পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৪৫
 


তেজপুৰলৈ গল। তাত জেনকিনচ চাহাবে সৈতে সাক্ষাৎ কৰিলে। ফুকনৰ বন্ধু, পৰশুৰাম বৰুৱাক বহুতদিনৰ মূৰত তেজপুৰত লগ পাই তেওঁ বৰ সন্তোষ পালে। পৰশুৰাম বৰুৱা জেনকিনচ চাহাবৰ আফিচত কেৰাণী আছিল। চাহাবৰ লগত তেওঁ চফৰলৈ আহিছিল। কলিকতাত জীৱন ইনচিয়ৰ বা বীমা কৰা কোম্পানী আছে। তাত জীৱন বীমা কৰিলে মাহিলি কিছু টকা দিব লাগে; সেইৰূপে টকা দি থাকিলে সেই মানুহ মৰিলে তাৰ পুত্ৰ পৰিবাৰে টকা পায়। মাহিলি যি নিৰিখে টকা দিয়া যায় তাৰ নিৰিখ মৰণান্তে যিমান টকা পৰিবাৰে পাঁবলৈ ইচ্ছা কৰে তাৰ দ্বাৰা ধাৰ্য্য হয়। ফুকনে ১০,০০০ দহ হাজাৰ টকাত জীৱন বীমা কৰিবলৈ ইচ্ছা কৰিছিল। জীৱন বীমা কৰাৰ পূৰ্ব্বে নিজৰ শৰীৰ চিহ্নিত ডাক্তৰৰ দ্বাৰাই পৰীক্ষা কৰাই পঠাব লাগে। ডাক্তৰে যদি স্বাস্থ্য সম্বন্ধে ভাল ৰিপৰ্ট দিয়ে তেহে কোম্পানীয়ে বীমা লয়। ফুকনে জীৱন বীমা কৰিবলৈ কোম্পানীলৈ পত্ৰ লেখিছিল। কোম্পানীয়ে তেওঁক স্বাস্থ্য সম্বন্ধে ডাক্তৰৰ চাৰ্টিফিকেট খুজি পঠালে৷ নগাঁওত ইউৰোপীয় চিহ্নিত ডাক্তৰ নাছিল। সেই কাৰণে তেওঁ তেজপুৰৰ চিহ্নিত ডাক্তৰৰ দ্বাৰাই শৰীৰ পৰীক্ষা কৰাব লগীয়া হৈছিল। তেজপুৰলৈ গৈ তাৰ ডাক্তৰ লিঞ্চ নামে চাহাবৰ দ্বাৰাই তেওঁৰ শৰীৰ পৰীক্ষা কৰোৱালে৷ আৰু চাৰ্টিফিকেট কোম্পানীলৈ পঠালে।

 তেজপুৰ নগৰত উঠি তেওঁ সকলো ভদ্ৰলোকৰে সাক্ষাৎ কৰি আকৌ কলিয়াবৰলৈ আহিল। তাৰপৰা নিজৰ কৰ্ত্তব্য কৰি ১২ ফ্ৰেব্ৰুৱাৰীত নগাঁও পালেহি। ইয়াৰ অলপ কেইদিন পাচে জেনকিনচ চাহাবৰপৰা অনুমতি লৈ পৰশুৰাম বৰুৱা নগাঁওলৈ আহিল। গুৱাহাটীৰপৰা বলৰাম ফুকনো পালেহি, দুৰ্গাচন্দ্ৰও গুৱাহাটীৰপৰা ইয়াৰ পূৰ্ব্বে পালেহি। এইসকলে সৈতে আলাপ কৰি ফুকনে অতিশয় সন্তোষ পালে। কেইবাদিনো এইৰূপে