পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১০৩
 


চন্দ্ৰ কৰ্ম্মকাৰ, প্ৰাণকৃষ্ণ বিদ্যাসাগৰ, গোবিচন্দ্ৰ ধৰ, মতিলাল শীল, প্ৰসন্নকুমাৰ ঠাকুৰ, ৰাজা ৰাধাকান্ত দেব প্ৰভৃতি আৰু ইউৰোপীয় লোকৰ ভিতৰত মেং হেলিডে, ডাক্তৰ মৌৱাট, মেজৰ মাৰ্চেল প্ৰভৃতি তেওঁৰ পৰিচিত লোক আছিল। তেওঁ তেওঁৰ দৈনিক বহীত এই সকলোৰে নাম লিখিছে। তেওঁ অতি অসন্তোষেৰে কলিকতা পৰিত্যাগ কৰি গল। সেইদিনা গৈ বজবজীয়াৰ ওচৰত জাহাজ থাকিল। তাৰ পাচদিনা ভটীয়াই যাওঁতে ক্ৰমে গঙ্গা বহল হৈ গল। এইৰূপে গৈ জাহাজ সুন্দৰ বনৰ ফালে গল। যি সোঁতাৰে জাহাজ গল সেই সোঁতা সৰু। দুইও ফালে হাবি আৰু ঠাইয়ে ঠাইয়ে খেজুৰৰ গছ, মানুহৰ বসতি নাই। তাৰ পাচদিনা মানুহৰ গাঁও পোৱা হল। তাৰপৰা খাবলৈ পানী লোৱা হল। কিয়নো সুন্দৰ বনৰ পানী লোণা, খাব নোৱাৰি। ৩১ মাৰ্চ্চ তাৰিখে খুলনা পালে। খুলনা মহকুমা, তাত এজন এচিষ্টেণ্ট মাজিষ্ট্ৰেট আৰু মুনচেফ্ থাকে, তাত অনেক তামোল আৰু নাৰীকলৰ গছ। গাঁও আৰু মানুহৰ ঘৰ ঘন। ইয়াৰপৰা জাহাজত কয়লা তুলিলে। খুলনা এৰি গৈ বৰিশাল পোৱা হল। তাতে জাহাজৰ অণ্ডাবোট এৰি জাহাজ নোৱাখালীৰ ফালে গল৷ ইয়াত জোৱাৰ ভাটাৰে যাব লাগে। নোৱাখালী ত্ৰিপুৰা আৰু চট্টগ্ৰাম জিলাৰ মহকুমা। ইয়াক ভুলুৱাও বোলে। ইয়াত ভুলুৱা নামে এখান পৰগণা আছে; পাইকপাৰাৰ লালাবাবুৰ জমীদাৰী৷ ইয়াৰ উৎপন্ন তিনি লক্ষ টকা, তাৰে একলক্ষ টকা চৰকাৰত দিব লাগে। নোৱাখালীলৈ জাহাজ নাযায়, দূৰৈত থাকে। চৰকাৰী দুই লক্ষ টকা খাজন৷ ইয়াত জাহাজত তুলিলে। সেই ঠাইৰপৰা জাহাজ মেলি ঢাকা পোৱা হল। বৰিশাল, বাকৰগঞ্জ জিলাৰ সদৰ ঠাই। বৰিশালৰপৰা ঢাকালৈ জাহাজ আহিল। ঢাকা কলিকতাৰ দৰে মনোৰম আৰু সুন্দৰ নহয়। ডাঙ্গৰ ডাঙ্গৰ ঘৰ আছে।