পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
আনন্দৰাম ঢেকিয়াল
 


ফুকনৰ যেতিয়া মৃত্যু হয় তেতিয়া তেওঁৰ বয়স তিনিবছৰ। সিমান বয়সত যদিও শোকানুভৱ বৰ নহয় তথাপি সময়ে সময়ে তেওঁ আনক দেখি শোক কৰিছিল। পিতৃজনা ঢেকিয়াল ফুকনৰ কোনো কোনো কথা তেওঁৰ ডাঙ্গৰলৈকো স্বপ্নৰ দৰে মনত আছিল। পিতৃ থাকোতেই তেওঁৰ চূড়াকৰণ পৰ্য্যন্ত কাৰ্য্য সমাধা হয়।

 পঞ্চম বৎসৰ বয়সত তেওঁৰ বিদ্যাৰম্ভ হয়। খাৰঘৰীয়া ফুকনৰ পুতেক দুৰ্গাৰাম আৰু তেওঁক উমানন্দ যশোধৰ অধ্যাপকে সংস্কৃত ভাষাৰ শিক্ষা দিয়ে আৰু আন আন পণ্ডিতেও শিক্ষা দিছিল। কিছু ডাঙ্গৰ হলত তেওঁ কাৰিকা ৰত্নমালা ব্যাকৰণ আৰু মুগ্ধবোধ ব্যাকৰণ পঢ়িছিল আৰু শব্দৰ বিভক্তি সাধিছিল। ৰণৰাম বৰুৱাৰ পুতেক গঙ্গাৰাম আৰু খাৰঘৰীয়া ফুকনৰ কনিষ্ঠ পুত্ৰ বলৰামেও পঢ়িবলৈ ধৰিলে। এওঁবিলাকে সময়ে সময়ে বঙ্গলা ভাষাও লেখিবলৈ ও পঢ়িবলৈ ধৰিলে। ফুকনৰ এই শিক্ষাত তাদৃশ ব্যুৎপত্তি লাভ হোৱা নাছিল। যজ্ঞৰাম ফুকনে এওঁবিলাকৰ শিক্ষাৰ প্ৰতি বিশেষ যত্ন লৈছিল। ১৮৩৫ ইংৰাজী চনত গুৱাহাটীত এটি ইংৰাজী আৰু এটি বঙ্গলা বিদ্যালয় সাধাৰণ আৰু গবৰ্ণমেণ্টৰ সাহায্যত স্থাপিত হয়। যজ্ঞৰাম ফুকনে এই স্কুল সংস্থাপিত হোৱাৰ নিমিত্তে অৰ্থ আৰু উৎসাহেৰে অনেক সাহায্য কৰে। কাৰণ সেই সময়ত তেৱেঁই দেশীয় সমাজৰ প্ৰধান লোক আছিল আৰু তেওঁ বিনে আন কোনো অসমীয়া লোকৰ ইৰাজী ভাষাত ব্যুৎপত্তি নাছিল। ১৭৫৯ শঁক আৰু ১৮৩৭ ইংৰাজী চনত আনন্দৰাম ফুকন আৰু দুৰ্গাৰাম ফুকন দুয়ো ইংৰাজী স্কুলত প্ৰবেশ কৰে।

 এই বছৰতে ৰণৰাম বৰুৱা যোৰহাটৰপৰা গুৱাহাটীলৈ আহে। যোৰহাটতে তেওঁৰ সৰুজনা পত্নীৰ এটি বালক জন্মে। সেই বালকৰ নাম গুণাভিৰাম। আনন্দৰাম ফুকনে বৰপিতাকক