পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সপ্তম অধ্যায়

 এইৰূপে ১৮৫৮ চন গত হল। আৰু ১৮৫৯ চন প্ৰবেশ হল। সেই চনৰ ১ জানুৱাৰীত আনন্দৰাম ফুকনৰ বয়স ২৯ বৎসৰ ৩ মাহ ১০ দিন। এই মাহৰ আদিতে কাপ্তান কোম্বৰ চাহাব আহি ফুকনৰ হাতৰপৰা নগাঁওৰ ‘চাৰ্জ্জ’ লয়। ইয়াৰ পূৰ্ব্বেই গবৰ্ণমেণ্টৰপৰা এনে এক আজ্ঞা পত্ৰ আহে যে যেতিয়া প্ৰধান এচিষ্টেণ্ট কমিচনৰ নাথাকে তেতিয়া তেওঁ সেই পদৰ সম্পূৰ্ণ ক্ষমতাৰে সকলো কাৰ্য্য কৰিব। সেই অনুসাৰে ফুকনে কাৰ্য্য কৰিছিল। এই মাহৰ ২১ তাৰিখ (১৭৮০ শকৰ ৯ মাঘ) শুক্ৰবাৰে আনন্দৰাম ফুকনৰ পত্নীৰ এটি কন্যা জন্মে। এইটিৰ বৰণ তেনে বগা নাছিল। এই ছোৱালীটিৰ নাম চন্দ্ৰা বা চন্দ্ৰ- প্ৰভা। এই ছোৱালীটিৰ দিনত ফুকননীৰ তেনে কষ্টদায়ক পীড়া হোৱা নাই। কমিচনৰ জেনকিনচ চাহাব উজনিলৈ এই শীতকালত আহিছিল। অসুবিধাৰ নিমিত্তে তেওঁ নগাঁওলৈ নাহিল। ফুকনে তেওঁৰে সাক্ষাৎ কৰিবলৈ তেজপুৰলৈ যাবৰ ইচ্ছা কৰিলে। কলিয়াবৰৰ মফঃস্বল ফুৰোতেই সেইকাৰ্য্য় হব পাৰিব এনে আশ৷ কৰিলে; কোম্বৰ চাহাবেও অনুমতি দিলে।

 ১ ফ্ৰেব্ৰুৱাৰীত ফুকনে মফঃস্বললৈ যাত্ৰা কৰিলে৷ বাটত সীমাৰ বিৰোধ যিবিলাক আছিল সেইবিলাক মীমাংসা কৰি গৈ কলিয়াবৰৰ কামাখ্যা পালে। ৭ ফ্ৰেব্ৰুৱাৰীত নৌকাৰে