পাছদিনা পুৱা ৫ বজাত ডাক্তৰে দিয়া সোনামুখী আৰু লোণ
জুলাপ ললে। সেইদিনা ১২ কি ১৩ বাৰ ভেদ হয়। তেওঁ
তাতে ইমান দুৰ্ব্বল হল যে শৌচত বহোঁতে তেওঁৰ পত্নীয়ে
তেওঁক সাহায্য কৰিব লগীয়া হৈছিল। ১১ বজাত অলপ ওলাৰে
৫।৬ চিমচা চাগু আৰু আৰাৰুট খাইছিল। কেতিয়াবা কেতিয়াবা
কিচমিচ দুটা এটা মুখত লৈছিল। সমুদায় দিন অলপ অলপ ভেদ
হৈ আছিল৷ তথাপি তেওঁ সমুদায় দিন অসহ্য দাহ আৰু
মূৰৰ বিষ থকা বুলি কৈছিল। জ্বৰ অলপ কমা যেন বোধ হল।
গধূলি তেওঁ বঙ্গলা বৈঠকখানালৈ গল। তাতে ৩/৪ জনমান
দেশীয় আমোলা আৰু কেঁঞা মহাজনে সৈতে কথাবাৰ্ত্তা কলে।
তাৰপৰা আহি অলপ চাগু আৰু চাহ খালে আৰু ডাক্তৰে
দিয়া ঔষধ খালে৷ ৰাত্ৰি তেওঁৰ ভালকৈ টোপনি নাহিল।
পাচদিনা পুৱা তেওঁৰ আকৌ জ্বৰ উঠিল। ডাক্তৰে আহি
চালে। ফুকনে বৰ দাহ বুলি কলে। ডাক্তৰে পনীয়া বগা
দৰব দিলে, ফুকনে তাক খালে। তেওঁৰ শোৱনি ঘৰটো
চাংঘৰ আছিল। তাৰপৰা তেওঁ পকা বঙ্গলালৈ থাকিবলৈ গল।
সেইটো বহল আৰু সুসজ্জিত ঘৰ। তাত বৰকৈ জ্বৰ হল।
ডাক্তৰে আকৌ সেই ঔষধকে দিলে। ফুকনৰ মূৰৰ চুলি
দীঘল আছিল, ডিঙ্গিত পৰিছিল। ডাক্তৰে সেই চুলি কাঢ়িবলৈ
দিয়াত তেওঁৰ পত্নীয়ে নীচেই সৰুকৈ ছুলি কাটিলে। পাচে
কেইখানমান সৰহ কাপোৰ গাত দিয়াত অলপ পাচত তেওঁৰ
বৰ ঘাম হল। ডাক্তৰে কুইনাইন দিব খোজাত ফুকন
আৰু ফুকননীয়ে সুধিলে যে তেনে অৱস্থাত কুইনাইন লোৱা
সঙ্গত হয়নে নহয়। ডাক্তৰে ‘হয়’ বুলি কলে, আৰু
কুইনাইন দিলে। ফুকনে কুইনাইন খালে আৰু ডাক্তৰে
ঘণ্টাই ঘণ্টাই তাক দি আছিল। তেওঁৰ শৌচ নোহোৱাত
ডাক্তৰে আকৌ এটা ভেদৰ ঔষধ দিলে। তাক খোৱাৰ পাচত
পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৫৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
আনন্দৰাম ঢেকিয়াল