পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
 


আছিল। ব্ৰহ্মচাৰীয়ে ৰজাঘৰত বাৰ্ষিক ১০,০০০ হাজাৰ নাৰায়ণী টকা আৰু ৭০,০০০ টকাৰ নানাদেশীয় দ্ৰব্য দিবলৈ স্বীকাৰ কৰি, সেই চকি লৈছিল। হাদীৰা চকিত হিচাপৰ কাকত-পত্ৰ লেখাৰ বাবে কঢ়ালৰ ঘৰৰ একোজনা ডেকা থাকিছিল। আন আন কাকতীও আছিল। ব্ৰহ্মচাৰী বাবাই দেখিলে যে যি নিয়মে কাৰ্য্য কৰা হয় আৰু হিচাপ ৰখা হয় সেইটো বৰ ভাল প্ৰণালীবদ্ধ নাছিল। সেইদেখি বাঙ্গালী আৰু কামৰূপী মানুহক কাকতী ললে। কামৰূপৰ হৰিপ্ৰসাদ আৰু সতানন্দ আৰু বঙ্গালদেশী কোনো কোনো মানুহক হিচাপৰ কাকত দেখিবলৈ আৰু আন আন কাৰ্য্য কৰিবলৈ নিযুক্ত কৰিলে। উজনীৰপৰা ভাটীলৈ আৰু ভাটীৰপৰা উজনীলৈ বেপাৰৰ যি বস্তু আহে তাক দুৱৰীয়াৰ ঘৰেই নিজেই লৈ নিজে কাৰবাৰ কৰিবলৈ ধৰিলে। অধিক কি প্ৰায় সমুদায় দেশখানৰে বেপাৰ গ্ৰহতীয়া হল। বঙ্গাল্হাট, গুৱালপাৰা, নগৰবেৰা, গুৱাহাটী, দৰঙ্গ আৰু যোৰহাট নগৰত দুৱৰীয়াৰ ঘৰৰ পৰা গোলা দিয়া হল। এইসকলৰ দ্বাৰাই বিস্তৰ লাভ হবলৈ ধৰিলে। চিপাহী-চন্তৰী মানুহ-বনুৱা অনেক হল। বেপাৰৰ বাবে ২৪০ খান নাও আছিল। ব্ৰহ্মচাৰী বাবা বৰ নিৰ্ভয়চিত্ত আছিল। কলীয়াভোমোৰা বৰফুকনক বুঢ়াগোহাই আৰু তেওঁৰ নিজৰ কথা কৈ কিছু অপমানজনক কথা কোৱাত বৰফুকনে তেওঁৰ জগৰ ধৰিছিল। বাবাজীৰ এধাৰ ১০৮ শালগ্ৰাম চক্ৰৰ মালা আছিল আৰু লক্ষ্মীনাৰায়ণ শালগ্ৰাম এখান তেওঁ সদাই পূজা কৰিছিল।

 ১৭২৪ শকত পৰশুৰাম বৰুৱাৰ বৰজনা পত্নীৰ হলিৰাম আৰু ১৭২৭ শকত যজ্ঞৰাম নামে পুত্ৰ জন্মে। সীতাৰাম আৰু শম্ভুৰাম বৰুৱাৰো সন্তান জন্মে। ব্ৰহ্মচাৰী বাবাই এইসকল পৌত্ৰ দেখি অতিশয় সন্তোষ পাইছিল। তেওঁৰ জন্মভূমি আৰু ঘৰ-পৰিবাৰ সকলো পৰিত্যাগ কৰি আহি ঘটনাক্ৰমে ভাৰতবৰ্ষৰ এটা চুকত এইৰূপে ঘৰবাৰী, পুত্ৰ, বিষয়, সম্পত্তি কৰিলে