পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৭
 


বৰুৱাৰ বিবাহৰ কথা কেতিয়াবা কয়। চন্দ্ৰধৰ ৰায়, গিৰিধৰ ৰায়, জয়ধৰ ৰায়, চণ্ডীপ্ৰসাদ ৰায়, ৰামপ্ৰসাদ ঘোষ প্ৰভৃতি এওঁবিলাকৰ গোলাৰ আৰু ঘৰৰ গোমস্তা আছিল আৰু আন আন লেখা-পঢ়া কৰিবলগীয়া কাৰ্য্য কৰিছিল।

 ইফালে মেং ইস্কাট চাহাবে ব্ৰিটিচ সৈন্য লৈ অসম দেশ সোমাই মানক খেদিলে। দুৱৰীয়াৰ ঘৰৰপৰা চাহাবে অসমদেশৰ বিষয়ে অনেক কথা জানিলে আৰু অনেক সাহায্য পালে। দেশ জয় হলত অসমীয়া লোক যিসকল গৈ গোৱালপাৰাত যোগীঘোপা পগলাটেক প্ৰভৃতি ঠাইত আছিল সেইসকলক মেং ইস্কাট চাহাবে স্বদেশলৈ আহিবলৈ কলে।

 অতি পূৰ্ব্বৰেপৰা হলিৰাম আৰু যজ্ঞৰামক ইস্কাট চাহাবে জানিছিল। এওঁবিলাকেও গুৱাহাটীলৈ আহিবলৈ ইচ্ছা কৰিলে, চাহাবেও পৰামৰ্শ দিলে। যজ্ঞৰামৰ প্ৰথমজনা ভাৰ্য্যাৰ মৰণ হোৱাত দীফলু সত্ৰৰ কুশচন্দ্ৰ গোঁসাইৰ প্ৰথমা কন্যা বৰদাক তেওঁ বিবাহ কৰিলে। পাচে গুৱাহাটীৰ ভৰলুৰ মুখতে টোল কৰি ঘৰ সজাই তালৈকে ১৭৪৮ শঁকত তেওঁবিলাক আহিল। ইয়াৰ কিছুকাল পূৰ্ব্বে হলিৰাম আৰু যজ্ঞৰাম বিভক্ত হল। তেওঁ বিলাক দুইও এই নিয়ম কৰিলে যে ৰণৰাম আৰু গোপালমূৰ্ত্তি আৰু তেওঁবিলাকৰ মাতৃ উমৈহতীয়া থাকিল। মাজিউজনা মাতৃ যজ্ঞৰামৰ ফালে আৰু সৰুজনা মাতৃ হলিৰামৰ ফালে থাকিল। ৰণৰামে উভয়ৰপৰা ভৰণ-পোষণ পাব। খাত-পাম দুইও ভ্ৰাতৃৰ উমৈহতীয়৷ থাকিল ৷ ৰণৰামক ভৰণ-পোষণৰ ব্যয় দিব। ৰণৰাম ঋজু স্বভাৱৰ লোক আছিল। তেওঁ বৈষয়িক জঞ্জাল বৰকৈ ভাল নাপাইছিল, এই নিমিত্তে তেওঁ এই অধ্যক্ষ ভাৰৰ পৰা অৰসৃত হোৱাত নিচেই দুখিত নহল, আৰু ভৰণ-পোষণ পোৱাৰ নিয়মতে সন্তুষ্ট হল। গুৱাহাটীৰ পূবফালে ৰণৰাম, মাজত হলিৰাম আৰু ভাটীত যজ্ঞৰামৰ ঘৰ হল। সেই টোলৰ চাৰিওফালে কালক্ৰমে