চাৰিটা আলমাৰীত সজাই থলে। মেজ, মাৰ্চীয়া, কৌচ
ইত্যাদি পাতিলে। কোনো চাহাবলোকক সাক্ষাৎ কৰিবৰ
নিমিত্তে সেইটো খোটালিৰ উদ্দেশ্য আছিল। পূবৰ ফালে
এখোটালিতো মেজ, মাচীয়া, কৌচ, আৰু কিতাপ আছিল, তাত
তেওঁ লেখা-পঢ়া কৰিছিল। অহা চিঠি থবৰ নিমিত্তে খাৰুৱা
কাপোৰৰ দীঘল মোনা কৰাই বেৰত আৰি দিয়ালে। তাত
প্ৰণালী মতে চিঠিবিলাক থৈছিল। প্ৰথমে তেওঁ ভিতৰৰ
চৌৱাৰী ঘৰতে শয়ন কৰিছিল, পাচে বৰ ঘৰলৈ বিছনা নিলে।
বহিবলৈ আৰু থাকিবলৈ ঘৰবাৰী সজাওঁতে কিছুদিনমান লাগিল।
তেওঁ যেনে প্ৰণালীৰে ঘৰৰ বস্তু সজাই থলে সেইটো গুৱাহাটীত
দেশীয় লোকৰ পক্ষে প্ৰথম। তেওঁ লোকসকলক অভ্যৰ্থনাৰ
যি নিয়ম কৰিলে তাত কোনো লোকৰ অসন্তোষৰ কাৰণ
নাছিল। কিতাপবিলাকো উৎকৃষ্ট লাইব্ৰেৰীৰ নিয়মে সজালে,
যি বিভাগৰ যি কিতাপ তাক সেই মতে থলে। লেখা পঢ়া
কৰা মেজত দোৱাত, কলম, কাকত, ছুৰী প্ৰভৃতি নিৰ্দ্দিষ্ট নিয়মে
থলে। পাল্কী নিবলৈ খাতৰ দুলীয়া আছিল। এখান “বগী”
গাৰীও তেওঁ পাছে ললে।
আনন্দৰাম ফুকনক সৰুৰেপৰা তেওঁৰ স্বভাৱৰ গুণে সকলোৱে ভাল পাইছিল। বিশেষতঃ তেওঁ হলিৰাম ঢেকিয়াল ফুকনৰ পুতেক কলিকতাত পঢ়ি শুনি কৃতবিদ্য হৈ আহিছে। তেতিয়াৰ দিনৰ লোকসকলৰ মতে কলিকতাই এতিয়াৰ দিনৰ মানুহৰ পক্ষে বিলাত যেনে তেনে আছিল। ফুকনে সৈতে সাক্ষাৎ কৰিবলৈ বিস্তৰ দেশী বিদেশী লোক আহিবলৈ ধৰিলে। কলিকাতাৰ বিবৰণ কোৱাত তেওঁ সদাই এইটো কথা কৈছিল বোলে “দেখা হলে তোমালোকৰ এহাতলৈ চকু ওলালহেতেন।” তেওঁৰ বংশ পৰিচয়, সৎস্বভাৱ আৰু কলিকতা নগৰৰ পৰা নমৰি জীয়াই অহাৰ বাবে অনেক লোক তেওঁৰ কথা শুনিবলৈ