পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
আনন্দৰাম ঢেকিয়াল
 


 ফুকনে সদৰ দেৱানী আদালতৰ নিষ্পত্তিৰ ভাৰ নবীন বাবুৰ ওপৰত দিলে। তেওঁ আৰু প্ৰসন্নচন্দ্ৰ ঘোষ নামে এজনে সেই নিষ্পত্তি নিউ প্ৰেচ ছাপাখানাত মুদ্ৰিত আৰু প্ৰকাশিত কৰিবলৈ ধৰিলে। ফুকনে প্ৰথমে মেকফাৰ্চন্ চাহাবে কৰা “চিবিল প্ৰচিডৰ” অনুবাদ কৰি প্ৰকাশ কৰিব খুজিছিল। পৰিশেষত সেইটে৷ অভিপ্ৰায় এৰিলে। আসামত চৌধুৰী বা মৌজাদাৰবিলাকে বাকীজাৰি কৰি খাজনা আদায় কৰে। এই বিষয় ফুকনে এটি ৰিপোৰ্ট লিখিছিল। তাকে লিখি থাকোতেই তেওঁৰ আইনৰ বিষয়ে পূৰ্ব্বৰ নিয়ম এৰিলে। ব্লাকইষ্টোনচ কমেণ্টৰী অৰ্থাৎ ইংলণ্ডৰ আইনৰ সাৰ সংগ্ৰহ নামে পুস্তকৰ আদৰ্শেৰে বঙ্গদেশৰ আইন আৰু ব্যৱস্থাৰ সাৰ সংগ্ৰহ প্ৰস্তুত কৰিবলৈ ফুকনৰ মন হল। সেই কাৰণে তেওঁ সেইৰূপে পুস্তক প্ৰচাৰৰ পক্ষে যত্ন কৰিবলৈ ধৰিলে। গবৰ্ণমেণ্টৰ প্ৰচাৰিত যাবদীয় আইন আৰু কনষ্ট্ৰক্চন চৰ্কুলাৰ আৰু অনেক চাহাবসকলে কৰা হিন্দু আৰু মুচলমানৰ ব্যৱস্থ৷ ইত্যাদি চাবলৈ ধৰিলে। বৰপেটাত এই বিষয়ে তেওঁ সময় আৰু সুবিধ৷ পাইছিল। সেইসকল পুথি চাই ক্ৰমে তেওঁ তাক বঙ্গলা ভাষাত অনুবাদ কৰিবলৈ ধৰিলে। হৰিপ্ৰসাদ চৌধুৰীৰ পুতেক গোবিন্দৰামৰ হস্তাক্ষৰ ভাল আছিল। সেই অনুবাদ ৰচনা গোবিন্দৰামে নকল কৰিবলৈ ধৰিলে।

 পদ্মাৱতী ৪৷৫ মহীয়া হোৱাত ফুকননী অপস্মাৰ ৰোগাক্ৰান্তা হৈ মৰণাপন্না হয়। কেইবাদিনো অচেতন অৱস্থাত আছিল। গোৱালপাৰাৰপৰ৷ দয়াসিং ডাক্তাৰ আহি চিকিৎসা কৰাত ঈশ্বৰৰ ইচ্ছাত আৰোগ্য লাভ কৰিলে। নৰিয়া প্ৰথমে ইমান টান হৈছিল যে ফুকনে গোৱালপাৰালৈ চিকিৎসাৰ কাৰণে যাবলৈ ইচ্ছা কৰিছিল। কমিচনৰ চাহাবলৈ সেই ঠাইৰপৰা আন ঠাইলৈ যাবলৈ ইচ্ছা কৰি তেওঁ পত্ৰ লিখিছিল। ব্ৰিটিচাধিকৃত হোৱাত অসমদেশলৈ যিসকল শাসনকৰ্ত্তা প্ৰেৰিত হয় বা নিয়োগ হয়৷