পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
আনন্দৰাম ঢেকিয়াল
 


প্ৰমিচৰী লোট মাত্ৰ থব পাৰিলে। ইয়াৰো কিছু পৰিমাণ মাত্ৰ তেওঁৰ নিজৰ উপাৰ্জ্জন। প্ৰায় প্ৰতি মাহে তেওঁৰ যাৰে সৈতে কাৰবাৰ তাৰ হিচাপ পৰিষ্কাৰ কৰিছিল। কাৰো কোনো হিচাপ পৰিষ্কাৰ নকৰাকৈ নথৈছিল। আৰু প্ৰতিমাহে সকলোকে যি যি দিব লগীয়া তাক দিছিল। অলপ মাত্ৰ বাকী থাকিছিল।

 ফুকনৰ পিতৃ-মাতৃৰ প্ৰতি বৰ ভক্তি আছিল। ঘাইজনা ঢেকিয়াল ফুকনৰ কথা ওলালে তেওঁ গদ্গদচিত্তে শুনিছিল৷ মাতা আৰু বিমাতাৰ প্ৰতিও তেওঁৰ বৰ ভক্তি। তেওঁ বিলাকৰ সুখ স্বচ্ছন্দতাৰ প্ৰতি সদাই দৃষ্টি কৰিছিল। মৃত্যুৰ কিছুদিন পূৰ্ব্বে তেওঁ এদিন মাতৃৰ কোলাত বহিছিল আৰু কৈছিল বোলে “প্ৰকৃতিৰ আশ্চৰ্য্য পৰিবৰ্ত্তন”। তেওঁৰ সন্তানক স্নেহ কৰিছিল কিন্তু আনৰ দৰে তেওঁৰ পুত্ৰ-কন্যাক কোলাত লৈ আদৰ নকৰিছিল। অথবা বৰকৈ লেঙ্গেৰালেঙ্গেৰি নকৰিছিল।” তেওঁৰ পত্নীক বৰ প্ৰীতি আৰু স্নেহ কৰিছিল, সময়ে সময়ে তেওঁবিলাকৰ মাজত সামান্য বিবাদ হৈছিল। কিন্তু সি নিতান্ত অলপকাল স্থায়ী। গৃহকৰ্ম্ম বিষয়ে তেওঁৰ পত্নীৰ আৰু কোনো বিষয়ে তেওঁৰ মাতৃৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। তেওঁবিলাকৰ মতে সৈতে তেওৰ মত অমিল হলে, তেওবিলাকক ভালকৈ বুজাইছিল। তেওঁ তামোল, ধপাত, কানি ভাং, মদ কি আন কোনে৷ ৰাগি বস্তু নাখাইছিল। প্ৰত্যহ আহাৰান্ত চাহ খাইছিল। মাজত কিছুদিন অতি শ্ৰমৰ কাৰণে শৰীৰ দুৰ্ব্বল হোৱাত অতি অলপ পৰিমাণে ৰামেশ্বৰ মোদক খাইছিল। এই মোদক খোৱাৰপৰা দুবাৰ কিছু কষ্ট পাইছিল। সেই কাৰণে শেষলৈ তাকো ব্যৱহাৰ কৰিবলৈ এৰিলে। আহাৰ কৰি এলাচী প্ৰভৃতি মচলা মাত্ৰ তেওঁ খাইছিল।

 ফুকনে উদাৰভাৱে বৈদিক ধৰ্ম্ম বিশ্বাস কৰিছিল, মৃত্যুৰ কিছুমান পূৰ্বেব ব্লাণ্ড পাদ্ৰী চাহাব নগাঁওলৈ আহে। তেওঁৰ