চিন্দুক ইত্যাদিৰ সঁচাৰ আৰু ভাৰ আছিল। কলিকতাৰপৰা
আহি ফুকনে সেই ভাৰ বহু কমাই দিলে। পূৰ্ব্বৰ দৰে পূজা
সেৱা হবলৈ ধৰিলে আৰু ঘৰো এক প্ৰকাৰ সম্পূৰ্ণ হল৷
ফুকনে অতি অল্প সময়ও এনেই নেখেদাইছিল৷ সদাই নিয়মিত-
ৰূপে লেখা-পঢ়া কৰিছিল। ভাত খাই শুবলৈ গলেও অল্প
কিতাপ পঢ়ি শয়ন কৰিছিল। আহাৰৰ বিষয়ে তেওঁ বৰ
পৰিমিত আছিল। পাছে সৰহ খাব লাগিব এই বুলি তেওঁ
সদাই এটা সৰু বাটীত অন্ন লৈ খাইছিল। তেওঁ কোনো প্ৰকাৰ
মাদক দ্ৰব্য সেবন নকৰিছিল। অধিক কি আহাৰ কৰিও
তামোল নাখাইছিল; তামোল খোৱা বৰ বেয়া পাইছিল।
যদি কোনো লোক তেওঁৰ তালৈ সাক্ষাৎ কৰিবলৈ আহিছিল
তেওঁ লোক বুজি তামোল আৰু ধপাত দিয়াইছিল। নীলাচল
বশিষ্ঠ প্ৰভৃতি দেৱালয়লৈকো তেওঁ গৈ যথাবিধি সেৱা-পূজা
কৰিছিল৷ ফুকনৰ চৰিত্ৰ আৰু ব্যৱহাৰত সকলো লোকে সন্তোষ
পাইছিল। কোনোৱে তেওঁক বিধৰ্ম্মী বোলা নাছিল। ফাকুৱাত
তেওঁ যিৰূপে মজলিচ্ সজালে আৰু কৰিলে অনেকেই সেইৰূপে
কৰিবলৈ ধৰিলে আৰু অনেক অসমীয়া লোকে যেয়ে যি পৰি-
মাণে পাৰিলে সেয়ে সেই পৰিমাণে তেওঁক অনুকৰণ কৰিবলৈ
ধৰিলে৷ ফুকনে ইমান নিয়মিতৰূপে কাৰ্য্য কৰিছিল যে তেওঁৰ
এটা “ডায়েৰী” আছিল তাতে প্ৰতি দিনৰ তেওঁৰ কাৰ্য্যৰ বিবৰণ
সংক্ষেপৰূপে লেখিছিল। এওঁ কোনো প্ৰকাৰ খেল নেখেলিছিল
আৰু সৰুতে যি জানিছিল তাকো পাহৰিলে। কি প্ৰাচীন,
কি যুবা, কি বালক, যেয়ে যেই ব্যৱসায় বা কৰ্ম্মৰ মানুহ হওক
তাৰে সৈতে তেওঁ সমুচিত আলাপ কৰিছিল। তেওঁ তেওঁৰ
ব্যৱহাৰৰ সকলো বস্তু প্ৰণালীমতে উপযুক্ত ঠাইত সজাই থৈছিল।
তেওঁৰ উদ্যোগ লোকৰ অনুকৰণীয় হল।
পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
আনন্দৰাম ঢেকিয়াল