পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
আনন্দৰাম ঢেকিয়াল
 

আয়োজন ও সম্ভ্ৰম ৰাখি ফুৰিবলৈ সমৰ্থ আছিল। এইসকল কাৰণত থাকি তেওঁ বিলাকক সকলোৱে বৰ স্নেহ আৰু মৰ্য্যাদা কৰিছিল।

 টাকশাল, মেডিকেল কলেজ, কিল্লা প্ৰভৃতি যিবিলাক চাবলগীয়া ঠাই তাকো তেওঁবিলাকে চাই চক্ষু আৰু মনৰ চৰিতাৰ্থ কৰিলে। মেথী চাহাবৰ ছাপ্‌ৰাচি উভতি গুৱাহাটীলৈ আহিল। কলিকতা আৰু হুগলীলৈ প্ৰথমে যি যি অসম দেশৰ লৰা পঢ়িবলৈ গৈছিল সেইবিলাক সকলোৱে এওঁ বিলাক যোৱাত বৰ সন্তোষ পালে। সেইসকলৰ কেইজনমানে মেডিকেল কলেজত ডাক্তৰী বা ইউৰোপীয় চিকিৎসা শাস্ত্ৰ পঢ়িবলৈ গৈছিল। কিন্তু তেওঁবিলাকে মৰা মানুহ কাটিব লাগে এই ভয়ত দেশলৈ উভতি আহিল।


 ফুকন দুজনা কিছুদিন কলিকতাত থকাৰ পাচত ৰামচন্দ্ৰ বিশ্বাস বিক্ৰমপুৰলৈ গল। এওঁবিলাক কলিকতাত নিৰ্ব্বিঘ্নে পোৱা আৰু কলেজত প্ৰবেশ কৰা বাৰ্ত্তা পাই ঘৰৰ লোকসকলে আৰু চাহাবসকলে বৰ সন্তোষ পালে৷ এওঁ বিলাকে প্ৰায় সপ্তাহে সপ্তাহে ঘৰলৈ চিঠি লিখিছিল। তেতিয়া ১২ দিনত কলিকতাৰ চিঠি গুৱাহাটী পাইছিল। কলিকতালৈ আমাৰ দেশৰ লোকসকলৰ বৰ ভয় আছিল। প্ৰকৃততে সেই ভয়ৰ কিছুমান কাৰণ আছে। কিয়নো আমাৰ মানুহে তালৈ গৈ বিশেষ স্বাস্থ্যৰক্ষা কৰিব নোৱাৰে। আনন্দৰাম ফুকনৰ লগৰ মিছিৰ ভঁৰালী আৰু সিটো লগুৱা কেইমাহমানৰ পাচতে জ্বৰ আৰু উদৰাময় ৰোগত মৃত্যু হল। এই সংবাদ গুৱাহাটী পোৱা মাত্ৰে ঘৰৰ লোকসকলৰ অধিক চিন্তা হল। কামৰূপৰ বৰপেটাৰ শিলা নামে এখনি গ্ৰাম আছে। তাত অনেক ব্ৰাহ্মণ আছে। তাৰে ৰাধাকান্ত নামে এজন ব্ৰাহ্মণ এই দেশ ব্ৰিটিচ গবৰ্ণমেণ্টৰ অধিকাৰ হবৰ অলপ পাচতে ভটীয়াই যায়। তেওঁ নানা ঠাইত সংস্কৃত ভাষা তন্ত্ৰাদি শাস্ত্ৰ পঢ়ি ন্যায়পঞ্চানন উপাধি প্ৰাপ্ত হয়।