ ইয়াৰ পূৰ্ব্বে পাতলীক বিয়া দিয়া হল। কমলেশ্বৰ সিংহ স্বৰ্গদেৱ ১৭৩২ শকত স্বৰ্গী হল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ সিংহাসনত উঠিল। কুকুৰাচোৱা ভূতৰ পুতেক সতৰাম স্বৰ্গদেৱৰ প্ৰধান বল্লভ হৈ চাৰিঙ্গীয়া ফুকন হল। ভূতৰ পুতেকেৰে বুঢ়াগোঁহাইৰে পেটে পেটে এটিভাব হল। মানুহ দুফলীয়া হল। সতৰামে বুঢ়াগোঁহাইক মৰাবলৈ যত্ন কৰিলে। স্বৰ্গদেৱে আৰু ৰাজমাতৃ দেৱতাই কি কৰিব উপায় নাপাইছিল। এই সময়তে পৰশুৰাম বৰুৱা যোৰহাটলৈ গল। দুৱৰীয়াবিলাকক হাতখোৱাও বুলিছিল। দুৱৰীয়া ৰজাৰ বৰচ'ৰাত উঠিব নোৱাৰে। স্থান নিৰ্দ্দিষ্ট নাই। সেই নিমিত্তে পৰশুৰাম বৰুৱাই খাওন্দৰ আৰু ৰণৰামে বেজৰ খেলত নাম লগালে। তেতিয়াৰপৰা তেওঁবিলাক ৰজাৰ চ'ৰাত উঠিব পৰা হল। ভূতৰ পুতেকে বুঢ়াগোঁহাইক নিৰ্যাতন কৰিবলৈ পৰশুৰাম বৰুৱাক বঙ্গালহাটৰ কিছুমান শিখ চিপাহী খুজিলে। লক্ষ্মীনাথ কথাকোৱা বৰুৱাই তেওঁক পৰামৰ্শ দিলে যে “আহোমৰ কথাৰ তলে পুতল, বুঢ়াগোঁহাই পৰাক্ৰমী, তেওঁৰ অহিত চিন্তা কৰা উচিত নহয়।” বুঢ়াগোঁহাই আৰু তেওঁৰ পিতৃৰ পৰাই দুৱৰীয়া ঘৰৰ উন্নতি, এইবিলাক ভাবি চিপাহী অনাই পলমেহে দিব পাৰিম বুলি কোৱাত, সেই কাৰণে আৰু দৰ্শকৰূপে বঙ্গালহাটৰ বাবৰ টকা বাকী থকা ছুতা কৰি ৰজাই পৰশুৰাম বৰুৱাক এদিন হাঁতীশালত বন্দী হৈ থাকিবলৈ আজ্ঞা কৰিলে, কিন্তু বুঢ়াগোঁহাইৰ অনুগ্ৰহত সেই দণ্ডৰপৰা মুক্তি পালে।

 ইয়াৰ পাছতে পৰশুৰাম বৰুৱা গুৱাহাটীলৈ আহিল। ১৭৩৪।-