পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৩১
 


নোৱাৰি আকৌ নগাঁওলৈ আহিল। ফুকনে কম্বুক আপোনাৰ ভায়েকৰ দৰে স্নেহ কৰিছিল। কম্বুকণ্ঠেও তেওঁক অগ্ৰজ বা পিতৃতুল্য মান্য আৰু শুশ্ৰূষা কৰিছিল। তেওঁ পাৰ্য্যমানে শিক্ষাও কৰিছিল।

 কলিকতাত নবীন বাবু আৰু প্ৰসন্নবাবুৱে কিছুদিন সদৰ দেওৱানীৰ নিষ্পত্তি চলাইছিল, পাছে চলাব নোৱাৰি তাক এৰিলে, আন মানুহে সেই নিষ্পত্তি চাবলৈ ধৰিলে। ফুকনে যি আইন ও ব্যৱস্থা সংগ্ৰহ ছাপাইছিল সেই পুস্তকৰ প্ৰথমভাগ ছাপা শেষ হল। তাত এইবিলাক বিষয় সন্নিবেশিত হৈছে; নীতি ও ব্যৱস্থা, ভাৰতৰ নীতি ও ব্যৱস্থা, আইন, মনুষ্যৰ স্বত্ব, শাৰী- ৰিক স্বত্ব, ৰজা প্ৰজাৰ স্বত্ব, ব্ৰিটিচ পাৰ্লিয়ামেন্ট ও কোম্পানীৰ অফিচ, সুপ্ৰিম ও অধীন গবৰ্ণমেন্ট ও অধীন কাৰ্য্যকাৰক প্ৰজা, চাকৰ ও মুনিব, ভাৰ্য্যা, স্বামী, পিতা, পুত্ৰ, পোষ্য পুত্ৰ, ওসী ও নাবালক, দলবদ্ধ লোক বা কোম্পানী, সম্পত্তি, জমিদাৰী ও তালুক, অধীন তালুকদাৰ ইত্যাদি, পত্তনি ৰায়ত, ইজাৰদাৰ লাখেৰাজদাৰ প্ৰভৃতি বাদচাহি গ্ৰান্ট, স্থাবৰ সম্পত্তি ও স্বত্ব, হিন্দু মুছলমান ও ইংৰাজৰ উত্তৰাধিকাৰীত্ব, বিভাজ্য সম্পত্তি আৰু বিভাগ, ওসীৰ কাৰ্য্য। এই পুস্তকৰ মূল্য ৪ টকা স্থিৰ হল। নবীনবাবু আৰু গুণাভিৰামে ইয়াক গ্ৰাহকসকললৈ প্ৰেৰণ কৰিলে। এই পুস্তক সাধাৰণৰ সমীপত প্ৰচাৰিত হলত সকলো সম্বাদপত্ৰ আৰু সাধাৰণে ইয়াক সন্তোষেৰে গ্ৰাহ্য কৰিলে। সদৰ দেবযানী আদালতৰ জজ চাহাবসকলৰ অনুৰোধত গবৰ্ণমেন্টেও ইয়াৰ ২৫০ খণ্ড ১০০০ টকা মূল্যত গ্ৰহণ কৰিলে আৰু সকলো বিচাৰকসকললৈ পঠালে। বঙ্গলা বা দেশীয় ভাষাত এই পুস্তকেই ব্যৱস্থা ঘটিত প্ৰথম পুস্তক। তাৰ পূৰ্ব্বে বঙ্গলা ভাষাত তেনে ব্যৱস্থাৰ পুস্তক নাছিল। ইয়াৰ পৰা সাধাৰণৰ বৰ উপকাৰ হল। এই পুস্তক অতি সৰল ভাষাত লিখা হৈছিল৷ আৰু