পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৭১
 


 ফুকনে খাতা পৰগণা পাই নিয়মমতে কাৰ্য্য কৰিবলৈ ধৰিলে। তেতিয়াৰ পৰগণাৰ চৌধুৰীবিলাকৰ অনেকেই বহুদিনীয়া পুৰাতনীয়া কামৰূপী চৌধুৰী বংশৰ। সেইসকল বৰ মান্যৱন্ত আছিল, আৰু প্ৰজাসকলৰপৰা বৰ সম্ভ্ৰম পাইছিল। তেওঁবিলাকে বৰজাপি ধৰি কাছাৰিলৈ গৈছিল আৰু লগত ধোঁৱাখোৱা বা হোকা নিয়া, জুই নিয়া, লোটা নিয়া, থঙ্গা নিয়৷ নিৰ্দ্দিষ্ট লোক আছিল। চৌধুৰীবিলাক পৰগণাৰপৰা ঘৰলৈ আহিলে দোলাৰে আহিছিল আৰু লগত অনেক লোক লৈ আহিছিল। এইসকল লোকে কোনেও নগদ বেতন নাপাইহিল। এপুৰা দুপুৰা মাটিৰ খাজনা ক্ষমা পাইছিল, সেই হেপাহতে এইবিলাক কাৰ্য্য কৰিছিল। ফুকন চৌধুৰী হবৰপৰা খাতা পৰগণাৰ প্ৰজাৰ সেই ভাৰ গুচিল। তেওঁ অকাৰণে কোনো বিষয়াৰ বিষয় নুগুচালে। শীঘ্ৰে শীঘ্ৰে খাজনা আদায় হল। প্ৰজাবিলাকৰ যি আপত্তি তাক নিজে সুধি মীমাংসা কৰিছিল। পূৰ্ব্বে কাগজপত্ৰ ৰখাৰ বিশেষ প্ৰণালী নাছিল৷ তেওঁ তাৰ প্ৰণালী লগাই দিলে। প্ৰজাসকলে যেতিয়া চৌধুৰীৰ আগলৈ যায় তেতিয়া কোনো বস্তু বা ভাৰ লৈ যায় আৰু বিহুৱে সংক্ৰান্তিয়েও সেইৰূপ “নজৰ” দিয়ে। অনেকে আকৌ কুলি বেগাৰৰপৰা ক্ষমা পাবলৈ ভাল মানুহ হবৰ নিমিত্তে উপঢৌকন দিয়ে। ফুকনে এইবিলাকত উৎসাহ নিদিছিল। সকলোৱে তেওঁৰ ওপৰত সন্তোষ হল। ফুকনে কোনো বেয়া কাৰ্য্য কৰেনে তাক চাবলৈ অনেকে পুৰুষাৰ্থ কৰিছিল। কিন্তু কোনেও দোষ ধৰিবলৈ বিশেষ সুযোগ নাপালে এই কাৰ্য্য কৰোঁতে তেওঁ আইন শিক্ষাৰ প্ৰতি অথবা নিৰ্দ্দিষ্ট নিয়মিতকাৰ্য্যৰ প্ৰতি একে অবহেলা কৰা নাছিল। ‘অসমীয়া লৰাৰ মিত্ৰ' ৰচনা কৰোঁতে তেওঁ এই সময়তে বিশেষ সুযোগ পাইছিল।

 পৰগণাৰ জিম্মাদাৰী কৰ্ম্ম এক প্ৰকাৰ গ্ৰাম্য কাৰ্য্য; ফুকনৰ উন্নত মনত সেই কাৰ্য্য বৰ ভাল নাপালে। জেনকিনচ্ চাহাবৰ