পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
আনন্দৰাম ঢেকিয়াল
 


 যি বিষয়ে আপীল হৈছে সেইটো বৰ গুৰুতৰ বিষয়। বিশেষ স্থানীয় কাৰ্য্যকাৰকসকলৰ বিৰুদ্ধ মত। কলিকতাত অনেক বিজ্ঞ উকীল কাউঞ্চিল আৰু লোক আছে। সেইসকলে সৈতে পৰা- মৰ্শ কৰি কাৰ্য্য কৰিলে কাৰ্য্যসিদ্ধিৰ অনেক সুবিধা হবৰ সম্ভাৱনা। এই ভাবি ফুকন কলিকতালৈ যাবলৈ ওলাল। ৰজাও ইয়াত সন্মত হল। কমিচনৰ আৰু ডেপুটী কমিচনৰ চাহাবেও ফুকনক এই বিষয়ে পৰামৰ্শ দিলে।

 কলিকতা বৰ মনোৰম স্থান। সেই কলিকতালৈ যোৱাও তেওঁৰ পক্ষে বৰ সন্তোষৰ বিষয় হল। গুণাভিৰামে গুৱাহাটীৰ ইংৰাজী প্ৰথম শ্ৰেণীলৈকে পঢ়িছিল। ফুকনে তেওঁক পূৰ্ব্বৰ দৰে স্নেহ কৰিছিল। স্কুলৰ শিক্ষক এবাৰ নোহোৱাত অতি অল্পদিন শিক্ষকৰ একটীন কৰিছিল। অবস্থা নীচেই বেয়া হোৱাত কাছাৰীত কোনো কৰ্ম্ম কৰিবলৈ আশা কৰিছিল। ফুকনে কলিকতালৈ যাবলগীয়া হোৱাত গুণাভিৰামক কলিকতালৈ যাবলৈ পৰামৰ্শ দিলে। গুণা- ভিৰামেও যাবলৈ সন্তোষ মনে স্বীকাৰ কৰিলে। ফুকনে গুণা- ভিৰামক কলে বোলে “তুমি কলিকতাত পঢ়া, চব এচিষ্টেণ্ট হব পাৰিবা।” সেই সময়ত গুৱাহাটীলৈ সময়ে সময়ে গবৰ্ণমেণ্টৰ জাহাজ আহিছিল। গুৱাহাটীত মেজৰ ব্ৰুচ নামে এজন ষ্টিমাৰ এজেণ্ট আছিল। তেওঁৰ ওপৰত জাহাজত পঠোৱা বস্তু নিয়া অভিযোগ হয়। সেই অভিযোগ গুৱাহাটীৰ মাজিষ্ট্ৰেট ডাণ্টন চাহাবে জুৰীৰ সাহায্যত বিচাৰ কৰে। সাধাৰণ মোকৰ্দ্দমাত যি জুৰী হয় সেই জুৰীৰে মোকৰ্দ্দমা বিচাৰ নহল। আনন্দৰাম ফুকন জগচ্চন্দ্ৰ মুকুৰ্য্যা প্ৰভৃতি সাত জন লোক জুৰী মনোনীত হৈছিল। বিচাৰ শেষ হলত জুৰীসকলে দোষী বুলি মত দিলে৷ তেতিয়াৰ নিয়ম মতে সেই মোকৰ্দ্দমা জুৰীৰ মতে সৈতে মাজিষ্ট্ৰাট্ চাহাবে ডেপুটী কমিচনৰ চাহাৱলৈ প্ৰেৰণ কৰাত ব্ৰুচ চাহাবৰ দণ্ড হয়। এই মোকৰ্দ্দমা বিচাৰ হৈ থাকোতে এদিন ৰাতিপুৱা ফুৰিবলৈ