পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৫৩
 


যায়, ঈশ্বৰৰ ইচ্ছা। পাচে এখান খাটত আঠুৱাৰ ভিতৰত ফুকনৰ শৱ তুলি ফুকনৰ হাউলিৰ দক্ষিণ পশ্চিমে আৰু ফাটকৰ উত্তৰ পশ্চিমে বাটৰ আৰু নদীৰ সমীপৰ বটবৃক্ষ ছায়ালৈ ঢোল খোল বাদ্য কৰি নিয়া হল। গুণাভিৰাম ফুকনৰ জ্যেষ্ঠ পুত্ৰ ৰাধিকাক কোলাত লৈ মুখাগ্নি কৰালে। আৰু পিণ্ডদান কৰো- ৱালে। এই কাৰ্য্য হওঁতে প্ৰায় অপৰাহ্ন ৩ মান বাজিল। ফুকননী, ফুকনৰ মাতা, বিমাতা, অনুচৰ, আশ্ৰিত, দাস আৰু মিত্ৰ কুটুম্ব নগৰৰ লোক সকলোৱে ফুকনৰ নিমিত্তে কান্দিলে। যি ঠাইত তেওঁৰ দেহ সংস্কাৰ কৰা হৈছিল তাত ঘৰ কৰি ভেটি বান্ধি থোৱা হৈছিল। সেই ঠাইলৈ নানা ঠাইৰপৰা লোক আহি অনেক দিনলৈকে শোক কৰিছিল আৰু তেওঁলৈ ভক্তি শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছিল।

 আনন্দৰাম ফুকনৰ মৃত্যু সংবাদ চাৰিওফালে গল। অনেক বন্ধু বান্ধৱলৈ চিঠি লেখা হল। কি ইংৰাজ, কি বঙ্গালী, কি অসমীয়া, সকলোৱে তেওঁৰ মৃত্যুত খেদ প্ৰকাশ কৰিলে। অনেকে গুণাভিৰাম আৰু ৰাধিকা বাপালৈ চিঠি লেখিছিল। আৰু অনেকে আপোন বন্ধুলৈ পত্ৰ লেখোঁতে খেদ প্ৰকাশ কৰিছিল। এই অৰুণোদয় সংবাদপত্ৰ আৰু কলিকতা আৰু আন আন ঠাইৰ সংবাদপত্ৰত প্ৰেৰিত পত্ৰ স্তম্ভত বা সম্পাদকীয় উক্তি স্তম্ভত খেদ প্ৰকাশক বিবৰণ প্ৰকাশ হল। কোনোৱে এনে বিশ্বাস কৰিলে যে ডাক্তৰৰ চিকিৎসাৰ গতিকে তেওঁৰ মৃত্যু হল। কোনোৱে এনে বিশ্বাস কৰিলে যে বৰকৈ ৰেচক ঔষধ ব্যৱহাৰ কৰাত দুৰ্ব্বল হৈ পীড়া টান হৈ মৃত্যু হল। অনেকে আকৌ স্বপ্নৰ বিবৰণ প্ৰকাশ কৰি কলে যে ফুকনৰ এই সময়তে মৃত্যু হবৰ নিমিত্তে ভগৱন্তৰ ইচ্ছা, কিয়নো তেওঁক স্বৰ্গলৈ নিবলৈ শুক্লহস্তী আহিছিল। এইৰূপ নানা জনৰৱ, নানা কথা। চিকিৎসাও ভাল নহল। আৰু অনেকবাৰ ৰেচক ঔষধ