পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
আনন্দৰাম ঢেকিয়াল
 


সেই পৰিমাণে আঞ্জাও লৈছিল। মৎস্য মাংস তেওঁ খাইছিল। প্ৰায় এক সন্ধ্যাত মাংস খাইছিল। পাৰৰ জোল বা চুৰুৱা তেওঁ সদাই খাইছিল। তিতা, কেহা, জলা, টেঙ্গা, ক্ষাৰ, মিঠা সকলো খাইছিল। বিশেষকৈ কোনো বস্তুত তেওঁৰ প্ৰীতি বা অপ্ৰীতি নাছিল।

 আনন্দৰাম ফুকনে প্ৰতিদিন ব্ৰাহ্ম মুহূৰ্ত্ততে উঠিছিল। কেতিয়াবা তাৰ পূৰ্ব্বে উঠি লিখা পঢ়া কৰিছিল আৰু প্ৰতিদিনে পুৱা ফুৰিবলৈ গৈছিল। ফুৰিবলৈ যাওঁতে কেতিয়াবা কোনো সংবাদ পত্ৰ লৈ বাটে বাটে পঢ়ি যায়। বৃষ্টি কি শৰীৰ অসুখৰ কাৰণে যিদিনা ফুৰিবলৈ যাব নোৱাৰে সেইদিন৷ সেই পৰিমাণ সময় ঘৰৰ বাৰাণ্ডাতে ইফাল সিফালকৈ ফুৰিছিল৷ সদায় তেওঁ তপত পানীৰে স্নান কৰিছিল। ফুকনে পুৱা ফুৰি আহি ৮ বজালৈকে লেখা-পঢ়া কৰি স্নান কৰিবলৈ যায়। স্নানান্তে সন্ধ্যা পূজা কৰি ১০ বজাত ভোজন কৰি তাৰ পাছে কাছাৰীলৈ যায়। তাৰপৰা আহি কাপোৰ সলাই জলপান কৰি অলপ আৰাম কৰে, তাৰ পাছে খোজ কাঢ়ি বা গাড়ীত বা ঘোৰাৰে গধূলি ফুৰিবলৈ যায়। আহি আকৌ ৮॥ বজা মানলৈ লেখা-পঢ়া কৰে। সন্ধ্যা কৰি ভোজন কৰে। তাৰ পাছত অল্প জিৰাই ৰাত্ৰি ১০ বজাৰ পূৰ্ব্বে শয়ন কৰিবলৈ যায়। তেওঁ শোৱা খোৱা ফুৰা বিষয়ে যি সময়ৰ যি কথা তাক সদাই কৰিছিল। অতি ক্বচিৎ মাত্ৰ সময়ৰ ব্যতিক্ৰম ঘটিছিল। ৰাতিপুৱা লেখা-পঢ়া কৰি স্নানলৈ যাবৰ পূৰ্ব্বে আৰু গধূলি লেখা-পঢ়া কৰি মুখ হাত ধুই ভিতৰলৈ যাবৰ পূৰ্ব্বে তেওঁ কেতিয়াবা বালকৰ দৰে ধেমালি কৰিছিল৷ কালীকৃষ্ণ উকীল আৰু কীৰ্ত্তিকান্ত ডেকা বৰুৱাক হলে ৰঙ্গতে গতিয়াই ঢকিয়াই বৰ কৌতুক কৰিছিল। এওঁবিলাকে তেওঁৰ সৰুৰ আৰু পাঠৰ অৱস্থা দেখিছিল। আৰু প্ৰায় সমনীয়া। সেই কাৰণে এওঁবিলাকে সৈতে এইৰূপ বালকতা প্ৰকাশ কৰিছিল।